পাঠান ঃ বাদশ্বাহৰ অভিজাত প্রত্যাৱর্তন

প্রণৱজ্যোতি মহন্ত

বিতর্কই এখন চিনেমাক হিট কৰে ৷ তাৰে এক লন্ত উদাহৰণ যেন পাঠান ৷ দেশজুৰি পাঠানক লৈ হোৱা সাংঘাতিক বিতর্কই চিনেমাখনৰ প্রতি দর্শকৰ আগ্রহ জগাই তুলিলে ৷ হললৈ অহাৰ পূর্বেই পাঠান ছুপাৰহিট হল ৷ আচলতে কেনেধৰণৰ চিনেমা হিট হয় কিছুদিন ধৰি দাক্ষিণাত্যৰ চিনেমাবোৰে কোটি কোটি টকাৰ ব্যৱসায় কৰি হিট চিনেমাৰ স্থান দখল কৰি আহিছে ৷ আল্লু অর্জুনৰ পুষ্পাৰ লগতে আৰ আৰ আৰ নামৰ চিনেমাখন সাংঘাতিকভাৱে সফল হৈছিল ৷ আৰ আৰ আৰ চিনেমাখন অস্কাৰলৈও নির্বাচিত হৈছে ৷ নাটু নাটু গানটোৰ বাবে গল্ডেন গ্লৱ বঁটাও লাভ কৰিছে ৷ সহজতে কবলৈ গলে এখন চিনেমা হিট হোৱাত গানৰ এক বৃহৎ ভূমিকা আছে ৷ লগতে কাৰিকৰীভাৱে খুব উচ্চখাপৰ বাবে দাক্ষিণাত্যৰ চিনেমাবোৰ দর্শকে ভাল পায় ৷

ৱাহআৰএফ স্পাই ইউনিভার্ছৰ চতুর্থ নিবেদন পাঠান হৈছে ২০১৮ত মুক্তি লাভ কৰা জিৰোৰ পিছত শ্বাহৰুখ খানৰ প্রথমখন ছবি ৷ ছবিখনৰ কাহিনী এজন ভাৰতীয় গুপ্তচৰৰ বিষয়ে, যাৰ লক্ষ্য হৈছে ভাৰতক লৈ ষড়যন্ত্র কৰা ভাৰাতীয়া সৈন্যৰ মুখ্য ব্যক্তিজনক বন্দী কৰা ৷ আববাছ টায়াৰৱালাই বিস্ফোৰক পাঞ্চ লাহনেৰে চিনেমাখনৰ সংলাপবোৰ কঁপাই তুলিছে ৷ ফলস্বৰূপে, সিদ্ধার্থ আনন্দৰ দ্বাৰা লিখা আৰু পৰিচালিত একচন–পেকড চলচিচত্রখন শেষত আকর্ষণীয় হৈ পৰিছে৷ সচিথ পাওলোছৰ চিনেমাটোগ্রাফী শেহতীয়া বছৰবোৰতকৈ অন্যতম আছিল ৷

কাহিনীৰ কথা কবলৈ গলে দেশপ্রেমৰ সূত্রৰে ভৰপূৰ ছবিখনৰ কাহিনী৷ কাশ্মীৰত বাতিল কৰা হৈছে ৩৭০ অনুচ্ছেদ ৷ এই সিদ্ধান্তত পাকিস্তান স্তম্ভিত হৈ পৰে ৷ ভাৰতৰ এই সিদ্ধান্তৰ ওপৰত এসেকা দিবলৈ পাকিস্তানে আউটফিট এক্স নামৰ এটা সন্ত্রাসবাদী গেঙৰ সমর্থন লয়, যাৰ নেতা জিম জন আব্রাহাম ৷ আৰু এই জিম এসময়ত RAWৰ এজন সাহসী আৰু দেশপ্রেমিক এজেণ্ট আছিল ৷  কিন্তু এটা মিছনত তেওঁৰ গর্ভৱতী পত্নীক তেওঁৰ সন্মুখতে নির্মমভাৱে হত্যা কৰা হৈছিল৷ যাৰ পৰাই জিমৰ ভিতৰত দেশৰ প্রতি ঘৃণা আৰু প্রতিশোধৰ অনুভূতি শক্তিশালী হৈ উঠে৷ দেশৰ শত্রুবোৰৰ লগতে তেওঁ নিজৰ দেশ ধবংস কৰিবলৈ বদ্ধপৰিকৰ হৈ পৰে ৷ এই ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় চোৰাংচোৱা বাহিনীৰ মুৰববী নন্দিনী ডিম্পল কাপাডিয়া আৰু বাহিনীটোৰ মুৰববী কর্নেল লুথ্রা আশুতোষ ৰাণা–ই তেওঁলোকৰ আটাইতকৈ সক্ষম এজেণ্ঢ পাঠান আৰু তেওঁৰ দলটোক নিযুক্তি দিয়ে ৷ জিমক ধৰি তেওঁৰ উদ্দেশ্য জানিবলৈ এই অভিযানত পাঠানে আই এছ আইৰ এজেণ্ট ৰুবাই দীপিকা পাডুকনক লগ পায় ৷ যদি জিমৰ লক্ষ্য আছিল ধবংস, তেন্তে পাঠানৰ একমাত্র লক্ষ্য নিজৰ দেশক ৰক্ষা কৰা ৷ কিন্তু বিশ্বাস আৰু বিশ্বাসঘাতকতাৰ ৰেখাডালৰ মাজত থিয় দিয়া এই দুজন নায়ক আৰু খলনায়কৰ মাজত ৰুবাই এনেকুৱা এটা সূতা বুলি প্রমাণিত হয় ৷ অৱশ্যে ভাৰত আৰু পাকিস্তানৰ দুই এজেণ্টৰ প্রেম কাহিনী টাহগাৰ ছিৰিজৰ ছবিতো পূর্বতে প্রদর্শিত হৈছে ৷ হয়াত পাঠান আৰু ৰুবাইৰো প্রেমৰ এক কোণ আছে ৷ ৰুবাইয়ে পাঠানক সমর্থন কৰিব নে বিশ্বাসঘাতকতা কৰিব জিমে নিজৰ অন্ধকাৰ অভিযানত সফল হব পাৰিবনে দেশ ৰক্ষাৰ বাবে যিকোনো পর্যায়লৈ যোৱা পাঠানে দেশক বচাব পাৰিবনে এহ প্রশ্নবোৰৰ উত্তৰ জানিবলৈ আপুনি নিশ্চয়কৈ ছবিখন চাব লাগিব পাঠান ৷

ছবিখনৰ স্কোৰ সঞ্চিত বলহাৰা আৰু অংকিত বলহাৰাৰ দ্বাৰা ৰচনা কৰা হৈছে আৰু গানবোৰ বিশাল–শেখৰে ৰচনা কৰিছে ৷ সম্পাদনাত আৰিফ শ্বেহখে ছবিখন এনে ধৰণৰ ছন্দত লৈ গৈছে, যাতে দর্শকে যিকোনো ঠাইত ইয়াৰ আকর্ষণ হেৰুৱাব নোৱাৰে ৷ সর্বোপৰি আদিত্য চোপ্রাৰ প্রযোজনাই এক সম্পূর্ণ মনোৰঞ্জন ৰাখি ক্লাইমেক্সক আচৰিত কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ কৰা প্রয়োজন যে ২০২২ চনৰ ২ নৱেম্বৰত শ্বাহৰুখ খানৰ ৫৭সংখ্যক জন্মদিনত ২৫০ কোটিৰ বিগ বাজেটৰ ছবিখনৰ টিজাৰ মুকলি কৰা হৈছিল ৷ এই টিজাৰটো মুকলি হোৱাৰ ২ দিনতকৈও কম সময়ৰ ভিতৰতে ইউটিউবত ইয়াৰ দর্শনৰ সংখ্যা ২২ নিযুত আৰু লাহকে ১ নিযুতৰো অধিক অতিক্রম কৰিছিল ৷ ইয়াৰ পাছত পাঠানৰ অফিচিয়েল ট্ৰেইলাৰটো চলিত বর্ষৰ ১০ জানুৱাৰীত মুক্তি দিয়া হৈছিল ৷ লগতে ট্ৰেইলাৰটো পিছত ১৪ জানুৱাৰীত বিশ্ববিখ্যাত বুর্জ খলিফাতো প্রদর্শিত হৈছিল ৷

প্রিমিয়াৰৰ সময়ত আটাহতকৈ আচৰিত কথাটো হল পাঠান আৰু টাইগাৰ ছালমান খানক একেলগে পর্দাত দেখা ৷ ইয়াৰ আগতে দর্শকে ১৯৯৫ চনত ৰাকেশ ৰোছনৰ কল্পনামূলক ছবি কৰণ–র্জুনত দুয়োজন খানক একেলগে ডাঙৰ পর্দাত দেখিছিল ৷ কিন্তু এইবাৰ পৰিৱেশটো সম্পূর্ণ বেলেগ আছিল ৷ অৱশেষত পাঠান ছবিৰ সৈতে দর্শকে দুয়োজন হিৰক একলগে লাভ কৰিলে ৷ ছবিখনে অন্তহীন মনোৰঞ্জন আৰু নিৰন্তৰ আকর্ষণেৰে ভৰা একচন ধাৰাৰ প্রতিটো উপাদান স্পর্শ কৰিছে ৷ অনুৰাগীসকলে এটা বাক্যত স্বীকাৰ কৰিছিল যে পাঠানে প্রচাৰৰ সময়ত দিয়া প্রতিশ্রুতি আখৰে আখৰে পালন কৰিছে আৰু দর্শকক নিৰাশ কৰা নাই ৷ শ্বাহৰুখ খানৰ সমর্পিত অভিনয়, স্বতঃস্ফূর্ত ষ্টাণ্ঢ আৰু চিত্তাকর্ষক অভিনয়ে তেওঁৰ পুৰণি অনুৰাগীসকলক শ্রেষ্ঠ হিন্দী ছবিৰ সোৱাদ দিছে ৷ এছআৰকে আৰু জন আব্রাহামৰ মাজৰ একচন ছিকুৱেঞ্চবোৰে চকু পর্দাৰ পৰা আঁতৰি যাবলৈ নিদিয়ে ৷ ৱাইআৰএফৰ পাঠান স্পাই ইউনিভার্ছ তেওঁলোক দুয়োৰে কেৰিয়াৰৰ বাবে সর্বশ্রেষ্ঠ কাম বুলি কব পাৰি ৷

ছবিখনত এছআৰকেৰ সহঃভিনেতাসকল আছিল দীপিকা পাডুকন, জন আব্রাহাম আৰু ডিম্পল কাপাডিয়া ৷ আটাহতকৈ ডাঙৰ কথাটো হল ছালমান খানৰ টাহগাৰ ৰাথোডৰ ৰূপত পর্দাত ভুমুকি মৰা ৷ অন্যান্য গুৰুত্বপূর্ণ চৰিত্রসমূহতো আশুতোষ ৰাণা, প্রকাশ বেলাৱাদী আৰু একতা কৌলে অভিনয় কৰিছে ৷

জন আব্রাহামৰ প্রদর্শনৰ কথা কবলৈ ভাষাৰ অভাৱ ঘটিছে ৷ বিশেষকৈ মুখা পিন্ধি থাকোঁতে তেওঁৰ উপস্থিতিয়ে ক্রিষ্টোফাৰ নোলানৰ বেন অফ দ্য ডার্ক নাইটৰ কথা মনত পেলাই দিয়ে ৷ তদুপৰি যিকোনো ছবি সফল হোৱাত নায়কৰ বিপৰীতে এজন ভাল খলনায়কৰ সদায়ে প্রয়োজন ৷ যি কাম জনে অতি সুন্দৰ ৰূপত উপস্থাপন কৰিছে ৷ ডিম্পল কাপাডিয়াৰ চৰিত্রটোৱে কাহিনীটোৰ গুৰুত্ব মুখ্য অভিনেতাসকলৰ সৈতে সামঞ্জস্যপূর্ণ কৰি ৰাখিছে ৷ দীপিকা পাডুকনে বহুত দক্ষতাৰে গুপ্তচৰ ছবিখনৰ নায়িকাৰ ৰহস্যময় চৰিত্রটোৰ অতি স্বাভাৱিকভাৱে অভিনয় কৰিছে ৷ ছবিখনত তেওঁৰ দ্বৈত চৰিত্রই এফালে ক্লাইমেক্সক জীৱন্ত কৰি তুলিছে আৰু কাহিনীটোৰ উত্থান–পতনৰ সৈতে আনফালে তেওঁলোকক অপ্রত্যাশিত কৰি তুলিছে৷ স্পাই জনছ নাইটৰ টুহষ্টটো নতুন নহয়, কিন্তু দীপিকাৰ এগৰাকী অদম্য মহিলাৰ চৰিত্রই পাঠানক এক বিশ্বমানৰ ব্লকবাষ্টাৰ কৰি তুলিছে ৷

পাঠান ছবিৰ সফলতাহ প্রমাণ কৰে যে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ ষ্টাৰডম এতিয়াও কমা নাহ৷ ৮০ৰ দশকৰ পৰা এই প্রতিষ্ঠিত নায়কজন এতিয়াও ছবি অনুৰাগীসকলৰ প্রেমৰ কেন্দ্রবিন্দু ৷ তেওঁৰ আহিবলগীয়া কামবোৰে আৱেগৰ এই জোৱাৰক অধিক ইন্ধন প্রদান কৰিছে ৷ এয়া কেৱল ব্লকবাষ্টাৰৰ প্রকাশ নহয়, পুৰণি নায়কক পুনৰ ঘূৰাই পোৱাটো দর্শক আৰু বলীউড উদ্যোগকো এক গতি প্রদান কৰিছে ৷

ফোন ঃ ৯৩৬৫৪-৬৯৩৬৭

You might also like
Leave A Reply

Your email address will not be published.