ঘৰতে কৰোঁ আহক ফেচিয়েল

গীতাশ্রী গগৈ হাতীবৰুৱা

আমাৰ শৰীৰৰ সকলোতকৈ গুৰুত্বপূর্ণ অংগ হল মুখমণ্ডল ৷ এই মুখমণ্ডলৰ গাল দুখনৰ উজ্জ্বলতাই গোটেহ মুখখনকেই আকর্ষণীয় কৰি তোলে ৷

আজিকালি বজাৰত বিভিন্ন ব্রেণ্ডৰ দামী কম দামী নানা ধৰণৰ ফেচিয়েন সামগ্রী কিনিবলৈ পোৱা যায় ৷ কিন্তু দেখিবলৈ পোৱা যায় এই সকলো সামগ্রী আপোনাৰ ছালখনত ব্যৱহাৰ কৰি একো সুফল পোৱা নাই ৷ কাৰণ আপুনি কেনেকুৱা ছালত কি লগাব তাৰ অজ্ঞাতে তাক ব্যৱহাৰ কৰি আছে ৷ এইসমূহ সামগ্রীৰ বিপৰীতে ঘৰতে সহজতে পোৱা সামগ্রীৰেও ফেচিয়েল কৰিব পাৰে ৷ এইসমূহ সামগ্রীয়ে একো ক্ষতি কৰাৰো ভয় নাথাকে ৷ তেনেহলে ঘৰতে কেনেকৈ ফেচিয়েল কৰিব পাৰি জানো আহক ৷

আজিকালি প্রায় সকলো লোকৰে ঘৰতে এলভেৰা বা ছালকুঁৱৰী গছজোপা দেখিবলৈ পোৱা যায় ৷ এলভেৰাই আমাৰ সৌন্দর্যৰ ক্ষেত্রত যেনে– ছাল, চুলি আদিত বহুখিনি অৱদান আগবঢ়াই আহিছে ৷ বর্তমান বজাৰতো বিভিন্ন ব্রেণ্ডৰ এলভেৰা জেল কিনিবলৈ পোৱা যায় ৷ যদি ঘৰতে আছে তেন্তে তাৰ পৰা জেলখিনি উলিয়াই লব ৷

ফেচিয়েল কৰিব হলে প্রথমেই আমি মুখখন ক্লিনং কৰি লব লাগিব ৷ তাৰ কাৰণে আমাক লাগিব দুই চামুচ এলভেৰা জেল আৰু তাৰ লগত গাখীৰ এক চামুচ গৰম নকৰা হলে ভাল, গৰম কৰা হলে ফ্রীজত থৈ ঠাণ্ডা কৰি লব ভালকৈ মিহলাই এটুকুৰা কপাহৰ সহায়ত মুখত লগাহ তিনি চাৰি মিনিট মান সময় মাছাজ কৰি ঠাণ্ডা পানীৰে ধুই পেলাব ৷

তাৰ পিছতে কৰিব লাগিব স্কার্ব ৷ এলভেৰা জেল এক চামুচৰ লগত চাউলৰ গুড়ি আধা চামুচ চাউলৰ গুডিৰ সলনি চেনিও লব পাৰে, সামান্য নেমুৰ ৰস যিসকলে নেমুৰ ৰস লগাব নোৱাৰে তেওঁলোকে গোলাপ জল দিব পাৰে দি সকলোখিনি সামগ্রী ভালকৈ মিহলাই মুখত লগাই দুই তিনি মিনিট মান সময় লাহে লাহে স্কার্ব কৰি ধুই পেলাব ৷

এলভেৰা জেলৰ লগত নাৰিকল তেল মিহলাই মাছাজ ক্রীম হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷ এলভেৰা জেলৰ লগত বেবী অহল বা অলিভ অহল ব্যৱহাৰ কৰিও মাছাজ কৰিব পাৰে ৷ মাছাজ কমেও দহ পোন্ধৰ মিনিট মান কৰিব ৷ মাছাজ কৰি হোৱাৰ পিছত মুখখন ভালকৈ ধুই পেলাব ৷

একেবাৰে শেষত পেক লগাব ৷ তাৰ কাৰণে লাগিব দুই চামুচ এলভেৰা জেল, এক চামুচ চন্দন পাউডাৰ, আধা চামুচ মৌ খুব ভালকৈ মিহলাই মুখত লগাওক আৰু শুকাই যোৱাৰ পিছত ধুহ পেলাওক ৷

এক চামুচ এলভেৰা জেল, আধা চামুচ মৌ, আধা চামুচ বেচন আৰু এক চিকুট হালধি গুড়ি এই গোটেইকেইবিধ সামগ্রী খুব ভালকৈ মিহলাই লৈ পেক হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷ বেচনৰ সলনি মূলটানি মাটিও লব পাৰে ৷

দুই চামুচ এলভেৰা জেল, এক চামুচ চাউলৰ গুড়ি, প্রয়োজন অনুসৰি গাখীৰ মিহলাব আৰু পেক হিচাপে ব্যৱহাৰ কৰিব ৷

এলভেৰা জেল, ডালচেনিৰ পাউডাৰ আৰু তাৰ লগত সামান্য মৌ মিহলায়ো পেক হিচাপে লগাব পাৰে ৷ এই পেক শালমইনা থকা ছালৰ কাৰণে খুবেই উত্তম ৷

এইবাৰ পূজাত এনেকৈ ঘৰতে ফেচিয়েল কৰি চাওকচোন ৷

ফোনঃ  ৮৬৩৮৪-৯০৪১৫

You might also like
Leave A Reply

Your email address will not be published.