ফুলেৰে সৌন্দর্য চর্চা

অজন্তা উপমন্যু

প্রতিটো ঋতুতে নানাৰঙী সুগন্ধিযুক্ত ফুল ফুলে ৷ ফুলে এখন ঘৰৰ শোভা দুগুণে বৃদ্ধি কৰে ৷ আজি অৱশ্যে ফুলেৰে কেনেকৈ শৰীৰৰ সৌন্দর্য চর্চা কৰিব পাৰি, তাৰ সামান্য আভাস দিবলৈ চেষ্টা কৰিম ৷ ফুলেৰে সৌন্দর্য চর্চা বা Flower power Therapy

আমি সকলোৱে জানো যে অনুপম ফুলক কেন্দ্র কৰিয়েই গঢ়ি উঠিছে বিশাল প্রসাধন সামগ্রী আৰু সুগন্ধি সামগ্রীৰ কোম্পানীসমূহ ৷ ডাঙৰ ডাঙৰ স্পা ক্লিনিকসমূহত মূলতে ফুলৰ দ্বাৰাই সৌন্দর্য চর্চা কৰা হয় ৷ অৱশ্যে ফুলেৰে সৌন্দর্য চর্চা কৰিবলৈ সময়, ধৈর্য আৰু জ্ঞানৰ বিশেষ প্রয়োজন ৷

ছালৰ নানান সমস্যা যেনে– শালমন ওলোৱা, ছালত কলা দাগ পৰা, ছাল উজ্জ্বল কৰা আদিত বতৰৰ বিভিন্ন ফুল ব্যৱহাৰ কৰা হয় ৷ কেশৰ, গোলাপ, তগৰ, পদুম, লেভেণ্ডাৰ, কেলেণ্ডুলা আদি ফুলৰ পাপৰি ছালৰ বাবে অতি উত্তম প্রাকৃতিক প্রসাধন সামগ্রী ৷ ইয়াৰ উপৰি চুলি সৰা, অকালতে চুলি পকা, উফি হোৱা আদিত flower therapy বিশেষ ফলপ্রসূ হোৱা দেখা যায়৷ কিছুমান ফুলেৰে চুলিত কৃত্রিম ৰংপর্যন্ত কৰিব পৰা যায় ৷ বিভিন্ন ক্লিনিকতো ফুলেৰে তৈয়াৰী ফেচিয়েল সামগ্রীৰ দ্বাৰা flower peeling কৰোৱা সুবিধা আছে, যাৰ দ্বাৰা ছাল উজ্জ্বল, মসৃণ আৰু কোমল হোৱাৰ উপৰি কলা দাগ নোহোৱা কৰা, বলিৰেখা দূৰ কৰাত সহায় কৰে ৷

মুখৰ ছাল উজ্জ্বল আৰু কোমল কৰিবলৈ এমুঠিমান গোলাপ ফুলৰ পাহি গাখীৰত তিয়াই থৈ পিহি এচামুচ মৌৰ সৈতে মিহলাই ছালত লগাই দহ মিনিটৰ পিছত গাখীৰত কপাই তিয়াই প্রলেপ আঁতৰাই সাধাৰণ পানীৰে ধুই মইশ্বৰাহজাৰ লগাব লাগে ৷ এনেদৰে সপ্তাহত দুবাৰ কৰিব পাৰিলে ছাল উজ্জ্বল হোৱাৰ লগতে মসৃণ আৰু কোমল হৈ পৰে ৷ যিকোনো লেপ বা প্রলেপ লগোৱাৰ আগত ছাল সদায় পৰিষ্কাৰ কৰি লব লাগে ৷

ছালৰ ৰং উজ্জ্বল হবলৈ যিকোনো ফুলৰ ৰঙীন ৰেণু গাখীৰত তিয়াই থৈ হাতেৰে মোহাৰি মুখত লগালে ছাল উজ্জ্বল আৰু মসৃণ হৈ পৰিব ৷

ছালত শালমন হলে তুলসী গছৰ ফুল আৰু অপৰাজিতা ফুল পিহি লগালে সুফল পাব পাৰি ৷ সপ্তাহত এবাৰকৈ লগালে শালমনৰ পৰা উপশম পোৱা যায় ৷ লং ফুল গোলাপ জলৰ সৈতে পিহি শালমনৰ ওপৰত লগাই থৈ দহ মিনিট মানৰ পিছত গোলাপজলত কপাই তিয়াই লাহে লাহে পেক আঁতৰাব লাগে ৷ শালমন হলে নখেৰে চিকুটি এৰুৱাব নালাগে, অন্যথা ছালত দাগ ৰৈ যোৱাৰ সম্ভাৱনা থাকে ৷

তুলসী ফুল পিহি গোলাপ জলৰ লগত লগালেও শালমন ভাল হয়

শৰীৰৰ ৰং উজ্জ্বল হবলৈ হালধি ফুলৰ পিহাৰ লগত সৰিয়হ তেল মিহলাই গা ধোৱাৰ আগতে গোটেই শৰীৰত মালিছ কৰিব লাগে ৷ আধা ঘণ্টাৰ পিছত কুহুমীয়া গৰম পানীৰে গা ধুব লাগে ৷  এনেদৰে দৈনিক যত্ন কৰিলে ছালৰ ৰং উজ্জ্বল হৈ পৰাৰ লগতে ছালৰ নানান উপসর্গৰ পৰা হাত সাৰিব পাৰি ৷

কেশৰ যদিও অতি মূল্যৱান আৰু দুর্লভ ই কিন্তু ছালৰ বাবে উত্তম প্রসাধন ৷ দুটামান কাঠবাদাম আৰু গাখীৰত গোটেহ ৰাতি তিয়াই থৈ বাদামৰ বাকলি গুচাই পিহি তাৰ লগত কেশৰ মিহলি কৰি ছালত লগালে ছাল বগা আৰু উজ্জ্বল হৈ পৰিব ৷ অকল কেশৰ গাখীৰত তিয়াই সেই গাখীৰেৰে ছাল পৰিষ্কাৰ কৰিলেও ছাল উজ্জ্বল হয় ৷

কেইপাহমান সতেজ খৰিকাজজাই ফুল পৰিষ্কাৰ পানীত তিয়াই থৈ ওৰেৰাতি ফ্রীজত থৈ দি সেই পানী মুখত আৰু শৰীৰৰ ওলাই থকা অংশত স্প্রে কৰিলে সতেজ আৰু উজ্জ্বল অনুভৱ কৰা যায় ৷ গা ধোৱা পানীতো নানান ফুল যেনে– নেমু ফুল, গোলাপ ফুল, খৰিকাজজাই ফুল আদি দি লব পাৰে ৷ খুব সতেজ অনুভৱ পাব পৰা যায় ৷

চুলিৰ বাবে তিলফুলৰ পিহা একাপ, সৰিয়হ ফুলৰ পিহা একাপ, জবা ফুলৰ পিহা একাপ, এটা কণীৰ সৈতে মিহলাই চুলিত লগাই দুঘণ্টাৰ পিছত ভেষজ চেম্পুৰে মূৰ ধুই পেলাব লাগে ৷ ইয়াৰ ফলত চুলি সৰা ৰোধ কৰাৰ লগতে চুলি গজে ৷

চুলিত কৃত্রিম ৰং কৰিবলৈ একাপ হেনা পাউডাৰৰ লগত একাপ নার্জী ফুলৰ পিহা এটা কণীৰ সৈতে ভালদৰে মিহলাহ চুলিত লগাব লাগে৷ দুঘণ্টাৰ পিছত পানীৰে চুলি ধুই দিলে চুলিৰ ৰং উজ্জ্বল সোণালী হৈ পৰিব ৷ নার্জী ফুলৰ সলনি ৰঙা জবা ফুলৰ পিহাও লব পাৰি ৷

এনেদৰে ঘৰতে ফুলি থকা ফুলেৰে যত্ন লৈ চাওকচোন দেখিব সুগন্ধিযুক্ত ফুলবোৰে আপোনাক উজ্জ্বল আৰু প্রফুল্লিত কৰি তুলিছে ৷

ফোনঃ  ৯৯৫৪২-৪৬২১৬

You might also like

Comments are closed, but trackbacks and pingbacks are open.