ঘৰতে কৰোঁ আহক পেডিকিউৰ

গীতাশ্রী গগৈ হাতীবৰুৱা

কিছুমান ব্যক্তিৰ ছালচুলিৰ লগতে ভৰিৰ গোৰোহাকেইটাক লৈ মহাচিন্তা হয় ৷ বছৰৰ যিকোনো সময়তে যিহে ছিঁৰাল ফাট দিয়ে ৷ অন্য চেণ্ডেল পিন্ধিবলৈকে লাজ লাগে ৷ মুখত মেকআপ গোৰোহা চোৱা অৱস্থা নাই ৷ গোৰোহা ঢাকিবলৈ পামছু পিন্ধাৰ বাহিৰে আৰু উপায় নাই ৷ আহকচোন দিনটো কামৰ ব্যস্ততাৰ মাজতে নিজৰ কাৰণে অলপ সময় উলিয়াই ভৰি দুখনৰ যত্ন লওঁ ৷ আমি প্রত্যেক দিনে নোৱাৰিলেও এলাই ভাৱ এৰি দুই বা তিনি দিনৰ মূৰে মূৰে দহপোন্ধৰ মিনিট সময় নিজৰ কাৰণে উলিয়াই  ঘৰতে যত্ন ললেও এই সমস্যাৰ পৰা হাত সাৰিব পাৰি ৷

১. এটা চৰিয়াত আধালৈকে কুহুমীয়া গৰম পানী লব ৷

২. নেমুৰ ৰস, আপুনি ব্যৱহাৰ কৰা যিকোনো চেম্পু, নিমখ আধা চামুচ সেই পানীত দি ভৰিকেহটা দহ মিনিট সময় তিয়াই থব ৷

৩. তাৰ পিছত ভৰিকেহটা পানীৰ পৰা উঠাই আনিব ৷

৪. ফুট ফাহল অথবা পিউমিক ষ্টনৰ সহায়ত গোৰোহাকেইটা লাহে লাহে ঘঁহিব ৷ এনেদৰে কৰিলে মৃত কোষসমূহ দূৰ হব আৰু গোৰোহাকেহটা নিমজ হব ৷

৫. এতিয়া ভৰিকেইটা ধুই ঘৰুৱা সামগ্রীৰে এটা স্কার্ব তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰে ৷ 

৬. স্কার্বৰ কাৰণে এটা বিলাহী দুভাগ কৰি লব ৷ কাটি লোৱা ভাগকেইটাৰ এটা ভাগত আধা চামুচকৈ চেনি লগাই ভৰিকেহটা লাহে লাহে স্কার্ব কৰিব ৷

৭. স্কার্ব কৰাৰ পিছত নেইল ব্রাছৰ সহায়ত নখকেইটা চাফা কৰিব ৷

৮. পুনৰ ভৰিকেইটা ভালকৈ ধুই মচি ফুট ক্রীম লগাব ৷

ফুট ক্রীম যদি নাথাকে এনেদৰেও ব্যৱহাৰ কৰিব পাৰেঃ 

১. যিকোনো মইশ্বৰাইজাৰৰ লগত এছপলিন বা বৰলিন মিহলাই লগাব পাৰে ৷

২. কেছটৰ অহল সামান্য গৰম কৰি লগাব পাৰে ৷ 

৩. গ্লিছাৰিন আৰু গোলাপ জল সমপৰিমাণত মিহলাই এটা বটলত ভৰাই থব ৷ ভৰিকেহটা ধোৱাৰ পিছত ব্যৱহাৰ কৰিব নহলে ৰাতি শোৱাৰ আগে আগে লগাব পাৰে ৷

যদি কোনো অসুবিধা অনুভৱ নকৰে, তেন্তে ক্রীম লগোৱাৰ পিছত মোজা পিন্ধিব পাৰে ঠাণ্ডাৰ দিনত ৷ এলাই নকৰি ৰাতি শোৱাৰ আগত যদি এনেদৰে যত্ন লয়, তেন্তে অতি কম দিনৰ ভিতৰতে গোৰোহা ফটা সমস্যা দূৰ হব৷ যদি গোৰোহা ফাটি বিষ অনুভৱ হয় আৰু তেজ ওলায় তৎক্ষণাৎ ডাক্তৰৰ পৰামর্শ লোৱা উচিত ৷

You might also like
Leave A Reply

Your email address will not be published.