বতৰৰ উত্তম ফল কমলা

ডাঃ দ্বীপজ্যোতি শর্মা

শীতকাল ধৰালৈ নামি অহাৰ লগে লগে ৰোগৰ সংক্রমণ বৃদ্ধি পোৱাৰ আশংকা থাকে ৷ এই পৰিৱর্তনশীল বতৰত চর্দি, কাহৰ লগতে অন্যান্য ভাইৰেল ৰোগ সততে হোৱা দেখিবলৈ পোৱা যায় ৷ সেয়ে ঋতুগত বেমাৰৰ পৰা পৰিত্রাণ পাবলৈ ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰিব লাগিব ৷ যিয়ে আমাক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাত সহায় কৰে ৷ সাধাৰণতে শীতকালত এতিয়া বিভিন্ন ধৰণৰ ফলেৰে বজাৰ উভৈনদী হৈ পৰিছে ৷ তাৰে ভিতৰত সকলোৰে পছন্দৰ তথা ঠাণ্ডা দিনৰ সর্বশ্রেষ্ঠ কমলা বা সুমথিৰাক সুস্বাদু ফল বুলি ধৰা হয় ৷ আচলতে, ঠাণ্ডা দিনত ৰদত বহি কমলা খোৱাৰ আমেজেই সুকীয়া ৷ এই পুষ্টি অথবা সোৱাদযুক্ত কমলাত থকা উপাদানসমূহ এনেধৰণৰ  প্রতি ১০০ গ্রাম কমলাত ৪৭ গ্রাম কেলৰি, ৫৭ গ্রাম পানী, ০.৯ গ্রাম প্রটিন, ১১.৮ গ্রাম কার্বহাইড্রেট, ৯.৪ গ্রাম চেনি, ২.৪ গ্রাম ফাইবাৰ থকাৰ উপৰি ভিটামিন–এ, ভিটামিন–বি, কেলছিয়াম, মেগনেছিয়াম আৰু পটাছিয়াম ইত্যাদি পোৱা যায় ৷

আনহাতে, কমলা স্বাস্থ্যৰ কাৰণেও যথেষ্ট লাভালাভ আছে ৷ সেই অনুসৰি

  •  কমলাত চি, ফাইবাৰৰ গুণাগুণ মজুত থকাৰ বাবে ই সঘনাই ৰোগৰ পৰা সুৰক্ষিত ৰখাৰ লগতে মূত্রনলীত হোৱা সংক্রমণ প্রতিৰোধ, ওজন নিয়ন্ত্রণ কৰাত সহায়ক ৷
  • কমলাত এণ্ঢিক্সিডেণ্ঢ, ফেলেট, পটাছিয়াম হূদযন্ত্রক স্বাস্থ্যৱান কৰি ৰখাৰ উপৰি হূদযন্ত্রটোক বহুত ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখে ৷
  • শীতকালত সচৰাচৰ উপলব্ধ ঋতুগত ফল কমলাত কেলছিয়াম সমৃদ্ধ হোৱাৰ কাৰণে আমাৰ হাড় আৰু দদাত শক্তিশালী কৰি ৰাখিব পাৰে ৷
  • যিহেতু, ভিটামিন–এ ভাল পৰিমাণে কমলাত থকাৰ বাবে চকুৰ বহুতো সমস্যাৰ পৰা উপকাৰী বুলি বিবেচনা কৰা হয় ৷
  • আনহাতে, মেগনেছিয়াম, পটাছিয়ামৰ দৰে পুষ্টি থকাৰ কাৰণে কমলা ৰস সেৱন কৰিলে তেজ পৰিষ্কাৰ হোৱাৰ বাহিৰেও পেশীসমূহৰ সক্রিয়তা বৃদ্ধি কৰে ৷

দৰাচলতে কমলাত থকা ভিটামিন–চি অত্যধিক সেৱনে কেতিয়াবা শৰীৰত বিৰূপ প্রভাৱো পেলাব পাৰে ৷ সেয়ে

  • কোনোৱে দিনে ৪৫টা কমলা খোৱা আৰম্ভ কৰিলে শৰীৰত বেছিকৈ আঁহ জমা হয় ৷ যাৰ ফলত পেটৰ বিষ, ডায়েৰীয়া, ওকালি, বুকু লা আদি হব পাৰে ৷
  • কমলাত প্রাকৃতিকভাৱে এচিড সমৃদ্ধ হোৱাৰ বাবে যিসকলৰ গেষ্টোইচোফেজিল ৰিফ্লাক্স ৰোগ আছে, সেইসকলে কমলা খোৱাৰ আগত চিকিৎসকৰ পৰামর্শ লোৱা উচিত ৷
  • তদুপৰি যিসকলৰ তেজত পটাছিয়ামৰ স্তৰ উচ্চ পৰিমাণত থকা ব্যক্তিসকলে কম পৰিমাণত কমলা খোৱাটো বাঞ্ছনীয় ৷
  • আনফালে শৰীৰৰ যিসকলৰ পটাছিয়ামৰ পৰিমাণ বেছি থাকে তেওঁলোকে কমলা বেছিকৈ খালে হাইপৰ কেলেমিয়া হোৱাৰ সম্ভাৱনা থাকে ৷

সেই হেতুকে যিকোনো ফল বা খাদ্যই শাৰীৰিক উপকাৰ কৰিলেও অত্যধিক খালে হিতে বিপৰীত হোৱাৰ পৰিপ্রেক্ষিতত এজন প্রাপ্তবয়স্ক্, শিশুসকলে স্বাস্থ্যৱান হৈ থাকিবলৈ এটা বা দুটাকৈ কমলা খোৱাটো খুবেই লাভজনক বা সমৃদ্ধিশালী বুলি কব পাৰি ৷

ফোন-  ৬০০০৩-৪২৩৫৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.