আপোনাৰ জীৱন দর্শন কেনেকুৱা

ডঃ  প্রদীপ নেওগ  

জীৱন দর্শন হৈছে জীৱন সন্দর্ভত সাধাৰণ আৰু দার্শনিক দৃষ্টিভংগী, জীৱনৰ অর্থ সম্বন্ধিত ধ্যান–ধাৰণা, জীৱন যাপন কৰাৰ সন্দর্ভত উচিত– অনুচিতৰ বিচাৰ–বিবেচনা ৷

জীৱন দর্শনে প্রধানতঃ দুটা বিষয়ত ব্যক্তিৰ মানসিক স্থিতি তথা মনোবৃত্তি সামৰি লয়ঃ

ক.  বিশ্বব্রহ্মাণ্ডৰ বিষয়ক মনোবৃত্তি ৷

খ.  বিশ্বব্রহ্মাণ্ডত নিজক খাপ খুউৱা সম্বন্ধীয় মনোবৃত্তি ৷

জীৱন দর্শন ধর্ম একোটাৰ অবিচ্ছেদ্য অংগস্বৰূপ৷ ধর্ম একোটাৰ পালনৰ লগত নির্দিষ্ট জীৱন–দর্শন জড়িত হৈ থাকে ৷ সেয়েহে ধর্মৰ ভিত্তিত জীৱন–দর্শনৰ নামকৰণো হৈ আহিছে হিন্দু দর্শন, বৈষ্ণৱ দর্শন, শাক্ত দর্শন, বৌদ্ধ দর্শন, জৈন দর্শন, ইছলাম দর্শন, চুফী দর্শন, খ্রীষ্টিয়ান দর্শন ইত্যাদি ৷

সেইদৰে দেশ, মহাদেশ আদিৰ ভিত্তিতো জীৱন দর্শনৰ প্রকাৰ বুজোৱা হয়ঃ প্রাচ্য দর্শন, পাষ্চাত্য দর্শন, ভাৰতীয় দর্শন ইত্যাদি ৷ তদুপৰি  মতাদর্শ  অনুসৰিও জীৱন–দর্শনক নামকৰণ কৰা হয়ঃ  ফেমিনিষ্ট, লিবাৰেটেৰিয়ান, উগ্রপন্থী, চৰমপন্থী ইত্যাদি ৷ ব্যক্তি একোজন বহুল অর্থত উপযুক্ত কোনো এক বা একাধিক জীৱন–দর্শনৰ অন্তর্ভুক্ত হলেও সূক্ষ্মভাৱে প্রতি ব্যক্তিৰে সুকীয়া জীৱন দর্শন থাকে ৷ পিছে নিজৰ জীৱন–দর্শনৰ প্রতি ব্যক্তি এজন পর্যাপ্ত পৰিমাণে জ্ঞাত তথা সজাগ নহব পাৰে ৷

নিজৰ জীৱন–দর্শন স্পষ্টকৈ জনাটো, উপলব্ধি কৰাটো, জীৱনযাত্রাত সচেতনতাৰে প্রয়োগ কৰাটো আৰু প্রয়োজন অনুসৰি উন্নত কৰাটো আৱশ্যকীয় আৰু প্রভূত উপকাৰী ৷ নিজৰ জীৱন দর্শনৰ বিষয়ে জ্ঞাত হলে জীৱনৰ লক্ষ্য যথার্থ তথা প্রকৃতপক্ষে উপযোগী হোৱাৰ সহায়ক হয় ৷ লক্ষ্য সাধনত আত্মবিশ্বাস, মনোবল, একাগ্রতা আৰু অধ্যৱসায় বর্তাই ৰখাটো সহজ আৰু সুষম হয় ৷ উপৰুৱা চিন্তা–ভাৱনাৰ আমনি আৰু অথালি–পথালি হ্রাস পায় ৷ নিজৰ দর্শন, জ্ঞান, দক্ষতা, প্রতিভা, শক্তি–সামর্থ্য অনুসৰি সমুচিত প্রচেষ্টা হাতত লবৰ সুবিধা হয় আৰু তাৰ ফলস্বৰূপে জীৱনযাত্রাত সুখ–সফলতাৰ সোঁত প্রবল হোৱাত আৰু দুখ, অশান্তি আদিৰ ঢৌ কম আৰু দুর্বল হোৱাৰ সহায়ক হয় ৷ তদুপৰি সুস্পষ্ট জীৱন দর্শনৰ ফলত জীৱনযাত্রাত সফলতা প্রদত্ত সুখানুভূতি আচ্ছাদন অধিক আৰু গাঢ় হয় ৷ আনহাতে বিফলতা, পৰাজয়, প্রতিকূল পৰিস্থিতি, দুর্দিন আদিতস্থিতিস্থাপকতা বর্তাই ৰখাত সহায়ক হয় ৷ জীৱন–দর্শনে বহু কথাই সামৰি লয় ৷ গভীৰ চিন্তা আৰু সাধুতাৰে নিম্নলিখিত ধৰণৰ প্রশ্ণ কিছুমানৰ উত্তৰ পাবলৈ যত্ন কৰি নিজৰ জীৱন–দর্শন সম্বন্ধে এক পৰিস্ফুট ধাৰণা লাভ কৰিব পাৰি ৷ উল্লেখনীয় যে সাধুতাৰে প্রশ্ণখিনিৰ উত্তৰ পাবলৈ যত্ন কৰিলে জীৱন দর্শন উন্নত কৰিবলৈকো সূত্র আৰু সদিচ্ছা লাভ হব ৷

আপুনি প্রধানতঃ কি কি ভাল বুলি ভাবে আৰু কি কি বেয়া বুলি ভাবে

১.  আপোনাৰ বাবে সফলতাৰ অর্থ কি ?

২.  আপোনাৰ বাবে জীৱনৰ উদ্দেশ্য কি ?

৩. আপুনি জীৱনটোৰ অর্থ বিচাৰি জীৱন যাপন কৰিব নালাগে বুলি ভাবে নেকি ?

৪.  আপোনাৰ মতে যথার্থ জীৱনৰ অর্থ কি ?

৫.  ঈশ্বৰ আছে বুলি আপুনি বিশ্বাস কৰে নে নকৰে ?

৬.  ঈশ্বৰৰ প্রতি আপোনাৰ বিশ্বাস আছে নে নাই ?

৭.  ঈশ্বৰৰ প্রতি আপোনাৰ বিশ্বাস কিমান গভীৰ ?

৮.  বিভিন্ন দেৱ–দেৱীৰ প্রতি আপোনাৰ ভক্তি আছেনে ?

৯.  আপুনি কিমান স্বার্থপৰ ?

১০.  আপুনি পৰোপকাৰত কিমান গুৰুত্ব দিয়ে ?

১১.  আপুনি আনৰ অন্যায় নকৰাত কিমান গুৰুত্ব দিয়ে ?

১২.  আপুনি সাধুতাত কিমান গুৰুত্ব দিয়ে ?

১৩.  আপুনি সাধুতাতকৈ টকা–পইচা, ক্ষমতা আদিত অধিক গুৰুত্ব দিয়ে নেকি ?

১৪.  আপুনি জনকল্যাণত নে ব্যক্তিগত লাভালাভত অধিক গুৰুত্ব দিয়ে ?

১৫.  আপুনি পাৰস্পৰিক সম্বন্ধ গঢ়া আৰু অটুট ৰখাত কিমান গুৰুত্ব দিয়ে ?

১৬.  আপোনাৰ এৰা–ধৰা মনোভাৱ কিমান অধিক ?

১৭.  আপোনাৰ দেশপ্রেম কিমান গভীৰ ?

১৮.  আপুনি ধর্ম, জাতি, জাত–পাত আদিৰ ভিন্নতাত কিমান গুৰুত্ব দিয়ে ?

১৯.  আপুনি সঞ্চয়ত কিমান গুৰুত্ব দিয়ে

২০.  আপুনি ধোঁৱাখুলীয়া নেকি ?

২১.  আপুনি কথা, আচৰণ আৰু কর্মৰ সামঞ্জস্য ৰখাটোত কিমান গুৰুত্ব দিয়ে ?

২২.  আপুনি বিবেকৰ দ্বাৰা পৰিচালিত হবলৈ কিমান আগ্রহী ? ইত্যাদি ৷

You might also like
Leave A Reply

Your email address will not be published.