আসক্তি আৰু যুৱপ্রজন্ম

নিমি বৰগোহাঁই

আসক্তি, ইংৰাজীত যাক কোৱা হয় addiction বুলি ৷ আমেৰিকান ছচাইটী অৱ এডিকচন মেডিচিন নামৰ সংস্থাৰ মতে আসক্তি সংজ্ঞা হৈছে এটা প্রাথমিক, দীর্ঘ স্থায়ী বা মস্তিষ্ক্জনিত ৰোগ ৷ কিছুমান বস্তু গ্রহনে যেনে– মদ, ধঁপাত  হত্যাদি যে মস্তিষ্ক্ত বিৰূপ প্রভাৱ পেলায়৷ যাক নিচাযুক্ত দ্রব্য বোলা হয় ৷ শেহতীয়াকৈ ড্রাগ্ছ সেৱনৰ ফলত বহু কিশোৰ–কিশোৰী জীৱন ধবংসমুখী হোৱাৰ পৰিণাম আমি প্রত্যক্ষ কৰিছোঁ ৷ আইনাৰ মনৰ কথা শিতানত আমি আলোচনা কৰিম এই আসক্তিৰ পাছৰ পর্যায়ত সন্মুখীন হোৱা কিছু সমস্যা

  • মোৰ একমাত্র পুত্র সন্তান নিচা সেৱন কৰা বুলি যেতিয়া গম পাহছিলোঁ সেইদিনা আমি ভাগি পৰিছিলোঁ ৷ বহুত কষ্টৰ মূৰত এতিয়াহে অলপ ভাললৈ আহিছে ৷ ঘৰৰ পৰিৱেশ যেন তাৰ মুঠেই ভাল নালাগে ৷ সুবিধা পালেই ওলাই যাব খোজে ৷ কি কৰো এটা উপায় দিবচোন ৷
  • নিচাজাতীয় বস্তু সেৱন কৰাৰ ফলত নানান ধৰণৰ মানসিক স্বাস্থ্যৰ সন্মুখীন স্বাস্থ্যৰ সন্মুখীন হব লগাত পৰে ৷ যিহেতু এই অভ্যাসটো হোৱাৰ ফলত এজন ব্যক্তিৰ যথেষ্ট আচৰণৰ সলনি হোৱাৰ পৰিলক্ষিত হয় ৷ অভ্যাসটো গঠন হোৱাৰ ফলত আপোনাৰ লৰাজন ঘৰত থাকিবলৈ বেয়া পায় আৰু হয়তো তেওঁক নিচা দ্রব্যৰ প্রয়োজন হৈছে, যিটো নাখালে বা নললে তেওঁ থাকিব নোৱাৰা হৈ পৰিছে আৰু তাৰ ফলত অস্থিৰতা অনুভৱ কৰিছে ৷ যদি এই স্বভাৱটো আপুনি সঘনাই লক্ষ্য কৰিছে তেনেহলে আপুনি এগৰাকী মানসিক ৰোগ চিকিৎসকৰ সৈতে পৰামর্শ লওক ৷ নিষ্চয় সমাধান পাব ৷
  • মোৰ লৰাৰ বয়স ১৯ বছৰ ৷ আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছেছা যে সি কলেজৰ পৰা পলমকৈ অহা কৰিছে৷ সুধিলে এক্সট্ৰা  ক্লাছ থকা বুলি কয় ৷ খুব অমনোযোগী হৈ থকা যেন অনুভৱ হয় ৷
  • ঊনৈশ বছৰ বয়সটো বৰ চিন্তনীয় ৷ কাৰণ এই বয়সটোত এজন কিশোৰ বা কিশোৰীয়ে স্কুলৰ পাঠ শেষ কৰি কলেজ এখনত ভর্তি হয় ৷ এখন সমাজ আৰু পৰিৱেশ পায় ৷ স্কুল আৰু কলেজৰ পৰিৱেশ সম্পূর্ণ বেলেগ ৷ কলেজত গৈ নতুন বন্ধু–বান্ধৱী পায় আৰু বহুতৰে ক্ষেত্রত দেখিছোঁ তেওঁলোকে সমতা স্থাপন কাৰত অসুবিধা পায় ৷ আৰু ইয়াৰ ফলস্বৰূপে তেওঁলোকৰ মনৰ মাজত সংঘর্ষ হয় ৷ হয়তো এনেকুৱা কাৰকসমূহৰ কাৰণেই আপোনাৰ লৰা অমনোযোগী হৈ থাকে আৰু আন কাৰকসমূহৰ ভিতৰত আন এটা গুৰুত্বপূর্ণ চিন্তাৰ কাৰণ হৈছে মিছা মতাটো ৷ যদি মিছা মাতিবলৈ লৈছে আপুনি তাৰ বন্ধু–বান্ধৱীৰ লগত সংযোগ ৰাখক আৰু তাৰ লগত বহি খুলি কথা পাতক ৷ হয়তো সংগদোষত হব পাৰে ৷
  • আজিৰ পৰা ৫ বছৰ পূর্ব মোৰ সন্তানে ড্রাগ্ছৰ কবলত পৰিছিল ৷ খুব কষ্ট কৰি ৰিহেব চেণ্টাৰত ৰাখি কৰি বর্তমান সুস্থ অৱস্থালৈ কিছু ঘূৰি আহিছে ৷ কাউন্সেলিঙৰ বিষয়টোৰ ক্ষেত্রত আৰু অধিক গুৰুত্ব প্রদান কৰা কথা ভাবিছোঁ ৷ কিদৰে আগবাঢ়িম বাৰু ।
  • আপোনাৰ সন্তান যদি ড্রাগ্ছৰ পৰা মুক্ত হৈ সঠিক জীৱন যাপন কৰিছে, তেনেহলে চিন্তাৰ কাৰণ নাই ৷ যদিহে দেখিছে মনটো সলনি হৈছে ৷ তেনেহলে কাউন্সেলিঙৰ সহায় লওক ৷ কাউন্সেলিঙে এজন ব্যক্তিক সঠিক জীৱন যাপন কৰাত বহুতো সহায় কৰে ৷ আকৌ যাতে ড্রাগ্ছৰ কবলত নপৰে কাউন্সেলিঙে সহায় কৰে ৷ এজন অভিজ্ঞ মানসিক কাউন্সিলৰৰ সৈতে যোগাযোগ কৰি তাৰ মনৰ বর্তমানৰ স্থিতিটো বুজিবলৈ চেষ্টা কৰক ৷
  • সন্তানে নিচাযুক্ত দ্রব্য সেৱন কৰিছে নেকি ৷ সেই বিষয়ে কিদৰে জানিম ৷ কি কি লক্ষণক বিশেষভাৱে গুৰুত্ব আৰোপ কৰিম
  • প্রথমতেই সিহঁতৰ আচৰণৰ গতিবিধি সলনি হব ৷ যদি মাদক দ্রব্য সেৱন কৰে প্রথমতেই পঢ়া–শুনাৰ ক্ষেত্রত বাধা আহি পৰিব, লগতে স্বাস্থ্যৰ অৱনতি ঘটিব ৷ যিবোৰ কাম কৰি আনন্দ পাইছিল সেইবোৰ কামৰ প্রতি অনীহা বাঢ়িব, নতুন বন্ধু   গঢ়িব, পুৰণি বন্ধুৰ লগ এৰিব লগতে টোপনিৰ সালসালনি হব ৷ যিবোৰ নিয়ম–কানুন সচৰাচৰ অনুসৰণ কৰে, সেইবোৰৰ পৰা বিৰত থাকিব ৷ হঠাতে শৰীৰৰ ওজনৰ ব্যতিক্রম হব ৷ উদাহৰণস্বৰূপে শৰীৰৰ ওজন কমি যাব, সঘনে নাকৰ পৰা তেজ ওলাব পাৰে, চকুৰ পৰা পানী বাহিৰ হৈ থাকিব পাৰে, অনর্গল অথবা হাত বা শৰীৰ কঁপিবলৈ আৰম্ভ কৰিব ৷ এই লক্ষণসমূহক গুৰুত্ব আৰোপ কৰাটো প্রয়োজন ৷
  • ৰিহেব চেণ্টাৰ এটাত নিচাসক্ত ব্যক্তি এজনক পঠিওৱাৰ আগতে কি কি বিষয়বস্তুৰ অৱস্থিতি জনাৰ প্রয়োজন ৷ যিহেতু মাদক দব্য সেৱন কৰা ব্যক্তি এজনক সুস্থ কৰি তুলিবলৈ মানসিক দিশত গুৰুত্ব আৰোপ কৰা প্রয়োজন বহুত বেছি ৷ গতিকে কাউন্সেলিং বিষয়টো কিদৰে চালি–জাৰি চোৱা উচিত ৷
  • এটা ৰিহেব চেণ্টাৰত ভর্তি কৰাৰ আগতে অনুষ্ঠানটোৰ আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰী ৷ চেণ্টাৰটোত মানসিক চিকিৎসক, মানসিক পৰামর্শদাতা আছেনে নাই, সবিশেষ জনাটো পৰিয়ালৰ দৰকাৰ ৷ বহুতো অনুষ্ঠান উপযুক্ত মানসিক পৰামর্শদাতা নোহোৱাকৈ চলাই থকা পৰিলক্ষিত হয় ৷ কাউন্সেলিং এজন ভুক্তভোগীৰ মানসিক স্বাস্থ্যৰ ওপৰত সংগতি ৰাখিহে কৰা হয় ৷
  • পৰীক্ষাৰ আগমুহূর্তত বহু ছাত্র–ছাত্রীৰ এনজাইটি হোৱা দেখা যায় ৷ মোৰ সন্তানৰ সহপাঠী এজনে পৰীক্ষাৰ আগত ধঁপাতযুক্ত দ্রব্য গ্রহণ কৰে ৷ কোনোবাই বোলে তেওঁক কৈছিল যে তেনে বস্তু খালে বহু ৰাতিলৈকে পঢ়িব পাৰে ৷ কথাটো বৰ চিন্তনীয় ৷ কাৰণ এতিয়া মোৰ সন্তানে দোভাগ ৰাতিলৈকে পঢ়ি থাকিলেও মোৰ চিন্তা কিজানি মনে মনে কিবা খাই আছে ৷  আজিৰ যুগৰ লৰা–ছোৱালীৰ এই মানসিকতাই বাৰু কি সূচায়
  • আজিৰ যুগৰ লৰা–ছোৱালীয়ে গুগ্লৰ সহায় লৈ নিজৰ অসুবিধাবোৰ সংশোধন কৰিবলৈ চেষ্টা কৰে ৷ অতি সহজতে লভ্য তথ্যৰ সহায় লোৱা বহু লৰা–ছোৱালীক দেখিবলৈ পোৱা যায় ৷ ই এটা বৰ ভয় লগা কাৰক হৈ পৰিছে ৷ বহুতো লৰা–ছোৱালীয়ে নিজৰ অসুবিধাসমূহ গুগ্লত বিচাৰি উলিয়ায় আৰু তাৰ প্রতিকাৰসমূহ গুগ্লত দিয়া মতে কৰিবলৈ বিচাৰে ৷ এই ধৰণৰ কাৰক আৰু প্রতিকাৰ পৃথিৱীৰ লাখ লাখ মানুহে বিচাৰে আৰু একেই উত্তৰ গুগ্লৰ পৰা পায় ৷ সকলো প্রতিকাৰ সকলোৰে ক্ষেত্রত প্রযোজ্য নহবও পাৰে ৷ ই হিতে বিপৰীত হব ৷ গতিকে নতুন প্রজন্মক সঠিক বার্তা দিয়োটো অভিভাৱকৰ কর্তব্য৷ আৰু অভিভাৱকেও লৰা–ছোৱালীক নিৰীক্ষণ কৰাটো আৱশ্যক ৷

ফোনঃ  ৯৮৬৪০-৯৬৫১৩

You might also like
Leave A Reply

Your email address will not be published.