ৰুচক চর্চা

উত্তৰ–পূবৰ সশস্ত্র বিপ্লৱৰ কথাৰে অনেক

মুকলি হল আয়ুষ্মান খুৰানাৰ নতুন ছবি অনেকৰ ট্ৰেইলাৰ ৷ ট্ৰেইলাৰটোৰ মুক্তিৰ লগেই লগেই ছবিখনক লৈ সামাজিক মাধ্যমত ব্যাপক চর্চা আৰম্ভ হৈছে ৷ কিয়নো অনুভৱ সিনহাই পৰিচালনা কৰা ছবিখন উত্তৰ–পূব ভাৰতৰ সশস্ত্র বিপ্লৱৰ কথাৰে নির্মাণ কৰা হৈছে ৷ ইয়াৰ পূর্বে অনুভৱ আৰু আয়ুষ্মানৰ যুটিটোৱে Article-15 ৰ দৰে ছবি দর্শকক উপহাৰ দিছে ৷ ইপিনে ছবিখনৰ সংগীত পৰিচালনা কৰিছে অসম সন্তান অনুৰাগ শইকীয়াই ৷

ছোহেহলৰ বিবাহ বিচ্ছেদ

২৪ বছৰীয়া বৈবাহিক জীৱনৰ ইতি পৰিল ছলমান খানৰ সৰু ভায়েক ছোহেইল খানৰ ৷ বিবাহ বিচ্ছেদৰ বাবে আদালতৰ কাষ চাপিছে ছোহেইল খান আৰু পত্নী সীমা খান ৷ ২৪ বছৰীয়া বৈবাহিক জীৱন সামৰিব ওলোৱা ছোহেইল খান আৰু পত্নী সীমাৰ আছে নির্বাণ আৰু য়োহান নামৰ দুজন পুত্র ৷ উল্লেখ্য যে জ্যেষ্ঠ ভাতৃ আৰবাজ খানে ২০১৮ চনত মালাইকা  অৰোৰাৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল ৷

কিংবদন্তি সন্তুৰবাদক পণ্ডিত শিৱকুমাৰৰ বিয়োগ

ভাৰতীয় শাস্ত্রীয় সংগীত জগতৰ অন্যতম নক্ষত্র কিংবদন্তি সন্তুৰবাদক পদ্মবিভূষণ পণ্ডিত শিৱকুমাৰ শর্মাৰ ৮৪ বছৰ বয়সত দেহাৱসান হয় ৷ বলীউডৰ সংগীত যুটি শিৱ–হৰিৰে দেশৰ কোটি কোটি জনতাৰ হূদয় জয় কৰিবলৈ সক্ষম হোৱা পণ্ডিত  শিৱকুমাৰ শর্মাহ বিগত ছমাহ ধৰি বৃক্কৰ ৰোগত আক্রান্ত হৈ থকাৰ মাজতে হূদৰোগত আক্রান্ত হৈ পৰলোকগামী হৈছে ৷

কন্যাৰ ফটো শ্বেয়াৰ কৰিলে প্রিয়ংকাই

জন্মৰ ১০০ দিনৰ পিছত মাদার্ছ ডে উপলক্ষে কণমানি কন্যাৰ ফটো শ্বেয়াৰ কৰিলে প্রিয়ংকা চোপ্রাই ৷ ফটো পোষ্টত প্রিয়ংকাই কন্যাৰ মুখখন ঢাকি দিয়ে ৷ উল্লেখ্য যে প্রিয়ংকা চোপ্রাৰ চাৰগেচিৰ মাধ্যমেৰে জন্ম হৈছিল কন্যা সন্তানটিৰ ৷

গুলমোহৰত শর্মিলা ঠাকুৰ

দীর্ঘদিনীয়া বিৰতিৰ অন্তত ৭০ দশকৰ জনপ্রিয় অভিনেত্রী শর্মিলা ঠাকুৰক দেখা যাব ৰূপালী পর্দাত৷ ৰাহুল চিট্টেলা পৰিচালিত গুলমোহৰ ছবিত দেখা যাব এইগৰাকী বর্ষীয়ান অভিনেত্রীক ৷ ইতিমধ্যে ই ছচিয়েল মিডিয়াত প্রচাৰিত হৈছে এহ ছবিখনৰ কিছু আলোকচিত্র ৷ ছবিখনত শর্মিলা ঠাকুৰৰ সৈতে দেখা যাব মনোজ বাজপেয়ী, অমল পালেকাৰ, সুৰজ শর্মা আৰু চিমৰন ঋষিবগ্গাৰ দৰে প্রতিভাৱান অভিনেতাসকলক ৷

You might also like
Leave A Reply

Your email address will not be published.