আধুনিক বস্ত্র বিজ্ঞানৰ অভিনৱ সৃষ্টি বৈদ্যুতিক বস্ত্র

ডঃ মীন্তি গগৈ

মানৱ সভ্যতাৰ ক্রমবিৱর্তনত বিজ্ঞান হল দৈনন্দিন জীৱনৰ আটাইতকৈ প্রভাৱশালী কাৰক ৷ প্রকৃতার্থত বিজ্ঞান জীৱনৰ এক অনুশাসন ৷ সৃষ্টিৰ আদিম অৱস্থাৰে পৰা বিজ্ঞানভিত্তিক চিন্তাই সততে মানুহৰ মন আলোড়িত কৰি অহাৰ ফলশ্রুতিতেই আমি আজি প্রত্যেকেই নিজস্ব আধুনিক প্রযুক্তিৰে সমৃদ্ধ একোটা উন্নত স্তৰত উপনীত হবলৈ সক্ষম হৈছোঁ, সেয়া অনস্বীকার্য ৷ আদিতে মানুহে যেতিয়া অঘৰী জীৱন যাপন কৰিছিল তেতিয়া তেওঁলোকে নিজৰ দেহটোক বিভিন্ন ধৰণৰ বায়ুমণ্ডলীয় কাৰক যেনে, ৰদ, বতাহ, বৰষুণ, পোক–পতংগ, ধূলি, বালি ইত্যাদিৰ পৰা ৰক্ষা কৰিবলৈ বল্ক্ল নামৰ গছৰ ছালৰ পৰা তৈয়াৰী বস্ত্র পৰিধান কৰিছিল ৷  পৰৱর্তী সময়ত মানুহে বিভিন্ন ধৰণৰ উদ্ভিদ উৎসৰ পৰা সূতা আৰু সেহ সূতাৰ পৰা বস্ত্র তৈয়াৰ কৰি পিন্ধিছিল ৷ কপাই, শণ, ৰেমি ইত্যাদি উদ্ভিদজাত সূতাৰ উপৰি প্রাণীদেহৰ পৰা এৰীসূতা, পাটসূতা, মুগাসূতা, ঊণসূতা প্রস্তুত কৰা হৈছিল ৷ সূতাৰ এনেধৰণৰ আৱিষ্কাৰসমূহ চলি থকাৰ সময়তে মানুহে প্রাকৃতিক উৎসৰ বাহিৰেও কৃত্রিম উৎসৰ পৰা বিভিন্ন সময়ত বেলেগ বেলেগ ধৰণৰ সূতা যেনে– ৰেয়ন, নাহলন, পলিয়েষ্টাৰ, স্পেণ্ডডেক্স, আৰমিড, এক্সাইলিক অৰলন, গ্লাছ ফাইবাৰ ইত্যাদি প্রস্তুত কৰি সেইবোৰেৰে সাজপাৰ তৈয়াৰ কৰি পিন্ধিছিল ৷ সেইদৰে আমাৰ প্রকৃতি ৰাজ্যত উপলব্ধ কিছুমান অপৰম্পৰাগত প্রাকৃতিক উৎস অর্থাৎ উদ্ভিদৰ বাকলিৰ পৰাও সূতা প্রস্তুত কৰি বস্ত্র তৈয়াৰ কৰা হৈছিল ৷ কিন্তু বস্ত্র বিজ্ঞানৰ উত্তৰণৰ দিশত বিজ্ঞানী তথা মানৱ সমাজৰ প্রয়োজনীয়তাবোৰ যেন শেষ হোৱা নাছিল ৷

অভাৱেই আৱিষ্কাৰৰ মূল বস্ত্রজগতত সহজ আৰু স্বাভাৱিক প্রক্রিয়াৰে উৎপাদিত বস্ত্রসমূহৰ উপৰি মানুহে কিছুমান কামৰ বাবে অত্যাৱশ্যকীয় সা–সুবিধা সংপৃক্ত হৈ থকা বস্ত্রৰ সন্ধান কৰিছিল ৷ ফলস্বৰূপে, এদিন বস্ত্র বিজ্ঞানৰ লগত জড়িত বিজ্ঞানীসকলে বিভিন্ন মিশ্রিত সূতাৰে (blended fiber ) বস্ত্র তৈয়াৰ কৰি তাৰ ব্যৱহাৰিক উপযোগিতা সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু অনুসন্ধিৎসু মানুহৰ বস্ত্র সম্ভাৰক লৈ কৰা গৱেষণাৰ যেন শেষ হোৱা নাছিল ৷ ফলত বিজ্ঞানীসকলে এদিন সাজপাৰৰ আভ্যন্তৰীণ ভাগত বৈদ্যুতিক আধান সংস্থাপিত কৰি এবিধ অতি উচ্চ মানৰ সংবেদনশীল বস্ত্র তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল ৷ উক্ত বস্ত্রবিধক ইংৰাজীত ইলেকড্রনিক টেক্সটাইলছ(Electronic Textiles) বা স্মার্ট টেক্সটাইলছ (Smart Textiles) বুলি কোৱা হয় ৷ বহু সময়ত ইণ্টেলিজেণ্ট টেক্সটাইলছ(Intelligent textiles)  নামেৰে পৰিচিত উক্ত বস্ত্রবিধ নেনপ্রযুক্তি আৰু প্লাজমা টেকনলজী ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয় ৷ সর্বপ্রথমে, ১৯৮৫ চনত  হেৰী বেনৰাহট নামৰ এজন বিজ্ঞানীয়ে বৈদ্যুতিক আধান সংপৃক্ত বৈদ্যুতিক বস্ত্রবিধ তৈয়াৰ কৰি কাপোৰবিধৰ ব্যৱহাৰিক উপযোগিতা সদৰী কৰাৰ পিছৰ পর্যায়ত বিভিন্নজন বিজ্ঞানীয়ে ভিন্ন ধৰণৰ সুবিধা থকা বেলেগ বেলেগ কামৰ বাবে উপযুক্ত বৈদ্যুতিক বস্ত্র প্রস্তুত কৰি উলিয়াইছিল ৷ উক্ত প্রক্রিয়াৰে তৈয়াৰী বস্ত্রৰ প্রৱর্তনে প্রকৃতার্থত বস্ত্র বিজ্ঞানৰ পথাৰখনত এক বৈপ্লৱিক পৰিৱর্তন আনিবলৈ সক্ষম হল ৷ প্রথম অৱস্থাত এহ বৈদ্যুতিক বস্ত্র তৈয়াৰ কৰিবলৈ কাপোৰৰ ভিতৰত বিশেষ পদ্ধতিৰে বেটাৰী সংস্থাপন কৰিব লগা হৈছিল যদিও পিছত অতি ক্ষুদ্রাতিক্ষুদ্র কিছুমান পৰিবাহী তাঁৰ আৰু সংবেদনক্ষম যন্ত্রৰ সহায়ত এনে বস্ত্র প্রস্তুত কৰা হৈছিল ৷ উক্ত বস্ত্রবিধে পিন্ধোতাজনৰ দেহ আৰু ইয়াৰ চৌপাশৰ পাৰিপার্শ্বিকতাত সৃষ্টি হোৱা পৰিৱর্তন অনুসাৰে প্রতিক্রিয়া প্রকাশ কৰি আৰু তাৰ সুৰক্ষাৰ বাবে তাৎক্ষণিক প্রতিৰক্ষা ব্যৱস্থা সুনিশ্চিত কৰিব পাৰে ৷ অতি উচ্চমানৰ প্রযুক্তি কৌশলেৰে তৈয়াৰী এই কাপোৰবিধৰ কেইটামান বিশেষ বৈশিষ্ট্য হৈছে কাপোৰখন দেখাত সাধাৰণ কাপোৰৰ দৰে হয় আৰু তাত ব্যৱহূত কোনো ধৰণৰ তাঁৰ বাহিৰলৈ ওলাহ নাথাকে৷ বস্ত্রবিধ তাপ আৰু বিদ্যুৎ প্রতিৰোধক আৰু সাধাৰণ পৰিষ্ক্ৰণ পদ্ধতিৰে প্রয়োজন অনুসাৰে পৰিষ্কাৰ কৰিব পৰা যায় ৷

ক্রমাগতভাৱে মানৱজাতিৰ প্রয়োজন অনুসৰি বিভিন্নজন বিজ্ঞানীয়ে প্রস্তুত কৰি উলিওৱা এই স্মার্ট টেক্সটাইলছ নামেৰে খ্যাত বস্ত্রসমূহক নিজস্ব গুণাগুণ আৰু কর্মৰ ওপৰত ভিত্তি কৰি তিনিটা বেলেগ বেলেগ ভাগত ভাগ কৰা হল ৷ সেইকেইটা হল

১ প্রত্যক্ষভাৱে সক্রিয় বৈদ্যুতিক বস্ত্র(Active Smart Textiles)

২ পৰোক্ষভাৱে সক্রিয় বৈদ্যুতিক বস্ত্র(Passive Smart Textiles)

৩ অতিৰিক্তভাৱে সক্রিয়(Ultra smart Textiles ) বৈদ্যুতিক বস্ত্র ৷

প্রত্যক্ষভাৱে সক্রিয় বৈদ্যুতিক বস্ত্রবোৰ হল তাপমাত্রাৰ পৰিৱর্তন অনুসাৰে সংবেদনশীল, বায়ুমণ্ডলীয় কাৰকৰ প্রভাৱত ৰং পৰিৱর্তন হোৱা আৰু বিভিন্নধৰণৰ ক্ষেপণাস্ত্রৰ ব্যৱহাৰ, উদ্যোগক্ষেত্র, যান–বাহন চলাওঁতে নিৰাপত্তা সুনিশ্চিত কৰিব পৰা বস্ত্র ইত্যাদি ৷

পৰোক্ষভাৱে সক্রিয় বস্ত্রৰ তালিকাভুক্ত বস্ত্রবোৰ হল চিকিৎসা বিজ্ঞানৰ ভিন্নক্ষেত্রত পৰিধান কৰিব পৰা তথা বেমাৰৰ বীজাণু প্রতিৰোধক, গন্ধ প্রতিৰোধক, সূর্যৰ অতি বেঙুনীয়া ৰশ্মি প্রতিৰোধক বস্ত্র ৷ এনেবোৰ বস্ত্র প্লাজমা প্রযুক্তিৰ সহায়ত পোহৰৰ সংবেদনশীল কার্যপ্রণালীৰ দ্বাৰা তৈয়াৰ কৰা হয় ৷

অতিৰিক্ত সক্রিয় অথবা আলট্ৰা  স্মার্ট বস্ত্রবোৰ হল অতি উন্নতমানৰ প্রযুক্তি কৌশলেৰে তৈয়াৰী মানুহৰ মগজুসদৃশ কর্ম তাৎক্ষণিকভাৱে সম্পাদন কৰিব পৰা এক অনন্য গুণসম্পন্ন কম্পিউটাৰ সংস্থাপিত বস্ত্র ৷ এইবিধ বস্ত্র পৰিধান কৰোঁতাজনে নিজৰ দেহত হোৱা শাৰীৰিক পৰিৱর্তন আৰু পৰিৱেশত মুখামুখি হোৱা অভাৱনীয় পৰিস্থিতিৰ তথ্যসমূহ সংস্থাপিত বৈদ্যুতিক মাধ্যমৰ সহায়ত তৎক্ষণাৎ সুনির্দিষ্ট স্থানলৈ প্রেৰণ কৰি পিন্ধোতাজনৰ প্রতিৰক্ষাৰ ব্যৱস্থা কৰিব পাৰে৷ মহাকাশচাৰী, খেলজগতত নিয়োজিত খেলুৱৈসকল, পর্বতাৰোহী ইত্যাদি দুঃসাহসিক কর্মৰ লগত জড়িত ব্যক্তিসকলৰ বাবে উপযুক্ত বস্ত্রবিধৰ চাহিদা আন্তঃৰাষ্ট্রীয় বজাৰত যথেষ্ট বেছি ৷

স্বৰূপার্থত, উত্তেজক বস্ত্র প্রস্তুতকৰণ পদ্ধতি এক জটিল বৈজ্ঞানিক প্রক্রিয়াৰ দ্বাৰা সম্পাদিত হয় আৰু উক্ত প্রক্রিয়াত উন্নতমানৰ বৈজ্ঞানিক প্রযুক্তি তথ্য অর্থাৎ নেনপ্রযুক্তি, প্লাজমা প্রযুক্তি, জৈৱ প্রযুক্তি পৰমাণু বিজ্ঞান, যন্ত্র বিজ্ঞান, উচ্চ মানৰ বস্ত্রবিজ্ঞান ব্যৱহাৰিক জ্ঞান, কম্পিউটাৰ অভিযান্ত্রিক বিজ্ঞান ইত্যাদি বিভাগবোৰ যথাযথ প্রয়োগ কৰা হয় ৷ প্রথম অৱস্থাত এহ বৈদ্যুতিক বস্ত্র নির্মাণৰ মূল উদ্দেশ্য আছিল ব্যক্তি বিশেষে বিভিন্ন ক্ষেত্রত প্রয়োজন হোৱা শাৰীৰিক প্রতিৰক্ষা আৰু কর্মস্থানৰ সুৰক্ষা নিশ্চিত কৰা অর্থাৎ ভিন্ন ভিন্ন ভৌগোলিক পৰিৱেশত বায়ুমণ্ডলীয়  কাৰকসমূহৰ বিৰূপ প্রভাৱৰ পৰা নিজস্ব নিৰাপত্তা সুনিশ্চিত কৰা ৷ কিন্তু বর্তমান সময়ত শাৰীৰিক সৌন্দর্য প্রকাশ কার্যক মানুহ বিশেষে অতীব প্রয়োজন বুলি গণ্য কৰিবলৈ লোৱাৰ ফলত এনেধৰণৰ বৈদ্যুতিক বস্ত্রৰ প্রস্তুতকৰণৰ ক্ষেত্রতো আৰু অধিক পৰিৱর্তন আহিল ৷ বিজ্ঞানীসকলে পোহৰ প্রতিফলন কৰিব পৰা অন্য এবিধ পোহৰ নির্গত কৰা ডাইড (Light Emitting diodes (LEDs) সংপৃক্ত সূতা অথবা বস্ত্র প্রস্তুত কৰি উলিয়ালে ৷ বিশ্বৰ বহুতো আগশাৰীৰ দেশত অভিজাত পৰিয়ালৰ বিবাহ অনুষ্ঠানত দৰা–কহনাই এনে প্রযুক্তিৰে প্রস্তুতকৃত সাজপাৰ পিন্ধিবলৈ ললে ৷

বিভিন্ন উন্নত প্রযুক্তিৰে নির্মিত এনেবোৰ পোছাকত তাঁৰবিহীন বিদ্যুৎচালক ব্যৱহাৰ কৰি পিন্ধোতাজনৰ শাৰীৰিক সুস্থতা যেনে– দেহৰ উত্তাপ, তেজৰ প্রৱাহ মাত্রা (Blood Pressure), হূৎপিণ্ডৰ ধপধপনি (Heart beat rate) ইত্যাদি সুনিশ্চিত কৰা দেখা গল ৷ বিশ্বৰ উন্নত দেশসমূহত আধুনিক নব্য প্রযুক্তিৰ অনন্য অৱদান বুলি অভিহিত কৰিব পৰা এনে উত্তেজক বস্ত্রসমূহ ব্যস্ত চাকৰিজীৱী পিতৃ–মাতৃৰ বাবে যেন আশীর্বাদ হৈ পৰিল ৷ উক্ত কৌশলেৰে তৈয়াৰী নতুনকৈ আৱিষৃক্ত এক্সমবেবী (Ex’mo baby ) পোছাক এনে এবিধ শিশুৰ বাবে উপযোগী সাজপাৰ, যি সাজপাৰ পিন্ধাই থলে শিশুটিৰ শৰীৰৰ তাপমাত্রা, কলিজাৰ স্পন্দন আৰু অংগসমূহৰ চালনাৰ তথ্যসমূহ কৌশলগতভাৱে সংগ্রহ কৰি আৰু বিভিন্ন অফিচ–কাছাৰীত কর্মৰত পিতৃ–মাতৃয়ে বৈদ্যুতিক মাধ্যমৰ যোগেদি মুহূর্ততে পাব পাৰে ৷ একোটি অবুজ শিশুৰ ভোক–পিয়াহ, টোপনিৰ প্রয়োজনীয়তা, শৰীৰৰ তাপমাত্রা, মনৰ অসুস্থতা কিম্বা উৎফুল্লতা ইত্যাদিৰ সম্ভেদ দিব পৰা এনে বস্ত্রৰ উদ্ভাৱন নিষ্চয়কৈ সময়ৰ এক দাবী আৰু এনেধৰণৰ দাবী পূৰণ কৰিব পৰাতো বস্ত্র বিজ্ঞানৰ এক বৃহৎ সাফল্য ৷

মানুহৰ স্বাস্থ্যজনিত সমস্যা আৰু শাৰীৰিক সুৰক্ষাৰ বাবে প্রস্তুতকৃত এনে সক্রিয় উত্তেজক বস্ত্রসমূহক বায়টেক (Bio-tech) বিভিন্ন প্রাকৃতিক পৰিৱেশত কামৰ উপযোগীকৈ তৈয়াৰী বস্ত্রক প্রটেক (Pro-tech), চিকিৎসা বিজ্ঞানত ৰোগীৰ উশাহ–নিশাহ নিয়ন্ত্রণ কৰিব পৰা বস্ত্রক অফচেথ(Ofseth) ইত্যাদি অত্যাৱশ্যকীয় বস্ত্রৰ আৱিষ্কাৰে সম্প্রতি মানুহৰ জীৱন ধাৰণ প্রক্রিয়াক অধিক সহজ আৰু সুৰক্ষিত কৰি তুলিবলৈ সক্ষম হৈছে ৷ বস্ত্র বিজ্ঞানৰ দ্রুত অগ্রগতিৰ ফলত বর্তমান কিছুমান কৃত্রিম ধাতৱীয় সূতাৰ সহায়ত বোৱন (Woven), অবোৱন (Non-woven), গুঁঠন (knitting) পদ্ধতিৰ যোগেদি বস্ত্র তৈয়াৰ কৰি তাত ৰাসায়নিক পদ্ধতিৰে বিৰঞ্জীকৰণ (dyeing) ছাপ মৰা বা প্রিণ্টিং কৰা (Printing) পদ্ধতিৰ যোগেদি ভিন্ন ৰঙৰ সমাৱেশ ঘটাই বায়ুমণ্ডলীয় কাৰক যেনে– পোহৰৰ পৰিৱর্তন, বিদ্যুৎ প্রবাহ, বায়ুমণ্ডলীয় চাপৰ পৰিৱর্তন, তাপমাত্রাৰ পৰিৱর্তন, বিভিন্ন ধৰণৰ বায়ুমণ্ডলীয় অনিষ্টকাৰী গেছৰ প্রভাৱ প্রতিফলন কৰিব পৰা সংবেদনশীল বস্ত্র ইতিমধ্যে বিজ্ঞানীসকলে তৈয়াৰ কৰি উলিয়াবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ বৈদ্যুতিক বস্ত্রৰ তালিকাত চীন দেশত উদ্ভাৱন হোৱা অদৃশ্য বস্ত্রৰ (Invisible cloth) নাম নিশ্চয়কৈ লব পাৰোঁ ৷ নেনপ্রযুক্তি প্রয়োগ কৰি প্রস্তুতকৃত উক্ত বস্ত্রই পিন্ধোতাজনক লোকচক্ষুৰ পৰা আঁৰ কৰি ৰাখিব পাৰে, ফলত যুদ্ধক্ষেত্রকেই আদি কৰি বহুতো আত্মৰক্ষাকাৰী কার্যত এইবিধ বস্ত্র মানুহৰ সহায়ক হয় ৷

সাম্প্রতিক সময়ত প্রতিযোগিতাৰ দৌৰত অহৰহ দৌৰি থকা ব্যক্তিসকলৰ স্বাস্থ্য সুৰক্ষা, দৈনন্দিন সুখ–সুবিধা প্রদানৰ লক্ষ্যৰে প্রস্তুতকৃত এনে ধৰণৰ প্রত্যেকবিধ বৈদ্যুতিক /উত্তেজক বস্ত্রৰ ব্যৱহাৰিক উপযোগিতা যথেষ্ট উন্নতমানৰ আৰু হ বাহ্যিক পৰিৱেশসৃষ্ট উত্তেজনাক প্রতিক্রিয়ালৈ পৰিৱর্তন কৰি যি কাম সামধা কৰে, সেয়া অতুলনীয়৷ আন্তঃৰাষ্ট্রীয় বজাৰত বর্তমান উপলব্ধ কেইবিধমান এনে ইলেকট্ৰনিক বস্ত্র হল ডি টি ছার্ট, নডি এক্স য়ুগা পেণ্ট, খেলুৱৈসকলৰ বাবে উপযুক্ত এথচকচ, হাফপেণ্ট, কামিজ, দৌৰবিদসকলৰ বাবে ব্যৱহূত মোজা, ৰবৰ লগোৱা জোতা, পুৰুষ আৰু মহিলাৰ বাবে টেক ছার্ট, জটিল উদ্যোগ ক্ষেত্রত নিয়েজিত ব্যক্তি, সৈনিক, পর্বতাৰোহী, মটৰচাইকেল আৰোহীৰ বাবে হঠাৎ হোৱা অঘটনৰ পৰা নিজৰ দেহক ৰক্ষা কৰিব পৰা ডি থ্রি অ( D 3O ) নামৰ প্রযুক্তিতত্ত্ব ব্যৱহাৰ কৰি তৈয়াৰ কৰা পেণ্ট, হেলমেট, হাতমোজা, ঘড়ী, জোতা, টুপী ইত্যাদি ৷

স্বৰূপার্থত বৈদ্যুতিক বস্ত্র পৰিধান কৰা ব্যক্তিসকলে প্রাকৃতিগতভাৱে একোটা উন্নতমানৰ প্রযুক্তি নিজৰ দেহৰ লগত কঢ়িয়াই লৈ ফুৰাৰ ফলত এক সুপৰিকল্পিত জীৱন অতিবাহিত কৰিব পাৰে ৷ ব্যৱহাৰিক কর্মক্ষেত্রত ব্যক্তি বিশেষে এনে বৈদ্যুতিক বস্ত্র বহুল ব্যৱহাৰ কৰিব পাৰিলে জীৱন আৰু অধিক সুচল আৰু যথেষ্ট আৰামদায়ক হৈ পৰিব বুলি নিশ্চয় কব পাৰোঁ ৷ আধুনিক বিজ্ঞান আৰু প্রযুক্তিৰ সহায়ত প্রস্তুতকৃত বৈদ্যুতিক বস্ত্রসমূহ মানৱ জাতিৰ বাবে এক অত্যাৱশ্যকীয়, অভিনৱ অৱদান ৷ আশা কৰোঁ, ক্রমাগতভাৱে বিজ্ঞানৰ দ্রুত আগ্রাসনৰ ফলত অতি উচ্চ খাপৰ বৈজ্ঞানিক আৱিষ্কাৰসমূহৰ দ্বাৰা পৰিচালিত হব ধৰা আমাৰ ভৱিষ্যৎ প্রজন্মৰ দৈনন্দিন জীৱন পৰিক্রমাত বৈদ্যুতিক বস্ত্রসম্ভাৰ নিশ্চয় অতিকৈ সহজলভ্য হৈ উঠিব ৷ প্রয়োজন মাথোঁ কিছু সচেতনতা আৰু আধুনিক বস্ত্রবিজ্ঞানৰ প্রযুক্তিগত জ্ঞান ৷

ফোনঃ  ৮৬৩৮৮-৪৪৫৯৫

You might also like

Comments are closed, but trackbacks and pingbacks are open.