মেলি দে তোৰ জীৱনৰ নাও

ৰাগিণী আলম্যান

বিমলাৰ চুলিখিনিত মাজে মাজে দুই–এডাল ৰূপালী ৰং ধৰিছে ৷ খীর্ণকায় মুখ শেঁতা পৰা এগৰাকী চল্লিশ–পঞ্চল্লিশ বছৰীয়া তিৰোতা ৷ পিন্ধনত গুটি নোলোৱা ধানৰ পাতৰ দৰে সেউজীয়া পাৰি দিয়া এখন চাদৰ আৰু ধনিয়া পাতৰ দৰে সেউজীয়া বুটাবছা এখন শুভ্রৰঙী মেখেলা ৷ বাটৰ দাঁতিকাষত তাই ৰৈ আছে ৷ বহুপৰ হ’ল ৷ এঘন্টা নাইবা দুঘন্টা ৷ দুচকুৰে মণিব নোৱাৰালৈকে এখন গাড়ীৰো তাই উমান পোৱা নাই ৷

জুনমহীয়া গৰমত ডিঙিৰে ঘামৰ টোপালকেইটামান বৈ আহি বুকুৰ সোঁমাজেদি পাৰ হৈ গৈছে ৷ ব্লাউজটো পিঠিৰ ফালে ঘামেৰে তিতি জেপজেপীয়া হৈ পৰিছে ৷ কাষত আৰু চাৰি–পাঁচজন মানুহ ৷ সিহঁতৰো একেই অৱস্থা ৷ তাই অৱশ্যে সিহঁতলৈ বৰকৈ মন কৰা নাই ৷ দুজনমানে গৰমত উচপিচাই আছে ৷ তাই কিন্তু নির্বিকাৰভাৱে ৰৈ আছে এক মূর্তিৰ দৰে ৷ ধৈর্য হয় এয়া বিমলাৰে ধৈর্য ৷ সকলোৰে অপেক্ষাৰ অন্ত পেলাই অলপ দেৰিৰ পিছত এখন মেজিক গাড়ী আহি সিহঁতৰ সন্মুখত ৰল ৷ তাইক ঠেলি ৰৈ থকা মানুহখিনি মেজিকৰ ছীটকেহটা দখল কৰি ললে ৷ শেষৰ ফালে এটা ছীট কেনেবাকৈ থাকিল ৷ সেই ছীটটোৰ পৰিপূৰক হিচাপে বিমলালৈ উদ্দেশ্যি কণ্ডাক্টৰজনে কলে অ খুৰী আশী টকা ভাৰা ৷ দিব পাৰ যদি উঠ নহলে থাক ৷

কণ্ডাক্টৰৰ কথা শুনি তাইৰ খং এটা উঠি আহিছিল ৷ পিছে এই সময়ত খং উঠিলে তাহৰহে বিপদ নিশ্চিত ৷ পুৱাৰে পৰা বজাৰলৈ নিবলৈ লোৱা মোনাকেহটা ৰখি ৰখি তাই হতিমধ্যে ভাগৰুৱা অনুভৱ কৰিছে ৷ ভগৱানক খাটিছে কেনেবাকৈ গাড়ী এখন পালে তাইৰ পেটৰ ভাতকেহটা মুকলি হব ৷

ভগৱানে তাইৰ প্রার্থনা শুনিল ৷

সন্মুখত গাড়ী মাথোঁ তাই ৰৈ থকা গাড়ীখনত উঠিবগৈ লাগে ৷

চাদৰৰ আঁচলত এবাৰ হাত দি চালে ৷ হব হব কণ্ডাক্টৰে বিচৰা টকাকেহটা হব ৷ তাই লৰালৰিকৈ যাবলৈ ওলোৱা গাডীখনৰ পিছৰ ছীটটোত বহি ললে ৷

*****

ব্যস্ত মহানগৰীৰ গাতে লাগি থকা এখন গাঁও ৷ নাম চাৰিকুৰীয়া ৷ গাঁওখন কামৰূপ মহানগৰৰ চাৰিসীমাৰ পূবৰ ফালে একেবাৰে শেষ অংশত অৱস্থিত ৷ চাৰিকুৰীয়া গাঁওখন সংলগ্ন হৈ আছে ৩৭নং ৰাষ্ট্রীয় ঘাইপথেৰে ৷ গাঁওখনৰ ঠিক সন্মুখতে নর্থ ইষ্টৰ সবাতোকৈ ডাঙৰ ডেফডিল নার্ছাৰীখন ৷ নামনিৰ পৰা উজনি অসমলৈ এই বাটেৰে যোৱা সকলো মানুহেই নার্ছাৰীখন চিনি পায় ৷ এই নার্ছাৰীৰ পৰা বিভিন্ন দেশলৈ বিভিন্ন গছৰ পুলি আৰু ফুলৰ আমদানি–ৰপ্তানি হয়, লগতে এই নার্ছাৰীখনৰ জৰিয়তে ডিমৰীয়া মৌজাৰ বহুতো নিবনুৱাই সংস্থাপন লাভ কৰিছে ৷ ওচৰ–চুবুৰীয়া গাঁৱৰ লগতে চাৰিকুৰীয়া গাঁৱৰো বহুতো নিবনুৱা ল’ৰা–ছোৱালী, ডেকা–বুঢ়া, বিধৱা–সধৱা আদিক পেটৰ ভাতমুঠি মোকলাব পৰাৰ ব্যৱস্থা কৰি দিছে এই নার্ছাৰীখনে ৷ কতো ভিক্ষা কৰি খাব নলগীয়াকৈ দুখীয়া–নিছলা মাহকী মানুহবোৰকো নার্ছাৰীখনত কাম দিছে ৷ ফুলৰ গুৰি চাফা কৰা, পানী দিয়া আদি কাম কৰি দুপহচা অর্জন কৰি দুবেলা দুমুঠি নিশ্চিন্তকৈ পাৰে ৷

এই চাৰিকুৰীয়া গাঁৱৰে ঠিক মধ্যভাগতে ইকৰাৰে চালি দিয়া এটা ঘৰত বিমলা আৰু তাইৰ বাৰ বছৰীয়া ছোৱালীজনী থাকে ৷ বিমলা বিয়া হৈ ঘৰখনত সোমোৱাৰে পৰা বদনৰ মনটো গোলাপৰ ৰঙেৰে ৰাঙলী হৈ উঠিছিল ৷ ফুলশয্যাৰ নিশা বিমলাক সি কৈছিল বিমলা মোৰ মা–বাবা সৰুতেই ঢুকাল ৷ তোক প্রথম দেখা পায়েই নিজৰ নিজৰ লাগিল ৷ কিয় জানো তোৰ কোঁচত মূৰ গুঁজি অলপ শুবলৈ মন গৈছে ৷ এনেকুৱা লাগিছে যেন আজিহে মোৰ জীৱনটো পৰিপূর্ণ হৈছে ৷ বিমলাই কি কব একো ভাবি নাপাই তাৰ মূৰত নকইনাৰ হাতখনেৰে জেতুকাবুলীয়া ৰং অলপ সানি দিছিল ৷ সি সেইদিনা ভৰ টোপনিত বিমলাক সাবটি শুই পৰিছিল ৷ বিয়াৰ এবছৰ পিছত ঘৰখনত বিমলাৰ লক্ষ্মী যেন হাত লাগি  ফুল–ফলেৰে ভৰি পৰিছিল লগতে বিমলাৰ কোলাও শুৱনি কৰিছিল এটি কণমানি শিশুৱে ৷ বদনে খুব কষ্ট কৰিছিল ৷ নিজৰ মাটি নাথাকিলেও ওচৰৰে ডেকা বাবুহঁতৰ মাটিত সি আধি খেতি কৰিছিল ৷ বিমলা আৰু বদনৰ ঘৰখন লাহে লাহে উন্নতিৰ দিশে আগুৱাবলৈ ধৰিছিলেহে, তেনেতে আহিল সেই অনাকাংক্ষিত খবৰটো ৷

জীৱনে যেতিয়া বিদ্রুপৰে হাঁহিব ধৰে এখন দুখৰ বজাৰত নিজকে পোৱা যায় ৷ যি দুখে বিমলাৰ শিৰৰ ৰংখিনি ধুই নিকা কৰিছিল ৷ বিমলাৰ ঘৰৰ ইকৰাৰ চালিখন সেইদিনা ধুমুহাই এনেকৈ উৰুৱাই লৈ গৈছিল যে তাই সেই চালিখন ধৰি ৰাখিবলৈ অসমর্থ হৈছিল ৷ ডেকা বাবু চাইকেলখন লৈ চিধাই বিমলাৰ ওচৰ পাইছিলহি ৷ সেই সময়ত বিমলাই কণমানিজনীক চোতালতে পঢ়াই আছিল ৷ ডেকা বাবুৱে চোতালত ভৰি থৈয়েই বিমলাক কলে বদনৰ কিবা এটা হৈছে বিমলা, বলচোন হাস্পতাললৈ ৷

বিমলাই কি হৈছে বুলি হাস্পতালখনলৈ আগ–গুৰি নাভাবি লৰ দিলে ৷ ডেকা বাবুৱে বিমলাৰ ছোৱালীজনীক চাইকেলত তুলি ঘৰলৈ লৈ আহিল ৷ পাঁচ বছৰীয়া ছোৱালীজনীয়ে ডেকা বৰদেউতাকক গোটেই বাটটোত সুধি আহিল দেউতাকৰ কি হৈছে মাকে কিয় তেনেকৈ লৱৰি গল ডেকা বাবুৰ মুখেদি একো এটাই নোলাল ৷ ওলাবনো কেনেকৈ সৰুৰে পৰা বদনৰ তেজাল চেহেৰাটো যে ছাই বৰণীয়া হৈ ৰাস্তাৰ সোঁমাজত বিভক্ত হৈ পৰি আছিল ৷ কেনেকৈনো কব ফুলকুমলীয়া ছোৱালীজনীক যে তাইৰ দেউতাকক এখন ডাম্পাৰে মহটিয়াই গোটেই দেহটো ছিন্ন–ভিন্ন কৰি পেলাইছে ৷ বদনে আৰু সোণজনী বুলি মাতিবলৈ কেতিয়াও ঘূৰি নাহে তাইৰ ওচৰলৈ ৷ সেহদিনা তেজৰ ডোঙাবোৰে বদন আৰু বিমলাৰ  বিচ্ছেদৰ সাক্ষী হৈ ৰৈছিল ৷

বদন গুচি যোৱাৰ পাছৰে পৰা বিমলাৰ অৱস্থা বেয়া হবলৈ ধৰিলে ৷ ডেকা বাবুৰ ঘৰত আহি কেতিয়াবা ধান চালি, বাচন ধুই দুপইচা অর্জন কৰে ৷ কিন্তু সেহখিনি টকাৰে তাইৰ আৰু ছোৱালীজনীৰ অভাৱ দূৰ নহয় ৷ তাইৰ অৱস্থা দেখি ডেকা বাবুৱে নার্ছাৰীখনৰ স্বত্বাধিকাৰীৰ লগত কথা পাতিলে ৷ যি হলেও ডেকা বাবুৰ দায়িত্ব এটা আছে ৷ বদনে ডেকা বাবুৰ বিশ বিঘা মাটিত খেতি কৰি অতদিনে বিশ্বাসী এজন হৈ পৰিছিল ৷ বিমলালৈ ডেকা বাবুৰ ঘৰখনে কৰিব পৰা সহায়খিনি কৰিছে, কিন্তু সদায়টো বিমলাৰ দায়িত্ব লব নোৱাৰে ৷

নার্ছাৰীৰ বাবুৱে ডেকা বাবুৰ কথা ৰাখিলে ৷ মানুহজন এনেও বৰ উদাৰ ৷ বিমলাক নার্ছাৰীৰ বাবুৱে কলে বাইদেউ সদায় ইয়াতে আহি ফুলবোৰকে চাই দিবি ৷ মাইৰ মূৰত টকা তিনি হাজাৰ দিম ৷ ওচৰৰে মানুহ সদায় আহিব পাৰিবি ৷ দুপৰীয়া ছোৱালীজনীকো চাই আহিব পাৰিবি ৷

তেখেতৰ কথাত সৰগখনহে যেন হাততে ঢুকি পালে বিমলাই ৷ ঘৰৰ বাৰীখনত শাক–পাচলি কৰি শাকে–পাতে খাই বাকী নার্ছাৰীত কাম কৰি পোৱা মজুৰিখিনি তেল, নিমখ, চাউল আদি যোগাৰ কৰি ছোৱালীৰ স্কুলৰ ফীজ দিয়া আদি কাম কৰে ৷ এনেকৈ জীৱনটো চলি আছিল দুয়োজনীৰে ৷ এদিন নার্ছাৰীৰ পৰা ঘৰলৈ উভতি আহি দেখে যে ছোৱালীজনী তেজেৰে লুতুৰি–পুতুৰি হৈ বাৰাণ্ডাত পৰি আছে ৷ প্রথমে কি হৈছে একো তলকিবই নোৱাৰিলে পিছত ভালদৰে চাহ–চিতি সোধা–পোছা কৰি গম পালে যে তাইৰ ছয় বছৰীয়া ছোৱালীজনীক কোনোবা পাষণ্ডহ ধর্ষণ কৰি এই অৱস্থা কৰিছে ৷ তাই খঙে শোকে ম্রিয়মাণ হৈ গোটেই ৰাতি চিঞৰি থাকিল অই নৰকত পচি মৰাৰ জাত মোৰ ছোৱালীক কিয় ধবংস কৰিলি ইমানে তেজৰ গৰম আছে যদি মোৰ লগত শুবি আহি ৷ সাহস আছে যদি মই থকা অৱস্থাত ঘৰত আহিবি চাল্লা নিধক ৷

এতিয়া চাৰিওফালে মাত্র এটাই ত্রাস ৷ কৰোনা ভাইৰাছ ৷ আজিকালি হেনো সাপৰ দৰে মোট সলাই বহু ৰূপ লৈছে ৷ বহু মানুহ মৰিছে ৷ এই গাঁৱৰো দুহ–এজনক এম্বুলেঞ্চে আহি লৈ গৈছে ৷ কাষৰে চবিন বোলা আদবয়সীয়া মানুহজন চাৰি দিনমান হল ঢুকাল ৷ ভালেই হল কুকুৰ নিধকটোক এটা ভাহৰাছে খালে ৷ প্রমাণ থাকিও পুলিচে দুদিন ৰাখিয়ে থৈ গৈছিলহি ৷ কি কৰিব বিমলাৰ একো উপায় নাছিল ৷ সকলোতে টকাইহে মাতে ৷ তাক পুলিচে থৈ যোৱাৰ দিনা ৰাতি ছোৱালীজনীক বুকুত সাবটি আকাশলৈ চাই তাই কৈছিল বদন আমাৰ ছোৱালীজনীক এই চবিন কুকুৰটোৱে বাঘৰ দৰে টানি–আঁজুৰি খালে অ ৷ মই একো কৰিব নোৱাৰিলোঁ ৷ মোক মাফ কৰি দিবি ৷ কান্দিছিল তাই ৷ হিয়া ঢাকুৰি অমাৱস্যাৰ ৰাতিৰ ঘোৰ অন্ধকাৰত চিঞৰি চিঞৰি কান্দিছিল ৷

অতিমাৰী আহি চাৰিকুৰীয়া গাঁও পাইছেহি ৷ লাহে লাহে দেশৰ সকলোকে মকৰাজালৰ দৰে ছানি ধৰিছে ৷ লকডাউনে দেশৰ অর্থনীতি বিধবস্ত কৰিছে ৷ বেপাৰ–বাণিজ্যত লোকচান হৈছে ৷ নার্ছাৰীখনতো মানুহ কমোৱাৰ বাবে আজি পাঁচ মাহে বিমলা ঘৰতে আছে ৷ লাহে লাহে গাঁঠিৰ ধনকেহটাও শেষ হৈ আহিছে ৷ ছোৱালীজনী সেই ঘটনাটোৰ পৰা ভালকৈ খোৱা–বোৱা নকৰা হল ৷ মাত–বোল ভালকৈ নকৰা হল ৷ এজনী উঠি অহা ছোৱালীৰ সুখখিনি কাড়ি লৈ গল এটা নৰপিশাচে ৷ ছবছৰে বিমলাও হাঁহিব পাহৰি গল ৷ ছোৱালীজনীক লগত লৈ পুৱা নার্ছাৰীৰ কামলৈ ওলাহ যায় আৰু সন্ধিয়া ঘৰলৈ ঘূৰি আহে ৷ বতাহ–বৰষুণ সকলো যেন চাদৰৰ আঁচলখনত সামৰি লৈ ফুৰে তাই ৷

পুৰণি বেগটো খুঁচৰি চাহ দেখিলে ১০০ টকাহে আছে, তাৰে চাউল কিনিলে বাকী কেৰাচিন, মিঠাতেল আদি কিনিবলৈও দেখোন একো নাথাকিব ৷ মিঠাতেলৰো যিহে জুইছাহ দাম ৷ লিটাৰে দুশৰ ঘৰ অতিক্রম কৰিলে ৷ চৰকাৰে দিয়া চাউল মুঠি পাবলৈও ৰেচন কার্ডখন বিচাৰি নোপোৱা হল ৷ সৰু ঘৰটোৰ চালিয়েদি বৰষুণৰ পানী পৰি মজিয়াখন জেপজেপীয়া হৈ পৰিছে ৷ ছোৱালীজনীক আঁঠুৱা এটা তৰি দি বিছনাতে শুৱাই থৈছে ৷ আঁঠুৱাৰ ওপৰত এখন ডাঙৰ প্লাষ্টিকেৰে গাত পানী নপৰাকৈ ভালকৈ ঢাকি দি বিমলাই বিছনাত গাটো এৰি দিলে যদিও টোপনি নাহিল ৷ নাই নাই তাই কিবা এটা কৰিব লাগিব ৷ এনেদৰে থাকিলে তাইৰ লগতে ছোৱালীজনীও লঘোনে মৰিব ৷ কাইলৈ পুৱাই তাই বাৰীৰ চুকৰ কল, কচু, ঢেঁকীয়া কেইডালমানকে বজাৰলৈ লৈ যাব ৷ সেইবোৰকে বেচি যি দুপইচা পায় তাৰে দুদিনমান অন্ততঃ চলিব পাৰিব ৷ ঠিক ভবাৰ দৰেই কাম ৷

পুৱাই পঁইতাভাত কেইটামান খাই ছোৱালীজনীক ভাত কেহটামান খোৱাই ডেকা বাবুৰ ঘৰত থৈ এটা ডাঙৰ মোনাত সুমুৱাই ললে ঘৰৰে পুৰাকল কেইআষিমান, বাৰীৰে পচলা কেইডালমান, ভেদাইলতা, মানিমুনি, নৰসিংহৰ পাত আদি ৷ গাঁৱৰ মুখৰ পৰা ঘাইপথটোৰে অহৰহ মেজিক, ড্রেভেলাৰ আদি চলি থাকে ৷ এইকেইদিন মহামাৰীৰ বাবে অলপ কমকৈ চলিছে যদিও যাব পৰা যাব ৷ বহু সময়ৰ পিছত প্রত্যাশিত মেজিকখন দেখি তাহৰ মনটো ভাল লাগি গৈছিল ৷

*****

বিমলাহ মেজিকৰ ছীটত বহি ভাবিলে এই শাক–পাচলিখিনি বিক্রী কৰি পাঁচশমান হাতত আহিলে তিনিশমান টকা লাভ হব ৷ তাৰে কেইদিনমান চলিব পাৰিব আৰু ভগৱানে যদি এনেকৈ আশীর্বাদ কৰে, তেন্তে এই মহামাৰীৰ দিনতো সিহঁত দুয়োটাই পেট ভৰাই খাই জীয়াই থাকিব পাৰিব ৷ উফ জীয়াই থকাৰ তাড়না ৷ ভগৱানে গঢ়া জীৱনটো পৰিচালনা কৰিবলৈ কিমান যে কষ্ট কৰিব লগা হয় ৷ কিছু লোক আকৌ ভোগ কৰিবলৈহে যেন জন্ম পায় ৷

খিৰিকীৰে চকুকেইটা বাহিৰলৈ নি দেখিলে সোণাপুৰৰ মৃত শৰীৰৰ দৰে ৰিজর্টবোৰ, যত এটা সময়ত সৰু লৰা–ছোৱালী, ডেকা–গাভৰুৰে ঠাহ খাহ আছিল ৷ অৱসৰ বিনোদন কৰিব অহা মানুহেৰে ভৰি আছিল ৷ বদন গুচি যোৱাৰ পিছত বিমলাৰ জীৱনটো যেনেকৈ মৰুভূমিৰ বালিৰে ভৰি পৰিছিল, ঠিক তেনেকুৱাই হৈ পৰিছে এই ৰিজর্টবোৰ ৷ দুবছৰ আগতে নার্ছাৰীৰ পৰাও কিমান যে ফুল আনি সজাইছিল নকইনাৰ দৰে এই ৰিজর্টবোৰক ৷

গাড়ীখন যোৰাবাটৰ অকোৱা–পকোৱা ৰাস্তাৰে আগবাড়িব ধৰিলে ৷ অকোৱা–পকোৱা ৰাস্তাটোৱে কিমান যে দুখ–যন্ত্রণা সহ্য কৰিছে ৷ বিমলাৰ জীৱনটোও এই ৰাস্তাটোতকৈ কম অকোৱা–পকোৱানে কিমান ড্রাকৰ মস্ত মস্ত ওজন দেহত লৈ আজিও সগৌৰৱে মেৰ খাই আছে পাহাৰৰ দাঁতিত এই যোৰাবাটটো ৷ ঘাইপথটোৰ কাষে কাষে ওখ ওখ গছবোৰত ডাল–পাতে ভৰি পৰিছে ৷ অলপতে হৈ যোৱা দেশৰ তলাবন্ধই গছবোৰক সেউজীয়া কৰি তুলিছে ৷ অকল গছবোৰেই সেউজীয়া হৈ পৰা নাই ৷ কাষৰ জোপোহাবোৰ ৰাস্তাৰ মাজৰ চৰকাৰে ৰুই দিয়া এজাৰৰ পুলিবোৰ এই সকলো দেখোন এতিয়া ধুনীয়া হৈ পৰিছে ৷

ভাইৰাছটোৱে মানুহৰ মনবোৰহে একেবাৰে সেমেকাই পেলালে ৷ কিমান যে আশা আছিল ৷ দুই–এদিনতে নার্ছাৰীৰ বাবুৱে দৰমহা বঢ়াই দিয়াৰ কথা আছিল ৷ ঘৰৰ ফুটা ওলোৱা চালিখন টিনপাত দুখন আনি মেৰামতি কৰাৰ কথা আছিল আৰু কত যে কি ৷

: খুৰী নামি লবি, ইয়াতকৈ আৰু আগলৈ নাযায়– কণ্ডাক্টৰে কলে ৷

কণ্ডাক্টৰক আশী টকাটো উলিয়াই দি খানাপাৰা ব্রিজ অভিমুখে বিমলাই খোজ ললে ৷ ব্রিজৰ কাষতে এখন বজাৰ বহে তাতে অলপ ঠাই পালেই তাইৰ সুবিধা হব ৷ গণেশগুৰিৰ বজাৰত বহিবলৈ তাইৰ হাতত আৰু পইচা নাই ৷ চাৰিকুৰীয়া গাঁৱৰ দুই–এজনে গণেশগুৰিৰ বজাৰত দিনটোৰ বাবে বহে ৷ অলপ দূৰ ভাৰী মোনাটো হাতত লৈ কেঁকো–গেঁঠোকৈ খোজ কাঢ়ি পদপথৰ বজাৰখন পালেগৈ ৷ লগত নিয়া মোনাটো কাষতে থৈ এখন বস্তা পাৰি ললে ৷ তাতে তাই লৈ যোৱা শাক–পাচলিখিনি ধুনীয়াকৈ সজাই ললে ৷

বগা, কলা, ৰঙা, নীলা কত যে গাড়ী ৷ এই গাড়ীবোৰত উঠি কোন যে কলেকৈ যাই ধৰিবকে নোৱাৰি ৷ সকলো মহানগৰীৰ ব্যস্ততাত ব্যস্ত হৈ পৰিছে ৷ বিমলাৰ দৰে জীৱন যুদ্ধ কৰি খোৱা মানুহক ঘূৰি চাবলৈ যেন কাৰোৰে সময় নাই ৷ বিমলাৰ অৱশ্যে এইবোৰ ভবাৰ সময় নাই ৷ তাইৰ উদ্দেশ্য এটাই লৈ অহা শাক–পাচলিখিনি বিক্রী কৰিব পাৰিলেই তাইৰ দুবেলা দুমুঠি ভাতৰ যোগাৰ হব ৷ অন্ততঃ সৰু ছোৱালীজনী ভোকত ককবকাব লগা নহয় ৷ বিমলাৰ অপেক্ষা মাথোঁ গুৱাহাটীৰ আভিজাত্যত নিজকে পাহৰি নোযোৱা, গাঁৱৰ শিপা বিচাৰি অহা গ্রাহকলৈ ৷

ফোন : ৯১০১৪-৭৬০৬৫

You might also like
Leave A Reply

Your email address will not be published.