খং বা ক্রোধ বনাম মৌলিক সৃষ্টি

প্রণতি দেৱী শর্মা

খং আমাৰ মৌলিক আৱেগ ৷ এহাতে ই যেনেকৈ এটা মাৰাত্মক ব্যাধি, আনহাতে ই আমাৰ পৰমহিতৈষী ৷  এই পৃথিৱীত এনে এজন মানুহ নাই যাৰ নেকি কেতিয়াও খং উঠি পোৱা নাই ৷ পৰিৱেশ অনুযায়ী কম–বেছি পৰিমাণে সকলো মানুহৰে খঙৰ বহিঃপ্রকাশ ঘটেই ৷ পার্থক্য মাথোঁ এটাহ যে কিছু লোকে খঙক নিয়ন্ত্রণ কৰি পৰিৱেশটো নিজৰ অধীনলৈ আনিব পাৰে আৰু কিছুমানে খঙৰ বশৱর্তী হৈ জীৱনটো ধবংস কৰি লয় ৷

খং বা ক্রোধক লৈ আমাৰ অসমীয়া সমাজখনত বিভিন্ন ধাৰণা প্রচলিত হৈ আছে ৷ বিজ্ঞজনে বাৰে বাৰে কয় খং নামে চণ্ডাল ৷ প্রকৃতপক্ষে চাবলৈ গলে খং হৈছে আমাৰ মৌলিক আৱেগ ৷ আৰু আৱেগবোৰ নাথাকিলে জীৱনৰ মধুৰতাও নাথাকিব ৷ কিন্তু সেইবুলি আৱেগক বিবেকেৰে পৰিচালিত কৰিব নোৱাৰিলে কেতিয়াবা জীৱন বাটত উজুটি খাব লগা হব পাৰে ৷

বিজ্ঞসকলে মত পোষণ কৰে যে আমাৰ মৌলিক আৱেগসমূহ বিশ্বজনীন আৰু ই অতি স্বাভাৱিক ৷ মৌলিক আৱেগ বুলি কলে সাধাৰণতে খং বা ক্রোধ, ভয়, সুখানুভূতি, ক্লেশ, আষ্চর্য আৰু ঘৃণা বা বীভৎসতাক বুজায় ৷

স্নায়ুবিজ্ঞানৰ দৃষ্টিত

বিভিন্ন সময়ত বিভিন্নজনে খঙক নিজ নিজ ধৰণেৰে ব্যাখ্যা কৰিছে যদিও স্নায়ুবিজ্ঞানে কৈছে যে আমাৰ মনৰ মাজত উৎপন্ন হোৱা ভয় আৰু খং দুয়োটাৰে প্রধান উৎপত্তিৰ উৎস হল মগজুৱে লাভ কৰা কোনো আর্হিযুক্ত আসন্ন বিপদৰ আগজাননী বা সংকেত ৷ আৰু যেতিয়াই মগজুৱে বিপদৰ আগজাননী পায় তেতিয়া আমাৰ মগজুটোৱে শৰীৰত থকা এড্রিনেল গ্রন্থিক উত্তেজিত কৰি তোলে ৷ আৰু এই উত্তেজিত হৈ পৰা গ্রন্থিয়ে যুদ্ধ নতুবা পলায়ন হৰমনৰ সৃষ্টি কৰে৷ যাক আমি ১/এড্রিনালিন আৰু ২/ নৰ এড্রিনালিন বুলি কওঁ ৷ প্রকৃতপক্ষে এনেধৰণৰ হৰমনৰ প্রভাৱ আমাৰ শৰীৰত যথেষ্ট আছে ৷ এই দুবিধ হৰমনে আমাৰ হূদযন্ত্রৰ স্পন্দনৰ হাৰ বৃদ্ধি কৰে আৰু আমাৰ স্বাভাৱিক উশাহ–নিশাহত প্রভাৱ পেলায় ৷ বৃক্কত তেজৰ পৰিমাণ কমি যায় আৰু বৃক্কৰ কর্মদক্ষতাও হ্রাস কৰে ৷ লালটি গ্রন্থিৰ পৰা লালটি নির্গত নোহোৱাৰ বাবে মুখগহ্বৰ শুকান হৈ পৰে ৷ শৰীৰৰ পেশীবোৰলৈ প্রয়োজনতকৈ বেছি তেজৰ সঞ্চালন হোৱাৰ বাবে ছালত থকা সিৰা–উপসিৰাবোৰ সংকুচিত হৈ পৰে৷ ৰক্তচাপ বৃদ্ধি হোৱাৰ ফলত উশাহ–নিশাহবোৰ ঘন হৈ পৰে ৷ চেনি বা শর্কৰা আৰু স্নেহজ পদার্থবোৰক যকৃতে ইন্ধন হিচাপে মাংশপেশীলৈ নির্গত কৰে ৷ হজম শক্তিও প্রায় বন্ধ হৈ পৰাৰ দৰেহ হয় ৷ এইবোৰ শাৰীৰিক বিসংগতিৰ ফলত আমি পলাবলৈ নতুবা প্রত্যাহ্বানৰ সন্মুখীন হবলৈ সিদ্ধান্ত লওঁ ৷ পলাবলৈ লোৱা সিদ্ধান্তৰ ফলত ভয় আৰু যুদ্ধ বা প্রত্যাহ্বানৰ ফলত ক্রোধৰ সৃষ্টি হয় ৷

মনোবিজ্ঞানৰ দৃষ্টিত

মনোবিজ্ঞানী ফ্রয়েডে খঙৰ বিশ্লেষণ আগববাবলৈ গৈ কৈছিল যে মানুহ সাধাৰণতে ঈদ, হগ আৰু ছুপাৰ ইগৰ বশৱর্তী হয় ৷ ঈদক মানুহৰ মনৰ পশু প্রবৃত্তিৰ বাহক বুলি অভিহিত কৰিছিল ৷ এই প্রবৃত্তিয়ে ইন্দ্রিয় সুখ বিচাৰি ফুৰে ৷  ছুপাৰ ইগ আৰু ঈদৰ মাজত সমন্বয় ঘটোৱা উপাদনটোৱেহ হল ইগ ৷  ফ্রয়েডৰ মতে ঈদ নামৰ প্রবৃত্তিৰ মাজতে আবদ্ধ হৈ থাকে মানুহৰ আক্রমণাত্মক মনোভাব ৷ যাক আমি খং বা ক্রোধ বুলিও কওঁ ৷ ফ্রান্সিচ গালটন নামৰ মনোবিজ্ঞানীজনৰ মতে খং হল এটা পাশৱিক আচৰণ ৷ আৰু এই আচৰণ আমি জেনেটিকেলি কঢ়িয়াই লৈ ফুৰিছোঁ ৷ মিলাৰ মৌৰা আৰু চিয়ার্ছকে আদি কৰি কেহবাজনো বিজ্ঞানীয়ে হতাশা–ক্রোধ নীতি প্রকল্পৰ উদ্ভাৱন কৰি  কৈছে যে ক্রোধ হৈছে আহত মনৰ প্রতিফলন ৷ ক্রোধৰ পিছত লুকাই থাকে আঘাত ৷ নিজক চম্ভালি লব পৰা ব্যক্তিয়ে সাধাৰণতে ক্রোধৰ পৰাও পৰিত্রাণ পাব পাৰে ৷

বহু সময়ত খং বা ক্রোধ সম্পর্কে বিশ্লেষণ আগবঢ়াই মনোবিজ্ঞানীসকলে খং বিভিন্ন উৎস বা কাৰণৰ পৰা সৃষ্টি হয় বুলি অভিমত প্রকাশ কৰিছে ৷ খং সাধাৰণতে ক/ প্রকৃতিগত, / মানসিক, / পৰিৱেশগত আৰু / শাৰীৰিক কাৰণত উদ্ভৱ হব পাৰে ৷  প্রকৃতিগত কাৰণৰ ভিতৰত জীৱনৰ অচলাৱস্থা বা অভাৱ অনাটনৰ দিশটো সোমাই থাকে ৷ মানুহে বিচৰাখিনি নাপালে, নূ্যনতম প্রয়োজনীয়তাখিনিৰ অভাৱ পূৰাব নোৱাৰিলে পেট ভৰাই খাবলৈ নাপালে, শুবলৈ নাপালে মানুহ হতাশ আৰু খিংখিঙীয়া হৈ পৰে ৷ লাহে লাহে ইয়েই মনৰ মাজত আক্রোশ, খং, আক্ষেপ আদিৰ উদ্রেক ঘটাব পাৰে ৷   মানসিক কাৰণ বুলি কলে হীনমন্যতাবোধ, ঈর্ষা, অনিষ্চয়তা, বুদ্ধিৰ অপৰিপক্বতা আদি কাৰকবোৰ পৰে৷ মানৱীয় প্রমূল্যবোধৰ অৱক্ষয়ো কোনোবা এটা সময়ত খং বা ক্রোধৰ উৎস হৈ দেখা দিব পাৰে ৷ পৰিৱেশগত কাৰণ বুলি কলে বহুতো অনাকাংক্ষিত পৰিস্থিতিৰ কথাই মনলৈ আহে ৷ কেতিয়াবা এনেকুৱা কিছুমান পৰিস্থিতিৰ সন্মুখীন হোৱা হয় যে সেহ পৰিস্থিতিৰ বাবে প্রকৃততে কোন জগৰীয়া বা কাৰ ওপৰত ক্ষোভ উজাৰিব ধৰিব নোৱাৰিও মানুহ ভিতৰি ভিতৰি খঙাল হৈ পৰে ৷ সামাজিক কাৰণ বুলি কলে অসামাজিক অভ্যাস বা আচৰণ, বশ্যতা স্বীকাৰ কৰিব নোৱৰা অৱস্থা কিন্তু মানি লবলৈ বাধ্য হোৱা, সীমা বিবাদ, কাজিয়া আদিবোৰো পৰে ৷

খং উঠিলে কি কৰিব লাগে

  • খং উঠিলে কি কাৰণত খং উঠিছে সেহ বিষয়টো বিশ্লেষণ কৰি চালে খঙৰ পৰিমাণ যথেষ্ট কমি আহে আৰু মানসিক বোজাটোও পাতল হৈ পৰে ৷
  • শাৰীৰিক ব্যায়ামৰ উপৰি মানসিক ব্যায়াম কৰাটো যথেষ্ট দৰকাৰী ৷ দৈনিক ৪০ মিনিট খোজ কাঢ়িলে শৰীৰ আৰু মনৰ মাজত যোগাত্মক প্রভাৱ পৰে ৷ তদুপৰি চাইকেল চলোৱা, জগিং কৰা, সাঁতোৰা আদি ব্যায়াম কৰিলে মানুহৰ মগজুৰ শক্তি যথেষ্ট বৃদ্ধি পায় আৰু নকাৰাত্মক চিন্তাবোৰ আঁতৰি মন প্রফুল্লিত হৈ পৰে ৷ অৱশ্যে ব্যায়াম কৰিলেই যে খং নাইকিয়া হব তেনে কথাও নহয় ৷ কিন্তু তেনে ব্যক্তিয়ে নিজক নিয়ন্ত্রণ কৰিব পাৰে ৷
  • বাস্তৱ পৰিস্থিতিক মানি লবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগে ৷
  • নিজকে নিত্য নতুন কামত নিয়োজিত কৰিব লাগে ৷ সৃষ্টিশীল কামত সময় খটাব জানিলে বহু ধৰণৰ মানসিক অশান্তিৰ পৰা আঁতৰি থাকিব পাৰি ৷
  • মন আৰু শৰীৰক সময়ে সময়ে বিশ্রাম দিব লাগে ৷ মানসিক প্রশান্তিৰ বাবে গীত শুনা, হাস্যমধুৰ চিনেমা চোৱা ইত্যাদিবোৰো কৰিব পাৰে ৷
  • স্বাস্থ্যবিধি মানি চলা আৰু গভীৰ টোপনি যাবলৈ চেষ্টা কৰা ৷
  • সুষম আহাৰ গ্রহণ কৰিবলৈ যত্ন কৰা ৷ বেছি আমিষ আহাৰ গ্রহণ কৰিলেও মানুহ উত্তেজনাৰ বশৱর্তী হয় ৷
  • ধ্যান বা মেডিটেশ্বন অত্যন্ত দৰকাৰী ৷ ধ্যানে মানুহক নৰম আৰু অমায়িক কৰিবলৈ শিকায় ৷ যিকোনো কঠিন পৰিস্থিতিক সহজে লবলৈ সহায় কৰে ৷
  • ঈর্ষা, হীনমন্যতা, লোকৰ উন্নতি সহ্য কৰিব নোৱৰা, নিজকে আনতকৈ বহুত ওপৰত বুলি ভবা, প্রতিমুহূর্তত আনৰ দোষ খঁুচৰি থকা স্বভাৱবোৰৰ পৰা নিজক আঁতৰাই ৰাখিবলৈ যত্ন কৰিব লাগে ৷
  • সমাজৰ কিছুমান পৰিৱর্তন দেখি সেয়া সময় আৰু যুগৰ আহ্বান বুলি মানি লবলৈ যত্ন কৰা ৷
  • যিকোনো অসামাজিক কাম অকলে অকলে কৰিবলৈ গৈ খং–ৰাগৰ সন্মুখীন হোৱাতকৈ কেইবাজনৰো লগত আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হবলৈ যত্ন কৰিব লাগে ৷
  • নিজৰ মুখখন আহনাত চাব লাগে ৷ খং লগে লগে কমি যায় ৷

শেষত এটা কথাই কওঁ খং বা ক্রোধ বেয়া হব নোৱাৰে৷ খং এবিধ আৱেগ ৷ এই আৱেগক নিয়ন্ত্রিত কৰি বিবেকেৰে বিচাৰ কৰি সৃষ্টিশীলতাই পৰিণত কৰিব পাৰি ৷  বহুতো শিল্পী, কলা–কুশলীয়ে খঙক নিজৰ অধীনলৈ আনি তাক জেদলৈ পৰিণত কৰি নিজকে সৃষ্টিকর্মত নিয়োজিত কৰাৰ উদাহৰণ বহুত আছে ৷ বহুত কবি–সাহিত্যিকে খঙৰ বহিঃপ্রকাশ কৰে তেওঁলোকৰ লেখাৰ জৰিয়তে ৷ আৰু সেই লেখাৰ মাজেৰে নতুন নতুন সৃষ্টি কৰি সমাজলৈ আগবঢ়াবাই দিব পাৰে এটি নতুন যুগৰ ৷ আনকি বহুত খেলুৱৈয়ে খঙক নিজৰ হাতৰ মুঠিত ৰাখি মহাৰণত জঁপিয়াই পৰি সফলতা অর্জন কৰাৰ দৃষ্টান্তও বিচাৰিলে বহুত ওলাব ৷ মাথোঁ এটা কথাই মনত ৰাখিব লাগিব যে এই খঙে যাতে অনিষ্ট সাধনৰ দিশে অগ্রসৰ নহয় ৷ খঙক নিয়ন্ত্রিত কৰি আহক আমিও নিজকে সৃষ্টিশীল কামত নিয়োজিত কৰোঁ ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.