কেশ বিন্যাস আৰু চুলিৰ সমস্যাৰ সমাধান

বর্ণালী ভট্টাচার্য

কেশ হৈছে নাৰীৰ সৌন্দর্যৰ এক অনন্যম অবিচ্ছেদ্য অংগ ৷ অৱশ্যে  আজিকালি নাৰীসকলৰ দৰে পুৰুষসকলো সৌন্দর্য চর্চাৰ ক্ষেত্রত সমানে সচেতন ৷ সেইবাবে সৌন্দর্য বৃদ্ধিৰ ক্ষেত্রত কেশ বিন্যাসে এক গুৰুত্বপূর্ণ অৰিহণা যোগায় ৷ বিশেষ ধৰণৰ কেশ বিন্যাস নাৰীসকলৰ সৌন্দর্যৰ বহিঃপ্রকাশত এক বর্ধিত পৰিসৰ প্রদান কৰে ৷ নাৰীসকলৰ সৌন্দর্য ববাহ তোলাত সহায় কৰে ৷ কেশ বিন্যাসৰ আগত এগৰাকী নাৰী বা পুৰুষে বিভিন্ন বিষয় জনাটো প্রয়োজনীয় ৷ যেনে বিভিন্ন হেয়াৰ ষ্টাইল কেনেধৰণৰ হব, উহগ কেনেকুৱা ব্যৱহাৰ কৰিব লাগে ইত্যাদি ৷

বিশেষকৈ প্রথমে চাব লাগিব ব্যক্তিগৰাকীয়ে যি হেয়াৰ ষ্টাইল কৰিছে সেয়া তেওঁৰ মুখমণ্ডলৰ লগত খাপ খাইছেনে নাই ৷ সেইটো নহলে তেওঁক দেখাত ভাল নালাগিবও পাৰে ৷

দীঘলীয়া, পোন আকৃতিৰ মুখমণ্ডলৰ ব্যক্তিসকলে বেক ব্রাচ কৰিব পাৰে তেনেকৈ আঁচুৰিলে মুখখন দীঘলীয়াৰ দৰে লাগিল ৷ এনে ধৰণৰ কেশ বিন্যাসৰ জৰিয়তে এক অভিব্যক্তি ফুটি উঠিব ৷

এগৰাকী ব্যক্তিৰ মুখমণ্ডলৰ আকৃতি ঘূৰণীয়া হলে চুটি দৈর্ঘ্যযুক্ত চুলিৰে মানুহজন শুৱনি দেখাব ৷ মুখমণ্ডলৰ আকৃতি চাৰিচকীয়া হলে চুলিখিনি চুটি তথা ঢৌযুক্ত হলেও দেখাত ভাল লাগিল ৷ নহলে চুলিৰ কিছু অংশ  কপালৰ ওপৰত পৰি থাকিবলৈও দিব পাৰে ৷

আন এটা কেশ বিন্যাস বর্তমান কম–বেছি পৰিমাণে বহুতে কৰিবলৈ লগাত পৰিছে, যেনে উহগ আৰু হেয়াৰ পিচ ৷ মুখৰ চেহেৰাৰ আকৃতিৰ সৌন্দর্য বৃদ্ধি কৰিবলৈ বহুতে উহগ আৰু হেয়াৰ পিচ ব্যৱহাৰ কৰে ৷ উহগ ব্যৱহাৰ কৰা লোকসকলে এটা কথা সদায় মনত ৰাখিব, যাতে নিজৰ চেহেৰাৰ লগত উহগটো খাপ খায় ৷ অন্যথা চেহেৰাটো দেখাত অদ্ভুত লাগিব ৷ বর্তমান আজিকালি বজাৰত বিভিন্ন ধৰণৰ উহগ পোৱা যায় ৷ এই  উহগবোৰ বেছিভাগেই এছিয়াৰ মানুহবোৰৰ চুলিৰ পৰা তৈয়াৰী কৰা হয ৷ এনে উইগবোৰত বিভিন্ন ধৰণৰ চুলিৰ কালাৰ কৰি ৰঙীন কৰিব পাৰি ৷

উইগৰ ক্ষেত্রত আটাহতকৈ ডাঙৰ সমস্যাটো হৈছে ব্যৱহাৰকাৰীৰ ব্যক্তিগৰাকীৰ মুখমণ্ডলৰ সৈতে খাপ খাই পৰে নে নপৰে ৷ তদুপৰি উইগটো ক্রয় কৰাৰ সময়ত নিজৰ চুলিৰ ৰঙৰ লগত মিহলাহ ক্রয় কৰা উচিত৷ যদি মানুহজনৰ বা মানুহগৰাকীৰ চুলিৰ ধৰণ কেঁকোৰা ধৰণৰ হয় তেনে চুলিত মসৃণ ধৰণৰ উহগ নিমিলিব ৷ বহুতে আকৌ উইগটো আশানুৰূপভাৱে লগাব নোৱাৰাৰ ফলত ব্যক্তিগৰাকীয়ে আৰাম নাপায় বা আনৰ চকুত আপছোহেনহে লাগে ৷ কেতিয়াবা উইগটো টান হলে মূৰৰ বিষ আৰু মূৰত খজুৱতি হব  পাৰে ৷ আনফালে ঢিলা হলে খোলা–মেলা কৰাত সাৱধান হব লাগে, নহলে খুলি সুলকি যোৱাৰ সম্ভাৱনা থাকে ৷

সদায়ে এটা কথা মনত ৰাখিব যে উইগ কিনাৰ সময়ত  ভাল কোৱালিটী হয় নে নহয় চোৱাটো প্রয়োজনীয় ৷

আজিকালি সকলো সমস্যাৰ সমাধান আছে যদিও এটা কথা ঠিক যে চুলিৰে হওক বা মুখৰে হওক আমি যদি আগৰে পৰা নিজৰ যত্ন ভালদৰে লব পাৰোঁ, তেনেহলে সমস্যাবোৰৰ সন্মুখীন হবলগীয়া নহয় ৷

আমি যদি নিজৰ মনটোক প্রফুল্ল কৰি ৰাখিব পাৰোঁ, তেনেহলে আমাৰ ছাল, চুলিৰ উজ্জ্বলতা অটুট থাকিব ৷

এষাৰ কথা আছে যে প্রফুল্ল মনত, প্রফুল্ল  শৰীৰ (A Healthy  Body in a Healthy  Mind) অর্থাৎ মাথোঁ সুস্থ শৰীৰতহে সুস্থ মন থাকিব পাৰে ৷ শৰীৰৰ ওপৰত মনৰ এক গুৰুত্বপূর্ণ প্রভাৱ আছে ৷ মনটো অৱসাদ, চিন্তাযুক্ত আৰু হতাশা–বেদনাৰে পৰিপূর্ণ হৈ থাকিলে শৰীৰৰ ওপৰত তাৰ বিৰূপ প্রতিক্রিয়া পৰিলক্ষিত হবই ৷ আমাৰ চুলিখিনি হৈছে শৰীৰৰ প্রধান অংগ ৷ সেয়েহে মানসিক চাপৰ প্রভাৱ চুলিত পৰিব পাৰে ৷  একোছা সুস্থ সবল চুলিৰ বাবে সঠিক যত্নৰ লগতে সুষম খাদ্য খোৱাৰ অভ্যাস কৰিব ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.