জৈৱিক বয়স হ্রাসকৰণঃ বার্ধক্য ৰোধনৰ বৈজ্ঞানিক পন্থা  

ডঃ প্রদীপ নেওগ

বার্ধক্য বোলোঁতে সাধাৰণতঃ জীৱনৰ ৬০ বছৰ বয়সৰ ঊধর্বৰ কালছোৱাক বুজা হয় ৷ এই কালছোৱাত সাধাৰণতঃ মানুহৰ শাৰীৰিক আৰু মানসিক দুয়োপ্রকাৰৰ স্বাস্থ্যৰ ভালেমান ধৰণৰ অৱনতি তথা দুর্বলতা, অক্ষমতা আৰু বিসংগতি  ঘটে ৷ এনে সাধাৰণতঃ ঘটা অৱনতিবিলাক লেখত লবলগীয়া পর্যায়ৰ হলে তেনে বার্ধক্যক সাধাৰণ বার্ধক্য বুলি বুজিব পাৰি, আৰু এই লেখাত এই অর্থতে ব্যৱহাৰ কৰা হৈছে ৷ আনহাতে কিছুমান লোকৰ বার্ধক্য  কালত সাধাৰণ বার্ধক্যৰ অৱনতি তথা দুর্বলতা, অক্ষমতা আৰু বিসংগতিবিলাক যৎসামান্য হয়, আৰু তেওঁলোকৰ  কর্মদক্ষতা, বিভিন্ন ক্ষেত্রত সক্রিয়তা, সন্তুষ্টি, সৃষ্টিশীলতা আদি বহুলাংশে অটুট থাকে৷ মন কৰিবলগীয়া যে বিশ্বত এনে বার্ধক্য লাভ কৰা লোকৰ সংখ্যা বেচ উৎসাহজনক ৷ এই সন্দর্ভত আমেৰিকাৰNational Institute of Agingৰ ২০২০ চনতপ্রকাশিত এক প্রতিবেদনত দাঙি ধৰা এই তথ্য মন কৰিবলগীয়াঃ  কিছুসংখ্যক গৱেষণাই ৭০ ঊধর্বৰ এক–তৃতীয়াংশ ব্যক্তিৰ মগজুৰ শক্তি–সক্ষমতা হ্রাস পায় বুলি প্রমাণ কৰিছে যদিও আন কিছুসংখ্যক গৱেষণাই প্রমাণ কৰিছে যে ৭০ ঊধর্বৰ এক পঞ্চমাংশ ব্যক্তিৰ মগজুৰ শক্তি–সক্ষমতা ২০-৩০ বছৰীয়া ব্যক্তিৰ সমপর্যায়ৰ হৈ থাকে ৷  প্রতিবেদনখনত এই কথাও কোৱা হৈছে যে  নতুন দক্ষতা শিকাটো এনে বয়সস্থ লোকৰ পাৰদর্শিতা যুৱ বয়সৰ ব্যক্তিৰ সমপর্যায়ৰ ৷ তদুপৰি অভিজ্ঞতাপুষ্ট হোৱা বাবে এনে ব্যক্তি বাক্পটুতা আৰু জ্ঞানৰ গভীৰ প্রয়োগৰ ক্ষেত্রত যুৱকৰ তুলনাত অধিক পাৰদর্শী হব পাৰে৷ উল্লেখনীয় যে সাহিত্য, বিজ্ঞান, চিকিৎসা, ব্যৱসায়, কলা–সংসৃক্তি, ৰাজনীতি, পৰিচালনা, আধ্যাত্মিকতাকে ধৰি সকলো ক্ষেত্রতে ৭০ৰ ঊধর্বৰ ব্যক্তিয়ে বিশিষ্ট বৰঙণি আগবেোৱা তথা উচ্চমানৰ কর্মদক্ষতা আৰু পাৰদর্শিতা দেখুওৱাৰ দৃষ্টান্ত বহুতো আছে ৷  আকৌ ৮০ আৰু বছৰ উধর্বৰ কিছুমান ব্যক্তিৰো মগজুৰ শক্তি–সক্ষমতা আৰু বিভিন্ন মানসিক পাৰদর্শিতা অতি উচ্চ পর্যায়ৰ হৈ ৰয় ৷  অকণমান ভাবি চালেই এনে ব্যক্তিৰ ভালেমান দৃষ্টান্ত আমাৰ চকুৰ আগত ভাহি উঠে৷ এই বিষয়ক বৈজ্ঞানিক গৱেষণাও সমাপন হৈছে, আৰু কোনো কোনো লেখক আৰু মনোবৈজ্ঞানিকে এনে ব্যক্তিক‘Cognitive super agers’  বুলি অভিহিত কৰিছে ৷ মানসিক অৱস্থা সুস্থ–সবল হৈ থকা বাবে শাৰীৰিক স্বাস্থ্যও বেচ সুস্থ–সবল হৈ থাকে ৷  আমাৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্রীশ্রীমাধৱদেৱ এনে বিশিষ্ট ব্যক্তিৰ সুস্পষ্ট উদাহৰণ ৷ এইখিনিতে প্রসংগতঃ উল্লেখনীয় যে বার্ধক্যত মানুহৰ আটাইতকৈ অধিক স্খলিত হোৱা বা হব পৰা অংগটোৱেই হৈছে মগজু৷সাধাৰণ বার্ধক্যত মগজুৰ প্রায় সকলোপ্রকাৰৰ শক্তি আৰু সক্রিয়তা হ্রাস পায়, আৰু মগজুৰ এনে স্খলনেই বার্ধক্যত হোৱা অধিকাংশ অৱনতিৰ মূল হিচাপে কাম কৰে ৷

ওপৰত উল্লেখ কৰা ধৰণৰ সবল তথা ঈপ্সিত বার্ধক্য লাভৰ অন্যতম বহুল সমাদৃত বৈজ্ঞানিক পন্থা হৈছে জৈৱিক বয়স Biological Age) হ্রাসকৰণ ৷ ব্যক্তিৰ দেহ–মনৰ কিছুমান সুনির্দিষ্ট উপাদানৰ ভিত্তিত নির্ণয় কৰা বয়স তথা অৱস্থাকে জৈৱিক বয়স বুলি কোৱা হয় ৷ ব্যক্তি এজনৰ জৈৱিক বয়স জন্মভিত্তিক বয়স Chronological Age)তকৈ কম নাইবা বেছি হব পাৰে, আৰু যিমানে কম হয় সিমানে সাধাৰণ  বার্ধক্যৰ অৱনতিবিলাক কম হয় ৷

বৈজ্ঞানিকসকলে দীর্ঘদিন ধৰি চলোৱা আশাশুধীয়া প্রচেষ্টাৰ ফলস্বৰূপে জৈৱিক বয়স নিৰূপণৰ সুনির্দিষ্ট বৈজ্ঞানিক পদ্ধতি আৰু প্রযুক্তি কৌশল ইতিমধ্যে বেচ উপলব্ধ হৈছে ৷ তদুপৰি বৈজ্ঞানিক আৰু এই বিষয়ৰ চিন্তাশীল লেখকসকলে জৈৱিক বয়স  হ্রাসকৰণৰ ব্যৱহাৰিক সঁচাৰ–কাঠীও যুগুতাইছে ৷ তলত জৈৱিক বয়স নিৰূপণৰ চমু আভাস আৰু এই বয়স হ্রাসকৰণৰ কেইটামান সঁচাৰ–কাঠী দাঙি ধৰা হৈছে ৷ সঁচাৰ–কাঠীখিনি হূদয়ংগম কৰিবৰ বাবে জৈৱিক বয়স নিৰূপণৰ বিষয়ে জনাটো উপাদেয় ৷

জৈৱিক বয়স নিৰূপণ

বৈজ্ঞানিক পদ্ধতিৰে ব্যক্তি এজনৰ কিছুমান বিশেষ বায় মার্কাৰ নির্ণীত কৰি সিবিলাকৰ ভিত্তিত জৈৱিক বয়স নির্ণীত কৰা হয় ৷ বায়–মার্কাৰ একোটাই একোটা কোষ নাইবা একোটা জীৱৰ এক নাইবা একাধিক উপাদানৰ অতি সুনির্দিষ্ট, সূক্ষ্ম আৰু সঠিক অৱস্থা পুংখানুপুংখকৈ দাঙি ধৰে ৷ বর্তমান কালত ব্যক্তিৰ সাধাৰণ স্বাস্থ্যৰ সামগ্রিক অৱস্থা নিৰূপণ কৰাৰ উদ্দেশ্যে চিকিৎসকসকলে কলেষ্টৰেল, ৰক্ত শর্কৰা, হূদকম্পন, আৰু থাইৰয়ড সম্বন্ধীয় বায়–মার্কাৰ অৱশ্যেই নির্ণীত কৰাৰ পৰামর্শ দিয়ে, আৰু এই উদ্দেশ্যে সমগ্র বিশ্বত পর্যাপ্ত পৰীক্ষাগাৰ প্রতিষ্ঠিত হৈছে ৷ জৈৱিক বয়স নিৰূপণ কৰোঁতে এনে গুৰুত্বপূর্ণ বায়–মার্কাৰখিনি বিবেচনা কৰাৰ উপৰি আন কেইটামান বিশেষ বায়–মার্কাৰত প্রত্যক্ষভাৱে ভিত্তি কৰা হয় ৷ সিবিলাকৰ ভিতৰত তিনিটা বিশেষ বায়–মার্কাৰ হৈছেঃ DNA methylation বায়–মার্কাৰ,D Glycan বায়–মার্কাৰ, আৰু Telomere বায়–মার্কাৰ ৷

বয়স বৃদ্ধিৰ ফলত মানুহৰ শৰীৰৰ কোষৰ DNA ত বিভিন্ন প্রকাৰৰ DNA methylation সংস্থাপিত হয় ৷ এনেDNA methylationৰ মাত্রা যিমানে অধিক হয় সিমানে ব্যক্তিৰ জৈৱিক বয়স অধিক হয় ৷ DNA methylation সংস্থাপিত হোৱাৰ হাৰ মূলতঃ কোষৰ জীন অর্থাৎ বংশগতিৰ ওপৰত নির্ভৰশীল ৷ বংশগতিৰ ওপৰত ব্যক্তিৰ সাধাৰণ বার্ধক্য বহু পৰিমাণে নির্ভৰশীল বুলি বৈজ্ঞানিক গৱেষণাই সন্দেহাতীতভাৱে প্রমাণ কৰিছে ৷  আপাতঃ দৃষ্টিৰেও এই কথা উপলব্ধি কৰিব পাৰি, কাৰণ ব্যক্তিৰ আয়ুস, বার্ধক্যপ্রসূত বিভিন্ন অৱনতি আৰু কিছুমান বিশেষ ৰোগ–ব্যাধি পিতৃ–মাতৃৰ লগত ভালেখিনি মিল থকা পৰিলক্ষিত হয় ৷ পিতৃ বা মাতৃৰ কম বয়সতে দদাত বা চুলি সৰিলে, সন্তানৰো সাধাৰণতঃ তেনে হোৱা দেখা যায় ৷ বার্ধক্য বহুপৰিমাণে বংশগতিৰ ওপৰত নির্ভৰশীল বাবেই DNA methylation বায়–মার্কাৰ নির্ণীত কৰাটো জৈৱিক বয়স জোখাৰ অন্যতম আহিলা ৷ আনহাতে সুখৰ বিষয় এই যে সুস্থ–সবল জীৱন নির্বাহৰ বলত DNA ত বিভিন্ন প্রকাৰৰ DNA methylation সংস্থাপিত হোৱাৰ হাৰ হ্রাস কৰিব পাৰি বুলি বৈজ্ঞানিক গৱেষণাই প্রমাণ কৰিছে ৷ আন কথাত বংশগতিয়ে বার্ধক্য কালত পেলাব পৰা প্রভাৱবিলাক সুস্থ–সবল জীৱন নির্বাহৰ দ্বাৰা বহুলাংশে নস্যাৎ কৰি জৈৱিক বয়স কম কৰি ৰাখিব পাৰি ৷

D Glycanহৈছে কোষ Immunoglobin অণুত থকা এবিধ বিশেষ অণু ৷ ক্রনলজিকেল বয়স বৃধিৰ ফলত এই অণুবিলাক সাধাৰণতঃ হ্রাস পায় আৰু দুর্বল হবলৈ ধৰে ৷ ফলস্বৰূপে দেহৰ ৰোগ প্রতিৰোধক ক্ষমতা Immunity কমি যায় ৷ সেয়েD Glycan বায়–মার্কাৰে সূক্ষ্মভাৱে জৈৱিক বয়স নির্ণীত কৰাত প্রত্যক্ষ অৰিহণা যোগায় D Glycanৰ উক্ত অৱনতিৰ হাৰ যিমানে কম হয় সিমানে জৈৱিক বয়স কম হয় ৷

Telomere হৈছে কোষৰ ক্রমজম ৰ শেষ অংশত থকা এক বিশেষ প্রকাৰৰ প্রটিনজাতীয়উপাদান ৷ বয়স বৃদ্ধিৰ ফলতTelomereৰ দৈর্ঘ্য তথা সক্ষমতা হ্রাস পায়, আৰু ফলস্বৰূপে দেহ–মনৰ কিছুমান সক্ষমতা, বিশেষকৈ প্রটিন সংশ্লেষণ আৰু আৱেগ নিয়ন্ত্রণ সক্ষমতা হ্রাস পায় ৷ তদুপৰি দেহত Telomere কোঁচ খোৱা কোষৰ সংখ্যা বৃদ্ধিয়ে  বহুমূত্র, হূদৰোগ, আর্থাইটিছ আৰু শকত হোৱা ৰোগৰ কাৰক হিচাপে কাম কৰে৷সেয়ে জৈৱিক বয়স নির্ণীত কৰাত Telomere বায়–মার্কাৰ বিশেষ বিচার্যৰ বিষয় বুলি পৰিগণিত ৷

বায়–মার্কাৰৰ ভিত্তিত জৈৱিক বয়স জুখিবলৈ বৈজ্ঞানিকসকলে বর্তমান  বার্ধক্য ঘড়ী Age Clocks  নামৰ এক অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰে ৷ এই প্রযুক্তিৰ সহায়ত থাউকতে একোটা বায়–মার্কাৰ সম্বন্ধীয় বহু পৰিমাণৰ সূক্ষ্ম তথ্য  আহৰণ কৰিব পাৰি, আৰু বিভিন্ন প্রকাৰৰ বহুতো সূক্ষ্ম বিশ্লেষণৰ ভিত্তিত জৈৱিক বয়স নির্ণীত কৰিব পাৰি ৷ প্রসংগতঃ উল্লেখনীয় যে DNA methylation  আৰুD-Glycan  বায়–মার্কাৰ সম্বন্ধীয় বার্ধক্য ঘড়ীক ক্রমে DNAmAGE আৰু Glycan Age বুলি নামকৰণ কৰা হৈছে ৷ বৈজ্ঞানিক গৱেষণাই প্রমাণ কৰিছে যে জৈৱিক বয়স হ্রাস কৰাৰ সফল প্রচেষ্টাৰ দ্বাৰা বার্ধক্য ঘড়ীৰ কাঁটাৰ গতি হ্রাস কৰিব পৰাৰ উপৰি সেই কাঁটা ওলোটাই ঘূৰাবও পাৰি ৷ আন কথাত বার্ধক্য কালতো জৈৱিক বয়স হ্রাস কৰাৰ প্রচেষ্টাত সফলতা লাভ কৰিবপাৰি ৷

জৈৱিক বয়স হ্রাসকৰণৰ সঁচাৰ–কাঠী

ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে সমুচিত জীৱন নির্বাহৰ দ্বাৰা শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ–সবল কৰি ৰখাটোৱেই জৈৱিক বয়স হ্রাসকৰণৰ মূলমন্ত্র ৷ সমুচিত জীৱন নির্বাহে বহু কথাই সামৰি লয় ৷ তলত একাধিক আন্তর্জাতিক প্রবন্ধৰ সহায়ত জৈৱিক বয়স হ্রাসকৰণার্থে বিশেষ উপযোগী কেইটামান বিশেষ সঁচাৰ–কাঠী দাঙি ধৰা হৈছেঃ

অধিক কেলৰি বর্জনঃ  দৈনিক প্রয়োজনতকৈ যাতে অধিক কেলৰিৰ আহাৰখোৱা নহয়, তাৰ প্রতি বিশেষ সচেতন আৰু যত্নপৰ হব লাগে ৷ উচ্চ কেলৰিসম্পন্ন কিছুমান আহাৰ কমাব নাইবা বর্জন কৰিব লাগে ৷ সুপৰিকল্পনাৰে আহাৰ নির্বাচন কৰি নিয়মানুৱর্তিতা বর্তাই ৰাখি সুষম আহাৰ খোৱাৰ অভ্যাস কৰিব লাগে ৷ উল্লেখনীয় বয়স, লিংগ, জীৱন নির্বাহ, শাৰীৰিক সক্রিয়তা আদিৰ ভিত্তিত ব্যক্তি এজনে দৈনিক কিমান কেলৰিৰ আহাৰ খাব লাগে, তাক নির্দিষ্টকৈ নির্ণয় কৰিব পৰা সহজলভ্য প্রযুক্তিগত আহিলা ( Calori calculator ইতিমধ্যে উপলব্ধ হৈছে, আৰু এনে Calori calculator মবাইলত বিনামূল্যে উপলব্ধ ৷

শাক–পাচলিসমৃদ্ধ আহাৰঃ  বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা বেচ প্রতীয়মান হৈছে যে শাক–পাচলি আৰু ফলমূলত পর্যাপ্ত পৰিমাণে বিভিন্ন প্রকাৰৰ এণ্টিক্সিডেণ্ট থাকে, আৰু এণ্টিক্সিডেণ্টবিলাকে স্বাস্থ্যৰ বহুতো দিশত সুপ্রভাৱ পেলায় ৷ কোষত Telomere কোঁচ খোৱাটো ৰোধ কৰাত, আৰুOxidative stress হ্রাস কৰাত প্রত্যক্ষ অৰিহণা যোগায় ৷ ফলস্বৰূপে নিয়মিত শাক–পাচলি আৰু ফল খালে জৈৱিক বয়স কম হোৱাত সহায়ক হয় ৷ কেলিফর্নিয়া বিশ্ববিদ্যালয়ত অলপতে সমাপন কৰা এক গৱেষণাত মাত্র তিনি মাহৰ শাক–পাচলি সমৃদ্ধ আহাৰ গ্রহণৰ ফলতেTelomereৰ ক্ষয়িষ্ণুতা বেচ হ্রাস পোৱাটো প্রমাণিত হৈছে ৷

মিঠা খাদ্য আৰু জাংক ফুড বর্জনঃ National Institute on Agingৰ দ্বাৰা ২০২০ চনত প্রকাশিত এক প্রতিবেদনত স্পষ্ট কৰা হৈছে যে মিঠা খাদ্য আৰু জাংক ফুড বর্জন কৰাটো জৈৱিক বয়স হ্রাসকৰণার্থে অত্যন্ত আৱশ্যকীয় ৷ এনে খাদ্যই শৰীৰতmicrobiomeৰ সুস্থ–সবলতা বিঘ্ণিত কৰে৷ শৰীৰৰ অংগ একোটাত থকা উপকাৰী আৰু অপকাৰী জীৱাণু আৰু সিবিলাকৰ ক্রিয়া–প্রক্রিয়াক একত্রে microbiome বুলি কোৱা হয় ৷ বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা এই কথাও প্রতীয়মাণ হৈছে ছালৰmicrobiome সুস্থ–সবল কৰি ৰাখি বয়সে ছালত পেলাব পৰা প্রভাৱো বহুলাংশে হ্রাস কৰিব পাৰে ৷ আন কথাত বৃদ্ধ বয়সতো ছালৰ মসৃণতা আৰু ৰূপ–লাবণ্য বহুলাংশে অটুট ৰাখিব পাৰি ৷

সুস্থ–সবল মানসিক স্বাস্থ্যঃ  ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে সাধাৰণ বার্ধক্যত সকলো অংগ–প্রত্যংগৰ ভিতৰত আটাইতকৈ অধিক অৱনতি ঘটে মগজুৰ, আৰু মগজুৰ অৱনতিয়েই বার্ধক্য কালত হোৱা অধিকাংশ অৱনতিৰ মূল কাৰক ৷ সেয়ে জৈৱিক বয়স হ্রাসকৰণার্থে সুস্থ–সবল মানসিক স্বাস্থ্য বর্তাই ৰখাটো অপৰিহার্য ৷ সততে ধনাত্মক মনোবৃত্তি, প্রশান্তি আৰু সন্তুষ্টি বর্তাই ৰখাৰ লগতে জীৱনযাত্রাত মানসিক চাপ নিয়ন্ত্রণ কৰি ৰখাটো মানসিক স্বাস্থ্যৰ বাবে প্রাথমিক আৱশ্যকীয় ৷ তদুপৰি  নিঃসংগতাবোধ এৰাই চলিবলৈ যত্নপৰ হোৱাটো জৈৱিক বয়স কম কৰি ৰখাৰ বাবে বিশেষ প্রয়োজনীয় ৷ নিজকে যিমানে কম বয়সীয়া বুলি, আৰু জীৱনটো সফল বুলি নিষ্ঠাৰে উপলব্ধি কৰিব পাৰি সিমানে জৈৱিক বয়স কম হোৱাত সহায়ক হয় বুলি বৈজ্ঞানিক গৱেষণাই বেচ প্রতীয়মাণ কৰিছে ৷ সৃষ্টিশীল আৰু মনপছন্দৰ কর্মত  নিয়মিত আৰু পর্যাপ্ত পৰিমাণে আত্মনিয়োগ কৰাটো আন এক অত্যন্ত উপাদেয় সঁচাৰ–কাঠী ৷ নিয়মিত অধ্যয়ন কৰা আৰু ন ন জ্ঞান আৰু দক্ষতা আহৰণ কৰাটোও অতি উপাদেয় ৷ এই সন্দর্ভতHenry Fordৰ এই কালজয়ী উক্তি সততে মনত ৰাখিবলগীয়াঃ Anyone who stops learning is old, whether at twenty or eighty. Anyone who keeps learning stays young. The greatest thing in life is to keep your mind young.

পর্যাপ্ত টোপনি আৰু নিয়মিত শাৰীৰিক ব্যায়ামঃ   পর্যাপ্ত ভাল টোপনি আৰু নিয়মিত শৰীৰ চর্চা শাৰীৰিক আৰু মানসিক দুয়োপ্রকাৰৰ স্বাস্থ্য ৰক্ষাৰ বাবে অত্যাৱশ্যকীয়, আৰু সেয়ে জৈৱিক বয়স কম কৰি ৰখাৰ অন্যতম স্তম্ভস্বৰূপ ৷ ২০২১ চনত সমাপন হোৱা এক গৱেষণাত সন্তান জন্ম দিয়াৰ পিছৰ ছমাহত যিসকল মাতৃয়ে সাত ঘণ্টাতকৈ কম সময় শুইছিল, সেইসকলৰ জৈৱিক বয়স সাত ঘণ্টাতকৈ অধিক সময় শোৱাসকলতকৈ তিনিৰ পৰা সাত বছৰ বেছি হোৱা পোৱা গৈছে ৷ গৱেষণাটো ৩৩গৰাকী মাতৃক লৈ কৰা হৈছিল আৰু গৱেষণা–পত্রখন Sleep Health নামৰ আন্তর্জাতিক জার্নেলত প্রকাশ পাইছে ৷ আমেৰিকাৰ Helfgott Research Instituteৰ দ্বাৰা Yale University Center for Genome Analysisত চলোৱা এক গৱেষণাত প্রমাণিত হৈছে যে আহাৰ, টোপনি আৰু জীৱন নির্বাহৰ উত্তৰণৰ দ্বাৰা কেৱল আঠ সপ্তাহতে জৈৱিক বয়স তিনি বছৰ হ্রাস হব পাৰে ৷

যোগভ্যাসঃ  শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ–সবল কৰি ৰখাত যোগাভ্যাস অদ্বিতীয়, অতুল্য, স্বয়ংসম্পূর্ণ আৰু কালজয়ী পদ্ধতি ৷ নিয়মিত আৰু সঠিক যোগাভ্যাসে জৈৱিক বয়স হ্রাসকৰণত যাদুকৰীভাৱে কাম কৰে ৷  প্রসংগতঃ উল্লেখনীয় যে প্রধানতঃ যোগাভ্যাসৰ বলতে তাহানিৰ ভাৰতীয় ঋষি–মুনিসকলে অভাৱনীয় দীর্ঘায়ু লাভ কৰিছিল, স্বাভাৱিকভাৱে বার্ধক্যক পৰাভূত কৰিছিল, আৰু শীত–তাপ আদিৰ দ্বাৰা বিশেষ প্রভাৱান্বিত নোহোৱাকৈ জীৱন কটাবলৈ সক্ষম হৈছিল ৷ হার্ভার্ড বিশ্ববিদ্যালয়ে ২০১১ চনত সমাপন কৰা এক গৱেষণাই প্রতীয়মাণ কৰে যে মাত্র আঠ সপ্তাহৰ নিয়মিত ধ্যানৰ ফলতে লেখত লব পৰাকৈ Hippocampus  আৰু Amygdala উন্নত হব পাৰে ৷ Hippocampusৰ সুস্থ–সবলতাৰ ওপৰত আমাৰ স্মৰণ শক্তি, আৰুAmygdalaৰ সুস্থ–সবলতাৰ ওপৰত আৱেগিক স্থিতি আৰু আৱেগ নিয়ন্ত্রণ প্রধানতঃ নির্ভৰশীল ৷ যোৱা কেইটামান বছৰত অত্যাধুনিক প্রযুক্তি কৌশল প্রয়োগেৰে সমাপন কৰা ভালেসংখ্যক বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা ধ্যানৰ আন ভালেমান উপকাৰিতাৰ সূক্ষ্ম বৈজ্ঞানিক তথ্য উপলব্ধ হৈছেঃ  নিয়মিত ধ্যানে Telomereৰ দৈর্ঘ্য কোঁচ খোৱাটো ৰোধ কৰি ইতিমধ্যে উল্লেখ কৰি অহা উপকাৰিতাবিলাক প্রদান কৰে ৷ Grey matterৰ ক্ষয়িষ্ণুতা ৰোধ কৰি কৰি মানসিক সবলতা তথা চিন্তাশক্তি প্রখৰ হৈ থকাত অৰিহণা যোগায় ৷ Neuron cellৰ ক্ষয়িষ্ণুতা হ্রাস কৰি আৰু Frontex cortex সবল কৰি সকলো প্রকাৰৰ চিন্তাশক্তি সবল হোৱাত সহায় কৰে ৷  Cortisol level  হ্রাস কৰি ৰাখি ছালৰ মসৃণতা আৰু সৌন্দর্য বৃদ্ধিত অৰিহণা যোগায় Glutathione সবল কৰি Oxidative stress মাত্রা কম কৰে, আৰু ফলস্বৰূপে মানসিক চাপ নিয়ন্ত্রণ সহজসাধ্য হয় ৷ T-cell সবল কৰে, আৰু T-cellৰ ক্ষয়িষ্ণুতা হ্রাস কৰে , ফলস্বৰূপেImmunity সবল হয় ৷ CRP lecvel হ্রাস কৰি বিষ, পীড়া আদিৰ চোক কমায় ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.