একচন–ৰোমাঞ্চেৰে ভৰপূৰ টাহগাৰৰ হিৰোপণ্টী–চ্

প্রণৱজ্যোতি মহন্ত

যেতিয়াই বলীউডত ফিটনেছ আৰু একচনৰ কথা আহে, এই তালিকাখনত টাইগাৰ শ্রফৰ নাম অবিহনে অসম্পূর্ণ হৈ থাকে ৷ টাইগাৰ শ্রফৰ এই বাহাদুৰীয়ে তেওঁৰ শেহতীয়া মুক্তিপ্রাপ্ত হিৰোপণ্টীচ্ত আপোনালোকে দেখিবলৈ পাব ৷ প্রথমতেই উল্লেখ কৰা প্রয়োজন যে হিৰোপণ্টী এহ শিৰোনামটো টাইগাৰৰ বাবে বিশেষতকৈও বিশেষ৷ কিয়নো তেওঁ হিৰোপণ্টীৰ দ্বাৰাই বলীউডত আত্মপ্রকাশ কৰিছিল ৷

কৰিগ্রাফাৰচলচিচ্ নির্মাতা আহমেদ খানে পৰিচালনা কৰা হিৰোপণ্টীচ্ ছবিখন এখন একচনৰোমাঞ্চেৰে ভৰপূৰ ছবি ৷ অৱশ্যে মুক্তিৰ পূর্বেই ট্ৰেইলাৰৰ পৰাই ইয়াৰ এক আভাস সকলো দর্শকেহ হয়তো পাইছিল, যাৰ বাবে ছবিখনৰ আগতীয়া বুকিঙো উৎকৃষ্ট আছিল ৷ ছবিখনত টাইগাৰৰ সৈতে মুখ্য চৰিত্রত অভিনয় কৰিছে মোহময়ী অভিনেত্রী তাৰা সুতাৰিয়া আৰু খলনায়কৰ ভূমিকাত নৱাজুদ্দিন ছিদ্দিকীয়ে ৷ ছবিখনৰ প্রযোজক আৰু লেখক হৈছে ছাজিদ নাদিয়াদৱালা ৷

হিৰোপণ্টীচ্ৰ কাহিনীৰ ফালে যদি আমি চাওঁ, বাবলু ৰানাৱট অর্থাৎ টাইগাৰ শ্রফে হিৰোপণ্টীচ্ ছবিখনত এজন ডাঙৰ হেকাৰৰ চৰিত্রত অভিনয় কৰিছে, যিয়ে মানুহক বিভিন্ন ধৰণে ফান্দত পেলাই প্রতাৰণা কৰে ৷ বাবলুৰ প্রেমকাহিনী আৰম্ভ হয় এগৰাকী যুৱতী ইনায়া তাৰা সুতাৰিয়াৰ সৈতে, যি ছবিখনত এজন আন্তর্জাতিক ডিজিটেল প্রৱঞ্চক লেহলা নৱাজুদ্দিন ছিদ্দিকীৰ ভগ্ণীৰ চৰিত্র ৰূপায়ণ কৰিছে  ৷

লেহলা এজন গেংষ্টাৰঠগপ্রৱঞ্, যিয়ে তেওঁ সৃষ্টি কৰা মবাইল এপৰ জৰিয়তে সহজে মানুহৰ বেংকৰ তথ্য লাভ কৰে ৷ বাবলুৰ হেকিং ক্ষমতাৰ দ্বাৰা প্রভাৱিত হৈ তেওঁ ভাৰতৰ সকলো বেংক ডকাইতি কৰাৰ পৰিকল্পনা কৰে৷ ইপিনে, বাবলুৱেও তেওঁৰ প্রেমৰ খাতিৰত এই প্রৱঞ্চনাৰ প্রকল্পটোত কাম কৰিবলৈ সন্মত হয় ৷

কিন্তু পিছত যেতিয়া বাবলুৱে এহ প্রৱঞ্চনাৰ ভুক্তভোগী অমৃতা সিঙক লগ পায়, তেতিয়া তেওঁৰ চকু খোল খায় ৷ যাৰ পিছত বাবলুৱে এই প্রৱঞ্চনাটোৰ সৈতে জডিত থকা সকলোকে কাৰাগাৰলৈ প্রেৰণ কৰাৰ প্রতিশ্রুতি দিয়ে৷ ইফালে এই বিষয়ে লেহলা অৱগত হোৱাত বাবলুক হত্যা কৰিবলৈ চেষ্টা কৰে ৷

দৰাচলতে কেনেকৈ বাবলুৱে হেকিঙৰ জগতৰ পৰা প্রৱঞ্চনাৰ এই সাম্রাজ্যৰ সমাপ্তি ঘটাই নিজৰ প্রেমক উদ্ধাৰ কৰে, সেয়ে হৈছে একচনমচলামনোৰ্ হিৰোপণ্টীচ্ৰ মূল কাহিনী৷

ছবিখনত সকলো অভিনেতাভিনেত্রীৰে সুন্দৰ অভিনয় দেখা পোৱা গৈছে ৷ এখন ভাল ছবিয়ে আপোনাক অলপ ৰোমাঞ্চিত কৰে, আপোনাক হাঁহিবলৈ বাধ্য কৰে, সুন্দৰ গানক অকণমান সময়ৰ বাবে হ’লেও গুণগুণাবলৈ বাধ্য কৰে ৷ এই সকলোখিনি দর্শকক উপহাৰ দিয়াত অকণো কৃপণালি কৰা নাই ছবিখনৰ পৰিচালকে ৷

টাইগাৰ শ্রফে প্রতিখন ছবিতেই নিজৰ সর্বোচ্চ দি দর্শকক আল্পুত কৰি আহিছে ৷ তেওঁৰ ষ্টাইল আৰু একচন এই ছবিখনৰ প্রাণ৷ নৃত্যৰ ক্ষেত্রতো তেওঁ দর্শকসকলৰ বাবে বহুতো নতুন নতুন ষ্টেপ আগবঢ়াইছে ৷ সেই কাৰণেই তেওঁৰ নাম বলীউডৰ একচনধর্মী অভিনেতাসকলৰ তালিকাত লিপিবদ্ধ হৈছে ৷

ইপিনে তাৰা সুতাৰিয়াৰ সৌন্দর্যৰ বিষয়ে যিমান কলেও যেন কম হব ৷ তেওঁৰ প্রতিটো ফ্রেমতেই আকর্ষণীয় অভিনয় দেখা গৈছে ৷ আনহাতে অমৃতা সিঙৰ চৰিত্রটো সৰু যদিও এই চৰিত্রটোৱেহ মূল কাহিনীটোত টুইষ্ট আনিছে ৷

কোৱা হয় যে তেতিয়াহে এখন ভাল ছবি নির্মাণ হয়, যেতিয়া নায়কৰ বিপৰীতে খলনায়কজনৰ ভূমিকাত এজন বলিষ্ঠ অভিনেতা থাকে ৷ এইক্ষেত্রত হিৰোপণ্টীচ্ এখন সুন্দৰ ছবি ৷ কিয়নো লেহলাৰ ৰূপত নৱাজুদ্দিন ছিদ্দিকীৰ বলিষ্ঠ অভিনয়ে ছবিখনক পূর্ণতা দিছে ৷

কৰিগ্রাফাৰৰ পৰা ছবি নির্মাতা হোৱা আহমেদ খানে যুৱপ্রজন্মক আকর্ষণ কৰাৰ কথা ভাবি ছবিখন নির্মাণ কৰিছে ৷ তেওঁ চিনেমাখন প্রতিটো কোণৰ পৰাই আমনিদায়ক নলগাৰ বাবে বিশেষ লক্ষ্যৰে প্রস্তুত কৰিছে ৷ ছবিখনৰ চিনেমাটোগ্রাফীও চমৎকাৰ আৰু এ আৰ ৰহমানৰ সংগীতৰ কথা পুনৰাবৃত্তি কৰাৰ হয়তো প্রয়োজন নাই ৷

ইয়াৰ উপৰি সংলাপৰ কথা কলে টাইগাৰৰ অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ যে আপুনি এই ছবিখনতো টাহগাৰ শ্রফৰ মুখৰ পৰা চটি বচ্চি  হো ক্যা আৰু চাবকো আতি নহি অওৰ মেৰী জাতি নহিৰ দৰে সংলাপ শুনিবলৈ পাব ৷

ফোনঃ  ৯৩৬৫৪৬৯৩৬৭

You might also like
Leave A Reply

Your email address will not be published.