বিহুৰ বতৰত ৰূপ চর্চা

গীতাশ্রী গগৈ হাতীবৰুৱা

ব’হাগৰ আগমনত প্রকৃতিয়ে ন–ৰূপ লয় ৷ গছ–গছনিয়ে কুঁহিপাত মেলে, ছাল সলায়, সেইদৰে ৰঙালী বিহু বুলিলে আমাৰো মনটো ৰঙীয়াল হৈ থাকে ৷ ৰঙালী বিহুত আমি আমাৰ আপোন সপোনৰ ঘৰখন চাফ–চিকুণ, পৰিষ্কাৰ, পৰিপাটী কৰি সুন্দৰকৈ সজাওঁ ৷ সপোনৰ ঘৰখন সজোৱাৰ দৰে আমি আমাৰ নিজৰ সৌন্দর্যৰ ওপৰতো সমানে গুৰুত্ব দিওঁ ৷ হঠাৎ ঠাণ্ডাৰ পৰা গৰমলৈ অহাৰ কাৰণে আমাৰ ছাল, চুলিৰ ক্ষেত্রত যত্নৰ খুবেই প্রয়োজন হৈ পৰে ৷ তাতে আমি সৌন্দর্যপ্রিয় যুৱতী বা মহিলাসকলে উৎসৱ বুলিলেতো আৰু নকলেও হব ৷ বিহুৰ কেইদিন কি পিন্ধিলে শুৱাব, তাৰ লগত কেনেকুৱা খোপা বান্ধিলে শুৱাব আৰু ছাল, চুলিৰ কেনে ধৰণৰ যত্ন ললে খুব কম দিনতে তাৰ ফলাফল পাম আদি চিন্তা কৰি পাৰ নোপোৱা হওঁ ৷ তাতে ব’হাগ মানে বিয়াৰো বতৰ ৷ অর্থাৎ বিয়া, বিহু, উৎসৱ আদি সকলোকে সাঙুৰি নিজকে মুঠতে আকর্ষণীয় ৰূপত তুলি ধৰিব লাগে ৷

আমি তাৰ কৰণে নিজকে যত্ন লোৱাত অলপো অৱহেলা নকৰোঁ ৷ আমি ঘৰতে কিছুমান ঘৰুৱা আৰু সহজতে পোৱা সামগ্রী সৌন্দর্য চর্চাত ব্যৱহাৰ কৰিব পাৰোঁ ৷

প্রথমেই আহো আমাৰ নাৰীসকলৰ সৌন্দর্যৰ প্রতীক চুলিখিনিলৈ ৷ শীতকালত চুলিখিনি খুবেই ৰুক্ষ, শুকান, আগ ফটাৰ লগতে ছিগা, উফি আদি নানানটা সমস্যাই দেখা দিয়ে ৷

আমি চুলিখিনিৰ নিয়মিতভাৱে ঘৰতে যত্ন ললে এই সমস্যাকেহটাৰ পৰা অতি কম দিনৰ ভিতৰতে হাত সাৰিব পাৰিম ৷ আপোনাৰ প্রথম কাম হব চুলিৰ ফটা আগবোৰ যিমানখিনিলৈকে ফাটিছে কাটি পেলোৱা ৷ ইয়াতে এটা কথা মনত ৰাখিব ফটাবোৰ যদি কাটি নেপেলোৱাকে যত্ন লয়, তেন্তে সুফল নাপাব ৷ চুলিখিনি নিয়মিত ধোৱাৰ আগতে তেল লগাব ৷ তেল যিকোনো লগাব পাৰে ৷ তেলখিনি সামান্য গৰম কৰি, তাত মেথী বা নৰসিংহ পাতও দিব পাৰে ৷ ইয়াৰ উপৰি তেলৰ লগত এলভেৰা জেল নাহবা নেমুৰ ৰসো মিহলাই লব পাৰে ৷ তেল লগাই লাহে লাহে মালিচ কৰাৰ আধা ঘন্টা পিছত চেম্পুৰে ধুই পেলাব ৷ নাৰিকল তেলৰ লগত জবা ফুল উতলাই ঠাণ্ডা কৰিও চুলিত লগাব পাৰে ৷ জেতুকা নাইবা জবা ফুলৰ পাত বা ফুলো পিচি চুলিত লগাব পাৰে ৷ মেথী তিয়াহ কোমল কৰি ভালকে পিচি তাৰ লগত দৈ মিহলায়ো চুলিত লগাব পাৰে ৷ এনেকৈ ঘৰতে কম খৰচতে চুলিৰ যত্ন লব পাৰে ৷

ছালখনৰো পার্লাৰত গৈ ফেচিয়েল কৰাতকৈ ঘৰতে যত্ন লওঁ আহক ৷ আমাৰ সকলোৰে ঘৰত গাখীৰ থাকেই ৷ গৰম কৰাৰ আগতে অলপ নিজৰ সৌন্দর্য চর্চাত ব্যৱহাৰ কৰিবলৈ বেলেগকৈ ৰাখি দিয়ক ৷ কেঁচা গাখীৰখিনি ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰক ৷ এটুকুৰা কপাহত গাখীৰ লগাই গোটেই মুখখন পাৰিলে ডিঙিলৈকে ক্লিন কৰক ৷ ক্লিন কৰি হোৱাৰ পিছত পানীৰে ধুই মচি লওক ৷ এটা বিলাহী দুফাল কৰি তাৰে এটুকুৰাত চেনি লগাহ স্কার্ব কৰিব ৷ চেনিৰ সলনি চাউলৰ গুডিও লব পাৰে ৷ স্কার্বৰ পিছত পুনৰ মুখখন ধুব ৷ এলভেৰা জেল আৰু নেমুৰ ৰস মিহলাই দহ মিনিট মান মাছাজ কৰিব ৷ যদি ছালখন ছেনছিটিভ হয় তেন্তে নেমু ব্যৱহাৰ নকৰিব ৷ মৌ আৰু হালধি মিহলাই ফেচপেক হিচাপে লগাব পাৰে ৷ এটা বিলাহীৰ ৰস উলিয়াই তাৰ লগত বেচন আৰু হালধি মিহলায়ো ব্যৱহাৰ কৰিব পাৰে ৷ বেচন, গোলাপ জল আৰু দৈ ভালকৈ মিহলাই মুখ আৰু ডিঙিত লগাই দহ বা পোন্ধৰ মিনিটৰ পিছত পৰিষ্কাৰ পানীৰে ধুই পেলাব ৷ মুখৰ যত্ন লওঁতে ডিঙি আৰু পিঠিখনৰো একেলগে গুৰুত্ব দিব ৷ মুখৰ যত্ন লোৱাৰ ধৰণেৰে ডিঙি আৰু পিঠিতো কৰিব ৷ তাৰ কাৰণে আৰু বেলেগ সামগ্রী ব্যৱহাৰ নকৰিলেও হব ৷

সৌন্দর্য চর্চা বুলি কওঁতে হাত দুখনৰ ক্ষেত্রতো গুৰুত্ব দিয়াটো খুবেই প্রয়োজন ৷ মুখৰ ছাল, চুলিৰ লগতে হাত দুখনৰ যত্ন লোৱাটো খুবেই দৰকাৰ ৷  সেয়ে এলাহ নকৰি নিয়মিত হাত দুখনৰ যত্ন লৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে ৷ মাহেকত কমেও তিনি বা চাৰিবাৰ মেনিকিউৰ কৰিব পাৰিলে ভাল ৷ মেনিকিউৰ কৰিবলৈ পার্লাৰলৈ নগৈ ঘৰতে কৰিব পাৰে ৷

কুহুমীয়া গৰম পানী লৈ পানীখিনিত চেম্পু, নেমু ৰস, আধা চামুচ নিমখ মিহলাই দহ বা পোন্ধৰ মিনিটমান হাত দুখন ডুবাই ৰাখক ৷ এতিয়া পানীৰ পৰা উঠাই আনি ব্রাছৰ সহায়ত নখকেহটা চাফা কৰি পানীৰে ধোৱক ৷ এটুকুৰা নেমুত চেনি আৰু মৌ মিহলাই হাত দুখন আৰু কিলাকুটিকেহটা ঘঁহক আৰু পাঁচ মিনিটৰ পিছত ধুই পেলাওক ৷ নেমুৰ ৰস, গ্লিছাৰিন আৰু গোলাপজল মিহলাই হাতত লগাব পাৰে ৷ বজাৰ কিনিবলৈ পোৱা ভাল ব্রেণ্ডৰ হেণ্ড ক্রীমো লগাব পাৰে ৷ হাতৰ যত্ন লোৱাৰ দৰে ভৰিৰো একে ধৰণেৰে লব ৷

বিহুত আমি সকলোৱে এযোৰ হলেও নতুন কাপোৰ লওঁ ৷ যি কাপোৰেই নলওক কেৱল এটা কথা মন কৰিব যাতে পিন্ধিবলৈ আৰামদায়ক হোৱাৰ লগতে নিজকে শুৱাবও লাগিব ৷ অৱশ্যে বিহু বুলিলে মেখেলা–চাদৰ পিন্ধিলেহে ভাল লাগে ৷ আজিকালি বজাৰত বিভিন্ন ধৰণৰ আৰু মার্জিত মূল্যৰ মেখেলা–চাদৰ পোৱা যায়, যিটো সকলো লোকে বহন কৰিব নিশ্চয় পাৰিব ৷ বিহুলৈ বুলি নিজে বহন কৰিব পৰা আৰু নিজৰ লগত খাপ খোৱাকৈ মেখেলা–চাদৰ কিনিব পাৰে ৷ মেখেলা–চাদৰৰ লগত এটা ধুনীয়াকৈ খোপা বান্ধিব আৰু কপালত এটা ফোঁট লব ৷ নিজৰ পছন্দৰ অসমীয়া গহনা পিন্ধিব ৷ ওঁঠত এটা ধুনীয়া ৰঙৰ লিপষ্টিক লগাব ৷ লিপষ্টিক লগালেই নহব ওঁঠযুৰিত এটা মিঠা হাঁহি লাগি থাকিলেহে বেছি ধুনীয়া লাগিব ৷ আহক এইবাৰ আমি আমাৰ হিয়াৰ আমঠু ৰঙালী বিহুটি আদৰেৰে আদৰণি জনাওঁ ৷

You might also like
Leave A Reply

Your email address will not be published.