হাত ধুনীয়াকৈ ৰখাৰ দিহা

 

আমাৰ হাত দুখন সকলো সময়ত ব্যৱহাৰ হৈ থাকে, নহয় জানো সেয়েহে আমি সকলোৱে হাত দুখনৰ বাকী অংগসমূহ কিদৰে যত্ন লোৱা উচিত৷ হাতৰ সাধাৰণভাৱে যত্ন লব পৰা কেহটামান উপায় আগববালোঁ ৷

১. দৈনিক হাত দুখন যিমান পাৰে পানীৰে ধুই চাফা কৰি ৰাখক ৷

২.  চাবোন বেছিকৈ ব্যৱহাৰ নকৰিব৷ কম খাৰযুক্ত হেণ্ড ৱাছ ব্যৱহাৰ কৰক ৷

৩. হাতখন ধোৱাৰ পিছত হেণ্ড লোচন লগাব সদায় ৷ যিসকল মহিলা চাকৰিয়াল তেওঁলোকে নিজৰ বেগত লোচন ৰাখিব ৷

৪. পাৰিলে ছানক্রীম মইশ্বৰাইজাৰ লগাওক ৷

৫. ৰাতি শোৱাৰ আগত অলপ কুহুমীয়া গৰম পানীত অলপ নিমখ, নেমু ৰস দি হাত দুখন তিয়াই ৰাখি ভাল দৰি ধুই, নাৰিকল তেল, দুই টোপাল মৌ মিলাই গোটেই হাত দুখনত লাহে লাহে মালিচ কৰিব ৷ এনেদৰে মালিচ কৰিলে ছালখনৰ কোমলতা বৃদ্ধি কৰি ছালখন উজ্জ্বল কৰি তোলে ৷

৬. কেতিয়াবা কিছুমান লোকৰ হাতত সৰু সৰু ফোহা বা খজুৱতিৰ দৰে হয় ৷ তেনেহলে সপ্তাহত তিনি চাৰি দিন মান নিমপাত, তুলসী পাত, কেঁচা হালধিৰ ৰস এই আটাহবোৰ মিলাই খজুৱতি হোৱা ঠাইত লগাই পানীৰে ধুব ৷

৭. আমি বেছিভাগ মহিলাই কিছু পৰিমাণে হলেও বাচন, কাপোৰ ধুবলগীয়া হয়৷ তেনে ক্ষেত্রত চাবোন বা ডিটার্জেণ্ট ব্যৱহাৰ কৰাৰ আগত হাতত অলপমান ভেছলিন লগাই লব ৷ নহলে অলপমান মিঠাতেলকে লগাওক ৷

৮. পৰাপক্ষত হাতত Bleach নকৰিব ৷ বেছিকৈ Bleach কৰিলে পাছলৈ হাতত কলা কলা দাগ পৰে ৷

৯. হাতত বা কাষলতিৰ তলত পাৰফিউম নামাৰিব ৷ কেতিয়াবা তাৰ বাবে ছালৰ সমস্যা হোৱা দেখা যায় ৷

১০. ঘডী বা আন কিবা হাতত পিন্ধিলে অলপমান লোচন হাতত লগাই লব ৷

You might also like
Leave A Reply

Your email address will not be published.