আইনাৰ অকণিহঁত

মৰমৰ আইনাৰ অকণিহঁত,

মৰম লবা ৷ আশাকৰোঁ তোমালোকে ওচৰ–চুবুৰীয়া বা আপোনজনৰ সৈতে মিলিজুলি ভোগালী বিহুৰ উৰুকাৰ ভোজ–ভাত খালা, মেজিৰ জুইত অগ্ণি সেৱা কৰিলা ৷ এই সময়ত বতৰটো বৰ মনোৰম হয় ৷ তোমালোকে নিশ্চয় মাৰা–দেউতাৰাৰ সৈতে অসমৰ ভিতৰৰ নতুবা বাহিৰৰ ধুনীয়া ঠাইবোৰলৈ ফুৰিবলৈ গৈছা, পিকনিক বা বনভোজলৈকো গৈছা ৷ এই সময়খিনিক উৎসৱৰ সময় বুলি কলে নিশ্চয় ভুল নহব ৷ ইয়াৰ পিছত গৰমৰ দিনবোৰ, বাৰিষাৰ বতৰ আহি আছে ৷ বাৰিষাৰ বতৰত বানপানীও হৈ নৈপৰীয়া মানুহৰ বহুত দুখ–দুর্দশা হয় ৷ পিছে, ফেব্রুৱাৰী মাহৰ শেষৰ দিনবোৰ বা মার্চ মাহৰ আৰম্ভণিত তোমালোকৰ স্কুলৰ পৰীক্ষাবোৰ আৰম্ভ হব, তাৰ লগে লগে আৰম্ভ হব মেট্ৰিক বা হাইস্কুল  শিক্ষান্ত পৰীক্ষা ৷ গতিকে তোমালোকে ভোগালী বিহুৰ পিছৰ পৰাই স্কুলৰ বছৰেকীয়া পৰীক্ষা বা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে নিজকে সাজু কৰিব লাগিব ৷ ইফালে, বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতী পূজা আহি আছে ৷ আমি স্কুলত পঢ়ি থকাৰ সময়ত সৰস্বতী পূজাৰ বাবে আগ্রহেৰে বাট চাই থাকোঁ ৷ সৰু সৰু ছোৱালীবোৰে মেখেলা–চাদৰ, লৰাবোৰে কুর্তা–পায়জামা–ধূতি বা চুৰিয়া পিন্ধি সৰস্বতী পূজালৈ অহা দেখিলে আজিকালি আমাৰো মনবোৰ ভাল লাগি যায় ৷

অলপতে গুৱাহাটীত অসম গ্রন্থমেলা হৈ গল ৷ ডাঙৰৰ লগতে, তোমালোকৰ বাবেও বহুতো নতুন নতুন কিতাপ প্রকাশ পাইছে , সেইবোৰৰ ভিতৰত শিশু উপন্যাস, সাধু, কবিতা আৰু গল্প কিতাপ, ভ্রমণ কাহিনী, দুঃসাহসিক অভিযান, মহৎ লোকৰ জীৱনী, বিজ্ঞানৰ কথাকে ধৰি কিমান যে অসমীয়া আৰু ইংৰাজী ভাষাত লিখা ধুনীয়া ধুনীয়া কিতাপ আছিল ৷ তোমালোকৰ কোনে কিমান কিতাপ কিনিলা বহুতে কয় যে তোমালোক অকণিহঁতে হেনো স্কুলৰ কিতাপৰ বাহিৰে আন কিতাপ নপঢ়া– মাথোন মবাইল ফোনতহে ব্যস্ত থাকা ৷ কথাটো সঁচানে কিতাপ নপঢ়াটো কিন্তু বৰ বেয়া কথা ৷ কিতাপ পঢ়িলে মানুহে বহুত কথা জানিব পাৰে ৷ তোমালোকে জানানে যে হিমালয় পর্বতখন অতীতত সাগৰৰ তলতহে আছিল ৷ বর্তমান পৃথিৱীৰ আটাইতকৈ ওখ এভাৰেষ্ট শৃংগ থকা হিমালয় পর্বত হেনো অতি লাহে লাহে ওখ হৈ গৈয়েই আছে ৷ জানানে, জুইৰ কেনেকৈ আৱিষ্কাৰ হল বিদ্যুৎ বা বিজুলী কোনে আৱিষ্কাৰ কৰিছিল পৃথিৱীৰ বহুত ডাঙৰ মানুহৰ দুখীয়াৰ ঘৰতহে জন্ম হৈছিল ৷ পৃথিৱীৰ প্রথম প্রাণীৰ বাৰু কত জন্ম হৈছিল – মাটিত নে পানীত মহাপুৰুষ শংকৰদেৱ, মহাত্মা গান্ধীৰ লৰালি কালৰ জীৱন কেনেকুৱা আছিল পৃথিৱীয়ে সূর্যটোৰ চাৰিওপিনে ঘূৰি আছে বুলি তোমালোক সকলোৱে জানা ৷ পিছে এই সঁচা কথাটোকে প্রায় চাৰিশ বছৰৰ আগতে এজন বিজ্ঞানীয়ে কোৱাৰ কাৰণে তেওঁক শাস্তি দিয়া হৈছিল বুলি জানানে দক্ষিণ মেৰুত প্রথমে ভৰি দিয়া মানুহজনে কিমান সাহসেৰে গৈ দক্ষিণ মেৰুত উপস্থিত হৈছিল এটা কথা, কিছুমান কথাৰ চুটি উত্তৰ গুগ্লত পাবা ৷ পিছে এই প্রশ্নবোৰৰ উত্তৰ থকা মনোৰম কাহিনীবোৰ কিতাপতহে ভালকৈ পডঢ়িবলৈ পাবা ৷ এজন ভাল বন্ধুৰ লগত সময়বোৰ যেনেকৈ ভালভাৱে পাৰ হয়, ঠিক তেনেকৈ ভাল কিতাপ এখনৰ লগতো সময়বোৰ বৰ সুন্দৰকৈ পাৰ হৈ যায় ৷ তদুপৰি কিতাপত মানুহৰ জীৱনৰ দুখ–সুখৰ বিষয়েও বহুত কথা জানিব পাৰি ৷ তেনে কিতাপ পঢ়িলে মনৰ মাজত ধৈর্য আৰু সাহস গোট খায় ৷

পৃথিৱীৰ প্রথম গ্রন্থমেলাখন আজিৰ পৰা প্রায় পাঁচশ বছৰ আগতে জার্মান দেশৰ ফ্রাংকফুট চহৰত আৰম্ভ হৈছিল ৷ সেই সময়ত কিতাপ ছপা নোহোৱাৰ কাৰণে বিপণীত হাতেলিখা কিতাপ তাত পোৱা গৈছিল ৷ তেতিয়াৰে পৰা সেই গ্রন্থমেলাখন এতিয়ালৈকে চলিয়েই আছে ৷ ভাৰতবর্ষত প্রথম গ্রন্থমেলাখন কলকাতা চহৰত অনুষ্ঠিত হৈছিল ৷ অসমত প্রথমখন গ্রন্থমেলা হৈছিল ১৯৮৪ চনত, সেই সময়ত অসম প্রকাশন পৰিষদৰ সচিব চন্দ্রপ্রসাদ শইকীয়াদেৱৰ উদ্যোগত, নেচনেল বুক ড্রাষ্টৰ সহযোগত সেই প্রথম গ্রন্থমেলাখন গুৱাহাটীত অনুষ্ঠিত হৈছিল ৷

এতিয়া নতুন বছৰত তোমালোকক এটা ভাল খবৰ দিওঁ ৷ তোমালোকক আগতেই জনাইছিলোঁ যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চমুকৈ ইছৰো সূর্য অভিমুখে আদিত্য–এল–ৰ নামৰ এখন মহাকাশযান আমাৰ সূর্যটোৰ পিনে পঠিয়াই দিছিল আৰু সেই মহাকাশযানখনে আমাৰ সূর্যটোৰ বিষয়ে এতিয়াও আমি নজনা খবৰবোৰ অনুসন্ধান কৰি পৃথিৱীলৈ পঠিওৱাৰ কথা আছিল ৷ আদিত্য–এল–ৰ মহাকাশযানখনক ২ ছেপ্ঢেম্বৰ, ২০২৩ তাৰিখে অন্ধ্রপ্রদেশৰ সতীশ ধৱন মহাকাশ কেন্দ্রটোৰ পৰা উৎক্ষেপণ কৰা হৈছিল ৷ ইয়াৰ ওজন হল ১৪৭৫ কেজি আৰু খৰচ পৰিছিল ৫.৫ কোটি আমেৰিকান ডলাৰ৷ পৃথিৱীৰ পৰা উৎক্ষেপণ হোৱাৰ পিছত এই মহাকাশযানখনে মুঠতে পাঁচটা কক্ষপথ সলনি কৰি প্রায় ১২২ দিনৰ প্রায় চাৰি মাহ মূৰত আদিত্য–এল–ৰ নামৰ মহাকাশযানখনে পোন্ধৰ লাখ কিলোমিটাৰ পথ অতিক্রম কৰি ৭ জানুৱাৰীৰ দিনা বিয়লি বজাত সূর্যৰ ওচৰৰ নির্দিষ্ট কক্ষপথ লাগাৰেঞ্জাত উপস্থিত হৈছেগৈ ৷ আদিত্য–এল–ৰ যানখনে লাগাৰেঞ্জাত থাকি আগন্তুক পাঁচটা বছৰ ধৰি নিজৰ কৰিবলগীয়া কামবোৰ হেনো কৰি থাকিব ৷ অকণিহঁত, তোমালোকে জানানে যে পৃথিৱীৰ পৰা সূর্যৰ দূৰত্ব হৈছে ১৫ কোটি কিলোমিটাৰ ৷ আনহাতে, আমেৰিকান মহাকাশ সংস্থা নাছাই আগতেই পঠিওৱা ৪ চাৰিখন মহাকাশযানে লাগাৰেঞ্জা পই  বা কক্ষপথৰ পৰা সূর্যটোক ইতিমধ্যেই পর্যবেক্ষণ কৰি আছে ৷

ভাৰতবাসীৰ কাৰণে গৌৰৱৰ বিষয় যে ভাৰতবর্ষই সূর্য অভিমুখে  পঠিওৱা প্রথমখন মহাকাশযানে আদিত্য–এল–ৰ  প্রথমবাৰতেই সফলতাৰ মুখ দেখিলে৷ আমি আইনাৰ অকণিহঁতৰ পিনৰ পৰা ইছৰো বা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলক আদিত্য–এল–ৰৰ গৌৰৱময় সফলতাৰ বাবে আন্তৰিক অভিনন্দন যাচিলোঁ ৷

 মৰমেৰে

তোমালোকৰ মাহী

 বন্দিতা ফুকন

You might also like

Comments are closed, but trackbacks and pingbacks are open.