নিজকে সুন্দৰ কৰি ৰাখিবলৈ

বিষয়া ভূঞা

নাৰীৰ সৌন্দর্য সর্বদা চর্চিত ৷ সৌন্দর্য নাৰীৰ সম্পদেই নহয় এয়া নাৰীৰ প্রাকৃতিক শক্তিও ৷ যি ৰূপ–যৌৱন আৰু সৌন্দর্যই ঋষি–মুনিৰো তপস্যা ভংগ কৰিব পাৰে ৷

সৌন্দর্য জন্মগত ৷ কিন্তু এই জন্মগত সৌন্দর্যৰে সৈতে নিজক সুন্দৰ কৰি ৰাখিবলৈ নিজৰ চেষ্টা লাগিব ৷ নাকটো জোঙা বা ছালখন বগা হলেই এজনী মহিলা সুন্দৰ বা সুন্দৰী বুলি কব নোৱাৰি ৷ এগৰাকী নাৰী তেতিয়াহে সুন্দৰী হৈ উঠিব যেতিয়া তেওঁ স্বাস্থ্যৱান হব, লগতে চাল–চলন, কথা–বতৰা, পৰিষ্কাৰ–পৰিচ্ছন্ন, পোছাক পৰিধান আদিও তেওঁৰ সুন্দৰ হব ৷ ৰুগীয়া শৰীৰ কেতিয়াও সুন্দৰ হৈ থাকিব নোৱাৰে ৷ সেয়েহে সময় থাকোঁতে আমি আমাৰ স্বাস্থ্যৰ যত্ন লব লাগে ৷ সৌন্দর্য আৰু স্বাস্থ্যক কেতিয়াও পৃথককৈ চাব পৰা নাযায় ৷

সুন্দৰ হৈ থাকিব বিচৰাটো নাৰীৰ সহজাত প্রবৃত্তি ৷  নিজকে সজাই–পৰাই ৰাখি তেওঁলোকে এক ধৰণৰ আত্মসন্তুষ্টি লাভ কৰে ৷ যাৰ বাবে নাৰী আকর্ষণৰ কেন্দ্রবিন্দু ৷  নাৰীসকলৰ মাজতো কিছুমান এনেকুৱা আছে যিয়ে সময়ৰ অভাৱত নিজৰ স্বাস্থ্য বা সৌন্দর্যৰ প্রতি গুৰুত্ব দিব নোৱাৰে আৰু কিছুমান এলেহুৱা ৷ যাৰ বাবে তেওঁলোক নিজৰ প্রতি উদাসীন ৷

ভাৰতীয় মহিলাসকলে পূর্বৰে পৰা ঘৰতে উপলব্ধ প্রাকৃতিক দ্রব্যৰে নিজৰ ৰূপচর্চাত বেছি গুৰুত্ব দি আহিছে ৷ এতিয়া বজাৰত স্বাস্থ্য নাইবা সৌন্দর্য চর্চাৰ বিভিন্ন আধুনিক কৌশল উপলব্ধ যদিও সকলোৰে বাবে এই কৌশল অৱলম্বন কৰা সহজসাধ্য নহয় ৷ তাৰ বাবে তেওঁলোকে কম খৰচতে ঘৰতে সহজে পোৱা দ্রব্যৰে অলপ সচেতনতাৰে নিজক সুন্দৰ কৰি ৰাখিব পাৰে ৷ শৰীৰৰ প্রতি অৱহেলা আৰু অসচেতনতাই আমাৰ শৰীৰত কিছু অবাঞ্ছিত সমস্যাৰ সৃষ্টি কৰে ৷ যেনে ছালৰ ৰং কলা পৰা, পেটত চর্বি জমা হোৱা, চকুৰ তল কলা পৰা, বয়স্ক্ৰেখাৰ চাপ পৰা, শৰীৰ আগফালে হাউলি যোৱা, বুকুৰ সৌন্দর্য নষ্ট হোৱা এইবোৰ ৷

নিজকে সুন্দৰ কৰি ৰাখিবলৈ আমি এনেদৰে যত্ন লওঁ আহক

স্বাস্থ্যঃ  শৰীৰ সুস্থ্য হলেহে আমাৰ মস্তিষ্ক্ সুস্থ থাকিব আৰু মস্তিষ্ক্ সুস্থ হলেহে আমাক সুচাৰুৰূপে পৰিচালিত কৰিব ৷ আমি নিয়মিত ব্যায়াম আৰু আসন কৰাৰ অভ্যাস গঢ়ি তুলিব লাগিব ৷ তেতিয়াহে আমাৰ শৰীৰ সুস্থ, কর্মঠ আৰু ক্রিয়াশীল হৈ থাকিব ৷ শৰীৰৰ গঠন সুন্দৰ হৈ থাকিব ৷ ওজনৰ ভাৰসাম্য থাকিব ৷ অত্যধিক ওজন বাঢ়িলেও স্বাস্থ্য আৰু সৌন্দর্যৰ ক্ষেত্রত প্রভাৱ পৰে ৷ অন্য ব্যায়াম কৰাৰ সুবিধা নথকাসকলে ৰাতিপুৱা উঠি সদায় আধা ঘণ্টা  খোজকঢ়া অভ্যাস কৰিব পাৰে ৷ দ্রুতবেগত ঘামি যোৱাকে খোজকাঢ়িলে শৰীৰৰ ৰক্ত সঞ্চালন সুন্দৰভাৱে হয় ৷ দেহ আটিল হৈ থাকিব, সতেজতা আহিব ৷ অৱশ্যে উচ্চ ৰক্তচাপ বা হার্টৰ অসুখ থকাসকলে ডাক্তৰৰ পৰামর্শ মতেহে চলিব ৷

আহাৰঃ  শৰীৰটোক সুস্থ্য কৰি ৰাখিবলৈ প্রয়োজনীয় সম্পদ হৈছে সুখাদ্য ৷ পুষ্টিকৰ আৰু নিয়ন্ত্রিত খাদ্যইহে শৰীৰ সুস্থ্য ৰাখিব পাৰে ৷ প্রত্যেকজন মানুহ নিজৰ শৰীৰৰ অৱস্থা, গঠন আৰু প্রয়োজন অনুসৰি খাদ্য গ্রহণ কৰিব লাগে ৷ তিতা, কেহা, টেঙা, মিঠা, নিমখীয়া সকলো ধৰণৰ খাদ্যই আমি গ্রহণ কৰিব লাগে ৷ গাখীৰ, কণী, মাছ, মাংস, সতেজ ফলমূল, সেউজীয়া শাক–পাচলি, তেল, চাউল, আটা আদি সকলো ধৰণৰ খাদ্য নিজৰ শৰীৰৰ প্রয়োজন অনুসৰি গ্রহণ কৰিব লাগে ৷ আঁহজাতীয় খাদ্য গ্রহণ কৰি শৌচ–প্রস্রাৱ খোলোচা কৰি ৰাখিব লাগে ৷

মালিচঃ নিয়মিতৰূপে তেল মালিচ শৰীৰৰ বাবে অত্যন্ত লাভদায়ক হয় ৷ প্রতিসপ্তাহত কমেও এবাৰ মালিচ কৰিব পাৰিলে শৰীৰ নৰম আৰু মসৃণ হয় ৷ ছাল উজ্জ্বল হয় ৷ সদায় গা ধোৱাৰ আগত নিজ হাতেৰে শৰীৰত তেল মালিচ কৰি ছালৰ সৌন্দর্য অটুট ৰাখিব পাৰি৷ এজন থেৰাপিষ্টৰ হতুৱাই মালিচ কৰোৱাটো ব্যয়বহুল যদিও কিছুমানৰ বাবে প্রয়োজনীয় হৈ পৰে৷ শৰীৰ নাইবা মূৰৰ মালিচৰ জৰিয়তে মানুহ এজনৰ মানসিক চাপ কম কৰি মানুহজনক বিশ্রাম অৱস্থালৈ নিব পাৰি ৷ কিছুমান মালিচৰ জৰিয়তে শৰীৰৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰি শৰীৰৰ ওজন কমোৱাটো সহায় কৰে ৷ যিবোৰ ব্যক্তিৰ দৈহিক কষ্টতকৈ মানসিক কষ্ট বেছি হয়, তেনে লোকৰ বাবেও এইধৰণৰ মালিচ প্রয়োজনীয় ৷

স্নানঃ  পৰিষ্কাৰ–পৰিচ্ছন্ন হৈছে সৌন্দর্যৰ মূল পৰিভাষা ৷ সেয়েহে স্নান সৌন্দর্য চর্চাৰ এক অবিচ্ছেদ্য অংগ ৷ নিয়মিতভাৱে ছাল, চুলি, শৰীৰ পৰিষ্কাৰ কৰি স্নান কৰা প্রয়োজন ৷ শৰীৰত তেল মালিচ কৰি লৈ স্নান কৰি আহিলে শৰীৰৰ ক্লান্তি দূৰ হোৱাৰ লগতে ছালৰ নোমছিদ্র মুকলি হয় আৰু মৃত ছাল আঁতৰি শৰীৰ মসৃণ হৈ থাকে ৷ শৰীৰৰ দুর্গন্ধ নাথাকে ৷ স্নানৰ পানীত মাজে–সময়ে নেমুৰ ৰস মিহলি কৰি লব লাগে ৷ তেতিয়া ছালৰ উজ্জ্বলতা বৃদ্ধি হয় ৷ গোলাপৰ পাপৰি পিহা গা–ধোৱা পানীত মিহলি কৰি গা ধুলে শৰীৰ আৰু মনলৈ সতেজতা আহে ৷ প্রতিদিনে স্নান কৰক আৰু নিজক সুন্দৰ কৰি ৰাখক ৷

বিশ্রামঃ  শৰীৰৰ বাবে বিশ্রাম অতি প্রয়োজনীয় ৷ দিনটোৰ বিভিন্ন কর্মব্যস্ততাৰ অন্তত ব্যক্তি এজনক কিছু সময়ৰ বিশ্রামৰ প্রয়োজন হয় ৷ টোপনিয়ে এজন ব্যক্তিক সুন্দৰ বিশ্রাম দিব পাৰে ৷ শৰীৰৰ লগতে মানসিক বিশ্রামো হয় টোপনিত ৷ টোপনিয়ে আমাৰ পাচনক্রিয়া সুচাৰুৰূপে হোৱাত সহায় কৰে ৷ শোৱাৰ সময় নিয়মীয়া হলেহে আমাৰ টোপনি ভাল হয় ৷ ভাল টোপনি হলে আমাৰ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতাও বাঢ়ে ৷

চাল–চলনঃ  সম্পূর্ণৰূপত নিজকে সুন্দৰী বুলি প্রতিষ্ঠা কৰিবলৈ হলে আমাৰ কথা কোৱাৰ ধৰণ, খোজ–কাটল, উঠা–বহা, পোছাক পৰিধান আদিতো আমি গুৰুত্ব দিব লাগিব ৷ জ্যেষ্ঠজনৰ প্রতি সন্মান প্রদর্শনৰ লগতে সৰুজনক মৰম, এই সকলো কথাই আমাৰ চাল–চলনত পৰে ৷ কিছু সচেতন আৰু এটি ভাল মন লৈ চলিলে আমি সুন্দৰ চাল–চলনৰ অধিকাৰী হব পাৰোঁ ৷

মেক–আপঃ  প্রাচীন কালত সৌন্দর্যৰ বাবে মেকআপৰ প্রচলন নাছিল যদিও এতিয়া ইয়াৰ বিপৰীত ৷ গতিকে পৰিৱর্তিত সময়ৰ লগত খাপ খুৱাই আমিও চলিব লাগিব ৷ সময়ে সময়ে আমাকো মেকআপৰ প্রয়োজন হৈছে ৷ ভিৰৰ মাজত নিজকে সুন্দৰ দেখিবলৈ মেকআপৰ বিষয়ে অলপ জ্ঞান থকাৰ দৰকাৰ ৷ কোন সময়ত কি ধৰণৰ মেকআপ কৰিব লাগে নাইবা মেকআপ কেনেকৈ কৰিব লাগে, সেই কথাখিনি আমি শিকি লব লাগে ৷

ফেশ্বনঃ  ফেশ্বন বা পোছাক ৷ নাৰীৰ সৌন্দর্যৰ ক্ষেত্রত ফেশ্বনৰ বিশেষ ভূমিকা আছে ৷ ফেশ্বনো এটি সুন্দৰ কলা ৷ সময়ৰ সৈতে খোজ মিলাই নিজকে অতি আকর্ষণীয় ৰূপত স্থাপন কৰিবলৈ ফেশ্বনৰ বিষয়ে জ্ঞান থকাৰ খুবেই প্রয়োজন ৷ এই সময়ত এইটো ফেশ্বন চলিছে বুলিয়ে নিজৰ ভাল নেদেখিলেও সেই ফেশ্বন গ্রহণ কৰাটো আকৌ মূর্খামিহে হয় ৷

এই সকলোবোৰৰ ওপৰত আমাৰ অন্যতম সম্পদ হৈছে এমোকোৰা হাঁহি ৷ প্রতিমুহূর্তত মুখত এটি মৃদু হাঁহি ৰাখিবলৈ চেষ্টা কৰক, ইয়ে আপোনাৰ সৌন্দর্যত অন্য এটি মাত্রা প্রদান কৰিব ৷ হাঁহিয়ে নাৰীক কৰি তোলে স্নেহময়ী, লাস্যময়ী ৷

ফোনঃ ৯৪৩৫৬-৩৫৪৬৬

You might also like
Leave A Reply

Your email address will not be published.