সৌন্দর্য চর্চাৰে বয়সৰ লগত বন্ধুত্ব

অজন্তা উপমন্যু

মহিলাসকলে প্রায় ত্রিশটা বসন্ত অতিক্রম কৰাৰ পাছৰে পৰাই নিজৰ শৰীৰৰ প্রতি চকু দিয়াৰ প্রয়োজনীয়তা আহি পৰে ৷ দৈনন্দিন সকলো কামৰ মাজতে নিজৰ বাবে কিছু সময় আছুতীয়াকৈ ৰখা নিতান্তই প্রয়োজন ৷ বিশেষকৈ যিমান পাৰে সিমান মানসিক চিন্তা–ভাবনা এৰাই চলিবলৈ চেষ্টা কৰিব লাগে ৷ মানসিক অৱস্থাৰ প্রতিফলন ঘটে আমাৰ ছালখনৰ ওপৰত ৷ বেছি চিন্তাগ্রস্ত ব্যক্তিৰ ছাল সদায় শেঁতা আৰু অনুজ্জ্বল হোৱা দেখা যায় ৷ চিন্তা–ভাবনা এৰাই চলাৰ লগতে নিয়মীয়াকৈ ছালৰ যত্ন লোৱা উচিত ৷ মাহেকত অন্ততঃ দুবাৰ কোনো অভিজ্ঞ সৌন্দর্য বিশেষজ্ঞৰ দ্বাৰা ফেচিয়েল কৰাব লাগে৷ তাৰ আগতে ছাল পৰীক্ষা কৰি জানি লোৱা উচিত কি ধৰণৰ ফেচিয়েল আপোনাৰ বাবে উপযুক্ত ৷ এৰমা থেৰাপী, পি এইচ এ, থার্মহর্ব, গল্ড, পার্ল, চকলেট আদি ফেচিয়েল কৰাব পাৰে ৷ ছাল ৰুক্ষ, শুকান আৰু একনে থাকিলে হাইড্র ফেচিয়েল ললে ভাল ফল পাব পাৰি ৷

দৈনিক শাৰীৰিক পৰিশ্রমৰ বিশেষ প্রয়োজন ৷ বৃদ্ধাৱস্থা মানেহ এলেহুৱা হোৱাটো নুবুজায় ৷ নিজৰ সৰু সুৰা কাম, খোজ কা, যোগ, এৰবিক, ব্যায়াম কৰা, শাকনিবাৰী পতা, ফুলনিত কাম কৰা, নিজৰ ভাল লগা মেল–মিটিং আদিলৈ যোৱা, বন্ধু –বান্ধৱৰ লগত মন খুলি কথা পতা আদিয়ে শৰীৰ তথা মন সুস্থ ৰাখে ৷ মানসিক চিন্তা দূৰ কৰে ৷ তাৰ লগে লগে সুষম আহাৰ, প্রয়োজনীয় ভিটামিন, প্রটিন আৰু কার্বহাইড্রেটযুক্ত আহাৰ খাব লাগে ৷ বেছি ভজা–পোৰাৰ সলনি সেউজীয়া শাক–পাচলি, বতৰৰ ফলমূল, ফলৰ ৰস, চুপ, অধিক পানী আদি খাব লাগে ৷ বেছি চর্বিযুক্ত আৰু বেছি মচলাযুক্ত আহাৰ কমাই খোৱা উচিত ৷ দৈনিক দই–বাৰ গিলাচ পানী খাব লাগে ৷ তদুপৰি নির্দিষ্ট সময়ত শোৱা, নির্দিষ্ট সময়ত শুই উঠা, সময়মতে খোৱা–বোৱা কৰা উচিত ৷

বৃদ্ধাৱস্থা বা বার্ধক্য মানেই নিজক বুুা বুলি ভবাটো ভুল ৷ নিজেই নিজৰ বয়স কমাই দিব পাৰি ৷ তাৰ বাবে লাগিব কিছু যত্ন আৰু এটা যোগাত্মক চিন্তাৰে পৰিপূর্ণ প্রফুল্লিত মন ৷ নিজক ধুনীয়া কৰি ৰাখিবলৈ তলৰ বিধিকেহটা মানি চাবচোন, দেখিব বয়সেও যেন আপোনাৰ ওচৰত সেও মানিবলৈ বাধ্য হৈছে ।

  • পুৱা সোনকালে শোৱাপাটী এৰি মুকলি ঠাহত আধা ঘণ্টা–পঞ্চলিছ মিনিটমান খোজ কাঢ়িব ৷ মাজে মাজে দীঘলকৈ উশাহ লব ৷
  • একাপ সেউজীয়া চাহত কেইটোপালমান নেমু টেঙাৰ ৰস আৰু এচামুচ মৌ মিহলাই দৈনিক খাব ৷ আপুনি যদি বহুমূত্র ৰোগী তেনেহলে মৌ নিদিব ৷
  • নিয়মিত ফ্রী হেণ্ড এক্সাৰচাহজ কৰিব, এৰবিক, যোগ আদি কৰিব পাৰে৷ যোগে মনলৈ শান্তি আনে ৷
  • সপ্তাহত এদিন এৰমা স্নান কৰিব পাৰে ৷  এৰমা তেল নাইবা বতৰৰ সুগন্ধিযুক্ত ফুল পাত আদি গা ধোৱা পানীত মিহলাই সেই পানী লাহে লাহে শৰীৰত ঢালিব ৷ বাথটাবত ধুব পাৰিলে ভাল ৷ গা ধোৱাৰ আগত এলমণ্ড নাইবা অলিভ অহলেৰে শৰীৰ মালিচ কৰিব ৷ মালিচ কৰিলে ছাল নিমজ হোৱাৰ লগতে ব্লাড চার্কোলেচন বৃদ্ধি হৈ শৰীৰ নিৰোগী কৰি ৰাখে ৷
  • নিয়মিত খাদ্য তালিকাত শাক–পাচলি, ফল–মূল, ফলৰ ৰস, দৈ, চালাদ আদি অন্তর্ভুক্ত কৰক ৷
  • ছাল নিয়মিত পৰিষ্কাৰ কৰি ৰাখিব ৷ দৈনিক চি টি এম অর্থাৎ ক্লীনজিং, টনিং আৰু মইশ্বৰাইজিং কৰিব ৷ বয়স্ক্ ছালৰ বাবে উপযুক্ত ভিটামিনযুক্ত ক্রীমেৰে মুখ আৰু ডিঙি মালিচ কৰিব ৷ মন কৰিব যাতে মালিচ সদায় ওপৰৰ দিশে হয় আৰু কম চাপযুক্ত হয় ৷
  • চুলিৰ পৰিচর্যাৰ বাবে সপ্তাহত অন্ততঃ দুবাৰ নাৰিকল তেলেৰে মালিচ কৰিব ৷ মালিচৰ পিছত সম্ভৱ হলে ষ্টিম লব পাৰে ৷ ই চুলিকোছা মজবুত কৰাৰ লগতে চুলি সৰা ৰোধ কৰে ৷ মূৰৰ বিষ আদি থাকিলে উপশম কৰে, ৰিলেক্স অনুভৱ কৰা হয় ৷ অন্য কোনো অভিজ্ঞ ব্যক্তিৰ সহায়ত মালিচ লব পাৰিলে আৰু আৰাম পোৱা যায় ৷ এঘণ্টামানৰ পিছত কোমল শ্বেম্পুৰে চুলি ধুই পেলাব ৷ মাজে মাজে ভাল বিউটী ক্লিনিকত স্পাও কৰাব পাৰে ৷  চুলি কোমল আৰু উজ্জ্বল হব ৷ চুলিৰ বাবে ডাক্তৰৰ পৰামর্শ অনুসৰি কেলছিয়াম টেবলেট খাব লাগে ৷
  • মেনিকিউৰ, পেডিকিউৰ কৰাই থাকিব পাৰিলে হাত–ভৰিৰ সমস্যা নহয় ৷ নিজেও ৰাতি শোৱাৰ আগত ভিটামিন–ইযুক্ত ক্রীমেৰে হাত–ভৰি মালিচ কৰিব ৷

গা ধোৱাৰ আগতে শৰীৰত এই পেক লগাব

একাপ বিলাহীৰ ৰসত এচামুচ বেচন, এচামুচ মৌ আৰু এচামুচ হালধি মহিলাই শৰীৰত লগাই দহ–পোন্ধৰ মিনিটৰ পিছত আঙুলিৰে ঘূৰাই ঘূৰাই পেক আঁতৰাই গা ধুব ৷ এনে কৰিলে ছালৰ মৃতকোষ আঁতৰি ছাল উজ্জ্বল হৈ পৰে৷ কণীৰ বগা অংশত গোলাপ জল মিহলায়ো ছালত লগাই ধুই দিলে ছাল উজ্জ্বল হয় ৷ অৱশ্যে এই পেক তৈলাক্ত ছালৰ বাবে বেছি উপযোগী ৷

মুখত এই পেক লগাব

  • এচামুচ চাউলৰ গুডি, এচামুচ পকা অমিতাৰ শাঁহ, এচামুচ কুঁহিয়াৰৰ ৰস নাইবা এচামুচ মৌচুমী টেঙাৰ ৰস আৰু ভিটামিন–ই কেপছুলৰ ভিতৰৰ জেলী অংশ ভালদৰে মিহলাই পৰিষ্কাৰ কৰা মুখত লগাই পোন্ধৰ মিনিটৰ পিছত পেক আঁতৰাই মইশ্বৰাহজাৰ লগাব ৷ পকা আম নাইবা কল নতুবা  তৰমুজৰ ভিতৰৰ অংশও পিটিকি ছালত লগাব পাৰে ৷ এনেধৰণৰ প্রাকৃতিক উপাদানসমূহ ব্যৱহাৰ কৰিলে ছাল ধুনীয়া হৈ থাকে ৷
  • মন সদায় প্রফুল্লিত ৰাখিব ৷ ভাললগা কাম কৰিব ৷ প্রিয় ৰঙৰ আপোনাক শুৱাই পৰা আৰামদায়ক পোছাক পিন্ধিব ৷ সপ্তাহত এদিন হলেও প্রিয়জনৰ লগত, সন্তানৰ লগত ফুৰিবলৈ যাব ৷ নানান সামাজিক কাম কৰিব, ভালপোৱা গান শুনিব, কিতাপ–আলোচনী পঢ়িব, নিজ হাতেৰে ৰান্ধি বন্ধু–বান্ধৱক আপ্যায়ন কৰিব, ফুলনিত কাম কৰিব, ঘৰ সজাব ইত্যাদি ৷ এইবোৰৰ উপৰি যদি আপুনি গান গায়, নাটক কৰে, কোনো বাদ্যযন্ত্র বজায়, লিখা–মেলা কৰে তেনেহলে সময় উলিয়াই এইবোৰৰ চর্চাৰ যোগেদিও আনন্দ উপভোগ কৰিব পাৰে ৷ দেখিব বয়সক বহুত দূৰৈত পিছ পেলাই থৈ আহিছে ৷

ফোনঃ  ৯৯৫৪২-৪৬২১৬

You might also like

Comments are closed, but trackbacks and pingbacks are open.