শুকান বতৰত চুলিৰ পৰিচর্যা

ফাগুনৰ সময়ত আমাৰ ছাল–চুলিত নানা ধৰণৰ সমস্যাই দেখা দিয়ে ৷ কিয়নো এই সময়ছোৱাত ফাগুনৰ পছোৱাই বতাহে চুলি শুকান ভাৱৰ পৰিমাণ বৃদ্ধি  কৰে, ফলত আমাৰ চুলিকোছাৰ উজ্জ্বলতা নোহোৱা হৈ পৰে ৷

হাত দুখন, ভৰি দুখনৰো ছাল খহতা হৈ পৰে ৷ তদুপৰি ফাগুনত ফাকুৱা উৎসৱৰ বতৰত আমি ৰং সকলোৱেই খেলি ভাল পাওঁ ৷

কিন্তু এই ৰং খেলাৰ পিছত আমাৰ চুলিত বা মুখখনত যি অৱস্থা হয়, সেয়া আমি সকলোৱেই জানো ৷

এইবাৰ ফাকুৱাৰ ৰং যাতে আপোনালোকৰ ছাল–চুলিৰ সমস্যা কেনেকৈ নোহোৱাকৈ ৰাখিব পাৰিব, তাৰে কেহটামান ঘৰুৱা টিপছ আগবঢ়ালোঁ ৷

ফাকুৱাৰ দিনা আপোনাৰ চুলিকোছাত ভালদৰে সানিব ৷ ঘৰতে বনাই লোৱা পেক এটা ভাল দৰে লগাই লব ৷ যাতে গোটেই  চুলিখিনি পেকেৰে ঢাকি যায় ৷

পেক বনাবলৈ চুটি চুলিৰ বাবে দুটা কণী, ঔটেঙা বীজ, ছালকুঁৱৰীৰ বীজ, জবাফুলৰ পাত, জেতুকাৰ পাত, এই আটাইবোৰ ভালদৰে মিলাই পেষ্ট বনাই চুলিত লগাব ৷ অলপ শুকান ভাব হোৱাৰ পিছত, তাৰ ওপৰত ফাকুৰ গুড়ি লাগিলেও চুলিত কোনোধৰণৰ সমস্যা নহয় ৷

এটা কথা মনত ৰাখিব যেতিয়া মূৰত চেম্পু কৰিব, তেতিয়া আগতে চুলিখিনি ভালদৰে পানীৰে প্রথমেই ধুই লব, যেতিয়ালৈকে চাফা পানী নোলায় ৷ কিয়নো আগতে লগাই থোৱা পেক শুকাই যোৱাৰ ফলত চুলিৰ পৰা আঁতৰাব লৈ অলপ–সুবিধা হব, বেছি জোৰকৈ ঘঁহিলে চুলি–ছিঙিব পাৰে ৷ সেয়ে পেকখিনি ভালদৰে আঁতৰ হলেহে চেম্পু দিব ৷ পাৰিলে ফাকু খেলাৰ দিনা অলপ তেল হাতত লৈ পাতলভাৱে চুলিকোছাত গোটেই ৰাতি সানি ৰাখিব ৷ এনে কৰিলে চুলিৰ শুকান ভাব নোহোৱাকৈ থাকিব ৷

মূৰ ধোৱাৰ পিছত এক মগ পানীত তিনি চামুচ ভিনেগাৰ মিলাই সেই পানীৰে চুলিকোছাৰ ধুলে চুলিৰ উজ্জ্বলতা অটুট থাকিব ৷

চুলিকোছাৰ লগতে আমি মুখখনৰ কথাটো ভাবিব লাগিব ৷ কিছুমানৰ ফাকুৰ ৰঙে এলার্জীৰ সমস্যাৰ সৃষ্টি কৰে ৷ কাৰণে নিজে ভাল কোম্পানীৰ ফাকু ব্যৱহাৰ কৰিলেও আপোনাক সনাজনৰ ফাকুৰ গুড়ি ভাল নহবও পাৰে ৷ সেয়েই গোটেই মুখখনত ভাল কোম্পানীৰ গোলাপজল কপাহৰ সহায়ত মুখখনত সানিব প্রথমে, ১০ মিনিটৰ পিছত এলমণ্ড অইলৰ লগত দুই চামুচ চন্দন পাউডাৰ, এক চামুচ হালধি পাউডাৰ, কণীৰ বগা অংশ, এই আটাইবোৰ ভালদৰে মিলাই পেষ্ট বনাই মুখত লগাব ৷ তাৰ ওপৰত ফাকুৰ ৰং লাগিলেও আপোনাৰ মুখৰ ছালৰ কোনোধৰণৰ ক্ষতি নহয় ৷

মুখখন ধোৱাৰ সময়ত আগতে পানীৰে লাহে লাহে ধুই চাফা কৰি তাৰ পিছত তিতা কপাহৰ সহায়ত মুখত সানি লোৱা পেকটো আঁতৰাব ৷ যিসকলৰ মুখখনৰ ছাল শুকান, তেওঁলোকে অলপমান গৰু গাখীৰত কপাহ তিয়াহ সেই কপাহেৰে  মুখখন ক্লিনংজাৰ কৰিব ৷ তেলেতীয়া ছালৰ লোকে দৈৰ লগত বিলাহীৰ ৰস মিহলাই সেই ৰসেৰে মুখখন ক্লিনংজাৰ কৰক ৷

স্বাভাৱিক ছাল লোকে তিয়ঁহৰ ৰস, অলপ বেচনৰ লগত মিলাই তাৰে মুখখনত ক্লিনংজাৰ কৰিব ৷

নিজৰ ছাল লগত মিলাই টনাৰ, মহশ্বৰাহজাৰ ব্যৱহাৰ কৰিব ৷

হাত দুখনতো পাৰিলে মূলতানী পাউডাৰৰ লগত দৈ মিলাই পেক বনাই সানি লব, যাতে ৰঙে হাত দুখন দেখাত বেয়া কৰিব নোৱাৰে ৷

এই ফাগুনত বিশেষকৈ বিয়া–সবাই বেছিকৈ হয় ৷ সেইবাবে হবলগীয়া কইনা, দৰায়ো নিজকে অলপ যত্ন লব পাৰে, যাতে বিয়াৰ বিশেষ দিনটোত নিজকে দেখাত অতি ধুনীয়া লাগে সকলোৰে চকুত ৷

প্রতিদিনে চাকৰিৰ বাবে বা আন কামৰ বাবে বাহিৰলৈ ওলাই যাবলগীয়া হয় বহুতৰে, তেনে লোকে অলপ নাৰিকল তেল কুহুমীয়াকৈ গৰম কৰি চুলিকোছাত লগাই গোটেই ৰাতি থৈ পিছদিনা ভাল কোম্পানীৰ হার্বেল চেম্পু দি ধুব ৷ সপ্তাহত দুদিনকৈ কৰিব ৷

চকুৰ উজ্জ্বলতা অটুট থাকিব বাবে ভাল কোম্পানীৰ গোলাপজল চকু দিনটোত দুবাৰকৈ দিব ৷

ৰাতি শোৱাৰ সময়ত ওঁঠযুৰিত অলপ মৌ লগাই থব ৷ ওঁঠযুৰিৰ ফটা ভাব নোহোৱা হব ৷

এনেদৰে ফাগুনৰ বতৰত নিজকে যত্ন কৰিবলৈ চেষ্টা কৰক ৷

You might also like
Leave A Reply

Your email address will not be published.