ৰুচক চর্চা

RRR ৰ বুলগেৰিয়া সংযোগ

শেহতীয়াকৈ মুক্তি পালে বহু প্রতীক্ষিত এছ এছ ৰাজামৌলীৰ ছবি RRR ৷  এই ছবিত ভীমৰ চৰিত্রত অভিনয় কৰিছিল জুনিয়ৰ এনটিআৰে ৷ এক সাক্ষাৎকাৰত জুনিয়ৰ এনটিআৰে জনোৱা অনুসৰি ছবিখনৰ এটা দৃশ্যত সিংহৰ সৈতে ঘন জংঘলত যুঁজ দেখুওৱা হৈছে ৷ সেই নির্দিষ্ট দৃশ্যটোৰ দৃশ্যগ্রহণৰ বাবে ১২ দিন জংঘলত দৌৰাৰ অনুশীলন কৰিবলগীয়া হৈছিল তেওঁ আৰু সেই নির্দিষ্ট দৃশ্যটোৰ দৃশ্যগ্রহণ বুলগেৰিয়াৰ ঘন জংঘলত ৬৫ দিন ধৰি চলিছিল ৷

কেজিএফ–২ৰ ট্ৰেইলাৰ চমক

কেজিএফ চেপ্ঢাৰ–২ৰ ট্ৰেইলাৰ  পাঁচটা ভাষাত মুকলি কৰা হৈছে ৷ কিন্তু এF ট্ৰেইলাৰ মুক্তিৰ ২৪ ঘণ্ঢাতে অতীতৰ সকলো ৰেকর্ড ভংগ কৰিছে ৷ ছবিখন অহা ১৪ এপ্রিলত হিন্দী, তামিল, তেলুগু আৰু মালয়ালমত মুক্তি পাব ৷

অস্কাৰৰ মঞ্চত চৰ

বিশ্বৰ আটাহতকৈ ডাঙৰ বঁটা প্রদান অনুষ্ঠান অস্কাৰত উহল স্মিথে বঁটা প্রদান অনুষ্ঠানৰ আয়োজক ক্রিছ ৰকক প্রচণ্ড চৰ শোধায়৷ প্রথমে এই ঘটনা কৌতুক যেন লাগিলেও পাছলৈ এই ঘটনাই বিশ্বজুৰি চর্চা লাভ কৰে ৷ দৰাচলতে ৰকে উহল স্মিথৰ পত্নীক লৈ ধেমালি কৰাত এহ অবাঞ্ছিত ঘটনা সংঘটিত হয় ৷

নীতা আম্বানিয়ে নিপিন্ধে সোণৰ অলংকাৰ

ভাৰতৰ আটাহতকৈ ধনী ব্যক্তি হৈছে মুকেশ আম্বানি ৷ আপুনি যদি লক্ষ্য কৰে কেতিয়াও এই ধনাঢ্য ব্যক্তিৰ পত্নী উদ্যোগী নীতা আম্বানিৰ গলত সোণৰ অলংকাৰ পিন্ধা দেখা নাপাব ৷ দৰাচলতে নীতা আম্বানিয়ে সোণ একেবাৰে ভাল নাপায় ৷ সেয়েহে সোণৰ পৰিৱর্তে তেওঁ হীৰা আৰু মুকুতাৰ দামী নেকলেছ পিন্ধে ৷ সেই হীৰা আৰু মুকুতাবোৰৰ দাম সোণতকৈ বহুগুণে বেছি ৷

You might also like
Leave A Reply

Your email address will not be published.