পুৰুষৰ পছন্দৰ ট্ৰেণ্ডী লুক

লক্ষ্মীছাঁয়া ডেকা

প্রতিটো ঋতু আৰম্ভ হোৱাৰ লগে লগে ফেশ্বন জগতত নতুন নতুন ডিজাইন আৰু বিভিন্ন ধৰণৰ ৰঙৰ অনেক শ্বেড আহি পৰে ৷ তুলনামূলকভাৱে পুৰুষসকলে হঠাতে নিজৰ পছন্দ বা ব্যক্তিত্ব সলনি কৰিব পৰাকৈ যিকোনো ট্ৰেণ্ডী লুক গ্রহণ নকৰে ৷ উজ্জ্বল বা কৃত্রিম ৰং অতি কমসংখ্যক লোকেহে ব্যৱহাৰ কৰা দেখা যায় ৷ প্রায় ৭০ শতাংশ পুৰুষৰ প্রথম পছন্দৰ ৰঙৰ ধাৰণা কলা, বগা আৰু নেভী ব্লুতেই সীমাবদ্ধ ৷ সেয়ে আজিৰ লেখাত এই সীমিত ৰংকেহটাৰ সহজ সংমিশ্রণৰ কেহটামান ট্ৰেণ্ডী লুক আগবঢ়োৱা হৈছে ৷

কলা ছার্ট–পেণ্টঃ  অল টাইম ক্লাছিক বুলি এই ট্ৰেণ্ডী বিখ্যাত ৷ যিকোনো ফর্মেল পার্টী, বিবাহ–ভ্যর্থনা অনুষ্ঠানত এই কম্বিনেশ্বন ভাল লাগিব ৷  জোতাৰ ক্ষেত্রত আপোনাৰ ব্যক্তিগত লুক নির্বাচন কৰিব পাৰে ৷ যদি ষ্টাইলিছ ষ্টাড লুক বিচাৰে তেন্তে বুট লব ৷ আৰামদায়ক লুক আনিব বিচাৰে যদি স্নিকাৰ উপযুক্ত ৷

কলা আৰু ছাহ ৰং ঃ যিকোনো ধৰণৰ পাতল আৰু গাা ৰঙৰ শ্বেডৰ কম্বিনেশ্বনে এজন ব্যক্তিৰ লুক অন্যধৰণৰ কৰি তোলে৷ ছাহ ৰং বা গ্রে শ্বেডক কলা ৰঙৰ পেষ্টেল বুলিও কোৱা হয় ৷ কলা ৰঙৰ যিকোনো ধৰণৰ ছার্ট আৰু ডাঠ গ্রে বা পাতল গ্রে ৰঙৰ এংকল লেংথ পেণ্ঢ  পিন্ধিব পাৰে ৷ শ্লীভ কোঁচাই ভাঁজ দিব আৰু জোতা স্থান অনুযায়ী লফাৰ বা ফর্মেল পিন্ধিব ৷

কলা ছার্ট–বগা পেণ্ঢ ঃ একৰঙী অথবা যিকোনো পেটার্ন প্রিণ্ঢ থকা কলা ছার্টৰ লগত শুভ্র পেণ্ঢ টাক ইন কৰি ৰাখিব ৷ কিছু পৰিমাণে পিৰিয়ডিকেল লুক আনি দিয়াৰ লগতে ফর্মেল লুক আহিব ৷ জোতা মাটিয়া বা কলা ৰঙৰ পিন্ধিব ৷ বেচ্ট জোতাৰ ৰঙৰ ব্যৱহাৰ কৰিব আৰু ছানগ্লাছ এভিয়েটৰ লুক ৷

কলা ছার্ট আৰু পেটার্নড পেণ্ঢ ঃ বর্তমানৰ ফেশ্বন ড্রেণ্ডত একৰঙী ছার্ট আৰু পেটার্নড পেণ্ট  বা জীনছ ইন হৈ আছে ৷ ছার্ট নহৈ হাফ বা ফুল শ্লীভ টি–ছার্ট পিন্ধিব পাৰে ৷ জোতা যিকোনো ট্ৰেণ্ডী আৰু হাতঘড়ী ব্রন্জ বা পাতল সোণালী বৰণৰ হলে ভাল লাগিব ৷

কলা ছার্ট আৰু ডেনিম ঃ এই সংমিশ্রণক কোৱা হয় ফৰ এভাৰ য়ং ৷ বগা যিকোনো ধৰণৰ জোতা পিন্ধাৰ লগতে ছানগ্লাছ আৰু মেটেলিক হাতঘড়ী উপযুক্ত ৷ বন্ধু বর্গৰ মীট, কম দূৰত্বৰ ট্ৰিপ অথবা দৈনন্দিন সময়তো এই লুক লব পাৰে ৷

পেটার্নড ছার্ট আৰু ৰাগ্ ড জীনছ ঃ অলপ ফাংকী লুকৰ বাবে এই ধৰণে চিন্তা কৰিব পাৰে ৷ যিকোনো কলা মিশ্রণৰ ছার্ট ষ্টাইলিছ বাটন, বেচ্ট, হাতঘড়ী, কেপৰ সৈতে পিন্ধি লব ৷ ষ্ট্রীট ষ্টাইল সম্পূর্ণ হৈ ফুটি উঠিব ৷ কম বয়সৰ পুৰুষৰ ক্ষেত্রত এই লুক উপযুক্ত ৷

বগা ছার্ট আৰু গ্রে পেণ্টঃ  ফর্মেল পার্টী বা অন্য অনুষ্ঠানৰ কাৰণে এই দুটা ৰং একেলগে ব্যৱহাৰ কৰিব পাৰে ৷ প্রয়োজন অনুসৰি টাইডাল কলা লব ৷ জোতাও ছেমি ফর্মেল অথবা সম্পূর্ণ ফর্মেল লুক দিব পাৰে৷ হাতঘড়ী মেটেলিক লব ৷

বগা ছার্ট আৰু অলিভ গ্রীন পেণ্টঃ  সতেজ লুক অন্যধৰণৰ কৰি দেখুৱাব খোজে যদিও এই দুটা ৰং একেলগে বহুত ভাল দেখে ৷ মিলিটাৰী ৰং বা কেমফ্লেজ সেউজীয়া পেণ্ট ফর্মেল অথবা কোনো ষ্টাইলিছ বগা টি–ছার্টৰ লগতো খাপ খুৱাই পৰে ৷ জোতা বগা বা ব্রাউন ৰঙৰ হলে ভাল লাগিব ৷

বগা ছার্ট আৰু স্কিনী চেকার্ড পেণ্টঃ  মনক্রমৰ নিয়মত পিন্ধাৰ ক্ষেত্রত চেকার্ড পেণ্ট ডাঠ ৰঙৰ আৰু ওপৰৰ ছার্ট বা টি–ছার্ট পাতল ৰঙৰ পিন্ধিব লাগে ৷ এইক্ষেত্রত নীলা আৰু বগা, মেৰুণ আৰু কলা চেক থকা পেণ্ট যিকোনো ব্যক্তিৰ লগত শুৱাই পৰে ৷ যদি ব্লেজাৰ বা ছামাৰ কোট পিন্ধিব লাগে, তেন্তে পেণ্টৰ ৰঙৰ প্রতি মন কৰিব ৷

বগা চাইনীজ কলাৰ ছার্ট আৰু কলা পেণ্টঃ  মৰমলগা ব্যক্তিত্ব তুলি ধৰিবৰ বাবে চাইনীজ কলাৰ ছার্ট পিন্ধিব ৷ তাৰ লগতে কলা ৰঙৰ যিকোনো ষ্টাইলৰ পেণ্ট বা জীনছ পিন্ধিলে কেজুৱেল লুক আনি দিব ৷ পেণ্ট একেবাৰে লিপিত খাই থকা নিপিন্ধিব ৷ বুটকাট জীনছো ভাল লাগিব ৷

বগা পেণ্ঢ আৰু ৰঙীন টি-ছার্টঃ  গৰমৰ দিনকেইটাত নিজৰ আৰামৰ বাবে ব্যৱহাৰ কৰিব পৰা টি–ছার্টকেইটা বগা লিনেন পেণ্ঢৰ সৈতে পাতল শ্বেডৰ হালধীয়া, সেউজীয়া, মাটিয়া অথবা আকাশী নীলা বৰণৰ টি–ছার্ট নির্বাচন কৰিব ৷ আনুষংগিক সামগ্রী ব্যৱহাৰ নকৰাকৈ থকাই ভাল ৷ কম বয়সৰ হলে পাতল চেইন ষ্টেটমেণ্ট পিছ্ হিচাপে পিন্ধিব পাৰে ৷

বগা পেণ্ট আৰু পেষ্টেল শ্রেণীৰ ছার্টঃ  স্মুথী আৰু শেঁতা ৰঙৰ ছার্ট আপোনাৰ বগা পেণ্টৰ সৈতে মিহলাই ব্যৱহাৰ কৰিব পাৰে৷ ছাহ ৰঙৰ, অলিভ, লেভেণ্ডাৰ, জিকাফুলীয়া ইত্যাদি বিভিন্ন প্রকাৰৰ শ্বেড ভাল লাগিব ৷ বগা শ্বর্টছ থাকিলে প্রিণ্টড ছার্ট ষ্টাইলিছ লাগিব ৷ ডার্বি, এছপ্রাডিল্ছ,  চামৰাৰ স্নিকাৰ বা লফাৰ জোতা সৰু বেচ্টৰ সৈতে পিন্ধিব ৷

You might also like
Leave A Reply

Your email address will not be published.