সন্মান

জোনাকী দেৱী কাশ্যপ

“Respect is not something that you ever demand in your life. Please, don’t ever do such a vulgarity, that you demand respect. You can only earn it, you cannot demand it. The moment you demand it, it becomes vulgar”- Sadguru

সন্মান শব্দৰ অর্থ হল গুণ, পদমর্যাদা অথবা জ্যেষ্ঠতাৰ ভিত্তিত লাভ কৰা শ্রদ্ধা বা আদৰ ৷ সন্মান নিজৰ গুণেৰে আহৰণ কৰিব পাৰি কেতিয়াও বলপূর্বক দাবী কৰিব নোৱাৰি ৷ সমাজৰ প্রত্যেক শ্রেণীৰ ব্যক্তিৰে সন্মান আটাহইতকৈ প্রিয়৷ সন্মানীয় হবলৈ নিজৰ ধর্ম সুচাৰুৰূপে পালন কৰাটো প্রয়োজন সেয়া সাংসাৰিক, সামাজিক অথবা বৃত্তিগত যিকোনো হব পাৰে ৷

সন্মান কেনেকৈ আহৰণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰোঁ আহক

  • যদি আপোনাক বেলেগে সন্মান কৰাটো বিচাৰে, তেন্তে প্রথমে নিজে নিজক সন্মান কৰিবলৈ শিকিব লাগিব ৷
  • নিজৰ কথা আৰু কামৰ মাজত সাদৃশ্য ৰাখিব লাগিব ৷
  • স্থান–কাল–পাত্র চাইহে কথা কব লাগে ৷
  • কাৰো বিষয়ে সঁচা কবলৈ কেতিয়াও ভয় কৰিব নালাগে ৷
  • আপোনাৰ ভুল হলে স্বীকাৰ কৰি ক্ষমা খোজাটো উচিত ৷ এনে কৰিলে আপোনাৰ সন্মান বাঢ়ি যাব ৷
  • যিটো বিষয়ত আপোনাৰ জ্ঞান নাই, সেইটো নম্রভাৱে নাজানো বুলি কোৱাটো উচিত ৷
  • কাৰোবাক ভাল লগাবলৈ নিজৰ কাম ক্ষতি কৰি হকে–বিহকে আনৰ বাবে খাটি থকাটো উচিত নহয় ৷
  • সন্মান পাবলৈ ভাল শ্রোতা হোৱাটো জৰুৰী ৷
  • নিজকে সদায় সদর্থক চিন্তাধাৰাৰে সুসজ্জিত কৰি ৰখাটো উচিত ৷
  • ভাল চৰিত্রৰ অধিকাৰী হোৱাৰ লগতে মার্জিত পোছাক পৰিধান কৰাটো প্রয়োজন ৷
  • সামাজিক কর্মত অংশগ্রহণ কৰিব পাৰে ৷
  • অইনৰ সফলতাত অভিনন্দন জনাবলৈ শিকিব লাগে ৷
  • কৃতজ্ঞতা জনাবলৈ সংকোচ কৰিব নালাগে ৷
  • নিজৰ শৰীৰ–মনৰ যত্ন লোৱা উচিত ৷
  • আত্ম–মূল্যায়ন কৰিব লাগে ৷
  • নিজকে কেতিয়াও আনৰ লগত তুলনা নকৰিব ৷
  • আনৰ সন্মান হানিকৰ কাম কেতিয়াও কৰাটো অনুচিত ৷

এবাৰ শ্রীকৃষই দানবীৰ কর্ণক কৈছিল যে ধর্মৰ চর্চা সকলোৱে কৰে, কিন্তু সকলোৱে ধর্মক বুজিব নোৱাৰে ৷ ধর্মৰ দ্বাৰা সন্মান লাভ কৰিব পাৰি অংগৰাজ ৷ জীৱনত যদি অপমান পোৱা যায় তেন্তে এইটো মানি লোৱা উচিত যে ধর্ম ৰক্ষা কৰা নহল ৷ তেতিয়া কর্ণই কৈছিল, আৰু যিজনে জন্মৰ পৰাই অপমান পাই আহিছে তেওঁ কি কৰিব বাসুদে ! শ্রীকৃষই প্রত্যুত্তৰ দিছিল যে নিজৰ সন্মানৰ বাবে সংঘর্ষ কৰাটো উচিত, নিজৰ অধিকাৰৰ বাবে মাত মাতিব লাগে, কিন্তু কেতিয়াও অধর্মৰ সংগ দিয়াটো অনুচিত ৷

সন্মান আহৰণ কৰিবলৈ তথা ক্ষমতা পাবলৈ কেতিয়াবা কিছুমানে ভুল পথ অৱলম্বন কৰে, যিটো একেবাৰে অনুচিত ৷ সমাজ এখনত বিভিন্ন শ্রেণীৰ লোক থাকে আৰু এটা শ্রেণী আনটোৰ ওপৰত নির্ভৰশীল অর্থাৎ পৰস্পৰ নির্ভৰশীল নহয় জানে !  সেয়ে নিজৰ নিজৰ কর্মত সকলো ডাঙৰ ৷ ভাল পথত থাকি জীৱন–যাত্রাত আগুৱাই যোৱা সকলো ব্যক্তিয়েই সন্মানৰ যোগ্য ৷ সন্মান অবিহনে কাৰো জীৱন সুখ–শান্তিৰ নহয় ৷ সকলোৱে সুখেৰে সন্মান সহিতে জীৱনত আগবাঢ়ি যাওক তাৰেই কামনা কৰিলোঁ

ফোনঃ  ৮৭২৪০-৮৬৬৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.