ছালখনৰ পৰিচর্যা

বিষয়া ভূঞা

শাৰীৰিক সৌন্দর্যৰ কথা কলে আমাৰ প্রথমতে মনলৈ আহে আমাৰ শৰীৰৰ ছালখনৰ কথা ৷ ছালখন আমাৰ দেহৰ সর্ববৃহৎ অংগ হোৱাৰ লগতে আমাৰ দেহটোক আৱৰি ৰাখি সুৰক্ষিতও কৰি ৰাখে ৷ ইয়াৰ উপৰি ছালখন আমাৰ দেহৰ আইনাৰ দৰে ৷ শৰীৰৰ বিভিন্ন আভ্যন্তৰীণ সমস্যা আমাৰ ছালখনত পৰিস্ফুট হয় ৷ ব্যক্তি এজনৰ বাহ্যিক সৌন্দর্যও নির্ভৰ কৰে ছালখনৰ কোমলতা, মসৃণতা, ছালৰ বৰণ আদিৰ ওপৰত ৷

মানৱ দেহৰ ছালখন তিনিটা স্তৰত বিভক্ত ৷ প্রথম স্তৰ হৈছে এপিডাৰমিছ, মাজৰ স্তৰ হৈছে ডাৰমিছ আৰু তলৰ স্তৰ হৈছে হাইপোডাৰমিছ ৷ সৌন্দর্য চর্চাত যি বাহ্যিকভাৱে চিকিৎসা কৰা হয়, সেয়া এপিডাৰমিছ আৰু ডাৰমিছ স্তৰলৈ কৰা হয় ৷ এপিডাৰমিছ স্তৰত চাৰিটা পর্যায়ৰ ভিতৰত কোষৰ জন্ম আৰু মৃত্যু হয় ৷ এটা কোষ জন্ম হৈ প্রাপ্তবয়স্ক্ স্তৰ পাৰ কৰি মৃত্যু হোৱালৈ ২১ৰ পৰা ২৮ দিন সময় লাগে ৷ সেয়েহে আমি ছালৰ পৰিচর্যা কৰিব যাওঁতে যি ধৰণৰ থেৰাপী লওঁ, সেয়া ১৫ দিনৰ ভিতৰত লোৱা উচিত ৷

আমাৰ ছালখনৰ পৰিচর্যা কৰিব লোৱাৰ আগতে আমি ছালখনৰ প্রকৃতি জানি লব লাগিব ৷ ছালখন স্বাভাৱিক, তৈলাক্ত, শুকান নে মিশ্রিত সেয়া জানি লৈহে আমি ছালৰ যত্ন লোৱা দৰকাৰ ৷ সেয়েহে পৰিচর্যা আৰম্ভ কৰাৰ আগতে এজন সৌন্দর্য বিশেষজ্ঞ বা বিশেষজ্ঞাৰ হতুৱাই আমাৰ ছালখন এবাৰ টেষ্ট কৰাই লোৱা উচিত ৷ তেতিয়া আপুনি আপোনাৰ ছালৰ প্রকৃতি অনুসৰি ছালখনৰ যত্ন লব পাৰিব ৷ স্বাভাৱিক ছালৰ সমস্যা শুকান বা তৈলাক্ত ছালতকৈ কিছু কম হয় ৷

তৈলাক্ত ছালৰ যতনঃ  তৈলাক্ত বা তেলেতীয়া ছাল দিনত দুই–তিনিবাৰকৈ ভালকৈ ধুব লাগে ৷ যদি তেল অধিক নহয় তেতিয়াহলে সাধাৰণভাৱে পানী ছটিয়াই ধুই দিলেও হয় ৷ প্রতিবাৰ ধোৱাৰ পিছত মইশ্বৰাইজাৰ লগাব নাপাহৰিবা ৷ বেচন আৰু মূলটানি মাটিৰ মিশ্রণেৰে মুখখন সদায় এবাৰ চাফা কৰিব পাৰে ৷ টোনাৰ হিচাপে গোলাপজল ব্যৱহাৰ কৰিব পাৰে ৷

তেলেতীয়া ছালৰ বাবে কেইটামান ফেচপেক ঘৰতে প্রস্তুত কৰি লগাব পাৰে

  • এটা তিয়ঁহ ভালদৰে পেষ্ট কৰি চেকি লব৷ তাৰ লগত এটা কণীৰ বগা অংশ, আধা চাহ চামুচ নেমুৰ ৰস আৰু আধা চামুচ নাৰিকল তেল মিহলাই মুখ আৰু ডিঙিত ২০ মিনিটৰ বাবে লগাই ৰাখিব৷ তাৰ পিছত ঠাণ্ডা পানী ছটিয়াই ছটিয়াই মুখখন ধুই পেলাব ৷
  • মূলটানি মাটি দুই চামুচ গোলাপ জলেৰে প্লেঢ বনাই লৈ মুখত ১৫ মিনিট সময়ৰ বাবে লগাই ৰাখিব ৷ তাৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব ৷ সপ্তাহত দুবাৰকৈ লগাব পাৰে ৷
  • এক চামুচ বেচন, দুই চামুচ দৈ আৰু কেইটোপালমান নেমুৰ ৰস মিহলি কৰি পেক এটা বনাই লৈ ১৫-২০ মিনিটৰ বাবে মুখত লগাই পিছত ঠাণ্ডা পানীৰে ধুই পেলাব ৷
  • কাজু বাদাম ৮টা পিহাৰ লগত আধা কাপ কমলাৰ ৰস মিহলি কৰি পেক বনাই মুখ আৰু ডিঙিত লগাব পাৰে৷

শুকান ছালৰ বাবেঃ

শুকান ছালৰ গৰাকীয়েও দিনত দুবাৰকৈ ছালখন ভালদৰে পৰিষ্কাৰ কৰিব ৷ বেছি শুকান ছাল হলে দিনত এবাৰ ঘিৰে মুখখন অলপ সময় মালিছ কৰি তাৰ পিছত ভালদৰে ফেচৱাছ কৰিব ৷ তাৰ পিছত ভালদৰে মুখ আৰু ডিঙিত মইশ্বৰাইজাৰ লগাব ৷ দিনত ৮-৯ গিলাচ পানী খোৱাৰ লগতে সজীৱ শাক–পাচলি, ফল খোৱাৰ অভ্যাস কৰিব ৷

শুকান ছালৰ বাবে কেইটামান ফেচপেকঃ

  • বিলাহীৰ ৰস মৌৰ সৈতে মিহলাই মুখ আৰু ডিঙিত লগাব ৷ ১৫-২০ মিনিট পিছত ধুই দিব ৷
  • দুচামুচ এলোভেৰা জেল, এচামুচ মৌ আৰু এক চামুচ চন্দনৰ গুড়ি মিহলাই পেক বনাই লগাব ৷
  • ৫-৬টা বাদাম পিহা, অট এচামুচ, মৌ এক চামুচ আৰু দুচামুচ দৈ মিহলাই লৈ ১৫-২০ মিনিটৰ বাবে মুখ আৰু ডিঙিত লগাই ৰাখিব৷

স্বাভাৱিক ছালৰ যতনঃ

পৰিষ্কাৰ–পৰিচ্ছন্ন সদায় লাগিব ৷ সেয়েহে স্বাভাৱিক ছাল হলেও দিনত দুবাৰকৈ চাফা কৰিব ৷ নিয়মিতভাৱে মইশ্বৰাইজাৰ লগাব ৷

স্বাভাৱিক ছালৰ বাবে ফেচপেকঃ

  • এটা আপেল ভালদৰে মিহি কৰি মোহাৰি লৈ তাৰ লগত দুই চামুচ মৌ মিহলাই ১৫-২০ মিনিটৰ বাবে মুখ আৰু ডিঙিত লগাব ৷  তাৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব ৷
  • দুচামুচ গোলাপ জলৰ লগত দুই–তিনি চামুচ চন্দন বটা মিহলি কৰি মুখ আৰু ডিঙিত ১৫-২০ মিনিটৰ বাবে লগাই ৰাখিব ৷ পিছত ঠাণ্ডা পানীৰে ধুই পেলাব ৷

মিশ্রিত ছালৰ বাবে যতন লবলৈ যাওঁতে আপোনাৰ ছালৰ শুকান ছালৰ অংশ বেছি নে তেলেতীয়া ছালৰ অংশ বেছি সেইটো চাই লব ৷ যদিহে বেছি অংশ তেলেতীয়া তেতিয়াহলে তেলেতীয়া ছালৰ দৰে যতন লব আৰু বেছি অংশ যদি শুকান তেতিয়াহলে শুকান ছালৰ যত্ন বেছি লব ৷

মৌ, গোলাপজল আৰু মূলটানি মাটিৰ পেক বনাই মিশ্রিত ছালত লগাব পাৰে ৷

ইয়াৰ উপৰি ঘৰৰ বাহিৰত ওলাওঁতে ছানস্ক্রিন, ছানগ্লাছ, আৰু ছাতি ব্যৱহাৰ কৰিব ৷

ফোনঃ  ৯৪৩৫৬-৩৫৪৬৬

You might also like
Leave A Reply

Your email address will not be published.