ৰিচ্ ডেড পৰ ডেড–ধনী দেউতা দুখীয়া দেউতা

ধনী দেউতা দুখীয়া দেউতা

মাণিক পাল

সাম্প্রতিক সময়ত আটাহতকৈ চর্চিত বিষয়টোৱেহই হ’ল টকাপইচা ৷ আজি আমি এনে এখন কিতাপৰ বিষয়ে আলোচনা কৰিম যিখন কিতাপে আপোনাক টকাপইচাৰ প্রকৃত অর্থ, মূল্য, আদর্শ আৰু গুৰুত্ব সম্পর্কে জনাত সহায় কৰিব ৷ আমি সাধাৰণতে টকাপইচাক সকলো অশুভ কামৰ উৎস বা কাৰণ বুলি ভাবোঁ, কিন্তু এই গ্রন্থখনৰ লেখকৰ মতে টকাপইচাৰ অভাৱেহ হল সকলো অশুভ কামৰ উৎস বা কাৰণ ৷ তেওঁ কৈছে The love of money is not the root of all evil. The lack of money is the root of all evil. গ্রন্থখনৰ নাম হল ৰিচ্ ডেড পৰ ডেড(Rice Dad poor Dad) আৰু গ্রন্থখনৰ লেখক হল ৰবার্ট টোৰু কিয়োছাকি(Robert Toru Kiyosaki) ৷ এই গ্রন্থখনত লেখকে নিজৰ দুই দেউতাকৰ টকাপইচাৰ প্রতি থকা নীতিআদর্শ, মনোভাৱ আৰু চিন্তাৰ তুলনাৰ জৰিয়তে মানুহৰ জীৱনত টকাপইচাৰ ভূমিকা, গুৰুত্ব, আদর্শ আৰু মূল্য বুজাবলৈ যত্ন কৰিছে ৷ কিতাপখনৰ বিষয়ে আলোচনা কৰাৰ পূর্বে আমি লেখক ৰবার্ট টি কিয়োছাকিৰ বিষয়ে কিছু কথা জানিবলৈ যত্ন কৰোঁ ৷

ৰবার্ট কিয়োছাকি হল এজন আমেৰিকান ব্যৱসায়ী লেখক, সফল উদ্যোগী, শিক্ষক আৰু বিনিয়োগকাৰী ৷ তেওঁ দ্য ৰিচ্ ডেড নামৰ ব্যক্তিগত আর্থিক শিক্ষা কোম্পানীৰ প্রতিষ্ঠাতা ৷ এই কোম্পানীয়ে ব্যক্তিগত অর্থ বা সাসম্পত্তি আৰু ব্যৱসায়ৰ শিক্ষা প্রদান কৰে বিভিন্ন লোকক কিতাপ আৰু ভিডিৰ জৰিয়তে ৷ তাৰ উপৰি তেওঁ কেছফ্লো(Cashflow) বোর্ড আৰু ছফ্টৱেৰ গেমছৰ প্রতিষ্ঠাতা, যিটোৱে যুৱপ্রজন্ম আৰু শিশুক ব্যৱসায় আৰু অর্থনৈতিক ধাৰণাৰ শিক্ষা প্রদান কৰে ৷ তেওঁৰ জন্ম হৈছিল ১৯৪৭ চনত হাৱাইৰ (Hawaii) হিলো (Hilo) নামৰ ঠাইত ৷ তেওঁৰ দেউতাকৰ নাম ৰাল্ফ এইচ কিয়োছাকি আৰু মাতৃৰ নাম মার্জোৰি অ কিয়োছাকি ৷ তেওঁ হিলো হাই সুক্লৰ পৰা সুক্লীয়া শিক্ষা গ্রহণ কৰে আৰু ১৯৬৫ চনত হাৱাই বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে ৷ তেওঁ টকাপইচাৰ ওপৰত বহু কিতাপ ৰচনা কৰিছে যদিও এজন লেখক হিচাপে বিশ্বত জনপ্রিয়তা অর্জন কৰে ৰিচ্ ডেড পৰ ডেড নামৰ কিতাপখনৰ বাবে ৷ তেওঁ ৰিচ্ ডেড পৰ ডেড ছিৰিজৰ মুঠ ২৬খনতকৈ অধিক কিতাপ ৰচনা কৰিছে, যিবোৰ কিতাপ বিশ্বত মুঠ ৫১টা ভাষাত অনুবাদিত হৈছে আৰু বিশ্বত প্রায় ৪১ মিলিয়নতকৈ অধিকসংখ্যক কিতাপ বিক্রীও হৈছে ৷ তেওঁ ৰচনা কৰা আন কিছুমান কিতাপ হল ৰিচ্ ডেডছ কেছফ্লো কুৱাডৰেণ্ট, ৰিচ্ ডেডছ গাহড টু হনভেছটিং, ৰিচ্ ডেডছ ৰিচ্ কিড এণ্ড স্মার্ট কিড, ৰিচ্ ডেডছ প্রপহেচি, ৰিচ্ ডেডছ ছাকচেছ ষ্টোৰী, ৰিচ্ ডেডছ হু টুক মাহ মানী, ৰিচ্ ডেড পৰ ডেড ফোৰ টিনছ, এছকেপ দ্য ৰেট ৰেচ, আনফেয়াৰ এডভানটেছ, হুৱাহ এ ষ্টুডেণ্ট ৱর্ক ফোৰ চি ষ্টুডেণ্ট৷ টকাপইচা সম্পর্কে তেওঁৰ কিছুমান মূল নীতি হল Your house is not an asset”, “Invest for cash flow আৰু Savers are losers

১৯৯৭ চনত ৰবার্ট কিয়োছাকিৰ ৰিচ্ ডেড পৰ ডেড যেতিয়া প্রথম প্রকাশ হয়, তেতিয়া কিতাপখনে সমগ্র বিশ্বত এক আলোড়ন সৃষ্টি কৰে ৷ কাৰণ এই কিতাপখনৰ জৰিয়তে মানুহে জীৱনত প্রথমবাৰৰ বাবে টকাপইচা কি, ইয়াক কেনেকৈ কত কেতিয়া ব্যৱহাৰ কৰিব লাগে সেই সম্পর্কে জানিবলৈ সমর্থ হয় ৷ লেখকে কিতাপখনত মুঠ ৯টা অধ্যায় আৰু ৬টা পাঠ সন্নিৱিষ্ট কৰিছে ৷ কিতাপখনত লেখকে নিজৰ জীৱনৰে কাহিনী বর্ণনা কৰিছে, যত তেওঁৰ দুজন দেউতাক আছিল ৷ কিতাপখনত লেখকে নিজৰ জন্মদাতা দেউতাক দুখীয়া আৰু তেওঁৰ বন্ধুৰ দেউতাক যাক তেওঁ নিজৰ দ্বিতীয় পিতৃ বুলি ভাবে তেওঁক ধনী দেউতা বুলি কৈছে ৷ লেখকে নিজৰ এই দুই দেউতাকৰ অর্থনৈতিক ক্রিয়াকলাপৰ জৰিয়তে পাঠকক টকাপইচাৰ গুৰুত্ব, আদর্শ, ব্যৱহাৰ, মূল্য আৰু প্রয়োগ সম্পর্কে ধাৰণা প্রদান কৰিছে ৷ লেখকৰ এজন দেউতাকে মৃত্যুৰ সময়ত পৰিয়ালৰ বাবে ১০ মিলিয়ন ডলাৰ আৰু গির্জাৰ বাবে দান এৰি থৈ যায়, যাক তেওঁ ধনী দেউতাকৰ লগত তুলনা কৰিছে ৷ আনহাতে আনজন দেউতাকে পৰিয়ালৰ বাবে থৈ যায় বিভিন্ন ঋণৰ বোজা, যাক তেওঁ দুখীয়া দেউতা বুলি কৈছে ৷ লেখকৰ নিজৰ দেউতাক এজন উচ্চ শিক্ষিত ব্যক্তি আছিল, তেওঁ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা বিভিন্ন ডিগ্রী লাভ কৰি অধ্যাপকৰ চাকৰি কৰিছিল কিন্তু কেতিয়াও সফল আৰু সুখী হব পৰা নাছিল লগতে দৰিদ্রও আছিল ৷ আনহাতে তেওঁৰ বন্ধুৰ দেউতাকৰ কোনো উচ্চ শিক্ষা নাছিল অর্থাৎ তেওঁ অষ্টম শ্রেণীয়ে পাছ কৰা নাছিল, কিন্তু তেওঁ সফল, সুখী আৰু যথেষ্ট ধনীও আছিল ৷

লেখকে নিজৰ দুখীয়া দেউতাক সেইসকল লোকৰ লগত তুলনা কৰিছে যিসকলে নিগনি দৌৰত দৌৰি আছে আৰু বেছি সফলতাৰ দৌৰত অসহায় হৈ পৰে ৷  পইচাৰ অভাৱত নিজৰ সপোনবোৰক পূৰণ কৰিব নোৱাৰে ৷ নিজৰ বেছিভাগ সময় তেওঁ স্কুলত ছাত্রছাত্রীক বিভিন্ন সমস্যা সম্পর্কে জ্ঞান প্রদানতে গুচি যায় কিন্তু নিজৰ পইচাৰ সমস্যা সমাধান কৰাত ব্যর্থ হয় ৷ লেখকৰ দুখীয়া দেউতাই সদায় পৰম্পৰাগত নীতিআদর্শ যেনে কষ্ট কৰা, সঞ্চয় কৰা, আমি এইটো কিনিব নোৱাৰিম আদিত বিশ্বাস কৰিছিল ৷  তেওঁ শিক্ষাক সফলতাৰ একমাত্র চাবিকাঠী বুলি ভাবিছিল, তেওঁ কেতিয়াও পইচাক গুৰুত্ব দিয়া নাছিল ৷ তেওঁ কয় The love of money is the root of all evils তেওঁ সদায় চাকৰি, সুৰক্ষা, ছুটী, বীমা, দৰমহা, পদোন্নতি আদিত গুৰুত্ব দিছিল ৷ আনহাতে তেওঁৰ ধনী দেউতাই সদায় নিজৰ পইচা কেনেকৈ বনাব পাৰি তাত গুৰুত্ব দিছিল ৷ তেওঁ সদায় লেখকক শিকাইছিল কেনেকৈ টকাপইচা তৈয়াৰ কৰিব পাৰি ৷ তেওঁ কৈছিল আমি এইটো কিনিব নোৱাৰিম মনোভাৱত লুকাই থাকে নেতিবাচক চিন্তা আনহাতে আমি এইটো কেনেকৈ কিনিম মনোভাৱত লুকাই থাকে ইতিবাচক চিন্তা, কাৰণ এই মনোভাৱে আমাৰ সম্ভাৱনা, উৎসাহ আৰু সপোনক বৃদ্ধি কৰিব ৷ তেওঁ কয় The lack of money is the root of all evil

ৰবার্ট আৰু তেওঁৰ বন্ধু  মাইকৰ কাহিনী আৰম্ভ হয় ৯ বছৰ বয়সত ১৯৫৬ চনত হাৱাইত ৷ তেওঁলোক দুইজনে মিলি যেতিয়া মাইকৰ দেউতাকক তেওঁলোকৰ তৎক্ষণাৎ ধনী হোৱাৰ আঁচনিৰ বিষয়ে কয়, তেতিয়া মাইকৰ দেউতাকে তেওঁলোকৰ আঁচনিক বেআহনী বুলি কৈ প্রত্যাখ্যান কৰে৷ ইয়াৰ পিছতে লেখকে মাইকৰ দেউতাকৰ পৰা পইচা সম্পর্কে বিভিন্ন শিক্ষা লাভ কৰিবলৈ আৰম্ভ কৰে, যাক তেওঁ ধনী দেউতা বুলি কৈছে ৷ দুয়ো দেউতাকৰ নীতিআদর্শক অধ্যয়ন কৰাৰ পিছত লেখকে ধনী দেউতাকৰ নীতিআদর্শৰ পথত চলিবলৈ সিদ্ধান্ত গ্রহণ কৰে ৷ এই সিদ্ধান্ত গ্রহণত তেওঁক আটাইতকৈ বেছি সহায় কৰে ৰবার্ট ফ্রষ্টৰ The road not taken কবিতাটোৱে ৷ যিটো কবিতাক তেওঁ এই সিদ্ধান্ত গ্রহণৰ সময়ত প্রায় সদায় পঢ়ে ৷

এই কিতাপখনৰ প্রথম পাঠটো হল ধনীসকলে টকাপইচাৰ বাবে কাম নকৰে, টকাপইচা তেওঁলোকৰ বাবে কাম কৰে৷ হয়াত লেখকে কৈছে দুখীয়া আৰু মধ্যবিত্ত শ্রেণীৰ লোকসকলে পইচাৰ ভয়ত কাম কৰে আৰু কোনো ধৰণৰ সুযোগ লবলৈ ভয় খায় ৷ এই ভয়ে তেওঁলোকৰ জীৱন চাকৰি আৰু দৰমহাৰ শিকলিৰে বান্ধি ৰাখে ৷ আনহাতে ধনী লোকসকলে যিকোনো সুযোগ গ্রহণ কৰিবলৈ ভয় নকৰে আৰু উপযুক্ত সুযোগক উপযুক্ত সময়ত দুহাত মেলি আঁকোৱালি লয় আৰু সফল হয় ৷ টকাৰ আটাইতকৈ ডাঙৰ গুণ হ’ল ই আমাৰ বাবে ২৪ ঘণ্টা কাম কৰে ৷ যদি আপুনি টকাৰ বাবে কাম কৰে তেন্তে আপোনাৰ সকলো ক্ষমতা আপুনি আপোনাৰ কর্মচাৰীক প্রদান কৰে আনহাতে যদি পইচা আপোনাৰ বাবে কাম কৰে, তেন্তে সকলো ক্ষমতা আপুনি নিজৰ হাতত ৰাখে ৷ আচলতে দুখীয়া আৰু মধ্যবিত্ত শ্রেণীৰ লোকসকলে টকা পোৱাৰ লগে লগে খৰচৰ চিন্তা কৰে, কেতিয়াও সেই টকাৰে টকা বনোৱাৰ কথা চিন্তা নকৰে ৷ এই লোকসকলে প্রায়ে টকাৰ প্রকৃত ধর্ম যেনে আয়খৰচজমাৰ কথা পাহৰি যায় ৷ মুঠতে খৰচত যিমান গুৰুত্ব দিয়ে জমাত নিদিয়ে ৷ এইসকল লোকে জমা কম কৰিব, কিন্তু কেতিয়াও খৰচ কম কৰাৰ কথা চিন্তা নকৰে ৷

কিতাপখনৰ দ্বিতীয় পাঠ হল টকাপইচা তৈয়াৰ কৰা বা উপার্জন কৰা সহজ কিন্তু তাক ধৰি ৰাখি বৃদ্ধি কৰা আটাহতকৈ কঠিন ৷ জীৱনৰ আটাইতকৈ কঠিন নীতিটোৱে হল উপার্জন কৰা টকাক ধৰি ৰখা ৷ ইয়াক বুজাবলৈ লেখকে ১৯২৩ চনৰ এক বাস্তৱ কাহিনীৰ উদাহৰণ দাঙি ধৰে ৷ ১৯২৩ চনত বিশ্বৰ আটাহতকৈ ধনী লোকCharles Schwab, Samuel Insull, Howard Hopson, Leon Frazier, Richard Whitney, Arthur Cotton, Jesse Livermore, Albert Fall সকলোৱে মিলি চিকাগো বিচত মিটিং কৰে আৰু বিনিয়োগ সম্পর্কে আলোচনা কৰে ৷ কিন্তু ২৫ বছৰ পিছত এই সকলো ধনী লোকৰ কিছুমানে দুখীয়া হৈ মৃত্যুক আঁকোৱালি লয়, কিছুমানে জেলত জীৱন কটায় আৰু কিছুমানে আত্মহত্যা কৰে ৷ ৰবার্টে এইখিনিতে সম্পদ আৰু ঋণৰ এনে এক সুন্দৰ, সহজসৰল সংজ্ঞা আগবঢ়ায় যিটোৱে সকলোকে সহায় কৰিব লগতে সম্পদ আৰু ঋণ সম্পর্কে আমাৰ যি ভুল ধাৰণা আছে তাক দূৰ কৰাত সহায় কৰিব৷ আচলতে আমি ভাবোঁ যে যি বস্তু আমি কিনো সেয়াহ সম্পদ যেনেগাড়ী, দামী ঘডী, মবাইল ফোন ইত্যাদি ৷ কিন্তু ৰবার্টৰ মতে সম্পদ সেইবোৰ বস্তু যিবোৰৰ মূল্য কিনাৰ পিছত কেতিয়াও কমি নাযায় বৃদ্ধিহে হয় ৷ তেওঁৰ মতে ষ্টক, সোণ বণ্ড, উপার্জন সৃষ্টি কৰা ৰিয়েল ইষ্টেট আদি হল সম্পদ ৷ গতিকে আমি সেইবোৰ বস্তুৰ ওপৰত পইচা খৰচ কৰিব লাগে, যিবোৰ বস্তুৱে আমাক আগত গৈ উপার্জন প্রদান কৰে ৷ ৰবার্টৰ মতে ধনী লোকসকলে সদায় সম্পদ কিনে, দুখীয়াসকলে সদায় খৰচ কৰে আৰু মধ্যবিত্ত শ্রেণীৰ লোকসকলে ঋণ কিনি সম্পদ বুলি ভাবে৷ সেয়ে ধনীসকল ধনী হৈ গৈ থাকে, দুখীয়াসকল দুখীয়া হৈ গৈ থাকে আৰু মধ্যবিত্তসকল ঋণৰ বোজা কান্ধত লৈ ফুৰে ৷

কিতাপখনৰ তৃতীয় পাঠ হল নিজৰ কামত নিজে মনোযোগ দিয়া ৷ ইয়াত লেখকে কৈছে আমি সদায় সম্পদৰ ওপৰত গুৰুত্ব দিব লাগে ঋণৰ ওপৰত নহয় ৷ ইয়াৰ বাবে আমি চাকৰিৰ লগে লগে অতিৰিক্ত উপার্জনৰ পথো সন্ধান কৰিব লাগে ৷ সদায় কেৱল দৰমহাৰ ওপৰত নির্ভৰ কৰি বহি থাকিব নালাগে ৷ চতুর্থ পাঠ হল কৰ বা  ৰাজইৰ হতিহাস আৰু নিগমৰ ক্ষমতা ৷ কিতাপখনত থকা আটাহতকৈ কঠিন পাঠটো হল বিভিন্ন ধৰণৰ কৰ কেনেকৈ কাম কৰে ৷ লেখকৰ মতে চাকৰি আৰু ব্যৱসায় কৰা লোকৰ বাবে কৰৰ ধাৰণা সদায় ভিন্ন হয় ৷ যদি আপুনি চাকৰি কৰে তেন্তে আপোনাৰ উপার্জনৰ ওপৰত আয়কৰ লাগে আৰু আয়কৰ সদায় আপোনাৰ উপার্জনৰ ওপৰত নির্ভৰ কৰে ৷ আনহাতে কোম্পানীত কর্পোৰেট কৰ আৰোপ কৰা হয় আৰু কর্পোৰেট কৰ আৰোপ কৰা হয় কোম্পানীৰ লাভৰ ওপৰত ৷ গতিকে লেখকৰ মতে আমি সদায় কোম্পানীৰ ওচৰত বেছি গুৰুত্ব দিব লাগে চাকৰিৰ তুলনাত ৷ লেখকৰ মতে অর্থনৈতিক আই কিউ বৃদ্ধি হয় হিচাপৰক্ষণ, বিনিয়োগ, বজাৰ জ্ঞান আৰু আইনৰ দক্ষতাৰ পৰা ৷ তেওঁৰ মতে কোম্পানী বা ব্যৱসায়ৰ মালিকসকলে উপার্জন কৰে, খৰচ কৰে আৰু কৰ দিয়ে আনহাতে সেই একে কোম্পানীত কাম কৰা কর্মচাৰীয়ে উপার্জন কৰে, কৰ দিয়ে আৰু শেষত খৰচ কৰে ৷ এয়াই হল মালিক আৰু শ্রমিকৰ পার্থক্য ৷

কিতাপখনৰ পঞ্চম পাঠ হল ধনীসকলে টকা আৱিষ্কাৰ কৰে ৷ লেখকে এই পাঠটোৰ জৰিয়তে বুজাব বিচাৰিছে যে ধনীসকলে টকাৰে টকা উৎপন্ন কৰিবলৈ যত্ন কৰে ৷ ইয়াৰ বাবে লেখকে বিনিয়োগৰ ওপৰত বেছি গুৰুত্ব দিয়ে ৷ কিন্তু বিনিয়োগ কৰাৰ আগতে প্রথমে বিনিয়োগ সম্পর্কে গভীৰ অধ্যয়ন কৰিবলৈ কৈছে ৷ লেখকৰ মতে দুই ধৰণৰ বিনিয়োগকাৰী আছে ৷ প্রথম শ্রেণীৰ বিনিয়োগকাৰী হল এজন সাধাৰণ লোক যিজনে যিকোনো এটা বিনিয়োগৰ পেকেজ কিনে ৷ তেওঁ এজন খুচুৰা আউটলেট হব পাৰে যিজনে মিচুৱেল ফাণ্ড, এটাREIT, এটা ষ্টক, এটা বণ্ড কিনিব পাৰে ৷ দ্বিতীয় শ্রেণীৰ বিনিয়োগকাৰী হল এজন বিনিয়োগ উৎপন্ন কৰা বিনিয়োগকাৰী৷ আৰু যদি আপুনি দ্বিতীয় শ্রেণীৰ বিনিয়োগকাৰী হব বিচাৰে তেন্তে আপোনাৰ তিনিটা গুণ থাকিব লাগিব ১ আনে বিচাৰি নোপোৱা সুযোগ বিচাৰি উলিওৱা, ২ টকা বৃদ্ধি কৰা,  ৩ তীক্ষ্ণ লোকক সংগঠিত কৰা ৷

ষষ্ঠ আৰু অন্তিম পাঠ হল শিকাৰ বাবে কাম কৰা, টকাৰ বাবে নহয় ৷ এই পাঠত লেখকে কয় মোৰ দেউতাৰ বাবে সংৰক্ষিত চাকৰিয়ে সকলো আনহাতে ধনী দেউতাৰ বাবে শিকি থকাই সকলো ৷  এই পাঠত লেখকে এজনী যুৱতীৰ উদাহৰণ দিয়ে যাৰ ইংৰাজী সাহিত্যৰ মাষ্টাৰ ডিগ্রী আছিল ৷ কিন্তু যেতিয়া তাইক বিক্রী আৰু মার্কেটিং শিকিবলৈ কোৱা হয় তাই খং কৰে ৷ ইমান ডিগ্রী লাভ কৰাৰ পিছত তাই কেতিয়াও ভবা নাছিল যে তাইক বিক্রী কৰা শিকিব লাগিব ৷ ইয়াৰ দ্বাৰা লেখকে ইয়াকে বুজাব বিচাৰিছে যে আমি নিজৰ শিক্ষাক্ষেত্রৰ বাহিৰৰ শিক্ষা আৰু দক্ষতাও আহৰণ কৰিব লাগে যিটোৱে আমাক অর্থিক স্বাধীনতা লাভত সহায় কৰে ৷ এই অধ্যায়তে লেখকে তিনি ধৰণৰ ব্যৱস্থাপনাৰ(Management) কথা কৈছে ১ নগদ ধনৰ ব্যৱস্থাপনা, ২ বিভিন্ন ব্যৱস্থাৰ ব্যৱস্থাপনা, ৩ মানুহৰ ব্যৱস্থাপনা ৷ লেখকৰ মতে এজন ব্যক্তিৰ আর্থিক জ্ঞান থকাৰ পিছতো পাঁচটা কাৰণৰ বাবে আর্থিকভাৱে সফল হব নোৱাৰে ৷ সেইবোৰ হল ১ ভয়, ২ পৰশ্রীকাতৰতা, ৩ এলাই, ৪ দম্ভ, ৫ বদভ্যাস ৷ লেখকৰ মতে যিজন ব্যক্তিয়ে এহ পাঁচটা বাধাক অতিক্রম কৰিব পাৰে তেওঁ নিষ্চিতভাৱে জীৱনত অর্থনৈতিক সফলতা লাভ কৰিব৷ অন্তিম অধ্যায়ত লেখকে ব্যক্তিগত ক্ষমতা বৃদ্ধিৰ কিছুমান কৌশলৰ বিষয়ে আলোচনা কৰিছে ৷ সেইবোৰ হল নিজৰ বাস্তৱতাক উদ্ভাৱন কৰি উৎসাহিত হোৱা, নিজৰ পছন্দ নিজে কৰা অর্থাৎ পছন্দৰ ক্ষমতা, সাৱধানে বন্ধুত্ব কৰা, দ্রুত গতিৰে শিকা, আত্মমর্যাদাৰ ক্ষমতা, এজন আদর্শ ব্যক্তি বাছি লোৱা, আনক প্রদান কৰা ইত্যাদি ৷ মুঠতে কিতাপখনে যিকোনো ব্যক্তিক আর্থিকভাৱে কিদৰে সফল হয় পাৰে তাৰ মূলমন্ত্র প্রদান কৰিব যদিহে কিতাপখন মনোযোগেৰে অধ্যয়ন কৰে ৷ USA Todayৰ মতে Rice Dad poor Dad is a starting point for anyone looking to gain control of their financial future

ফোনঃ  ৮৬৩৮৯৪৭২৯২

You might also like
Leave A Reply

Your email address will not be published.