গংগুবাঈ কাঠিয়াৱাডী

প্রণৱজ্যোতি মহন্ত

গংগুবাঈ চান্দ থী অৰ চান্দ হী ৰহেগী ৷– এয়া এটা সংলাপ, কিন্তু এই সংলাপটো মিছাও নহয়, কিয়নো ১৬ বছৰ বয়সতে নিজৰ প্রেমিকে প্রতাৰণা কৰি ১০০০ টকাত বিক্রী কৰা ছোৱালীজনী, যিয়ে গ্রাহকক নিজৰ দেহ বিক্রী কৰিবলৈ হংগিত দি মাতিব লাগিব, তৎসত্ত্বেও যদি তেওঁ সেই অন্ধকাৰ পথৰ মহিলাসকলৰ জীৱনত কিছু পোহৰ আনিবলৈ চেষ্টা কৰে, তেন্তে তাক জোন বুলি কোৱাটো একো ভুল হব নোৱাৰে ৷ এই ছবিখন গংগুবাঈৰ জীৱনৰ ওপৰত আধাৰিত সঞ্জয়লীলা ভাঞ্চালীৰ নতুন ছবি গংগুবাঈ কাঠিয়াৱাডী ৷

গংগুবাঈ– এই নামটো যোৱা কেইবা বছৰমান সকলোৱে শুনি আহিছে ৷ বলীউডত ২৫ বছৰ সম্পূর্ণ কৰা পৰিচালক সঞ্জয়লীলা ভাঞ্চালীয়ে মুম্বাইৰ ৰেড লাহট এৰিয়া কামাথিপুৰাৰ মাতৃ এইগৰাকী গংগুবাঈৰ জীৱনৰ আধাৰতে ছবি নির্মাণ কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে সকলোৰে মনত এটা প্রশ্নই উত্থাপিত হৈছিল আচলতে এই গংগুবাঈনো কোন ?

ছবিখনৰ ড্রেইলাৰত দেখুওৱা অনুসৰি অভিনেত্রী আলিয়া ভাটে এক ডাঙৰ সমাৱেশত উদাত্ত ভাষণ দি কয় যে অন্যান্য বৃত্তিসমূহৰ দৰেহ বেশ্যা বৃত্তিটোক সমান চকুৰে চাব লাগে আৰু যৌনকর্মীসকলৰ সন্তানেও শিক্ষাৰ ক্ষেত্রত সমান অধিকাৰ পাব লাগে ৷ এই দৃশ্য চায়ে সকলো দর্শকে বুজি পাব আচলতে ছবিখন কিহৰ বিষয়ে আৰু গংগুবাঈ–এ কি বিচাৰে ?

বহুতে গংগুবাঈ সম্পর্কে অৱগত ৷ গংগুবাঈ এনে এগৰাকী মহিলা যিয়ে মুম্বাহৰ ৰেডলাইট অঞ্চল কামাথিপুৰা চহৰক পুনৰুজ্জীৱিত কৰিছিল আৰু বেশ্যা বৃত্তিত নিয়োজিত মহিলাসকলৰ জীৱন উন্নত কৰাৰ চেষ্টা কৰিছিল ৷ গংগুবাঈয়ে আনকি সেই সময়ৰ দেশৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুক লগ কৰি পতিতাবৃত্তিৰ ব্যৱসায়ক আহনী মর্যাদা দিয়াৰো চেষ্টা কৰিছিল ৷ তেওঁ কামথিপুৰাৰ ৪০০০ মহিলাক গৃহহীন হোৱাৰ পৰা ৰক্ষা কৰিছিল আৰু তেওঁলোকৰ সন্তানক বিদ্যালয়ত নামভর্তিও কৰাইছিল ৷

এই গংগুবাঈৰ কাহিনীকে পৰিচালক ভাঞ্চালীয়ে গংগুবাঈ কাঠিয়াৱাডী নামেৰে ছবি আকাৰে উপস্থাপন কৰিছে ৷ এই অপেক্ষা বহু সময়ৰ আছিল, কিয়নো কাল কৰোনাৰ কাৰণে এই ছবিখনৰ মুক্তিৰ অপেক্ষা দীঘলীয়া হৈ পৰিছিল ৷ বলীউডৰ মোহময়ী অভিনেত্রী আলিয়া ভাটে গংগুবাঈৰ চৰিত্রত যি সাহসী অভিনয় কৰিছে, সেয়া সঁচাকৈয়ে প্রশংসনীয়৷ যদি আপুনি গংগুবাঈৰ জীৱনক কলা আৰু বগা ৰঙত বিভক্ত কৰে, তেন্তে এই ছবিখনে তেওঁৰ বগা অংশটো দেখুৱাইছে আৰু তেওঁক মহান কৰি তুলিছে ৷ ছবিখনত এগৰাকী কিশোৰীৰ কাহিনীক উপস্থাপন কৰা হৈছে যি এগৰাকী অভিনেত্রী হোৱাৰ সপোন লৈ দেউতাকৰ সৈতে কাজিয়া কৰি ঘৰৰ পৰা ওলাই আহিছিল আৰু এজন বেৰিষ্টাৰৰ জীয়ৰী গংগাক জোৰ কৰি এই ব্যৱসায়ত নমোৱা হৈছিল, পাছলৈ এইগৰাকী কিশোৰীয়ে কামথিপুৰাৰ ৰাণী হৈছিল ৷

যোৱা বছৰৰ শেষৰ ফালে মুক্তি লাভ কৰা ৮৩ ছবিখনত যেনেদৰে ৰণবীৰ সিঙে কপিল দেৱৰ চৰিত্রত সোমাই পৰিছিল, ঠিক একেদৰে এই ছবিখনতো আলিয়াই সম্পূর্ণৰূপে গংগুবাঈৰ দৰেই চাল–চলন, বেশভূষাৰে নিজকে সেই চৰিত্রত বিলীন কৰিছে ৷ শাৰীৰিক ভাষা, শৈলী, কথোপকথনৰ পদ্ধতি সকলো গংগুবাঈৰ দৰে কৰি লৈছে আলিয়াই ৷ ছবিখনত তেওঁৰ সংলাপবোৰ শুনিবলগীয়া ৷ আলিয়া যিদৰে এহ ছবিখনৰ প্রাণ, ঠিক একেদৰে সীমা পাইৱাও শীলা বাঈৰ চৰিত্রত আষ্চর্যজনক অভিনয়ত দেখা গৈছে ৷ ইপিনে ৰহিম লালাৰ চৰিত্রতো আষ্চর্যকৰ কাম কৰিছে অভিনেতা অজয় দেৱগনে ৷ ইয়াৰ উপৰি বিজয় ৰাজে ছবিখনত এগৰাকী ড্রান্সজেণ্ডাৰ ৰাজিয়াবাঈৰ চৰিত্রত অভিনয় কৰি সকলোকে প্রভাৱিত কৰিছে ৷

মুম্বাইৰ সবাতোকৈ পুৰণি ৰেড লাহট এৰিয়া কামাথিপুৰা অঞ্চলক পৰিচালকে সম্পূর্ণ ৰূপে দেখুৱাবলৈ সমর্থ হৈছে ৷ অনিচ্ছাকৃতভাৱে বা গম নোপোৱাকৈ বিক্রী হৈ তালৈ যোৱা যুৱতীসকলে মানি লয় যে তেওঁলোকৰ হাতত সেই বৃত্তিৰ বাহিৰে আন একো বিকল্প নাই ৷ যেতিয়া যুৱতীসকলে সুন্দৰ বেশভূষাৰে নিজকে ৰাতিটোৰ বাবে তৈয়াৰ কৰি গ্রাহকৰ বাবে গণিকালয়ৰ পদূলিত ৰৈ থাকে, সেহ দৃশ্য আচলতেই বৰ বেদনাদায়ক ৷ অৱশ্যে ছবিখনৰ বহুতো দুর্বল দিশো আছে যাক অস্বীকাৰ কৰিব নোৱাৰি ৷ সঞ্জয়লীলা ভাঞ্চালীৰ ছবিসমূহৰ কলা পৰিচালনা আকর্ষণীয়, কিন্তু এহখন ছবিত সেয়া দুর্বল আছিল ৷ ইফালে ভাঞ্চালীৰ গুজাৰিছ ছবিখনৰ পৰা পদ্মাৱতলৈকে, সকলোতে হৃদয় জয় কৰা সংগীত এইবাৰ এই ছবিত ম্লান পৰিছিল ৷

ছবিখনত যৌন কর্মীৰ পৰা সমাজকর্মী হোৱালৈ গংগুবাঈৰ যি যাত্রা সেয়া সুন্দৰ ৰূপত দেখুওৱা হৈছে ৷ এই কাহিনীটোত চমুকৈ অন্তর্ভুক্ত আছে মুম্বাইত নায়িকা হোৱাৰ সপোন লৈ প্রেমিকৰ সৈতে ঘৰৰ পৰা পলাই গৈ প্রেমিকৰ প্রতাৰণাৰ বলি হৈ গংগাৰ পৰা গংগু হোৱা, এজন নিষ্ঠুৰ গ্রাহকৰ অত্যাচাৰৰ বিৰুদ্ধে ন্যায়ৰ বাবে ডন ৰহিম লালাৰ অজয় দেৱগন পৰা সহায় বিচৰা আৰু তাৰ পিছত সেই ডনৰ সৈতে এক ভাতৃ–ভগ্ণী সম্পর্ক সংযোগ কৰা আৰু কামথিপুৰাৰ সভানেত্রী ৰাজিয়া বাঈক বিজয় ৰাজ পৰাজিত কৰি সেই চকীখন দখল কৰালৈকে সকলো দৃশ্য এই ছবিখনত অতি সুন্দৰকৈ দেখুওৱা হৈছে ৷

আনহাতে সংলাপৰ ফালে যদি চোৱা যায় তেনেহলে আপোনাতকৈ আমাৰ অধিক সন্মান আছে ৷ কিয়নো আপোনালোকৰ সন্মান এবাৰ গলে সেয়া আৰু নাহে, কিন্তু আমি আমাৰ সন্মান প্রতি নিশাহ বিক্রী কৰোঁ ৷ কোৱা হয় যে কামথিপুৰাত কেতিয়াও অমাৱস্যাৰ নিশা নহয় ৷ কিয়নো ইয়াত গংগুবাঈ বাস কৰে ৷ এইসমূহ শক্তিশালী সংলাপে গংগুবাঈক আৰু অধিক শক্তিশালী ৰূপত দর্শকৰ কাষলৈকে লৈ গৈছে ৷ ছবিখনত গণিকালয়ৰ মালিক শীলা বাঈ–এ যেতিয়া আহি যৌন কর্মীসকলক কয়– গ্রাহকক তহঁতৰ চেহেৰা নালাগে, লাগে দেহ আৰু আন এক দৃশ্যত পুনৰ যেতিয়া পুৱতি নিশা গ্রাহকে আহি গংগুবাঈক বিচাৰে, তেতিয়া শীলাবাঈয়ে কয়– এইটো ধান্দাত সময়ৰ হিচাপ নাহ আদি সংলাপে পোহৰাইছে যে যৌনকর্মীসকলৰ দুখ–দুৰৱস্থাৰ কোনো সীমা–সংখ্যা নাই ৷ ইয়াৰ উপৰি ছবিখনৰ ভালেমান নীৰৱ মুহূর্তও আছে, যিবোৰ মুহূর্তহ যাতনা আৰু ক্ষমতাৰ সাক্ষী হৈ দর্শকৰ আগত ধৰা দিছে ৷

 ফোন : ৯৩৬৫৪-৬৯৩৬৭

You might also like
Leave A Reply

Your email address will not be published.