অস্কাৰলৈ নির্বাচিত মহর্ষি তুহিন কাশ্যপৰ চুটি ছবি মোৰ ঘোঁৰাৰ দুৰন্ত গতি

দর্শনা বৰুৱা

অসমলৈ গৌৰৱ কঢ়িয়াই অনা মহর্ষি তুহিন কাশ্যপৰ চুটি ছবি মোৰ ঘোঁৰাৰ দুৰন্ত গতি (The Horse from Heaven) এইবাৰ একাডেমীAwards অর্থাৎOscarত ভাৰতক প্রতিনিধিত্ব কৰিবলৈ নির্বাচিত হৈছে ৷

অলপতে হৈ যোৱা বাংগালুৰু আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱৰ ভাৰতীয় প্রতিযোগিতাত শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ লগে লগে ই অস্কাৰৰ বাবে যাবলৈ যোগ্যতা অর্জন কৰে ৷  উল্লেখ্য যে যিকোনো চুটি ছবি অস্কাৰৰ প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ প্রথমে একাডেমীয়ে নিজে বাছনি কৰা চলচিচত্র মহোৎসৱৰ শ্রেষ্ঠ ছবি ৰূপে পৰিগণিত হোৱাটো বাধ্যতামূলক ৷ মহর্ষি তুহিন কাশ্যপৰ ছবিখনেহ হৈছে প্রথম অসমীয়া চুটি ছবি, যিয়ে অস্কাৰৰ প্রতিযোগিতাত ভাৰতক প্রতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে ৷

মূলতঃ ছবিখনৰ কাহিনী এজন ওজাপালি কৰি ফুৰা পালিৰ ৷ যি নিজৰ ঘোঁৰাটোক পৃথিৱীৰ সর্বত্র বেগী ঘোঁৰা বুলি ভাবি ঘোঁৰা দৌৰ প্রতিযোগিতাত দৌৰাবলৈ তাক চহৰলৈ লৈ গৈ থাকে ৷ পিছে তেওঁৰ ঘোঁৰাটো আচলতে ঘোঁৰা নহয়, এটা গাধহে ৷ এই ছবিখনত অসমৰ থলুৱা কৃষ্টি ওজাপালিৰ ব্যৱহাৰেৰে ছবিখনৰ কাহিনীভাগ আগবাঢ়ে ৷

এই ছবিখনৰ মুখ্য চৰিত্রত অভিনয় কৰিছে অসমৰ জ্যেষ্ঠ অভিনেতা অতুল পাচনিয়ে ৷ লগতে ছবিখনত অভিনয় কৰিছে স্নেহাংকৰ চক্রৱর্তী, অভিজিত নাগ, গৌৰৱ হালৈ, আশীষ চেটার্জী, সনাতন কর্মকাৰ আদিয়ে ৷ ছবিখনৰ কাৰিকৰী বিভাগসমূহত কাম কৰাসকল Satyajit Ray Film and Television Instituteৰ ছাত্র–ছাত্রী ৷ মহর্ষি তুহিন কাশ্যপো তাৰে এগৰাকী ছাত্র ৷ উক্ত প্রতিষ্ঠানটিৰ পাঠ্যক্রমৰ অন্তৰাধীন হিচাপে মোৰ ঘোঁৰাৰ দুৰন্ত গতি ছবিখন নির্মাণ কৰা হৈছিল ৷ চিত্রনাট্য আৰু পৰিচালনা মহর্ষি কাশ্যপৰ লগতে ছবিখনৰ বিভিন্ন মূল দিশসমূহত কাম কৰিছে প্রযোজক নীলাঞ্জনা ৰুদ্রা, দৃশ্য গ্রহণ অর্ণৱ লাহা, শব্দ বিভাগ অর্ণৱ বৰা আৰু সোমনাথ গগৈ, সম্পাদক পুলকিত ফিলিপ, দৃশ্যসজ্জা বিপিন ৰহিল্লা আদিয়ে ৷ ছবিখনৰ নেপথ্যত ওজাপালি গাইছে ওজা নয়নজ্যোতি নাথ আৰু পালি নগেন ডেকা, ভলাৰাম নাথ, ৰূপজ্যোতি চৌধুৰী আৰু দীপজ্যোতি নাথে ৷ ছবিখনত বিশাল শর্মা, তন্ময় সাউদ, সুনালিকা দাস আদিয়ে সহকাৰী পৰিচালক হিচাপে কাম কৰিছে ৷

কলকাতা আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱ, জয়পুৰ আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱ, হিমালয়ান চলচিচত্র মহোৎসৱকে ধৰি আন কেহবাখনো চলচিচত্র মহোৎসৱত ছবিখন প্রদর্শিত হৈ কেহবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ মেক্সিকোত থকা চিনেটেকা ৰাষ্ট্রীয় সংগ্রহালয়ত এই ছবিখনৰ এক বিশেষ দর্শনী অনুষ্ঠিত হৈছিল ৷

ৰজত কমল বঁটাপ্রাপ্ত চিনেমা ব্রিজ

৬৮সংখ্যক ৰাষ্ট্রীয় চলচিচত্র বঁটাত শ্রেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰা ব্রিজ ৩০ ছেপ্ঢেম্বৰত সমগ্র অসমৰ চিনেমা হলত মুক্তি লাভ কৰিলে ৷ ব্রিজৰ পৰিচালক কৃপাল কলিতাহ লাভ কৰিছে শ্রেষ্ঠ নৱাগত পৰিচালকৰ বঁটা ৷ কৃষ্টি পথাৰৰ বেনাৰত চিনেমাখনৰ প্রযোজনা কৰিছে  ৰমা কুমাৰ দাস আৰু সবিতা দেৱীয়ে ৷ ছবিখনৰ কাহিনী–চিত্রনাট্য–স কৃপাল কলিতাৰ৷ সহঃ পৰিচালক প্রিয়াঞ্চী কাশ্যপ আৰু প্রাঞ্জল সন্দিকৈ ৷ সম্পাদনা কিশোৰ ডেকাৰ ৷ ব্রিজে লাভ কৰিছে ৫১সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱত একমাত্র ভাৰতীয় চলচিচত্র হিচাপেও লাভ কৰিছে বঁটা ৷ গল্ডেন জুৰী আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱত সামাজিক বিষয়ৰ শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ লগতে আন কেহবাটাও চলচিচত্র মহোৎসৱত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ FIPRESCI–এ ব্রিজক ২০২০ বর্ষৰ দহখন শ্রেষ্ঠ ভাৰতীয় চিনেমাৰ এখন বুলিও উল্লেখ কৰিছে ৷ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত বঁটা লাভেৰে এতিয়ালৈকে ১৯টা সন্মান লাভ কৰিছে ব্রিজে ৷ শিৱাৰাণী কলিতাই শ্রেষ্ঠা অভিনেত্রীৰ বঁটাও লাভ কৰিছে ব্রিজত কৰা অভিনয়ৰ বাবে ৷

অসমৰ চিৰপৰিচিত সমস্যা বানপানীক মূল আধাৰ হিচাপে লৈ নির্মিত ব্রিজত কলাত্মক দিশটোৰ লগতে বাণিজ্যিক দিশটোকো প্রাধান্য দিয়া হৈছে ৷ দর্শক একাত্ম হব পৰাকৈ সৰল তথা বাস্তৱ কাহিনীৰে ব্রিজ উপভোগ কৰোঁতে দর্শকে আমনি নাপায় ৷ ব্রিজত মনোৰঞ্জন আছে, আছে চিন্তাৰ খোৰাক ৷ অসমৰ আর্থ–সামাজিক দিশ, অসমৰ জনজীৱনৰ প্রতিচ্ছবি, জীৱনশৈলী আৰু এগৰাকী গাভৰুৰ জীৱন সংগ্রামৰ কাহিনীৰে পুষ্ট চিনেমা ব্রিজ ৷ দেশে–বিদেশে সমাদৃত হৈছে ব্রিজ ৷ আলোচনা হৈছে অসমৰ বানপানীৰ সমস্যাৰ কথাও ৷

ছবিখনৰ মূল চৰিত্রত অভিনয় কৰিছে শিৱাৰাণী কলিতাই ৷ আন আন গুৰুত্বপূর্ণ চৰিত্রত অনিন্দিতা দাস, পার্থপ্রতিম বৰা, গোপমণি গগৈ, স্বপ্ণীল নাথ, ভূপেন শর্মা, সুৰেন মহন্ত, ৰীণা বৰা, ৰোহিণী কুমাৰ ডেকা আদিয়ে অভিনয় কৰিছে ৷ ব্রিজৰ চিনেমেটগ্রাফাৰ ৰমেন ৰাভা ৷ ছাউণ্ড ডিজাইন আৰু মিক্সিং অমৃত প্রীতমৰ, ছিংক ছাউণ্ড মাধৱ দাস আৰু গুণজিৎ শর্মাৰ ৷ কলা নির্দেশনা দ্বীপেন চুতীয়াৰ ৷ ৰজত কমল বঁটা লাভ কৰা চিনেমা  ব্রিজৰ সমূহ কলা–কুশলীক জনাহছোঁ আন্তৰিক অভিনন্দন ৷ কামনা কৰিছোঁ ব্রিজে লাভ কৰক আৰু বেছি জনপ্রিয়তা, অধিক সন্মান ৷

পূজাৰ বতৰত দর্শকৰ বাবে মোৰ শেষ গান

মোৰ শেষ গান ছবিখনক লৈ কিছুদিনৰ পৰা চলিছিল সর্বত্র চর্চা ৷ চিনেমাখনৰ জুবিন গার্গৰ কণ্ঠৰ শীর্ষগীতটিৰ ৰচনা অসমৰ এগৰাকী অতি সফল গীতিকাৰ বিজয় দুৱৰাৰ ৷ সুৰ দিছে আন এজন সফল সুৰকাৰ অজয় সিংহই ৷ এওঁলোক দুয়ো মুম্বাই নিৱাসী ৷ ৯০ৰ দশকৰ অত্যন্ত জনপ্রিয় শিল্পী জিতুল সোণোৱালৰ বেছিভাগ গীতৰ কথা বিজয় দুৱৰাই লিখা ৷ মৰমী লগৰী, যদি কেতিয়াবা অকলে, মৰমে ধুৱাই নিয়া আদি গীতবোৰৰ গীতিকাৰ আছিল বিজয় দুৱৰা ৷ আনহাতে ইণ্ডিয়ান আইডল, ইণ্ডিয়াজ গট টেলেণ্ঢ,  ঝলক দিখলা জা, যো জিটা ৱহি ছুপাৰষ্টাৰ আদি অনুষ্ঠানৰো সংগীত পৰিচালনা কৰিছিল অজয় সিংহই ৷ জুবিন গার্গৰ প্রথম হিন্দী গীতৰ এলবাম য়ুহঁী কভিৰ সুৰ আৰু সংগীতো আছিল অজয় সিংহৰ ৷ মোৰ শেষ গানৰ শীর্ষগীতৰ মাষ্টাৰিংUKৰ ৱেল্ছৰ প্রখ্যাত হেফড মাষ্টাৰিঙত কৰা হৈছে ৷

প্রবাল বৰুৱাৰ কাহিনী, চিত্রনাট্য আৰু পৰিচালনাৰে  নির্মিত মোৰ শেষ গান ছবিখনত মৰম, ভালপোৱা, প্রতাৰণা, পাৰিবাৰিক আৰু সামাজিক দ্বেষ আৰু সংঘর্ষৰ কথাৰ লগতে নিভাঁজ অসমপ্রেমৰ কিছু কথা উপস্থাপনেৰে দর্শকক নতুন সোৱাদ দিবলৈ প্রয়াস কৰা ছবিখনৰ শেষত এটি ঘোষাৰে ক্ষমা আৰু সংহতিৰ এক আকুল প্রার্থনা আছে ৷ আছে সমন্বয়ৰ এটি বার্তা ৷ প্রবাল বৰুৱাৰ এই ছবিখনৰ সংলাপ আৰু গীত লিখাৰ উপৰি প্রযোজনাও কৰিছে বিজয় দুৱৰাই ৷ গীতত সুৰ দিয়াৰ লগতে আৱহ সংগীতো অজয় সিংহৰ ৷ শব্দ ব্যৱস্থাপনা দেৱজিৎ চাংমাই আৰু অমৃত প্রীতমৰ ৷ ছবিখনৰ সহঃ প্রযোজক হিচাপে আছে অসমৰ চিনেমা জগতৰ এক সুপৰিচিত ব্যক্তি প্রিয়ংকা বৰুৱা ৷

ছবিখনৰ লগত মুম্বাইৰ বহু কলা–কুশলীও জড়িত হৈ আছে ৷ চিনেমাখনৰ চিনেমেটোগ্রাফাৰ অৰুণ ৱার্মা, সম্পাদনা সংকল্প মেশ্বৰামৰ আৰু ডি আই বিশেষজ্ঞ মলয় ৰয় ৷ মোৰ শেষ গানৰ মুখ্য চৰিত্র দুটাত অভিনয় কৰিছে অর্ঘ্যদীপ বৰুৱা আৰু সৃজনী ভাস্ব মহন্তই ৷ লগতে অসমৰ ন–পুৰণি বহুতো শিল্পীয়ে অভিনয় কৰিছে মোৰ শেষ গানত ৷ সুপ্রতিষ্ঠিত শিল্পী অৰুণ নাথ আৰু মৃদুলা বৰুৱা আছে দুটা অতি গুৰুত্বপূর্ণ ভূমিকাত ৷ অতি জনপ্রিয় অভিনেতা কমল লোচনো আছে এটা মৰমলগা চৰিত্রত ৷ আৰু এটা গুৰুত্বপূর্ণ চৰিত্রত আছে বিভূতি ভূষণ হাজৰিকা৷ লগতে প্রতিভা চৌধুৰী, ৰনাল্ড হুছেইন, অচিন্ত শংকৰ, প্রণৱজ্যোতি বর্মণ, প্রবীণ দত্ত, ফাৰহান হুছেহন চৈয়দ আৰু সকলোৰে পৰিচিত কৌশিক নাথেও অভিনয় কৰিছে ৷  সংগীতত আৰু এজন বিশেষ ব্যক্তি জড়িত হৈ আছে ৷ তেওঁ হল আয়ান আলী বাংগাশ্ব ৷ চিনেমাখনৰ শীর্ষগীতটি সৰোদত বজাইছে আয়ানে ৷ আয়ান হল প্রথম অসমীয়া ছবি জয়মতীত গদাপাণিৰ চৰিত্রত অভিনয় কৰা ফুনু বৰুৱাৰ নাতিয়েক আৰু বিশ্ববিশ্রুত সৰোদবাদক আমজাদ আলী খান–শুভলক্ষ্মী বৰুৱাৰ সুযোগ্য পুত্র ৷ জানিব পৰা মতে দুটা জ্যোতিসংগীতো চিনেমাখনত সন্নিৱিষ্ট কৰা হৈছে, যত কণ্ঠদান কৰিছে জনপ্রিয় শিল্পী দিপলীনা ডেকা আৰু ঋত্বিষা শর্মাহ ৷ আনহাতে ঘোষাটিত কণ্ঠদান কৰিছে অৰূপজ্যোতি বৰুৱাই৷ ১৪ অক্টোবৰত মানে শাৰদীয় বতৰতে এই নতুন অসমীয়া চিনেমাখনে চিত্রগৃহত মুক্তি লাভ কৰি দর্শকক মনোৰঞ্জন দিয়াটোও আনন্দৰ কথা ৷

ফোন-  ৭০৮৬৫-২১৩০৭

You might also like
Leave A Reply

Your email address will not be published.