হোলীৰ খাদ্য–জলপান

সঞ্জয় কলিতা

বসন্ত কালত উদ্যাপন কৰা জনপ্রিয় উৎসৱসমূহৰ ভিতৰত অন্যতম হৈছে হোলী ৷ এই ৰঙৰ উৎসৱ সমগ্র দেশতে বহুত আডম্বৰপূর্ণভাৱে উপভোগ কৰা হয় ৷ আমাৰ দেশৰ আন যিকোনো উৎসৱপার্বণৰ দৰে হোলীও নানান ধৰণৰ সুস্বাদু খাদ্যৰে ভৰপূৰ হৈ থাকে ৷ এই উৎসৱত মানুহে গুজিয়া, মালপুৱা, ঠাণ্ডাই আদি নানান ধৰণৰ খাদ্য খায়৷ আহকচোন আজিৰ শিতানত ভাৰতৰ বিভিন্ন ঠাহৰ হোলীৰ সুস্বাদু খাদ্য আৰু জলপানৰ বিষয়ে জানো ৷ 

গুজিয়াঃ হোলীৰ ক্লাছিক ডেজার্ট বুলিলে গুজিয়াৰ নাম সর্বপ্রথমে অহিব ৷ সুস্বাদু ষ্টাফিং আৰু বাহিৰৰ খৰখৰীয়া তৰপৰ সৈতে গুজিয়াৰ সোৱাদ সুকীয়া ৷ গুজিয়া প্রস্তুতিৰ পদ্ধতি চামোছাৰ সৈতে যথেষ্ট মিল আছে যদিও গুজিয়া দেখাত অর্ধচন্দ্র আকৃতিৰ ৷ গুজিয়াত কুটি লোৱা শুকান ফল, খোয়া, কুটি লোৱা নাৰিকল আৰু চুজিৰ মিঠা মিশ্রণেৰে ভৰাই দানাযুক্ত টেক্সচাৰ দিয়া হয় ৷ বিশেষকৈ ভাৰতত তীজ, হোলী আৰু ষট্ পূজাৰ সময়ত হয়াক তৈয়াৰ কৰা হয় ৷

ঠাণ্ডাইঃ হোলীৰ কথা ভাবিলে ঠাণ্ডাই নিশ্চয় আপোনাৰ মনলৈ আহিব ৷ গাখীৰ আৰু বিভিন্ন ধৰণৰ সুগন্ধি মচলা ব্যৱহাৰ কৰি প্রস্তুত কৰা এই পানীয়টোৱে আপোনাক সতেজ অনুভৱ দিয়াটো নিশ্চিত ৷ হোলী, শিৱৰাত্রি বা আন যিকোনো উৎসৱত ঠাণ্ডাই খোৱা যায় ৷ বিশেষভাৱে উত্তৰ ভাৰতত ঠাণ্ডাই বেছি জনপ্রিয় ৷ শৰীৰক শীতলতা প্রদান কৰাৰ উপৰি যথেষ্ট পৰিমাণে পৰিপুষ্টিও যোগান ধৰে ৷ 

দহি ভাল্লাঃ  দৈ আৰু মচলাৰ নিখুঁত মিশ্রণ, এহ খাদ্য আমাৰ সকলোৰে প্রিয় ৷ টেঙা মিঠা সোৱাদৰ চাটনিৰ সৈতে পৰিৱেশন কৰা এই ৰেচিপিয়ে হূদয় জয় কৰাটো নিশ্চিত ৷ ভাৰতৰ আটাহতকৈ জনপ্রিয় ষ্ট্রীট ফুডৰ ভিতৰত দহি ভাল্লাও আছে ৷ 

পুৰাণ পলিঃ এই সুস্বাদু খাদ্য তৈয়াৰ কৰাটো সহজ আৰু  লঘু হোৱাৰ লগতে সুস্বাদু ৷ চানা দালি আৰু চেনিৰে প্রস্তুত কৰা ইয়াৰ মিঠা আৰু টেঙা সোৱাদে সকলোকে সন্তুষ্ট কৰিব  

মালপুৱাঃ  মালপুৱা ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা এবিধ মিঠাই ৷ মালপুৱা ভাৰত, নেপাল আৰু বাংলাদেশত জনপ্রিয় ৷ ময়দা, পানী, গাখীৰ, চেনি নাইবা গুৰৰ মিশ্রণ তেলত ভাজি চেনিৰ ৰসত ডুবাই মালপুৱা তৈয়াৰ কৰা হয় ৷ কেতিয়াবা কল আদি ফলৰ পেষ্টো ব্যৱহাৰ কৰা হয় ৷ 

ৰসমলাহঃ  ৰসমলাই ভাৰতৰ পূব অঞ্চলৰ পৰা উৎপত্তি হোৱা এবিধ মিঠাই ৷ যিকোনো উৎসৱপার্বণৰ মিঠাই বুলিলে ৰসমলাই নহলেই নহয় ৷ মিঠা, ডাঠ ৰাবৰীৰ সৈতে ৰসমলাহৰ সোৱাদৰ কথা বেলেগকৈ বুজোৱাৰ প্রয়োজন নাহ৷ ৰসমলাই হৈছে দুটা শব্দৰ সংমিশ্রণ যাৰ অর্থ হৈছে ৰস আৰু মলাহ অর্থাৎ ক্রীম ৷ সকলো ভাৰতীয় গাখীৰ আধাৰিত মিঠাইৰ তালিকাত ৰসমলাই নিঃসন্দেহে শীর্ষত আছে ৷ ৰসমলাই হৈছে ভাৰতৰ পূব অংশৰ পৰা উদ্ভৱ হোৱা এক মিঠাই কিয়নো ভাৰতৰ সেই অংশত প্রায় সকলো গাখীৰ আৰু ক্রীম আধাৰিত মিঠাইৰ উৎপত্তি হৈছিল ৷ এহ বঙালী মূলৰ মিঠাইবিধ প্রথমে নবীন চন্দ্র দাসৰ পুত্র কে চি দাসে তৈয়াৰ কৰিছিল ৷

ফিৰনিঃ  ফিৰনি হৈছে মিহি চাউল, গাখীৰ, বাদাম, চেনিৰে তৈয়াৰী আৰু হলাচিৰ গুড়ি বা কেশৰ বা গোলাপৰ পানীৰে সুগন্ধি কৰা এক ভাৰতীয় মিঠা পুডিং ৷ উত্তৰ ভাৰতত উৎসৱৰ উপলক্ষে বা বিশেষ উদ্যাপনত ফিৰনি প্রস্তুত কৰা হয় ৷ হোলীৰ সময়তো ফিৰনি প্রস্তুত কৰা হয় ৷ ভাৰতৰ বিভিন্ন ঠাহত বিভিন্ন ধৰণৰ পডিং বিভিন্ন উৎসৱ উপলক্ষে তৈয়াৰ কৰা হয় ৷ 

লাড্ডুঃ  লাড্ডু ভাৰতৰ পৰা উৎপত্তি হোৱা আৰু ভাৰতীয় উপমহাদেশ আৰু মালয় জগতৰ মাজেৰে বিয়পি পৰা এবিধ গোলাকাৰ মিঠাই ৷ লাডু প্রধানকৈ বিভিন্ন আটা, বেচন, চুজি, চর্বি /মাখ/তেল আৰু চেনি বা গুড়ৰ পৰা তৈয়াৰ কৰা হয় ৷ কটা বাদাম বা শুকান কিচমিচৰ দৰে উপাদানো যোগ কৰিব পাৰি ৷ ৰেচিপি অনুসৰি ব্যৱহাৰ কৰা উপাদানৰ প্রকাৰ বেলেগ বেলেগ হয় ৷ বুন্দিয়া, নাৰিকল, তিল আদিৰ পৰা প্রস্তুত কৰা লাড্ডু আমাৰ আটাহৰে প্রিয় ৷ বিহুৰ বতৰত আমি যেনেদৰে তিল নাইবা নাৰিকলৰ লাড্ডু খাওঁ ঠিক তেনেদৰে হোলীৰ সময়ত বুন্দিয়া, বেচন আদিৰে প্রস্তুত কৰা লাড্ডু বেছি খোৱা যায় ৷ 

লাছিঃ   দৈ, পানী আৰু অন্যান্য মচলা মিহলাই লাছি প্রস্তুত কৰা হয় ৷ লাছি বিভিন্ন ধৰণে প্রস্তুত কৰিব পাৰি ৷ জিৰা আৰু ইলাচি হৈছে লাছিত যোগ কৰা আটাহতকৈ সাধাৰণ মচলা ৷ পৰম্পৰাগতভাৱে কুলহাৰ নামেৰে জনাজাত মাটিৰ কাপত লাছি পৰিৱেশন কৰা হয় ৷ চেনি, গোলাপ পানী বা নেমু, ষ্ট্রবেৰী বা অন্যান্য ফলৰ ৰসৰ সোৱাদযুক্ত এবিধ লাছি হৈছে মিঠা লাছি ৷ বিশেষকৈ কেশৰ লাছি ভাৰতৰ বিভিন্ন প্রদেশ যেনে পঞ্জাব, ৰাজস্থান, হাৰিয়ানা আৰু গুজৰাটৰ এক বিশেষ খাদ্য ৷ হোলীৰ সময়ত খোৱা আটাহতকৈ জনপ্রিয় পানীয় হৈছে লাছি ৷ 

গুলাব জামুনঃ  উৎসৱ বুলিলে গুলাব জামুন নহলে হব জানো মধ্য প্রাচ্যৰ পৰা অহা এহবিধ মিঠাই বর্তমান সময়ত ভাৰতৰ আটাহতকৈ জনপ্রিয় মিঠাইৰ ভিতৰত অন্যতম ৷ বুন্দিয়াভুজিয়াও আন এক জনপ্রিয় মিঠাই, পূজা থলীৰ ওচৰেপাঁজৰে থকা মিঠাইৰ দোকানত বুন্দিয়াভুজিয়া থাকিবই ৷ 

আমাৰ অসমৰ বৰপেটাৰ হোলীৰ কথা নকলে হব জানো বৰপেটাৰ হোলী কেৱল ৰঙৰ উৎসৱেহ নহয় ৷ বৰপেটাৰ হোলী ৰং, গীত আৰু নানান সুস্বাদু খাদৰো সমাহাৰ ৷ আলু ভাজা, ৰাঙা ডিমা, লুচি আদি বৰপেটাৰ হোলীৰ প্রধান আকর্ষণ ৷ 

বর্তমান ইণ্ঢাৰনেটৰ পৃথিৱীত আমাৰ সংসৃক্তিও তীব্র গতিত সলনি হৈ গৈ আছে ৷ আজি কিছু বছৰ আগলৈকে মিঠাহ বুলিলে আমাৰ পৰম্পৰাগত মিঠাহখিনিহে আছিল ৷ কিন্তু আজিকালি বিভিন্ন ধৰণৰ কেক, পেষ্ট্রি আদি চহৰনগৰৰ লগতে গাঁওভূইবোৰতো সহজলভ্য হৈ পৰিছে ৷ হোলীও ইয়াৰ ব্যতিক্রম নহয় ৷ আজিকালি নানান ধৰণৰ কেক, পেষ্ট্রি আদিও হোলীৰ সময়ত খোৱা আৰু উপহাৰ দিয়া যায় ৷

ফোনঃ  ৮৬৩৮৮৭৯০৮১ 

You might also like
Leave A Reply

Your email address will not be published.