চমৎকাৰ সাফল্যৰে দৃশ্যম–চ্

প্রণৱ জ্যোতি মহন্ত

গান্ধীজী আৰু লালবাহাদুৰ শাস্ত্রীৰ মাজত কিবা এটা মিল আছে ৷  আপুনি জানেনে সেই সাধাৰণ মিলটোৰ কথা সেয়া হৈছে তেওঁলোক দুয়োগৰাকীৰে জন্মজয়ন্তী ২ অক্টোবৰত ৷ কিন্তু ২ অক্টোবৰত আৰু এটা ঘটনা ঘটিছিল ৷ মনত আছেনে চিন্ময়ানন্দৰ সৎসংগ আছিল ৷ বিজয় ছালগাওকাৰ আৰু তেওঁৰ পৰিয়াল এই সৎসংগত অংশগ্রহণ কৰিবলৈ গৈছিল ৷ দৃশ্যম–ৰ খণ্ডটো যিয়েই চাইছে তেওঁৰ নিষ্চয় এই শাৰীটো মনত ৰৈ গৈছিল ৷ পৰিয়ালৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ ৷ মই তেওঁলোকৰ বাবে যিকোনো কাম কৰিব পাৰোঁ ৷ তেতিয়া পৃথিৱীয়ে মোক লাগিলে স্বার্থপৰ বা আত্মকেন্দ্রিক বুলিয়ে নকওক কিয় ৷ দৃশ্যম–ৰৰ পৰা দৃশ্যম–চ্লৈকে ছবিখনৰ এই সংলাপটোৱেহ হৈছে কাহিনীটোৰ মূল ৷ প্রথম খণ্ডত আজিৰ পৰা সাত বছৰ পূর্বৰ পৰাই পৰিয়ালক বচাবলৈ বিজয় ছালগাওকাৰে অজয় দেৱগন নিজৰ যিকোনো সীমা অতিক্রম কৰিছিল ৷ অৱশ্যে একেখন ছবিতে আন এটা সংলাপ আছে সত্য সদায়ে এজোপা গছৰ বীজৰ দৰে, যিমানেই পুতি থলেও এদিন নহয় এদিন বাহিৰলৈ ওলাই আহিবই আৰু এতিয়া সাত বছৰৰ পিছত দৃশ্যমৰ দ্বিতীয় খণ্ডত অতীতৰ অন্ধকাৰ সত্যটো পুনৰ চর্চালৈ আহিছে ৷ এনে পৰিস্থিতিত পৃথিৱীৰ দৃষ্টিত আত্মকেন্দ্রিক বিজয়ে এইবাৰো নিজৰ পৰিয়ালটোক বচাবলৈ নিজৰ সকলো সীমা অতিক্রম কৰিব পাৰিবনে এই গোপনীয়তাৰে ঢাকি ৰখা কাহিনীৰেই দৃশ্যম–চ্ৰ ছবিখন দর্শকক ছবিগৃহলৈ হাতবাউল দি মাতিছে ৷ দৃশ্যম–ৰৰ অভূতপূর্ব সফলতাৰ পিছত দর্শকেও ছবিখনৰ দ্বিতীয় খণ্ডৰ বাবে আগ্রহেৰে অপেক্ষা কৰি আছিল আৰু দ্বিতীয় খণ্ড মুকলিৰ লগে লগেই স্বাভাৱিকতেই ছবিখন চাবলৈ দর্শকৰ সোঁত বৈছে ৷ ইতিমধ্যে ছবিখনে উপার্জনৰ ক্ষেত্রত ২০০ কোটিৰ ঘৰ অতিক্রম কৰি সগৌৰৱেৰে ছবিগৃহত চলি আছে ৷ দর্শকৰ এনে সঁহাৰিৰ প্রতি লক্ষ্য ৰাখি ছবিখনৰ পৰিচালকে ছবিখনে আৰু অধিক উপার্জন কৰিব বুলি মত প্রকাশ কৰিছে ৷

তেওঁ বাচি গল কিয়নো মই এজন ৪থ শ্রেণী অনুত্তীর্ণক সহজভাৱে লৈ ভুল কৰিলোঁ কিন্তু তেওঁ ফঁচি গল কিয়নো তেওঁ এগৰাকী মাতৃক সহজভাৱে লৈ ভুল কৰিলে৷– টাবু

হিংসা আৰু ৰোমাঞ্চৰ আধাৰত নির্মিত কাহিনীৰে বিৰক্ত হোৱা হিন্দী চিনেমাৰ দর্শকে বিশ্বৰ আন প্রান্তৰ দর্শকৰ দৰেহ থ্রিলাৰযুক্ত ছবি উপভোগ কৰিব বিচাৰে ৷ যোৱা দশকত থ্রিলাৰ ছবিসমূহ বিশ্বজুৰি আটাহতকৈ সফল ছবি হিচাপে পৰিগণিত হৈছে ৷ দৃশ্যম–চ্ ছবিখনে দর্শকৰ এই পছন্দৰ সৈতে খাপ খাই পৰিছে ৷ কাহিনীটোৰ ফালে লক্ষ্য কৰিলে ২য় খণ্ডটোও একে নামৰ মালয়ালম থ্রিলাৰখনৰ অভিযোজন৷ কাহিনীটো আৰম্ভ হৈছে যৰ পৰা ৭ বছৰ আগতে বিজয়ে বেলচা লৈ থানাৰ পৰা ওলাহ আহে ৷ এতিয়া কাহিনীটো আগবােে বর্তমান সময়ৰ পৰা ৷ সাত বছৰৰ পিছত বিজয়ে নিজৰ সপোন পূৰণ কৰিছে ৷ তেওঁ এতিয়া পূর্বে দেখি থকা সপোনৰ চিনেমা হলটোৰ মালিক হল ৷ তেওঁৰ নিজে লিখা কাহিনীৰ আধাৰত এখন ছবি নির্মাণৰ প্রস্তুতি চলাই আছে ৷ তেওঁৰ কন্যা অঞ্জু ঈশিতা দত্ত এতিয়াও অতীতৰ পৰিঘটনাত আঘাতপ্রাপ্ত হৈ মৃগী ৰোগত আক্রান্ত৷ ইতিমধ্যে কনিষ্ঠ কন্যা অনু মৃণাল যাদৱ কিশোৰ বয়সত ভৰি দিছে ৷ পত্নী নন্দিনী শ্রিয়া সাৰণয়ে নিজৰ সুখ–দুখবোৰ চুবুৰীয়া জেনীৰ নেহা যোশী সৈতে আলোচনা কৰি থাকে, তেওঁ এই কথাত অজ্ঞাত যে অতীতৰ কলা ধোঁৱাই তেওঁলোকক এতিয়াও পিছ এৰা নাই ৷ এতিয়া বিজয় ছালগাওকাৰো আর্থিকভাৱে সমৃদ্ধিশালী হৈ উঠিছে ৷ হতিমধ্যে মীৰা দেশমুখ টাবু–এ আই জিৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে গোৱাৰ নতুন আই জি ৰূপে তৰুণ আহলাৱত অক্ষয় খান্নাক গোৱালৈ বদলি কৰা হৈছে ৷ ইপিনে আই জি তৰুণ আহলাৱত মীৰা দেশমুখৰ এগৰাকী ভাল বন্বুূ ৷ স্বামী ৰজত কাপুৰৰ সৈতে লণ্ডনত বাস কৰা মীৰা পুত্রৰ মৃত্যুবার্ষিকীত গোৱালৈ আহে ৷ গোৱালৈ আহি পুনৰ তেওঁৰ পুত্র হত্যাৰ ঘাবোৰ সতেজ হৈ উঠে ৷ তেওঁ যিকোনো মূল্যৰ বিনিময়ত বিজয়ৰ পৰা সঁচাটো উলিয়াই বিজয় আৰু তেওঁৰ পৰিয়ালক শাস্তি প্রদান কৰিব বিচাৰে ৷ এইক্ষেত্রত আই জি তৰুণে তেওঁক পূর্ণ সমর্থন কৰে আৰু আৰক্ষীৰ হাতত এনেকুৱা কিছুমান প্রমাণ আহি পৰে যে বিজয় আৰু তেওঁৰ পৰিয়ালৰ এইবাৰ পলায়ন অসম্ভৱ হৈ পৰে ৷ বিজয়ে এতিয়া কি কৰিব যোৱাবাৰৰ দৰে তেওঁ নিজৰ পৰিয়ালটোক বচাব পাৰিবনে, এই সকলো সামৰি নির্মাণ কৰা হৈছে দৃশ্যম–চ্ ৷

বিজয়ৰ চৰিত্রত অজয় দেৱগনে পুনৰ বলীউডৰ ১ নম্বৰ অভিনেতা হিচাপে প্রমাণিত হৈছে ৷ তেওঁৰ এনে চৰিত্রবোৰ মোৰ ব্যক্তিগতভাৱে বহুত ভাল লাগে, যত তেওঁ চৰিত্রটোক আঁকোৱালি লৈ নিজৰ ধৰণেৰে অভিনয় কৰে ৷  ইয়াৰ উপৰি টাবু এইবাৰ এগৰাকী আৰক্ষী বিষয়াৰ ভূমিকাত নহয়, এইবাৰ মাতৃৰ চৰিত্রত অভিনয় কৰিছে ৷ হত্যা কৰা তেওঁৰ একমাত্র পুত্রৰ মাতৃৰ চৰিত্রত এগৰাকী মাতৃৰ অসহায়তা আৰু ক্ষোভক তেওঁ বৰ সুন্দৰকৈ উপস্থাপন কৰিছে টাবুৱে ৷ ইয়াৰ উপৰি আহ জি তৰুণৰ চৰিত্রত বহু দিনৰ পিছত ৰূপালী পর্দাত এগৰাকী সাহসী আৰক্ষী বিষয়াৰ চৰিত্রত অক্ষয় খান্নাৰ অভিনয় সমগ্র ছবিখনক গতি প্রদান কৰিছে ৷  কাৰিকৰী দিশতো শেহতীয়া হিন্দী ছবিসমূহতকৈ দৃশ্যম–চ্ ছবিখনত বহুখিনি উন্নত হৈছে ৷ পৰিচালক অভিষেক পাঠকে এহ ছবিখন হিট কৰাত সমর্থ হৈছে৷ লগতে সুধীৰ চৌধাৰীয়ে নিজৰ কেমেৰাৰ জৰিয়তে সম্পূর্ণ বেলেগ দৃষ্টিকোণৰ পৰা গোৱাখনক দেখুৱাবলৈ চেষ্টা কৰিছে ৷ ক্লাইমেক্সৰ দৃশ্যটোত আগতে নেদেখা গোৱাৰ কিছুমান সৌন্দর্যক নিজৰ কেমেৰাৰ লেন্সত দেখুওৱাত সার্থক হৈছে ৷ দৃশ্যম–চ্ ছবিখনত সংগীত পৰিচালক তথা সুৰকাৰ দেৱী শ্রীপ্রসাদে প্রথমবাৰলৈ সকলো সংগীত আৰু বেকগ্রাউণ্ড মিউজিক প্রদান কৰিছে ৷ জুবিন নৌটিয়ালৰ কণ্ঠত সাথ হম ৰহেহন ইতিমধ্যে হিট হৈ পৰিছে যদিও শেষৰ ক্রেডিটত বজোৱা ৰেপ গীতটোহে দৃশ্যম–চ্ ছবিখনৰ মূল গীত ৷ শেষত আপুনি যদি নিজৰ পৰিয়ালৰ সৈতে বহু দিনৰ পৰা এখন ভাল ছবি চাম বুলি অপেক্ষা এতিয়াও কৰি আছে, তেন্তে বিনাদ্বিধাহ দৃশ্যম–চ্ ছবিখন পৰিয়ালৰ সৈতে উপভোগ কৰিব পাৰে ৷

ফোনঃ  ৯৩৬৫৪-৬৯৩৬৭

You might also like
Leave A Reply

Your email address will not be published.