কেৰিয়াৰ হিচাপে খেলা–ধূলা

ডঃ বুলজিৎ বুুাগোহাঁহ

যিসকলৰ এথলেটিকছৰ প্রতি আকর্ষিত আৰু সফল হোৱাৰ দক্ষতা আৰু নিষ্ঠা আছে তেওঁলোকৰ বাবে খেলা–ধূলা কেৰিয়াৰৰ এক উত্তম বিকল্প হব পাৰে ৷ সৰু কালৰে পৰা বহুতো ছাত্র–ছাত্রীয়ে বিভিন্ন খেলা–ধূলা যেনে– এথলেটিকছ, ক্রিকেট, কাবাদী, কাৰাটে, খো–খো, জুডো, জিমনাষ্টিক, চাইক্লিং, টেবুল টেনিছ, টাইকোৱানডো, টেনিছ, দবা, নেটবল, বেডমিণ্টন, বাস্কেটবল, ফুটবল, ভাৰোত্তোলন, হেণ্ডবল, হকী, সাঁতোৰ, বক্সিং, ভলীবল, শৰীৰ চর্চা আদি কৰি ভাল পায় ৷ কিন্তু খেলা–ধূলাবোৰ কিছুমান ছাত্র–ছাত্রীয়ে নৱম–দশম শ্রেণী পালে পঢ়া–শুনা ক্ষতি হব বুলি নিজে অথবা অভিভাৱকসকলৰ বাধা বাবে এৰি দিবলৈ বাধ্য হয় ৷

ছাত্র–ছাত্রীসকলে পঢ়া–শুনাত প্রধান গুৰুত্ব দি খেলা–ধূলাবোৰ চলাই নিয়া উচিত ৷ কিয়নো খেলা–ধূলাই ছাত্র–ছাত্রীসকলক স্বাস্থ্য ভালে ৰখাত সহায় কৰে ৷ আনহাতে, কিছুমান ছাত্র–ছাত্রীৰ বাবে খেলা–ধূলা কেৰিয়াৰ হব পাৰে ৷ খেলা–ধূলাক কেৰিয়াৰ হিচাপে লব বিচৰা ছাত্র–ছাত্রীসকলে ফিজিকেল এডুকেচন(Physical Education)ত ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ তথা পিএইচডি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ৷

ফিজিকেল এডুকেচনৰ পাঠ্যক্রম পঢ়িব পৰা শিক্ষা প্রতিষ্ঠানকেহখনমা হলঃ নেচনেল স্পর্টছ ইউনিভার্ছিটী(www.nsu.ac.in), পুনে বিশ্ববিদ্যালয়( http://www.unipunedpe.in), দিল্লী বিশ্ববিদ্যালয়(www.du.ac.in), লক্ষ্মীবাই নেচনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেচন (http://www.lnipe.edu.in), হন্দিৰা গান্ধী হনষ্টিটিউট অৱ ফিজিকেল এডুকেচন এণ্ড স্পর্টছ ছায়েঞ্চ (www.igipess.du.ac.in), নেতাজী সুভাষ নেচনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেচন ( http://www.nsnis.org), মতিলাল নেহৰু স্কুল  অৱ স্পর্টছ(http://mnssrai.com), গুৰু নানক দেৱ বিশ্ববিদ্যালয় (https://online.gndu.ac.in), পাঞ্জাৱ বিশ্ববিদ্যালয় (http://puchd.ac.in), মাংগালোৰ বিশ্ববিদ্যালয়(www.mangaloreuniversity.ac.in), বেনাৰস হিন্দু বিশ্ববিদ্যালয়(www.bhu.ac.in), মণিপুৰ বিশ্ববিদ্যালয়(https://www.manipuruniv.ac.in), হাৰিয়ানা কেন্দ্রীয় বিশ্ববিদ্যালয় (https://www.cuh.ac.in) আদি ৷

অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়(www.dibru.ac.in)ত ফিজিকেল এডুকেচন(Physical Education)ৰ  দুবছৰীয়া স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ১০০খন ৷ অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেচন (http://www.aipeguwahati.in)ৰ তিনি বছৰীয়াB.P.E.S. (Bachelor of Physical Education and Sports) পাঠ্যক্রমত আসনৰ সংখ্যা ৪০খন আৰু দুবছৰীয়া B.P.Ed. (Bachelor of Physical Education) পাঠ্যক্রমত আসনৰ সংখ্যা ১০০খন৷ শ্রীশ্রীনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়(http://www.sasu.ac.in)ত ফিজিকেল এডুকেচন(Physical Education ) ৰ   চার্টিফিকেট, ডিপ্লমা আৰু স্নাতক পাঠ্যক্রম  অধ্যয়ন  কৰিব পাৰিব৷ নলবাৰী কলেজ (http://nalbaricollege.org)ত স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ৷ এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হব যে লক্ষ্মীবাই নেচনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেচন (http://www.lnipe.edu.in)ৰ এটা শাখা অসমতো আছে ৷ ইয়াত চাৰি বছৰীয়াB.P.Ed Bachelor of Physical Education (Integrated) পাঠ্যক্রমত আসনৰ সংখ্যা ১০০খন আৰু দুবছৰীয়া M.P.Ed.  (Master of Physical Education) পাঠ্যক্রমত আসনৰ সংখ্যা ৪০খন ৷ এই শিক্ষানুষ্ঠানবোৰত ফিজিকেল এডুকেচন (Physical Education)ৰ বিভিন্ন পাঠ্যক্রমত নামভর্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অর্হতা শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয় ৷ সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাহটত চাব পাৰে ৷

খেলা–ধূলাৰ আনুষংগিক কেৰিয়াৰবোৰ হল খেলুৱৈ, খেলৰ প্রশিক্ষক, প্রবক্তা, ফিটনেছ ইনষ্ট্রাক্টৰ, ৰেফাৰী, আম্পায়াৰ, অনাতাঁৰ–দূৰদর্শন কমেণ্টেটৰ, ক্রীডাৰ সাংবাদিক, ক্রীড়াৰ ফটো সাংবাদিক আদি ৷

শৰীৰ চর্চা হৈছে নিজৰ পেশী গঠন, নিয়ন্ত্রণ আৰু বিকাশৰ বাবে প্রগতিশীল প্রতিৰোধ ব্যায়ামৰ অভ্যাস৷ এই কার্যকলাপত জড়িত ব্যক্তিক বডী বিল্ডাৰ বুলি কোৱা হয় ৷ ইয়াক মূলতঃ কার্যকৰীবোৰতকৈ নান্দনিক উদ্দেশ্যৰ বাবে কৰা হয়, হয়াক পাৱাৰলিফটিঙৰ দৰে একেধৰণৰ কার্যকলাপৰ পৰা পৃথক কৰা হয়, যিয়ে কেৱল এজনে প্রয়োগ কৰিব পৰা শাৰীৰিক বোজা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰে ৷ বডী বিল্ডাৰসকলে ব্রেণ্ড হিচাপে, আনক প্রশিক্ষণ দিয়া আৰু বিভিন্ন সামগ্রীৰ ব্রেণ্ড এম্বেছাডৰ হিচাপে ছচিয়েল মিডিয়াত কাম কৰিব পাৰে ৷ মডেলিং কৰিব পাৰে, প্রতিযোগিতাত যোগদান কৰিব পাৰে ৷  বডী বিল্ডিং অতি কমসংখ্যক লোকৰ বাবে এক লাভজনক কেৰিয়াৰ হব পাৰে, কিন্তু  ইয়াৰ লগত সংলগ্ণ  বিভিন্ন কেৰিয়াৰ আছে ৷  যেনে             Fitness blogger, Fitness instructors, Fitness trainer, Fitness writer, Nutrition Coach, Personal trainers, Security work, Sports Therapist আদি ৷

এথলেটিকছ, আর্চাৰী, টেনিছ, বাস্কেটবল, হেণ্ড বল, হকী, কাবাদী, টেবুল টেনিছ, ভলীবল, বক্সিং, সাঁতোৰ, ভাৰোত্তোলন, মল্লযুঁজ, ক্রিকেট  আদি খেলৱৈসকলে Olympic Games ,World Cup, World Championships, Asian Games, Commonwealth Games, Asian Championships, USIC Championships আদি প্রতিযোগিতাত পদক লাভ কৰিলে ক্রীড়া কোটাৰ যোগেদি ভাৰতীয় ৰেলৱে (https://indianrailways.gov.in)ৰ East Central Railway (https://ecr.indianrailways.gov.in), East Coast Railway (https://eastcoastrail.indianrailways.gov.in), Eastern Railway (https://er.indianrailways.gov.in), Metro Railway Kolkata (https://mtp.indianrailways.gov.in), North Central Railway (https://ncr.indianrailways.gov.in), North Eastern Railway (https://ner.indianrailways.gov.in), North Western Railway (https://nwr.indianrailways.gov.in), North East Frontier Railway (https://nfr.indianrailways.gov.in), Northern Railway (https://nr.indianrailways.gov.in), South Central Railway (https://scr.indianrailways.gov.in), South East Central Railway (https://secr.indianrailways.gov.in), South Eastern Railway (https://ser.indianrailways.gov.in), South Western Railway (https://swr.indianrailways.gov.in), Southern Railway (https://sr.indianrailways.gov.in), West Central Railway (https://wcr.indianrailways.gov.in), Western Railway (https://wr.indianrailways.gov.in) আদিত চাকৰি পাব পাৰে৷ শিক্ষাগত অর্হতা  তথা চাকৰি নিযুক্তি প্রক্রিয়া আদিৰ সবিশেষ তথ্যৰ বিষয়ে বিজ্ঞাপন ৱেবছাহটৰ লগতে এমপ্লইমেণ্ঢ নিউজ আৰু বাতৰিকাকতত প্রকাশ হয়৷

আর্চাৰী, এথলেটিকছ, আত্যা–পাট্য, বেডমিণ্টন, বল–বেডমিণ্টন, বেচবল, বাস্কেটবল, বিলিয়ার্ড আৰু স্নুকাৰ, শৰীৰ চর্চা, বক্সিং, ব্রিজ, কেৰম, দবা, ক্রিকেট, চাইকেল পলো, চাইক্লিং, ডীফ স্পর্ট, ডো–কোইট, অশ্বাৰোহী ক্রীড়া, ফেন্সিং, ফুটবল, গল্ফ, জিমনাষ্টিক, হেণ্ডবল, হকী, আহচ–হকী, আহচ–স্কেটিং, আইচ–স্কিহং, জুডো, কাবাদী, কাৰাটে, কায়াকিং আৰু কেনোয়িং, খো–খো, কুডো, মাল্লাখাম্ব, সমৰ কলা, মটৰ স্পর্টছ, নেটবল, পেৰা স্পর্টছ পেৰা অলিম্পিক আৰু পেৰা এছিয়ান গেমছকে ধৰি Para Sports (for Sports discipline included in Para Olympics and Para Asian Games), পেনকাক ছিচ্টা, পলো, পাৱাৰলিফটিং, ৰোল বল, ৰোলাৰ স্কেটিং, ৰোহং, ৰাগবী, ছেপাক চাক্র, শ্বুটিং, ছুটিং বল, ছফ্ট বল, ছফ্ট টেনিছ, স্কোৱাছ, সাঁতোৰ, টেবুল টেনিছ, টাহকোৱানডো, টেনিছ, টেনিছ বল ক্রিকেট, টেনপিন বলিং, ড্রাইথলন, টাগ অব ৱাৰ, ভলীবল, ভাৰোত্তোলন, মল্লযুঁজ, উশ্বু, ইয়টিং, যোগাসন আদি খেলৰ খেলুৱৈসকলে ভাৰতীয় ডাক বিভাগত Postal Assistant, Sorting Assistant, Postman, Mail Guard, Multi-Tasking Staff (MTS) আদি  পদত শিক্ষাগত অর্হতা অনুসৰি  ক্রীডা কোটাৰ যোগেদি  নিযুক্তি  পাব পাৰে ৷ অনলাইন পদ্ধতিত আবেদন কৰিব লাগে ৷ ইয়াৰ ৱেবছাইট হল https://dopsportsrecruitment.cept.gov.in৷

ক্রীড়া কোটাৰ যোগেদি ভাৰতীয় ডাক বিভাগত  নিযুক্তি পাবৰ বাবে  এজন প্রার্থীৰ মাপকাঠী হল

  •  যিসকল ক্রীড়াবিদে ওপৰত উল্লেখ কৰা যিকোনো খে/খেলত ৰাষ্ট্রীয় বা আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত কোনো ৰাজ্য বা দেশক প্রতিনিধিত্ব কৰিছে,
  • যিসকল ক্রীড়াবিদে ওপৰত উল্লেখ কৰা যিকোনো খে/খেলত আন্তঃবিশ্ববিদ্যালয় ক্রীড়া পৰিষদে পৰিচালনা কৰা আন্তঃবিশ্ববিদ্যালয় প্রতিযোগিতাত নিজৰ বিশ্ববিদ্যালয়ক প্রতিনিধিত্ব কৰিছে,
  • যিসকল ক্রীড়াবিদে ওপৰত উল্লেখ কৰা যিকোনো ক্রীড়া খেলত সর্বভাৰতীয় বিদ্যালয় গেমছ ফেডাৰেচনে পৰিচালনা কৰা বিদ্যালয়সমূহৰ বাবে ৰাষ্ট্রীয় ক্রীড়/খেলত ৰাজ্যিক বিদ্যালয়ৰ দলসমূহক প্রতিনিধিত্ব কৰিছে,
  • ৰাষ্ট্রীয় শাৰীৰিক দক্ষতা অভিযানৰ অধীনত শাৰীৰিক দক্ষতাত ৰাষ্ট্রীয় বঁটা লাভ কৰা খেলুৱৈসকল ৷

ক্রীড়া কোটাৰ জৰিয়তে খেলুৱৈসকলে চিআইএছএফ (https://www.cisf.gov.in), বিএছএফ(https://www.bsf.gov.in), এছএছবি(https://ssb.gov.in),  চিআৰপিএফ(https://crpf.gov.in), আইটিবিপি(https://www.itbpolice.nic.in), এনএছজি(https://nsg.gov.in), আছাম ৰাইফল(https://assamrifles.gov.in) আদিত শিক্ষাগত অর্হতা অনুসৰি  বিভিন্ন পদত  নিযুক্তি  পাব পাৰে ৷

ভাৰতীয় নৌসেনা(Indian Navy)ত ক্রীড়াৰ যোগেদি প্রত্যক্ষ প্রৱেশৰ ক্ষেত্রত শিক্ষাগত অর্হতা হল স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী বা যিকোনো বিভাগত বি হ/বি টেক ডিগ্রীধাৰী হব লাগে ৷ ৰাষ্ট্রীয় ক্রীড়া প্রতিষ্ঠানৰ পৰা ক্রীড়া প্রশিক্ষণৰ ডিপ্লমা থকা প্রার্থ/ক্রীড়া প্রশিক্ষকতাত এম এছ চি ডিগ্রীধাৰীসকলক এছ এছ বিৰ বাবে শ্বর্ট লিষ্টিঙৰ সময়ত অগ্রাধিকাৰ দিয়ে৷ ক্রীড়া অর্হতা হল প্রার্থীয়ে ছিনিয়ৰ পর্যায়ৰ ৰাষ্ট্রীয় চেম্পিয়নশ্বি/খেল, যেনে এথলেটিকছ, ক্রছ কান্ড্রী, ড্রাইথলন, বেডমিণ্টন, টেনিছ, স্কোৱাছ, ফুটবল, হেণ্ডবল, হকী, বাস্কেটবল, ভলীবল, ক্রিকেট, সাঁতোৰ, ডাইভিং, ৱাটাৰ পোলো, কাবাদী, বক্সিং আদিত অংশগ্রহণ কৰিব লাগে ৷ আবেদন গ্রহণৰ পিছত ক্রীড়া প্রৱেশৰ ক্ষেত্রত তেওঁলোকৰ পেছাদাৰী ক্ষমতাৰ বাবে ইণ্টিগ্রেটেড হেডকোৱাটাৰ অৱ মিনিষ্ট্রী অফ ডিফেন্স নেভিত প্রার্থীৰ প্রাৰম্ভিক স্কেনিং কৰে ৷ ইয়াৰ পিছত সফল প্রার্থীসকলক বাংগালো/ভূপা/কইম্বাটু/ভাইজা/কলকাতাত এছএছবি সাক্ষাৎকাৰৰ বাবে বিতংভাৱে জনায় ৷  এছ এছ বি অর্হতাসম্পন্ন পৰীক্ষার্থীসকলৰ চিকিৎসা পৰীক্ষা কৰা হয় আৰু উপযুক্ত বুলি বিবেচনা হলে অল ইণ্ডিয়া মেৰিটৰ ভিত্তিত ভাৰতীয় নৌসেনাত অন্তর্ভুক্ত কৰে৷ এই প্রৱেশ পত্রসমূহৰ প্রশিক্ষণ সাধাৰণতে জানুৱাৰী আৰু জুলাই মাহত আৰম্ভ হয় ৷

ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ক্রীড়া প্রতিযোগিতাত পদক লাভ কৰিলে অসম চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি দিয়ে ৷

Indian Oil (https://iocl.com)য়ে ক্রিকেট, হকী, বাস্কেটবল, ভলীবল, ফুটবল, কাবাদী, টেনিছ, বিলিয়ার্ড আৰু স্নুকাৰ, গল্ফ, কেৰম,   বেডমিণ্টন, দবা, ধনুর্বিদ, জিমনাষ্টিকছ, শ্বুটিং, সাঁতোৰ, মল্লযুঁজ, টেবুল টেনিছ, এথলেটিকছ আদি খেলৰ বাবেIndian Oil Sports Scholarship আগববায় ৷ সবিশেষ জানিবৰ বাবে আগ্রহীসকলে Indian Oilৰ ৱেবছাইট (https://iocl.com) চাব পাৰে ৷

ONGCৰো ক্রীড়া বৃত্তি আঁচনি(Sports Scholarship Scheme) আছে ৷ সবিশেষ জানিবৰ বাবে আগ্রহীসকলেONGCৰ ৱেবছাহট(https://ongcindia.com) চাব পাৰে ৷

ক্রীড়াবিদসকলৰ বাবে বিভিন্ন পাঠ্যক্রমত নামভর্তিৰ বাবে আসন সংৰক্ষণ ক্রীড়া কোট (Sports Quota) থাকে ৷

ফোনঃ  ৯৪৩৫১-৮৮৬৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.