অংগে অংগে শৰৎ

বিষয়া ভূঞা

ঋতুৰাণী শৰৎ ৷ শৰৎ মানেই যেন উৎসৱৰ মেলা, শৰৎ মানেই যেন সৌন্দর্য ৷ এই শৰততে হয় দুর্গতিনাশিনী দেৱী দুর্গাৰ আগমন ৷ প্রকৃতিৰ বিনন্দীয়া পৰিৱেশ, মানুহৰ মনৰ উন্মাদনাই আমাৰ দুর্গাপূজাক দুর্গোৎসৱলৈ ৰূপান্তৰিত কৰিছে ৷ দুর্গামূর্তিত যিদৰে ৰূপ, সৌন্দর্যৰ সংযোজন হয়, তেনেদৰে এইক্ষেত্রত আমাৰ ভক্তও পিছপৰি নৰয় ৷ পূজাথলীতে যেন অঘোষিত প্রতিযোগিতা ৷ কোনে কিমান সুন্দৰ হৈ পূজাথলীলৈ আহিব পাৰে ৷ এইক্ষেত্রত এই প্রতিযোগিতাত ফেৰ মাৰিবলৈ আপোনাৰ এবিধ আহিলা হৈছে মেকআপ ৷

মেকআপৰ বাবে প্রয়োজনীয় সামগ্রীঃ

আপুনি যদি এইবাৰ উৎসৱত প্রথমবাৰলৈ মেকআপ কৰিব ওলাইছে তেতিয়াহলে প্রথমে মেকআপৰ বাবে প্রয়োজনীয় সামগ্রীসমূহ গোটাই লওক ৷

কনশ্বিলাৰঃ  মুখত থকা দাগ বা চকুৰ তলৰ কলা দাগ ঢাকিবলৈ কনশ্বিলাৰ ব্যৱহাৰ কৰা হয় ৷

ফাউণ্ডেচনঃ  ফাউণ্ডেচনক মেকআপৰ বেচ বুলি কোৱা হয় ৷ নিজৰ ছালৰ ৰঙৰ লগত মিলাকৈ ফাউণ্ডেচন নির্বাচন কৰি গোটেই মুখৰ ছালত আৰু ডিঙিত লগাব লাগে৷ বজাৰত লিকুইড, ক্রীম বা পাউডাৰ তিনিধৰণে ফাউণ্ডেচন উপলব্ধ যদিও সাধাৰণ মেকআপৰ বাবে আমি লিকুইড ফাউণ্ডেচনহে ব্যৱহাৰ কৰা উচিত ৷

পাউডাৰঃ  ফাউণ্ডেচন লগোৱাৰ পিছত কমপেক্ট বা লুজ পাউডাৰ ব্যৱহাৰ কৰিব লাগে ৷ ইয়াৰ ফলত ফাউণ্ডেচন ধৰিব নোৱাৰা হয় ৷

ব্লাচ অনঃ  গালৰ হাড়ৰ ওপৰত ব্লাচ অন ব্যৱহাৰ কৰিব লাগে ৷ ইয়ে গালখনত এটা তেজাল আভা দিয়ে ৷

আইলাইনাৰঃ  চকুযুৰিক সুন্দৰ আকাৰ দিবলৈ আইলাইনাৰ ব্যৱহাৰ কৰা হয় ৷ আজিকালি বজাৰত ৰঙা, নীলা, সেউজীয়া বিভিন্ন ৰঙৰ আইলাইনাৰ পোৱা যায় ৷

কাজলঃ  চকুযুৰিৰ সঠিক আকাৰ দিবলৈ কাজলৰ ব্যৱহাৰ হয় ৷

মাস্কাৰাঃ  আপোনাৰ আইলেচখিনি ঘন হৈ চকুযুৰিক উজ্জ্বল দেখাবৰ বাবে মাস্কাৰা ব্যৱহাৰ কৰা হয় ৷

আইশ্বেডঃ  আইশ্বেড চকুৰ পতাত ব্যৱহাৰ কৰা হয় ৷ আপোনাৰ সাজপাৰ বা দিনৰ মেকআপ নে ৰাতিৰ মেকআপ এইবোৰৰ ওপৰত নির্ভৰ কৰি ইয়াৰ ৰং নির্বাচন কৰা হয় ৷ আইশ্বেডৰ সঠিক ব্যৱহাৰে আপোনাৰ চকুযুৰিক খুউব আকর্ষণীয় কৰি তুলিব ৷

লিপষ্টিকঃ  ওঁঠযুৰিক ৰঙেৰে বোলাবলৈ লিপষ্টিক ব্যৱহাৰ কৰিব ৷ প্রথমে লিপলাইনাৰেৰে ওঁঠযুৰিৰ ছেপ বনাব৷ ডাঙৰ ওঁঠ হলে অলপ ভিতৰৰ ফালে লিপলাইনাৰ আঁকিব আৰু বেছি সৰু ওঁঠ হলে লিপৰ বাহিৰৰ ফালে আঁকি লৈ ওঁঠযুৰি অলপ ডাঙৰ কৰি লব ৷ তাৰ পিছত লিপ ব্রাছেৰে লিপষ্টিক ওঁঠত ভৰাব ৷ আপোনাৰ ড্রেছআপ, অন্য মেকআপ, বয়স আৰু সময়ৰ লগত মিলাইহে লিপষ্টিকৰ কালাৰ নির্বাচন কৰিব ৷ প্রয়োজন অনুসৰি লিপগ্লছ ব্যৱহাৰ কৰিব ৷

ইয়াৰ উপৰি মেকআপৰ বাবে কিছুমান সা–সঁজুলিৰ প্রয়োজন যেনে প্রাউডাৰ ব্রাছ, লিপব্রাছ, আইশ্বেড ব্রাছ, আইলাইনাৰ ব্রাছ, স্পঞ্জ, টিছু পেপাৰ, স্প্রে বটল আদি ৷ মেকআপ কৰিবলৈ লওঁতে আপুনি প্রথমে সকলোখিনি সামগ্রী আপোনাৰ ড্রেছিং টেবুলৰ সন্মুখত গোটাই লওক ৷

¨মুখখন ক্লিনজিং কৰি টোনিং কৰি লব ৷

¨আপোনাৰ মুখত থকা দাগ বা চকুৰ তলৰ কলা দাগ নাইবা ওঁঠযুৰিৰ ওচৰৰ কলা অংশখিনি ঢাকিবলৈ প্রথমে কনশ্বিলাৰ সেই অংশখিনিত লগাওক আৰু ভালদৰে মিলাই দিয়ক ৷

¨এইবাৰ নিজৰ মুখৰ ৰঙৰ লগত মিলাকৈ ফাউণ্ডেচন লগাওক ৷ প্রথমে আঙুলিৰে ডট্ ডট্কৈ লগাই দি পিছত অলপ তিতা স্পঞ্জেৰে ভালদৰে মিলাই দিয়ক ৷ এই ফাউণ্ডেচন ডিঙিতো লগাব ৷ ইয়াৰ ওপৰত পানী স্প্রে কৰি ভালদৰে আঙুলিৰে টেপিং কৰি দিব ৷

¨এইবাৰ ফাউণ্ডেচনৰ ওপৰত লুজ পাউডাৰ লগাওক ৷ তেতিয়া মেক আপ প্রাকৃতিক যেন লাগিব আৰু বহু সময়লৈ টিকিব ৷

¨আপোনাৰ নাকটো যদি জোঙা দীঘলীয়া দেখাব বিচাৰে তেতিয়াহলে ডার্ক শ্বেডৰ ফাউণ্ডেচন আঙুলি দুটাত লৈ চকুৰ গুৰিৰ পৰা নাকৰ আগলৈ নাকৰ হাড়ৰ দুয়োফালে আঙুলি দুটাৰে টানি দিয়ক ৷ তাৰ পিছত সুন্দৰকৈ মিলাই দিব ৷

¨আইব্রু পেন্সিলেৰে আপোনাৰ আইব্রুৰ চেপ কৰাব ৷

¨চকুযুৰিৰ আকাৰ অনুযায়ী আইলাইনাৰ বা কাজল ব্যৱহাৰ কৰিব ৷ বেছি সৰু চকু হলে তলৰ পতাৰ  মাজৰ পৰা কাজল অলপ ডাঠকৈ বাহিৰলৈ টানি লগাব আৰু ওপৰত অলপ পাতলকৈ আইলাইনাৰ লগাব ৷ ডাঙৰ চকুৰ গৰাকীয়ে তল আৰু ওপৰৰ পতাত পাতলকৈ কাজল আৰু আইলাইনাৰ লগাব ৷ তেতিয়া মেকআপ স্বাৱাভিক যেন লাগিব ৷

¨এইবাৰ আইশ্বেড পেলেট লৈ ৰং নির্বাচন কৰি চকুযুৰিত আইশ্বেড লগাব ৷ লাইট শ্বেডৰ জৰিয়তে ব্রু বন হাইলাইট কৰি লব ৷  এইবাৰ আইলিডত আপোনাৰ পছন্দ অনুসৰি বা কাপোৰৰ ৰঙৰ লগত মিলাই আইশ্বেড লগাব৷ আজিকালি দুই তিনিটা আইশ্বেড ৰং মিলায়ো ব্যৱহাৰ কৰা হয়৷ এইক্ষেত্রত কিন্তু আপোনাৰ অভিজ্ঞতাৰ প্রয়োজন হব৷

¨আইলেশ্বত মাস্কাৰ লগাওক৷ প্রয়োজন হলে আইলেশ্ব কার্লাৰেৰে প্রথমে কার্ল কৰি লব৷ চিক বনত সুন্দৰকৈ ব্লাচাৰ ব্যৱহাৰ কৰিব৷ শকত মুখৰ গৰাকীয়ে চিক বনৰ অলপ তললৈ ব্লাচাৰ টানি মিলাই দিব ৷ তেতিয়া অলপ ক্ষীণ দেখিব ৷ ব্লাচাৰ লগাওতে চাব যাতে দুয়োখন গালত সমান ঠাইতে ইয়াৰ ব্যৱহাৰ হৈছে ৷

¨এইবাৰ লিপলাইনাৰেৰে লিপযুৰি আঁকি লৈ লিপ ব্রাছেৰে লিপষ্টিক লগাই দিয়ক ৷ ওঁঠযুৰিক আকাৰ দিওঁতে সাৱধান হব, যাতে আপোনাৰ ওঁঠযুৰি বেছি বহল বা বেছি পাতল দেখা নাযায় ৷ ডাঙৰ ওঁঠৰ গৰাকীয়ে অকল লিপৰ মাজ ভাগতহে লিপগ্লজ ব্যৱহাৰ কৰিব ৷

¨মেক আপৰ পিছত হেয়াৰ ষ্টাইল কৰিবলৈ নাপাহৰিব ৷ ২০২২ চনটোত টপ বন হেয়াৰ ষ্টাইল বেছি জনপ্রিয় হৈ থাকিব ৷ গতিকে এইবাৰ পূজাত আপুনি চুলি ওপৰলৈ বন্ধা যিকোনো হেয়াৰ ষ্টাইল কৰিব পাৰে ৷

You might also like
Leave A Reply

Your email address will not be published.