বলীউডলৈ সামান্য সকাহ ব্রহ্মাস্ত্রৰৰ

প্রণৱ জ্যোতি মহন্ত

ব্রহ্মাস্ত্র ছবিখনক লৈ সকলোতকৈ বেছি আশা–আকাংক্ষা ৰাখিছে হিন্দী চিনেমাৰ দর্শকসকলে ৷ সুশান্ত সিং ৰাজপুতৰ আকস্মিক মৃত্যুৰ পিছত হিন্দী চিনেমা বর্জনৰ যি ঢৌ উঠিছিল, সেয়া হয়তো এই ছবিখনক লৈ স্তব্ধ হৈ পৰিছে ৷ কিয়নো ছবিখনক লৈ দর্শকৰ মাজত যি কৌতূহল দেখা গৈছে, সেহ কৌতূহলে ছবিখনৰ প্রথম দিনটোতেই সার্থক কৰি তুলিছে ৷ বলীউডত সাম্প্রতিক সময়ত এনে এখন ছবিৰ প্রথম দিনাই টিকটৰ ক্ষেত্রত হোৱা অভিলেখ পূর্বতে দেখা যোৱা নাছিল ৷ বিশেষকৈ আমিৰ খান অভিনীত লাল সিং চদ্দা, অক্ষয় কুমাৰ অভিনীত ৰক্ষাবন্ধনকে ধৰি কেইবাখনো বলীউড ছবি ছুপাৰ ফ্লপ হোৱাৰ পিছত ব্রহ্মাস্ত্র এতিয়া হৈ পৰিছে বলীউডৰ বাবে ৰক্ষা কৱচ ৷ বক্স অফিচত কিছু পৰিমাণে সাফল্যৰ মুখ দেখিছে ৰণবীৰ কাপুৰ, আলিয়া ভাট অভিনীত ছবি ব্রহ্মাস্ত্রই ৷ ৪০০ কোটিতকৈ অধিক টকা খৰচেৰে নির্মিত ছবি ব্রহ্মাস্ত্রক হিট কৰাৰ স্বার্থত দিনে–নিশাই উঠিপৰি লাগিছে ছবিখনৰ পৰিচালক অয়ান মুখার্জীৰ লগতে ৰণবীৰ কাপুৰ, আলিয়া ভাট ৷ ১১ বছৰ পূর্বে অয়ান মুখার্জীৰ চিন্তাৰ ফচল ছবি ব্রহ্মাস্ত্র তিনিটা ভাগত নির্মাণৰ প্রস্তাৱ কৰা হৈছে ৷ এই কাহিনীৰ প্রথম অংশটো অয়ানে ব্রহ্মাস্ত্রঃ  পার্ট ৱান–শিৱা ছবিৰ ৰূপত নির্মাণ কৰিছে ৷ ছবিখনৰ ক্লাইমেক্সত ব্রহ্মাস্ত্রঃ  পার্ট টু–দেৱা ছবি হিচাপে ইয়াৰ ছিকুৱেল নির্মাণৰ কথাও ঘোষণা কৰিছে ৷

হিন্দু পৌৰাণিক কাহিনীত ব্রহ্মাস্ত্র হৈছে এনে এক অস্ত্র যি এবাৰ এৰি দিয়াৰ পিছত কেতিয়াও বিফল নহয় ৷ অমিতাভ বচ্চনৰ গধুৰ কণ্ঠৰে ছবিখনৰ আৰম্ভণি হয় ৷ লগতে এনিমেচনৰ জৰিয়তে ছবিখন ছেট কৰিছে ৷ ছবিখনত ভিজুৱেল এফেক্টৰ প্রতিটো অংশক বিশেষ গুৰুত্ব দিয়া হৈছে ৷ সৰু সৰু ডিটেইলিঙৰ কাম কৰা হৈছে ৷ কাহিনীৰ ফালৰ পৰা ছবিখন যথেষ্ট দুর্বল ৷ এটা সৰল কাহিনী ৷ ইয়াক সমালোচনা কৰিবলৈ চিত্রনাট্যৰ ক্ষেত্রত বহু সুবিধা প্রদান কৰিছে ৷ যিহেতু চিত্রনাট্য স্বয়ং অয়নে লিখিছে ৷ তেওঁ ইয়াক আৰু অধিক শক্তিশালী কৰিব পাৰিলহেঁতেন ৷ তেওঁ হয়তো ছবিখনৰ কাৰিকৰী দিশবোৰত অধিক গুৰুত্ব দিছে, যাৰ ফলত কাহিনীটোক বেছি সময় নিদিলে ৷ লগতে সময়ৰ প্রতি লক্ষ্য ৰাখি তেওঁ চিত্রনাট্যটো ইমান ভালদৰে খাপ খুৱাব পৰা নাই ৷ সংলাপসমূহ লিখিছে হুছেহন দলালে ৷ ইয়াৰ পূর্বে তেওঁ য়ে জৱানী হেয় দিৱানী, টু ষ্টেট আৰু কাৰাভান আদি ছবিৰ বাবে সংলাপ লিখিছে ৷ কিন্তু যেতিয়া আপুনি ভাৰতীয় পৌৰাণিক কাহিনীক আধুনিকীকৰণ কৰিছে, সংলাপবোৰ হমান সংসৃক্ত ভাষা কৰি ৰখাৰ কি প্রয়োজন আছিল ৷ অপ্রয়োজনীয় কঠিন শব্দৰ বিশেষ প্রয়োজন নাছিল ৷ এটা স্বাভাৱিক ভাষা হলে ভাল হলহেঁতেন ৷ এনে লাগে যেন আপুনি এভেঞ্জাৰ চিনেমাৰ হিন্দী ডাব কৰা সংস্ক্ৰণটো চাই আছে ৷ লগতে বহুতো সংলাপৰ অর্থ একেবাৰেই নাই ৷

ছবিখনত প্রীতমৰ সংগীত নিখুঁত ৷ বেকগ্রাউণ্ড মিউজিকে একচন ছিকুৱেন্সত এক ডাঙৰ স্পর্শ যোগ কৰে ৷ চিনেমাটগ্রাফীও যথেষ্ট সুন্দৰ হৈছে ৷ এডিটিঙৰ কথা কবলৈ গলে বৰ ধুনীয়াকৈ ছবিখন সম্পাদনা কৰিছে ৷ শিৱা ৰূপত সুন্দৰ কাম কৰিছে ৰণবীৰ কাপুৰে ৷ তেওঁ অভাৰ এক্টিং নকৰিবলৈ চেষ্টা কৰিছে ৷ সেইখিনিত তেওঁ কিছু পৰিমাণে সফলো হৈছে ৷ ঈশাৰ চৰিত্রত কিছুমান ঠাহত অতিমাত্রা অভিনয়ৰ বলি হৈছে আলিয়া ৷ গুৰুজীৰ ভূমিকাত বিগ বি অমিতাভ বচ্চনে এক সুন্দৰ কাম কৰিছে ৷ তেওঁৰ কণ্ঠস্বৰেই হৈছে এহ ছবিখনৰ প্রাণ ৷ শ্বাহৰুখেও এক বিশেষ চৰিত্রত কিছুসময়ৰ বাবে দর্শকৰ মাজলৈ আহিছে ৷ ইপিনে বহু দিনৰ পাছত বলীউডত এন্ট্ৰী  মৰা নাগার্জুনেও এক সুন্দৰ অভিনয়ৰ যোগেদি দর্শকৰ মন মুহিছে ৷ মুঠৰ ওপৰত কাহিনীৰ বাদে ছবিখনৰ সকলো দিশৰ পৰাই শক্তিশালী ৷ এইখিনিতে আমি এজন পৰিচালক হিচাপে অয়ন মুখার্জীক শলাগ দিবলগীয়াও আছে ৷ কাৰণ তেওঁ এনে এখন ছবি নির্মাণৰ চেষ্টা কৰিছে, যিখন বলীউডৰ প্রখ্যাত–দৃতাবাদী পৰিচালকসকলেও এহ যুগত নির্মাণ কৰিবলৈ সাহস কৰিব পৰা নাছিল ৷ পৌৰাণিক কাহিনীৰ ওপৰত নির্মাণ কৰা ছবি বহুত পৰিমাণে আছে কিন্তু, পৌৰাণিক দৃশ্যপটত কাল্পনিক গল্প সৃষ্টিৰে এনে এখন ছবি নির্মাণ কৰিব পাৰিলে কেৱল অয়ন মুখার্জীয়েহে ৷ ছবিখনত তেওঁৰ প্রচেষ্টা, কাহিনীৰ প্রতি থকা বিশ্বাস আৰু এটা কঠিন কাম সম্পূর্ণ কৰি ছবিখন পর্দালৈ অনাৰ সাহস সঁচাকৈ প্রশংসনীয় ৷

ফোনঃ  ৯৩৬৫৪-৬৯৩৬৭

You might also like
Leave A Reply

Your email address will not be published.