ইক ফেশ্বন

 ৰুবী বৰদলৈ

বিশ্ব অর্থনীতিত মুঠ দুই শতাংশ জিডিপিৰে উজলি থকা ফেশ্বন ইণ্ডাষ্ট্রীটোৱে আমাৰ পৃথিৱীখনৰ প্রদূষণ বৃদ্ধি কৰা ঘাই উৎসসমূহৰ ভিতৰত পঞ্চম স্থান দখল কৰি আছে ৷ বিশ্ব পৰিৱেশ আৰু পাৰিপার্শ্বিকতাৰ ক্ষেত্রখনত বাকীবোৰ কল–কাৰখানা, গাড়ী–মটৰ আদিৰ লগতে এই ইণ্ডাষ্ট্রীটোৱেও ভাবুকিৰ সৃষ্টি কৰিছে ৷ ইণ্ডাষ্ট্রীটোৰ manufacturing, advertsing আৰুmarketing প্রক্রিয়াই পৰিৱেশৰ ওপৰত যথেষ্ট বিনাশী প্রভাৱ পেলায় ৷

এই ফেশ্বন ইণ্ডাষ্ট্রীৰ সিংহভাগ দখল কৰি থৈছে বস্ত্র উদ্যোগে ৷ ছিল্ক্, কটন, লিনেন বা খাদী আদি প্রাকৃতিক আঁহেৰে তৈয়াৰী বস্ত্র উদোগৰ বিপৰীতে নাইলন, ৰেয়ন আৰু পলিয়েষ্টাৰ আদি কৃত্রিম আঁহৰ বস্ত্র উদ্যোগে উৎপাদন কার্যত যথেষ্ট প্রদূষণ সৃষ্টি কৰে ৷ এই ছিন্থেটিক ফাইবাৰসমূহ প্রস্তুত কৰোঁতে উদ্যোগবোৰে nitrous oxide আৰু carbon dioxide নির্গত কৰি গোলকীয় উষায়নত ইন্ধন যোগায় ৷

ইয়াৰ লগে লগে এই কৃত্রিম আঁহেৰে তৈয়াৰী ফেব্রিকৰ ব্যৱহাৰেও প্রদূষণত অৰিহণা আগবঢ়াই আহিছে ৷ যিহেতু কেৱল উৎপাদনতে ক্ষান্ত থাকিলে নহয় ৷ ইহঁতৰ বিপণনৰ প্রয়োজনীয়তাত বিজ্ঞাপনৰ প্রয়োজনীয়তাও আহি পাৰে ৷ প্রাসংগিকতা আহি পাৰে ফেশ্বন শ্ব আদিৰ ৷ গতিকে এই সমস্ত প্রক্রিয়াত প্রস্তুত কৰা পোছাক–পৰিচেছদ তথা আনুষংগিকবোৰৰ পৰা বহুত পেলনীয়া সামগ্রীৰ সৃষ্টি হয় ৷ এই পেলনীয়া সামগ্রীসমূহ যিহেতু প্লাষ্টিকৰ এক সংস্ক্ৰণ, গতিকে biodegradable নহয় অর্থাৎ মাটিৰ লগত মিলি নাযায় ৷ লগতে ইহঁতক পুৰি শেষ কৰাটোও এক জটিল সমস্যা ৷ কাৰণ ইহঁতৰ দহনে কার্বন ডাই অক্সাইডতকৈ তিনিশগুণ শক্তিশালী নাইড্রাচ অক্সাইড গেছ নির্গত কৰে ৷ যিয়ে বায়ু প্রদূষণ কৰাৰ উপৰি অজনলেয়াৰৰ ক্ষয়ত ইন্ধনৰ যোগান ধৰে ৷

তাৎপর্যপূর্ণ যে ফেব্রিকসমূহত যেতিয়া ধোৱা হয়, মেচিন ৱাছেই হওক বা হেণ্ড ৱাছেই হওক ইহঁতৰ পৰা প্রতি গ্রামত ৭০০ৰ পৰা ৪০০০ মাইক্রফাইবাৰ সৰি পৰে ৷ আকাৰত পাঁচ মিলিমিটাৰতকৈ সৰু এই আঁহবোৰৰ ড্রেনেজ কৰা পানীৰ লগত মিলিত হৈ নদী–সাগৰ আদিত জল প্রদূষণৰ সৃষ্টি কৰে ৷ এই ফাইবাৰসমূহ জলমণ্ডলৰ প্রাণীবোৰৰ বিশেষভাৱে ক্ষতিকাৰক ৷

ব্যৱসায়ভিত্তিক উৎপন্ন কৰা প্রাকৃতিক আঁহসমূহ যেতিয়া অর্গেনিক প্রক্রিয়াৰে কৰা নহয়, যত বিস্তৰভাৱে ৰাসায়নিক সাৰ, কীটনাশক আদিৰ ব্যৱহাৰ হয় ৷ এই ৰাসায়নিক দ্রব্যসমূহেও মাটিৰ গুণাগণৰ ওপৰত যথেষ্ট বেয়া প্রভাৱ পেলায় ৷ ১৯৬২ চনত বিশ্ব পৰিৱেশ আৰু পাৰিপার্শ্বিকতাৰ ওপৰত প্রকাশিত ৰাচেল কার্জনৰ গ্রন্থsilent springত কৃষি ক্ষেত্রত ৰাসায়নিক দ্রব্যসমূহৰ ব্যৱহাৰ মাটিৰ ওপৰত পেলোৱা কুপ্রভাৱৰ বিশদভাৱে উল্লেখ কৰিছে ৷

অর্গেনিক পদ্ধতি প্রস্তুত নকৰা নেচাৰেল ফাইবাৰৰ বস্তুয়ো কেতিয়াবা ছাল–চুলিৰ ক্ষতি কৰিব পাৰে ৷ বিশেষকৈ স্পর্শকাতৰ ছালৰ গৰাকীক সৰু স্কিন ৰেচৰ পৰা মাৰাত্মক ছালৰ সংক্রমণো দিব পাৰে ৷ ১৯৪০ চন মানৰ পৰাই উপভোক্তাসকলে এনে কাপোৰৰ ব্যৱহাৰৰ ক্ষেত্রত উদ্বেগ প্রকাশ কৰে ৷

এনে কিছুমান কাৰণতেই ক্রমে সচেতন মহলক আকর্ষণ কৰিছে এনভাইৰনমেণ্ট ফ্রেণ্ডলী ফেশ্বনৰ পিনে৷ যাক আমি বর্তমান ইক ফেশ্বন বা গ্রীন ফেশ্বন হিচাপে জানো ৷ ১৯৯৫ চনত মার্চী জেৰফে প্রথমবাৰৰ বাবে ইক ফেশ্বন শব্দটো প্রচলন কৰে ৷ তেওঁৰ মতে We are not just what we eat – we are also what we wear. ইক ফেশ্বন হৈছে এনে এটা কনচেপ্ঢ যিয়ে আমাক ফেশ্বনেবল হোৱাৰ লগতে চৌপাশৰ পৰিৱেশ আৰু স্বাস্থ্যৰ প্রতি দায়বদ্ধ হবলৈ অনুপ্রেৰণা দিয়ে ৷ যিটো আমাৰ বিশ্ব পৰিৱেশ সন্তুলন ৰক্ষা কৰাত কিছু সহায় আগবঢ়াব পাৰে ৷ ইক ফেশ্বনক সমর্থন কৰা ফেশ্বন এক্সপার্টসকলৰ অনুসৰি এই কনচেপ্ঢটোক অন্ধভাৱে অনুসৰণ কৰাৰ সলনি ইয়াক প্রকৃতার্থত কার্যকৰী কৰিবলৈ কিছুমান কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পোষকতা কৰে ৷

গ্রীনৱাচিং মার্কেটিঙৰ এনে এক কৌশল, যত চতুৰ মেনুফেকচাৰিং কোম্পানীসকলে তেওঁলোকৰ প্রডাক্টসমূহ নেচাৰেল বা ইক ফ্রেণ্ডলী বুলি প্রচাৰ কৰে, কিন্তু কার্যতঃ প্রডাক্টসমূহত তেনে গুণাগণৰ অভাৱ থাকে ৷ ইক ফেশ্বনৰ সমর্থন কৰাসকল এনে গ্রীনৱাচিঙৰ পৰা সতর্ক হোৱাটো প্রয়োজনীয়৷ বহু কোম্পানীয়ে তেওঁলোকৰ টেগত ইক ফেণ্ডলী বা এনিমেল ক্রুৱেলিটী ফ্রী বুলি লিখে যদিও তাত সন্দেহৰ অৱকাশ থাকে ৷ গতিকে ক্রেতাসকলে ক্রয় কৰাৰ আগতে উল্লিখিত টেগৰ চার্টিফিকেটসমূহ পৰীক্ষা কৰি লব লাগে ৷

আমাৰ পৰিৱেশৰ ওপৰত ভাবুকি ৰূপে থিয় হোৱা আন এক উপাদান হৈছে ফাষ্ট ফেশ্বন ৷ ফাষ্ট ফেশ্বনে অতি কম সময়ৰ ভিতৰত অধিকৰ পৰা অধিক গ্রাহক সাঙুৰি লোৱাৰ লক্ষ্য আগত ৰাখে ৷ গতিকে এই ফাষ্ট ফেশ্বনত উৎসাহ যোগোৱা কোম্পানী কিছুমানে যথেষ্ট কম মূল্যৰ কিন্তু ড্রেণ্ডি পোছাক বা এক্সোচৰীজ বজাৰত মুকলি কৰি দিয়ে ৷ যিবোৰত ঘাইকৈ পলিয়েষ্টাৰ, নাইলন বা ৰেয়ন আদি মেটেৰিয়েলৰ ব্যৱহাৰ হয় ৷ এইবোৰ নির্দিষ্ট একোটা ট্ৰেণ্ডৰ পিছত অলাগতিয়াল হৈ পৰে ৷ আৰু সৃষ্টি কৰে নন–বায়োডিগ্রিডিৱল আৱর্জনাৰ ৷ সেয়ে ফাষ্ট ফেশ্বনক অনুকৰণত কমকৈ গুৰুত্ব আৰোপ কৰিব লাগে ৷ তাৰ পৰিৱর্তে ছাচটেইনেব্ল, টাইমলেচ কালেকচনৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে ৷ যিবোৰ বহু বছৰলৈ কোনো অসুবিধা নোহোৱাকৈ ব্যৱহাৰ কৰিব পাৰি আৰু প্রয়োজনত পৰিয়ালৰ আন সদস্যলৈকো হস্তান্তৰিত কৰিব পাৰি ৷

ইক ফেশ্বনে কোৱালিটী অভাৰ কোৱাণ্টিটীক সমর্থন কৰে ৷ কম মূল্যৰ, জাকজমকীয়া ছিন্থেটিক মেটেৰিয়েলতকৈ তুলনামূলকভাৱে কিছু দামী নেচাৰেল ফাইবাৰ নির্মিত মেটেৰিয়েলৰ ব্যৱহাৰত গুৰুত্ব দিব লাগে ৷ নেচাৰেল ফাইবাৰসমূহ ব্রেডেব্ল আৰু লগতে বায়োডিগ্রেডিব্ল ৷ ইহঁতৰ সৃষ্ট আৱর্জনাবোৰ সহজে পচি মাটিৰ লগত মিলি যায়৷ গতিকে কটন, লিনেন, ছিল্ক্, এৰী আদি প্রাকৃতিক আঁহৰ উপৰি বিভিন্ন গছৰ আঁহেৰে নির্মিত আৰু  আৰু বিভিন্ন ফুল–ফলৰ প্রাকৃতিক ৰঙেৰে নির্মিত পোছাক–পৰিচ্ছদৰ প্রতি উৎসাহী হব লাগে ৷ ইয়ে ফাষ্ট ফেশ্বনে বৃদ্ধি কৰা কার্বন নির্গমন ৰোধত সহায় কৰে ৷

Reuse, recycle and reproduce এই লাইনটো ইক ফেশ্বনৰ বাবে যথেষ্ট তাৎপর্যপূর্ণ ৷ এই কার্যই আৱর্জনা ৰোধত যথেষ্ট সবল ভূমিকা গ্রহণ কৰিব পাৰে ৷ এইক্ষেত্রত নাইকীৰ অগ্রণী ভূমিকা প্রশংসনীয় ৷ জিৰ ৱেষ্টটেইজৰ ওপৰত বিশ্বাসী এই ব্রেণ্ডটোৱে পুৰণি জোতাৰ recyclingৰ ব্যৱস্থা কৰে, যত এযোৰ পুৰণি জোতাৰ কোনো অংশকে পেলনীয়া কৰা নহয় আৰু সেইবোৰ পুনৰ ব্যৱহূত হয় নতুন জোতা নির্মাণত ৷

এয়া এটা মাত্র উদাহৰণ ৷ এনেকুৱা আৰু কিছুমান বস্তু আছে যিবোৰক এই প্রক্রিয়াৰে পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিব পাৰি ৷ ফেশ্বন বিশেষজ্ঞসকলৰ মতে ইক ফেশ্বন ক্রমাৎ চর্চালৈ আহিছে যদিও বিশেষ প্রাধান্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ আচলতে গৰিষ্ঠসংখ্যকেই ইয়াৰ বিষয়ে অজ্ঞ ৷ কিছু পৰিমাণে চাকচিক্য বর্জিত আৰু কিছু বাধ্যবাধকতা মানি চলিবলগীয়া হোৱাৰ বাবে ইয়াৰ জনপ্রিয়তা কম৷ তথাপি পৰিৱেশ আৰু পাৰিপার্শ্বিকতা সচেতন মহলৰ মাজত ই গা কৰি উঠিছে, যিটো পৰিৱেশ সংৰক্ষণৰ বাবে ইতিবাচক ৷

You might also like
Leave A Reply

Your email address will not be published.