গ্রীষ্মতো হৈ থাকক সতেজ

অজন্তা উপমন্যু

এতিয়া গ্রীষ্মৰ সময় ৷ প্রচণ্ড গৰম, চৌফলীয়া ৰদ আকৌ মাজে মাজে বৰষুণ ৷ সকলো মিলি এক অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি হয় ৷ কিন্তু উচিত যত্ন আৰু পৰিচর্যা কৰিলে এই দিনকেহটাও উপভোগ্য হৈ পৰে ৷ আহকচোন আজি এই বিষয়ে আলোচনা কৰোঁ কিদৰেনো নিজক আৰামদায়ক আৰু সতেজ কৰি ৰাখিব পাৰি ৷

  • যথেষ্ট পৰিমাণে পানী আৰু সতেজ ফলমূল খোৱাৰ অভ্যাস গঢ়ি তোলক ৷
  • জলবায়ুত আর্দ্রতা আৰু উষতা দুয়োটা বৃদ্ধি হোৱাৰ ফলত অতিৰিক্ত ঘাম নির্গত হৈ ছাল তেলেতীয়া কৰি পেলায়৷ ছালখন দৈনিক তিনিবাৰ পর্যন্ত পৰিষ্কাৰ কৰিব লাগে CTM অর্থাৎ ক্লিনজিং, টনিং আৰু মহশ্বৰাহজিং কৰিব লাগে ৷ ৱাটাৰ বেচ ক্রীম ব্যৱহাৰ কৰিব লাগে ৷  পৰিষ্কাৰ মুখত গোলাপৰ পানী, ডাব নাৰিকলৰ পানী, তিয়ঁহৰ ৰস আদি লগাf দহ–পোন্ধৰ মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাব লাগে ৷ এনেদৰে কৰিলে ছালত ৰদৰ পৰা হব পৰা কলা দাগ আঁতৰি যায় ৷
  • বাহিৰলৈ ওলাই যোৱাৰ আগত উচ্চ মানবিশিষ্ট কোম্পানীৰ এছ পি এফযুক্ত ক্রীম বা লোচন শৰীৰৰ ওলাই থকা অংশত লগাব লাগে ৷ প্রয়োজনসাপেক্ষে এনে লোচন কেইবাবাৰো লগাব পাৰে ৷
  • বাহিৰলৈ ওলাই যোৱাৰ সময়ত চুলিখিনি নষ্ট নহবলৈ এখন কপাহী স্কার্ফেৰে চুলিখিনি ঢাকি লব লাগে৷ ছানস্ক্রীনযুক্ত কণ্ডিচনাৰ ব্যৱহাৰ কৰিব পাৰিলে ভাল ৷
  • ছাতি আৰু ছানগ্লাছ লোৱাটো অপৰিহার্য ৷ অন্যথা সূর্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে ছাল কলা পৰা, ছালত বলিৰেখা পৰা আৰু চকুৰ গুৰিও কলা পৰিব পাৰে ৷
  • কপাহী কাপোৰৰ সাজ–পোছাক পৰিধান কৰক ৷ প্রচলিত ড্রেণ্ডৰ সৈতে খাপ খোৱা আৰামদায়ক কাপোৰ পৰিধান কৰক ৷ কাপোৰসাজ সদায় পাতল ৰঙৰ হলে শৰীৰ আৰু মন দুয়োটাহ সতেজ লাগে ৷
  •  ভিটামিন বি আৰু চি–যুক্ত ফল যেনে তিয়ঁহ, নেমু, তৰমুজ, মৌচুমী টেঙা, ডাবৰ পানী, নানান বতৰৰ ফল, শাক–পাচলি আদি পর্যাপ্ত পৰিমাণে খাব লাগে ৷ দৈনিক আহাৰৰ লগত দৈ খাব পাৰিলেও ছাল সজীৱ হৈ থকাৰ লগতে শৰীৰ ঠাণ্ডা কৰি ৰাখে ৷
  • অধিক ঘাম ওলোৱাৰ ফলত শৰীৰত পানীৰ পৰিমাণ কমি গৈ যাতে হিট ষ্ট্রক নহয়, তাৰ বাবে শৰীৰত পানীৰ পৰিমাণ সঠিক মাত্রাত ৰাখিবলৈ দৈনিক আঠৰ পৰা দই গিলাচ পর্যন্ত পানী খাব লাগে ৷ পানীয়ে কেৱল পিয়াহহে দূৰ কৰে এনে নহয়, হ শৰীৰৰ তাপমাত্রা নিয়ন্ত্রণ কৰি শৰীৰ সতেজ কৰি ৰাখে ৷
  • যথেষ্ট পৰিমাণে সেউজীয়া শাক–পাচলি, চালাড আৰু ফল–মূল খোৱা উচিত ৷ যাৰ ফলত শৰীৰত যথেষ্ট পৰিমাণে পানীৰ উপৰি পোষক তত্ত্ব হিচাপে ভিটামিন, মিনাৰেল আৰু এণ্টি অক্সিডেণ্ট আদিও পোৱা যায় ৷ বাদাম, গজালি ওলোৱা বুট–মগু, দৈ আৰু টেঙাজাতীয় ফল আদি পর্যাপ্ত পৰিমাণে খাব লাগে ৷ পৰাপক্ষত তেল–মছলাযুক্ত খাদ্য যিমান পাৰি কমাই খাব পাৰিলে ভাল ৷
  • তিয়ঁহ ৰুকি চেপি ৰস উলিয়াই সেই ৰস আৰু ডাবৰ পানী সমপৰিমাণে বটলত ভৰাই ফ্রীজত থৈ দিব লাগে ৷ বাহিৰৰ পৰা ঘূৰি আহি ছালত এই পানী লগাই কিছু সময়ৰ পিছত ধুই পেলাব লাগে ৷
  • চুলিৰ পৰিচর্যাৰ বাবে দৈনিক কোমল চেম্পুৰে চুলি ধোৱা উচিত ৷ ঘাম আৰু ধূলিৰ ফলত চুলি সৰিবলৈ ধৰে তেনে ক্ষেত্রত নাৰিকল তেল সামান্য গৰম কৰি চুলিত লগাই আঙুলিৰে ঘূৰাই ঘূৰাই মালিচ কৰি আধা ঘণ্টাৰ পিছত ধুই পেলাব লাগে ৷  এটা কণীৰ বগা অংশ, এচামুচ মৌ আৰু আধাফাল নেমুৰ ৰস মিহলাই চুলিত লগাই আধা ঘণ্টাৰ পিছত চুলি ধুই পেলাব লাগে ৷ সপ্তাহত এবাৰ এনেদৰে কৰিলে চুলিকোছা  উজ্জ্বল হোৱাৰ লগতে চুলিত উফি হোৱাৰ সম্ভাৱনা নাথাকে ৷
  • দিনটোত অন্ততঃ দুবাৰ গা ধুব লাগে৷ গা ধোৱা পানীত বাৰীতে হোৱা সুগন্ধিযুক্ত ফুল, পাত এমুঠি হাতেৰে মোহাৰি  মিহলাহ লব পাৰি ৷ অন্য নহলেও নেমুৰ টুকুৰা, তুলসী পাত কেইটামান, নিমপাত আদি মিহলাই ললে গ্রীষ্মকালত ছালত হব পৰা নানান উপসর্গৰ পৰা পৰিত্রাণ পাব পাৰি ৷
  • ৰদৰ তাপত ছাল কলা পৰিলে এই পেক লগাব ৷ তৰমুজ পিটিকি এচামুচ গাখীৰ, আধা চামুচ নেমুৰ ৰস আৰু এচামুচ মৌ মিহলাহ মিশ্রণ তৈয়াৰ কৰি মুখ, ডিঙি আৰু হাতত লগাই বিশ মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুহ পেলাব লাগে ৷ এই পেক সপ্তাহত দুবাৰ লগালে ছালৰ স্বাভাৱিক উজ্জ্বলতা ঘূৰি আহিব ৷ হালধি এচামুচত গাখীৰ মিহলাই  মিশ্রণ তৈয়াৰ কৰি গা ধোৱাৰ আগত ছালত লগাহ আধা ঘণ্টাৰ পিছত ধুই পেলালেও ছাল উজ্জ্বল হয় ৷

কিছু অতিৰিক্তঃ

এই উৎকট গৰমত পৰিয়ালৰ লোককেইজন শৰীৰৰ নানান আহুকালৰ পৰা বাছি থাকিবলৈ তেনেই সাধাৰণ কেহটামান কাম কৰিব পাৰে ৷ পুৱাই মিচিৰিযুক্ত পানী খালে দিনটোলৈ শৰীৰ সতেজ হৈ থাকে ৷ দিনৰ আহাৰ তৈয়াৰ কৰি থকাৰ মাজতে আইনাৰ জাগত অলপ বেছিকৈ নেমুৰ চৰবত বনাই চেকি বন্ধ কৰি ফ্রীজত থৈ দিব লাগে, আৰু যেতিয়াই মন যায় নিজে খোৱাৰ লগতে পৰিয়ালকো দিব পাৰি ৷ অৱশ্যে দিনটোৰ ভিতৰতে শেষ কৰিব লাগে ৷

কেতিয়াবা ঠিক তেনেদৰে আইনাৰ জাগত পানী লৈ সেই পানীখিনিত চকলিয়াই লোৱা নেমু, তিয়ঁহ আৰু পদিনাৰ পাত মিহলাই ফ্রীজত থৈ দিব লাগে ৷ বাহিৰৰ পৰা ঘূৰি আহি এনে পানীয় সেৱন কৰিলে শৰীৰ ঠাণ্ডা ৰখাৰ লগতে পেটত গৰম সোমাব নোৱাৰে ৷

কেইবাবিধো বতৰৰ ফল সৰু সৰু টুকুৰা কৰি বতাহ সোমাব নোৱাৰা ঢাকোন থকা আইনাৰ পাত্রত থৈ ফ্রীজত থৈ দিব লাগে, খোৱাৰ সময়ত কলা নিমখ, চাট মচলা ছটিয়াই খালে খাবলৈ সোৱাদ হোৱাৰ লগতে সময়ো ৰাহি হয় ৷ কেতিয়াবা ঘৰত ক্রীম থাকিলে মিঠা ফলৰ চালাড তৈয়াৰ কৰি দিব পাৰি ৷ পকা আম, কল, কঁঠাল সমপৰিমাণে লৈ গাখীৰ, চেনি আৰু বৰফৰ টুকুৰা মিহলাই শ্বেক তৈয়াৰ কৰি দিব লাগে ৷ এনেবোৰ বস্তু বিশেষকৈ সন্ধিয়া খাবলৈ ভাল ৷ গৰমৰ দিনত তেলযুক্ত বস্তু চাহৰ লগত খোৱাৰ পৰিৱর্তে এইবোৰ বস্তুৱে শৰীৰ আৰু মন দুয়োটাই ভাল লাগে ৷ কেঁচা বুট, গজালি ওলোৱা মগুত এমুঠি শুকান ফল মিহলাই খাব লাগে নাহবা বাহিৰলৈ যাওঁতে লগত লৈ যাব লাগে ৷

গুৰুপাগ আহাৰ, মাংস বেছি নোখোৱাহ ভাল ৷

দৈ সদায় খাব লাগে ৷ দৈৰ ৰায়তা বনায়ো খাব পাৰি ৷

গা ধোৱা পানীত এমুঠি নিমপাত, পদিনা, নেমুৰ ৰস মিহলাই গা ধুলে ছালত হব পৰা নানান উপসর্গৰ পৰা হাত সাৰিব পাৰি ৷ বিশেষকৈ সৰু লৰা–ছোৱালীৰ ঘামচি, খজুৱতি আদি নহয় ৷

লৰা–ছোৱালীৰ পপা মেজত প্রতিদিনে এটাকৈ পানীৰ বটল ৰাখিব লাগে, যাতে চিপ চিপকৈ পি এটা নির্দিষ্ট সময়ৰ ভিতৰত শেষ কৰে৷ গ্রীষ্মত অধিম ঘাম ওলাহ থকাৰ ফলত সততে ডি–হাইড্রেচন হব পাৰে সেইবাবে অধিক পানী খোৱা উচিত ৷ ডাঙৰেও বাহিৰলৈ যাওঁতে পর্যাপ্ত পানী লগত লৈ যাব লাগে ৷

গৰমৰ দিনত উগ্র প্রসাধন কৰিলে দৃষ্টিকটু লাগে ৷ পাতল প্রসাধন, পাতল ৰঙৰ লিপষ্টিক, কপাহী কাপোৰ এযোৰে নিজক প্রশান্তি দিয়াৰ লগতে দেখিবলৈ ভাল লাগে ৷ ছানগ্লাছ আৰু ছাতি অপৰিহার্য ৷

গৰম বুলি বাহিৰৰ পৰা আহিয়েই গা ধুব নালাগে ৷  অলপ সময় ৰৈহে গা ধুব ৷

গৰমৰ দিনকেহটাও মন ভৰাই উপভোগ কৰোঁচোন আহক ৷

ফোনঃ  ৯৯৫৪২-৪৬২১৬

You might also like
Leave A Reply

Your email address will not be published.