লেডী সিংঘমৰ চৰিত্রত দীপিকা

লেডী সিংঘমৰ চৰিত্রত দীপিকা

 চলচিচত্র নির্মাতা ৰোহিত ছেট্টীয়ে সিংঘমৰ পিছৰ খণ্ড নির্মাণৰ যো–জা কৰিছে ৷ আৰু এহবাৰ লেডী সিংঘমৰ চৰিত্রত দেখা যাব মোহময়ী অভিনেত্রী দীপিকা পাডুকনক ৷ আগন্তুক বছৰত তেওঁলোক দুয়ো একেলগে কাম কৰিবলৈ সাজু হৈছে ৷

অভিনেত্রীৰ ভৰিত চুমা পৰিচালকৰ

প্রায়ে যিকোনো ধৰণৰ বিতর্কৰ মাজত সোমাই থকা ৰাম গোপাল বার্মাই শেহতীয়াকৈ শ্বেয়াৰ কৰিছে এগৰাকী অভিনেত্রীৰ ভৰিত চুমা খাই থকা ফটো আৰু ভিডি৷ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীসকলেও হয়াৰ প্রতিক্রিয়া প্রকাশ কৰিছে ৷ এফালে অনুৰাগীয়ে ইয়াৰ বাবে তেওঁক ট্ৰল  কৰি থকাৰ বিপৰীতে আনফালে কিছুমানে তেওঁক ভাগ্যৱান বুলিও অভিহিত কৰিছে ৷

গুগ্লত সুস্মিতা সেন

এই বছৰ গুগ্লত আটাইতকৈ বেছি সন্ধান কৰা অভিনেত্রীগৰাকী হৈছে সুস্মিতা সেন ৷  আটাহতকৈ আষ্চর্যজনক কথাটো হল যে সুস্মিতা সেনে তেওঁৰ কোনো নতুন ছবি বা গানৰ বাবে অনুসন্ধান তালিকাত থকা নাই ৷ দৰাচলতে ললিত মোদীৰ সৈতে সম্পর্কৰ বাবে সুস্মিতা সেনক এই বছৰ আটাহতকৈ বেছি অনুসন্ধান কৰা হৈছিল ৷

চুকুন মুকলি

ছবি নির্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ সংগীত এলবাম চুকুন মুক্তি পাহছে৷ সুৰৰ ৰাণী লতা মংগেশকাৰৰ সন্মানত এই এলবামটো উপস্থাপন কৰিছে সঞ্জয়ে ৷ ৯টাকৈ গান ৰখা এই এলবামটোত অসমৰ পাপনেও কণ্ঠ নিগৰাইছে ৷

You might also like
Leave A Reply

Your email address will not be published.