Y2K ফেশ্বনৰ নষ্টালজিয়া

ৰুবী বৰদলৈ

নব্বৈ দশকৰ শেষ ভাগৰ পৰা ২০০০ চনৰ প্রাৰম্ভণিলৈকে সময়ছোৱাত প্রচলিত  ব্ৰেণ্ডকে Y2K অর্থাৎ Year2000  ফেশ্বন বুলি কোৱা হয় ৷ এই ফেশ্বনক জনপ্রিয় কৰি তোলাত ব্রিটনী স্পীয়েৰছ, জেনিফাৰ লপেজ, মেগান ফক্স আৰু পেৰিছ হিচ্টন কিম কার্ডাচিয়ান আদি হলীউড অভিনেত্রী তথা কৰীশ্মা কাপুৰ, ৰাণী মুখার্জী, কৰীণা কাপোৰ আদিৰ দৰে বলীউড তাৰকাৰ উল্লেখযোগ্য ভূমিকা আছে ৷ ১৯৯৭ চনত মুক্তিলাভ কৰা ব্রিটনী স্পীয়েৰছৰ হিট মি বেবী ৱান মৰ টাইম গীতটো ছুপাৰহিট হোৱাৰ লগতে পপুলাৰ হৈছিল মিউজিক ভিডিটোত গায়িকাগৰাকীৰ বিভিন্ন লুকছবোৰো ৷ ফেশ্বন অনুৰাগীসকলে আদৰি লৈছিল গীতটোত থকা গায়িকাগৰাকীৰ বিভিন্ন লুকছ ৷ ফ্রিনজড হেয়াৰত দুডলীয়া বেণী, বেবী টপ, ড্রেক পেণ্ট তথা স্নিকাৰৰ সৈতে স্পর্টি লুক বা মাইক্র মিনি আৰু নিহাই বুটেৰে স্কুল গার্ল লুক ৷ ব্রিটনীৰ সমসাময়িকভাৱে ভাৰতত সেই ফেশ্বনৰ জোৱাৰ আনিছিল মনীষ মালহোট্ৰা আৰু ৰকী এছ আদি ডিজাইনাৰসকলে ৷ দিল তো পালগ হে চিনেমাখনত মনীষ মালহোট্ৰাই ডিজাইন কৰা কৰীশ্মা কাপুৰৰ এনাৰজেটিক স্পর্টি লুক, প্লেটফর্ম হিল আৰু মাইক্র মিনিৰে কুছ কুছ হোতা হ্যেয়ত ৰাণী মুখার্জীৰ আলট্ৰা মডার্ন লুকছ আৰু কাজলৰ  ট্ৰেকচ্যুটে Y2K ড্রেণ্ডক বহুলভাৱে জনপ্রিয় কৰি তুলিছিল ৷

Y2Kফেশ্বনৰ ছিগনেচাৰ উপাদানসমূহ আছিল ৱাইড লেগ জীনছ, কার্গো পেণ্ট, বেবী টপ, শ্বিমাৰী জেকেট, ভি লাহ ভেলভেট ট্ৰেকচ্যুট, ইচ্টাৰ নেকৰ টপ বা ড্রেছ, মাইক্র মিনি আৰু ট্ৰেন্সলুচেণ্ট কালাৰ ড্রেছ ৷   লগতে এই  ব্ৰেণ্ডৰ অন্তর্গত বিভিন্ন এক্সেচৰীজত আছিল প্লেটফর্ম ফুটৱেৰ, স্নিকাৰ, বাগেট বেগ, স্মল ফ্রেইমড আইৱেৰ, কালাৰফুল চাংকী ব্রেছলেট, বডিচেইন হেয়াৰ বিডছ, বন্দানা ইত্যাদি ৷

কোৱা হয় Nostalgia rules the fashion cycle. সেয়ে ব্ৰেণ্ডৰ পুনৰাবৃত্তি ঘটে আৰু ভৱিষ্যতেও ইয়াৰ ব্যতিক্রম নহয় ৷ পুৰণিত অলপমান নতুন পৰশ সানি প্রতিভাৱান ডিজাইনাৰসকলে এই পুনৰাবৃত্তিত ইন্ধনৰ যোগান ধৰে ৷

পুনৰাবৃত্তিৰ এই প্রৱণতাকে অনুসৰণ কৰি ২০২২ চনৰ ফেশ্বন জগতলৈ ঘূৰি আহিছে Y2K ফেশ্বন ৷ ইতিমধ্যে অনন্যা পাণ্ডে, জাহ্ণৱী কাপুৰ, খুছী কাপোৰ, আলিয়া ভাট আদি নতুন প্রজন্মৰ বলীউড চেলিব্রিটীসকলে ইয়াৰ লহৰ তুলিছে ৷ তেওঁলোকৰ ইনষ্টাগ্রাম পেজত শ্বেয়াৰ কৰা এই ব্ৰেণ্ডৰ সাজপোছাকৰ ফটোৱে তেওঁলোকৰ ফেনফলোৱাৰক যথেষ্ট আকৃষ্ট কৰিছে ৷ বিশেষকৈ টিনেজাৰসকলৰ মাজত বিশেষ সঁহাৰি লাভ কৰিছে ৷

এই  ট্ৰৈণ্ডে স্কীনি জীনছক ৰিপ্লেছ কৰিছে ৱাইড লেগ জীনছৰ সৈতে ৷ ল ৱেইষ্ট আৰু যথেষ্ট আহলবহল এই পেণ্টসমূহে প্লেটফর্মসমূহে হিল আৰু স্নিকাৰৰ লগ হৈ পিন্ধোতাক এক ফেশ্বনেবল লুক দিছে ৷ নাভিৰ ঠিক ওপৰতে ক্রপ কৰা বেবী টপবোৰ পুনৰ ঘূৰি আহিছে ৷ ট্ৰাউজাৰ, ট্ৰৈকপেণ্ট আৰু মিনিৰ  লগত ইহঁতৰ টিমিং আপে কেজুৱেল লুকবোৰ যথেষ্ট ষ্টালিছ কৰি তুলিছে ৷ এই ট্ৰৈণ্ডৰ উল্লেখযোগ্য উজ্জ্বল ৰঙৰ ভেলভেটৰ ভিলাহ ট্ৰৈকচ্যুটসমূহে টিনেজাৰখিনিৰ মাজতে সীমাবদ্ধ নাথাকি সকলো বয়সৰ লোককে আকর্ষণ কৰিবলৈ সক্ষম হৈছে ৷ এই চ্যুটবোৰক কেজুৱেল লুকৰ উপৰি এয়াৰপর্ট লুকৰ বাবেও উৎকৃষ্ট বুলি বিবেচিত ৷ নিকল কিডমেন, জেনিফাৰ লপেজে দুই দশক পূর্বেই এই ট্ৰৈকচ্যুটসমূহক আন এক মাত্রা দি থৈছে ৷

ইয়াৰ উপৰি ডবল ডেনিম অর্থাৎ টপৱেৰ আৰু বটমৱেৰ দুয়োটাই পিন্ধাটো এটা উল্লেখনীয় ট্ৰৈণ্ড ৷

শ্লীং বেগ আৰু হেণ্ডেল বেগবোৰৰ সলনি চুটি শ্বলডাৰষ্ট্রেপৰ বগেট বেগ এতিয়া হাইলী ফেশ্বনেবল ৷ শ্বিমাৰী মেটেৰিয়েল আৰু উজ্জ্বল ৰংবোৰৰ এই বেগবোৰৰ চাহিদা লক্ষণীয়ভাৱে বাঢ়িছে ৷

ফ্রিনজ, লেয়াৰ কাট, হট বব আদি ২০০০ৰ হেয়াৰ ষ্টাইল পুনৰ জনপ্রিয় হৈছে ৷ ইয়াৰ লগে লগে চুলিত বিড লগোৱা, ষ্টেটমেণ্ট হেয়াৰ ক্লিপ মৰা, বন্দানা মাৰা আদি ষ্টাইলৰ টৌ আহিছে ৷

নষ্টালজিয়াত আমি সকলোৱে ভোগো ৷ প্রথমবাৰৰ Y2K ফেশ্বনৰ সময়ত বিভিন্ন বয়সৰ সীমাত ৰৈ উপভোগ বা প্রত্যক্ষ কৰাসকলে ২০২২ ত ইয়াক পুনৰ উপভোগ কৰি নিজৰ নষ্টালজিয়াক সার্থক কৰি তুলিব পৰাকৈ ই পুনৰ ঘূৰি আহিছে ৷

You might also like
Leave A Reply

Your email address will not be published.