উৎসৱ–বিয়াত শাৰীৰ আকর্ষণীয়তা

লক্ষ্মীছাঁয়া ডেকা

এতিয়া উৎসৱৰ বতৰ লগতে বিয়াৰো বতৰ ৷ এই উৎসৱ–পার্বণত নিজকে নিজক পৃথকভাৱে সজাই তোলাৰ চেষ্টা প্রত্যেকগৰাকী নাৰীৰে কৰে ৷ সাধাৰণতে বিয়া–বাৰুত মহিলা বা যুৱতীসকলে পাটৰ কাপোৰ বা পৰম্পৰাগত সাজসজ্জা পৰিধান কৰাত গুৰুত্ব প্রদান কৰে ৷ কিন্তু এহবাৰ এহ বতৰত কিছু বেলেগকৈ নিজকে সজাওক ৷ এইবাৰ শাৰী পৰিধান কৰি নিজকে অনন্য ৰূপত ধৰা দিয়ক ৷ ভাৰতৰ শাৰীৰ সংসৃক্তি বিশেষ এক জাতি বা জনগোষ্ঠীৰ মাজত সীমাবদ্ধ নহৈ আমাৰ সকলোৱে মুকলিভাৱে আদৰি লৈছে ৷ আজিৰ লেখাত আগন্তুক সময়ত শাৰী আৰু ইয়াৰ লগতে উপযুক্ত গহনাৰ কিছু সম্যক বর্ণনা কৰা হৈছে ৷

জর্জেট শাৰীঃ সকলোৰে বাবে সুবিধাজনক আৰু আৰামদায়ক হৈছে জর্জেট শাৰী৷ খুব পাতল আৰু পিন্ধিবলৈ আৰাম পাব৷ অলপ সোণালী বা ৰূপালী পাৰী থকা বগা, পাতল কমলা, ৰয়েল ব্লু বা মেটেলিক জর্জেট শাৰী বিয়া–সবাহত পিন্ধিবলৈ লব পাৰে ৷ অলংকাৰ খুব পাতলীয়া পিন্ধিব ৷ মিহি চেইনত সৰু লকেট আৰু হাতত অলপ বেছিকৈ খাৰু পিন্ধিব৷ ব্রুচ পিন লগাব ৷ পৰিপাটীকৈ চুলি বান্ধিব নহলে মেলিও ৰাখিব পাৰে ৷ সৰু বাকচ আকৃতিৰ পার্ছ লব ৷

কটন শাৰীঃ  বাঙালী লুক আনিব বিচাৰিলে পৰম্পৰাগত বাঙালী শাৰী লব পাৰে ৷ কান্থা চিলাই আর্হিৰ গহীন যিকোনো ধৰণৰ শাৰী ভাল লাগিব ৷ বহুত ৰঙৰ মিশ্রিত থাকিলে অলংকাৰ পাতল লব নহলে এক বা দুই ৰং থাকিলে অলপ গধুৰ অলংকাৰ পছন্দ কৰিব পাৰে৷ ৰঙা আৰু বগা ৰঙৰ শাৰী নির্বাচন কৰিব পাৰে ৷ জামদনি শাৰীও খুব ভাল লাগিব ৷

ৰেচম শাৰীঃ  এহ শাৰীসমূহ পাতল আৰু উছৱমুখৰ ৷ ইয়াৰ উজ্জ্বল ভাব প্রকাশ হোৱা কাৰণে যিকোনো ধৰণৰ আনন্দমূলক অনুষ্ঠান বা পর্বত ইয়াৰ বহুল প্রচলন অতীজৰ পৰা হৈ আহিছে ৷ নৈসর্গিক, ফুলাম অথবা ভিন্ন ধৰণৰ প্রিণ্ট  থকা ৰেচম শাৰী আপুনি নিজৰ পছন্দ অনুসৰি পিন্ধিবলৈ লব পাৰে ৷ ৰঙীন মালাজাতীয় গহনা লব ৷ হাতত একে ধৰণৰ পিন্ধিব ৷ অলপ ফিউজন লুক আহিব ৷

চিকুহন শাৰীঃ  গধূলি বা ৰাতিৰ সময়খিনিত এনে শাৰী ভাল লাগিব ৷ মেটেলিক পৰশ থকা আনুষংগিক সামগ্রী লব ৷ বেগ, জোতা আৰু অলংকাৰ উজ্জ্বল লব ৷

পাট শাৰীঃ  অসমীয়া আর্হিত প্রস্তুত কৰা পাটৰ শাৰী পিন্ধিব পাৰে ৷ পেষ্টেল ৰং হলে হস্তনির্মিত অলংকাৰ আৰু বেগ লব৷ উজ্জ্বল ৰঙৰ হলে অলপ অন্য পৰম্পৰাৰ সামগ্রীৰ লগত ফিউজন কৰিব পাৰি ৷

এমব্রহদাৰী শাৰীঃ চিকনকাৰী, ফুলকাৰী বা আৰি ৱর্ক কৰা শাৰী পূজাৰ সময়ত পিন্ধিলে ভাল লাগিব ৷ মেহেন্দি, আকাশ নীলা, পাতল হালধীয়া, লেভেণ্ডাৰ ৰং বহুত সুন্দৰ দেখাব ৷ অলংকাৰ পাতল বা বেছি আপোনাৰ নিজৰ পছন্দ মতে পিন্ধিব ৷

জর্ডোজী শাৰীঃ   বিয়া, পূজা ইত্যাদি পর্বত এনে শাৰী পিন্ধিলে ভাল লাগে ৷ পার্টী ৱেৰ আৰু ফেছনেবল লুক আনিব বিচাৰিলে এনে কাম থকা শাৰী লব ৷ ডিজাইনাৰ হাউছৰ শাৰী আপুনি পছন্দ কৰিব পাৰে ৷ জয়পুৰী বা গুজৰাটী লুক ললেও ভাল লাগিব ৷

এক ৰঙী শাৰীঃ  আজিকালি একদম ট্ৰেণ্ডত থকা শাৰী হৈছে এই  একৰঙী শাৰী ৷ একৰঙী শাৰী সৈতে শ্লিভলেছ ব্লাউছ সাংঘাতিক ধুনীয়া দেখি ৷ বর্তমান খুব প্রচলিত ৰং হৈছে তিল ৰং ৷

চিমাৰী শাৰীঃ   এই শাৰী এতিয়া প্রত্যেক নাৰীৰ পছন্দ ৷ এই শাৰী খুব জিলিকে আৰু ইয়াৰ লগত বেকলেছ ব্লাউছ পিন্ধিলে খুব আকর্ষণীয় লাগিব ৷

পেষ্টেল ৰেচমৰ শাৰীঃ  ২০২৩ চনৰ শেহতীয়া শাৰী  ট্ৰেণ্ড অনুসৰি মহিলাৰ মাজত পেষ্টেল ৰঙৰ ৰেচমৰ শাৰী যথেষ্ট জনপ্রিয় হৈ পৰিছে ৷  লগতে, সকলো ছালৰ ৰং, শৰীৰৰ ধৰণৰ মহিলাৰ বাবে এহ শাৰী আদর্শ ৷ আপুনি যি ঠাইতে পিন্ধি নাযাওক কিয় আপোনাৰ ষ্টাহল প্রতিটো ঋতুৰ সৈতে মিলিব ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.