পর্যটনৰ সোণালী সম্ভাৱনাৰে ভৰপূৰ পবিতৰা

পবিতৰাৰ পদূলিতে : যাদুৰ দেশ মায়ং ৷ মোহনীয় মায়ং ৷ গুৱাহাটী মহানগৰৰ পৰা ৰিং এটাৰ বাট মায়ং ৷ ঐতিহাসিক সমলেৰে সমৃদ্ধ মায়ং ৷ এই মায়ঙৰ বুকুতে সগৌৰৱেৰে আছে এশিঙীয়া গঁডৰ বাবে বিশ্ববিখ্যাত পবিতৰা অভয়াৰণ্য ৷ যাদুৰ পিছতেই ঐতিহাসিক মায়ঙৰ দ্বিতীয় পৰিচয় হৈছে পবিতৰা ৷ এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য ৷ উল্লেখ্য যে শেহতীয়া গণনা অনুসৰি বর্তমান পবিতৰা অভয়াৰণ্যত ১০২টা এশিঙীয়া গঁড়ৰ উপস্থিতি পোৱা গৈছে, যিটো গভীৰ আশাবাদৰ বার্তা ৷

ঐতিহ্যৰ পম খেদি : মৰিগাঁও জিলাৰ পশ্চিম প্রান্তত অৱস্থিত পবিতৰা অভয়াৰণ্যৰ নামকৰণ সন্দর্ভত লোক–বিশ্বাস আৰু প্রবাদ সংপৃক্ত হৈ আছে ৷ লোক–বিশ্বাস অনুসৰি মায়ং ৰাজ্যৰ এগৰাকী ৰজাৰ পবিত্রা নামৰ সুন্দৰী জীয়ৰী আছিল ৷ সেই অনুসৰি অভয়াৰণ্যৰ নামটো পবিতৰা হল বুলি মায়ঙৰ লোকসকলে বিশ্বাস কৰি আহিছে ৷ উল্লেখ্য যে পবিতৰা অভয়াৰণ্যখন ৰাইজৰ দাবীত হোৱা অভয়াৰণ্য ৷ এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰাৰ জীৱকুলক সুৰক্ষিত কৰাৰ স্বার্থত মায়ংবাসীয়ে পবিতৰাক অভয়াৰণ্যৰ স্বীকৃতি দিবলৈ দাবী জনাইছিল ৷ সেই অনুসৰি ১৯৮৭ চনৰ ১৬ জুলাইত পবিতৰাক অভয়াৰণ্য হিচাপে স্বীকৃতি প্রদান কৰা হয় আৰু পবিতৰাই হৈছে মৰিগাঁও জিলাৰ একমাত্র অভয়াৰণ্য ৷

পবিতৰাৰ পৰিচয় : বিশ্বৰ আন প্রান্তৰ দৰে পবিতৰাৰো আছে এটা সুকীয়া পৰিচয় ৷ এশিঙীয়া গঁড়ৰ ৰম্যভূমি বাবেই বিশ্বৰ মানচিত্রত পবিতৰাৰ আছে সুকীয়া গুৰুত্ব আৰু মহত্ত্ব ৷ কেৱল এশিঙীয়া গঁড়েই নহয় পবিতৰাত বিভিন্ন জীৱ–জন্তুৱে নিৰাপদ আশ্রয় পাই থকাৰ লগতে আপুৰুগীয়া গছ–গছনিয়ে পবিতৰাক শ্যামলী চাদৰখন পিন্ধাই এটা অতুলনীয় নান্দনিক সৌন্দর্য প্রদান কৰিছে ৷ আনহাতে শীতকালত বিভিন্ন পৰিভ্রমী চৰাইৰ কলৰৱত মুখৰ হৈ পৰে পবিতৰা ৷ যিয়ে দেশী–বিদেশী পর্যটকক হাতবাউলী মাতে ৷ তদুপৰি পবিতৰাৰ হাদুগ বিলৰ ওপৰত নির্মাণ কৰা ওলোমা দলংখনেও পবিতৰাক এটা সুকীয়া পৰিচিতি দিছে ৷

পর্যটনক্ষেত্র পবিতৰা : পবিতৰা অভয়াৰণ্যক কেন্দ্রস্থল হিচাপে বৃহৎ পর্যটন উদ্যোগ গঢ়ি উঠাৰ সম্ভাৱনা আছে যদিও এই মুহূর্তলৈ বিভিন্ন কাৰণত সেয়া ১০০% সম্ভৱ হৈ উঠা নাই ৷ তৎসত্ত্বেও পবিতৰা শেহতীয়াকৈ পর্যটন ক্ষেত্রলৈ ৰূপান্তৰিত যে হৈছে তাত কোনো সন্দেহৰ অৱকাশ নাই ৷ প্রতিবছৰে পবিতৰালৈ দেশী–বিদেশী বহু পর্যটক আহে ৷ ইতিমধ্যে পবিতৰাৰ আশে–পাশে হোটেল, ৰেষ্টুৰেন্ট, ৰিজর্ট গঢ় লৈ উঠিছে ৷ যাৰ জৰিয়তে স্থানীয় বহু যুৱকে আত্মসংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে পর্যটকৰ সুবিধার্থে জীপ ছাফাৰিৰো সুব্যৱস্থা আছে পবিতৰাত ৷ এই জীপ ছাফাৰিৰ ক্ষেত্রত ১৮০০ টকা আৰু হাতী ছাফাৰিৰ ক্ষেত্রত ভাৰতীয় পর্যটকৰ বাবে ৫০০ টকা আৰু বিদেশী পর্যটকৰ ক্ষেত্রত ১৫০০ টকা সংগ্রহ কৰা হয় ৷ এনেদৰেই বহু যুৱকে স্বাৱলম্বী হোৱাৰ সপোন পূৰণ কৰিছে ৷ উল্লেখ্য যে পবিতৰাৰ সমীপৱর্তী তথা ৰদ নপৰা বিচিত্র গাঁও ৰূপে পৰিচিত চনকাতো শেহতীয়াকৈ বিভিন্ন ঠাইৰ পৰা পর্যটকৰ আগমন ঘটিছে ৷ যাৰ পৰিপ্রেক্ষিতত ইয়াতো স্থানীয় উদ্যোগী যুৱকসকলৰ আশাশুধীয়া প্রচেষ্টাত ৰিজর্ট গঢ় লৈ উঠিছে ৷ একেদৰে মায়ঙৰ কাছশিলাতো নদীৰ শিহুৱে পর্যটকৰ দৃষ্টি আকর্ষণ কৰি আহিছে, যাৰ আলমত নৌকা ছাফাৰি গঢ় লৈ উঠাৰ লগতে স্থানীয় যুৱকসকল আর্থিকভাৱে সচ্ছল হোৱাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে ৷ মুঠৰ ওপৰত উপযুক্ত পৰিকল্পনা আৰু সঠিক ৰূপায়ণে পবিতৰাত যে অনাগত দিনত বৃহৎ পর্যটক উদ্যোগ গঢ়ি উঠিব তাত কোনো দ্বিমত নাই ৷

পুৰাতাত্ত্বিক সমলেৰে সমৃদ্ধ মায়ং তথা পবিতৰা : ঐতিহাসিক মায়ং প্রত্নতাত্ত্বিক সমলৰাজিৰে চহকী ৷ পবিতৰাৰ নাতিদূৰৈত অৱস্থিত বুুামায়ং পাহাৰতে আছে এছিয়াৰ ভিতৰতে দীর্ঘতম প্রাচীন শিলালিপি ৷ অৱশ্যে আজিৰ তাৰিখলৈ এই শিলালিপিৰ পাঠোদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ তদুপৰি পবিতৰাৰ নাতিদূৰৈত অৱস্থিত মায়ঙৰ পাহাৰত বহু প্রত্নতাত্ত্বিক সমল আছে ৷ তাৰ ভিতৰত চনকাৰ হৰ–গৌৰীৰ যুগল মূর্তি, কাছশিলাৰ ভাস্ক্র্য, নৰসিংহৰ মূর্তি, পোৰামাটিৰ ভাস্ক্র্য, কাজলী চকীত উদ্ধাৰ হোৱা বৰতোপৰ গুলী ইত্যাদি ৷ এই প্রত্নতাত্ত্বিক সমলৰ সঠিক সংৰক্ষণে কেৱল ঐতিহাসিক মায়ঙকে নহয় বৰঞ্চ পবিতৰা অভয়াৰণ্যকো এটা সুকীয়া মাত্রা দিব বুলি আশা কৰাৰ গভীৰ থল আছে ৷

প্রত্যাশিত পবিতৰা : প্রকৃতিৰ অতুলনীয় নান্দনিক শোভাই অনাদিকালৰে পৰাই মানুহক মোহাৱিষ্ট কৰি আহিছে ৷ যাৰ পৰিপ্রেক্ষিতত প্রকৃতিৰ সেউজ দলিচাত বিশ্বৰ চুকে–কোণে গঢ় লৈ উঠিছে পর্যটন ক্ষেত্র ৷ এনে প্রচুৰ সম্ভাৱনাপূর্ণ পর্যটন ক্ষেত্রসমূহক কেন্দ্র কৰিয়েই গঢ় লৈ উঠে পর্যটন উদ্যোগ ৷ এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰাক কেন্দ্র কৰি বিশ্বমানৰ পর্যটন ক্ষেত্র গঢ়াৰ ক্ষেত্রত চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ যথেষ্ট কৰণীয় আছে ৷ শেহতীয়াকৈ বিভিন্ন কাৰণত পবিতৰাৰ জলাশয় আদিত পৰিভ্রমী চৰাইৰ লগতে জীৱকুলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ এনে সমস্যাবোৰ সমাধানৰ উদ্দেশ্যে যদিহে সময়োপযোগী আৰু দীর্ঘম্যাদী পদক্ষেপ গ্রহণ কৰে, তেন্তে পবিতৰা বিশ্বৰে জাকতজিলিকা পর্যটন ক্ষেত্র হিচাপে গঢ় লৈ উঠিব বুলি আশা কৰাৰ গভীৰ থল আছে ৷

হৰিপ্রসাদ মল্লিক

ফোন  : ৯৯৫৪১-৫৮৯৩৯

You might also like
Leave A Reply

Your email address will not be published.