ক্রনিক কিডনী ফেইলৰ

আয়ুর্বেদ এক উর্বৰ বিকল্প

ডাঃ নিতুল বৈশ্য

আজিৰ দিনত আমেৰিকাত অংগ বিকল (Organ Failure) হোৱা ৰোগীৰ সংখ্যা ১০৭০০০ ৷ ইয়াৰ ভিতৰত অকল কিডনী বা বৃক্ক বিকল ৰোগীৰ সংখ্যাই  ৯০০০০ ৷ ভাৰতত আজিৰ দিনত প্রায় ২ লাখ ৰোগীৰ দুয়োটা কিডনী বিকল ৷ ১৯৯০ চনত বৃক্ক বিকল হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যাই ২৭নং স্থান দখল কৰিছিল ৷ ২০১০ত হ গৈ ১৮নং স্থান দখল কৰিলে ৷ এখোপ আগলৈ গৈ ২০২০ চনত বিভিন্ন ৰোগ হৈ মৃত্যুবৰণ কৰা ৰোগীসমূহৰ প্রথম দহটা কাৰণৰ অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছে ক্রনিক কিডনী ফেইলৰ৷ সাম্প্রতিক তথ্যানুসৰি ভাৰতবর্ষৰ প্রতি ১০০জন ৰোগীৰ ১৭জনেহ এই ৰোগত আক্রান্ত ৷

কিডনী দুটা আচলতে কি

কঁকালৰ ওপৰ অংশত নাভিটোৰ প্রায় চিধাচিধি ৰাজহাড়ৰ দুয়োকাষে দুটা কিডনী অৱস্থিত ৷ দেখাত উৰহী গুটিটোৰ দৰে তন্ত্রকোষেৰে গঠিত খোলাৰ ভিতৰত কিডনী আবদ্ধ হৈ থাকে ৷ সোঁফালৰ কিডনীটো বাঁওফালৰ কিডনীটোতকৈ অলপ তলত থাকে ৷ এজন প্রাপ্তবয়স্ক্ ব্যক্তিৰ প্রতিটো কিডনীৰ ওজন প্রায় ১৩০-১৫০ গ্রাম হয় ৷ ই দীঘলে প্রায় ১০-১৩ চেঃমিঃ আৰু বহলে ৩-৪ চেঃমিঃমান হয় ৷ তেজ শোধন কৰাৰ বাবে কিডনীৰ ভিতৰত প্রায় ১ মিলিয়ন নেফ্রন থাকে ৷ অতি সূক্ষ্ম কেশিকাৰে গঠিত জালিকাসদৃশ এই নেফ্রনে চাহ চহা চেকনিৰ দৰে ফিচ্টাৰৰ কাম কৰে ৷

কিডনী দুটাই কি কাম কৰে

কিডনী দুটাৰ প্রধান কাম হল শৰীৰত জমা হোৱা জল–দ্রবিত (water soluble) অলাগতিয়াল দ্রব্যসমূহ শৰীৰৰ পৰা প্রস্রাৱ হিচাপে উলিয়াহ দিয়া ৷ মূত্র উৎপন্ন কৰাৰ উপৰি কিডনী বা বৃক্ক দুটাই কেলচিয়াম আৰু ভিটামিন–ডিৰ উৎপাদন, ৰেনিন(renin) নামৰ এবিধ ৰসায়নৰ নিঃসৰণ কৰি ৰক্তচাপ নিয়ন্ত্রণ কৰা, এৰিথ্রপয়েটিন(erythropoetin) নামৰ এবিধ হৰমনৰ নিঃসৰণ কৰি অস্থিমজ্জাৰ পৰা ৰক্তকণিকা উৎপাদনত সহায় আদি কামবোৰো কৰে৷ ইয়াৰ উপৰি কিডনীয়ে আমাৰ তেজৰ Ph নিয়ন্ত্রণ কৰি ৰখাত সহায় কৰে ৷

কিডনী বিকল হোৱা ৰোগীৰ কি হয়

এহবোৰৰ কাৰণতেই কিডনী বিকল হোৱা ৰোগীৰ তেজ কমি যায়, কেলছিয়ামৰ অভাৱ হয়, মূত্র নির্মাণত বাধাৰ বাবে শৰীৰত অতিৰিক্ত পানী জমা হয়, বিষাক্ত ক্রিয়েটিনিন আৰু ইউৰিয়া পৰিশোধন কৰিব নোৱাৰাৰ ফলত ইয়াৰ বিষাক্ত প্রভাৱ যেনে– বমি হোৱা, ছাল শুষ্ক্ হোৱা, মস্তিষ্ক্ৰ বিকৃতি আদিৰ লগতে শৰীৰত অত্যধিক পটাচিয়াম জমা হৈ হূদয় বিকল কৰা, অত্যধিক ছডিয়াম জমা হৈ শৰীৰ ফুলা আদি অসুবিধাৰ সৃষ্টি হয় ৷

কিডনী ফেইলৰৰ পর্যায়ঃ

বৃক্কৰ শোধন প্রক্রিয়াক Glomerular Filtarltion Rate অর্থাৎ চমুকৈGFR বুলি বোৱা হয় ৷GFR কমি যোৱা মানেই কিডনী বিকল হোৱা বুজায় ৷ ইয়াৰ বিভিন্ন পর্যায় আছে ৷ সেয়া এনেধৰণৰ

১. প্রথম পর্যায় (First stage)– সুস্থ কিডনী,GFR ৯০ শতাংশ বা ততোধিক থাকে ৷

২. দ্বিতীয় পর্যায় (2nd stage)–GFR ৬০ৰ পৰা ৮৯ শতাংশৰ ভিতৰত থাকে ৷

৩. তৃতীয় পর্যায়(3rd stage)–GFR ৩০ৰ পৰা ৫৯ শতাংশৰ ভিতৰত  থাকে ৷

৪. চতুর্থ পর্যায়(4th stage)- GFR ১৫ৰ পৰা ২৯ শতাংশৰ ভিতৰত থাকে ৷

৫. পঞ্চম পর্যায়(5th stage)- GFR ১৫ শতাংশ বা তাতকৈ কমি গলে কিডনী বিকল হোৱা বুজায় ৷ এনেবোৰ ৰোগীয়ে ডায়েলাইছিছ কৰিব লগা হয় ৷ এনে অৱস্থা বহু দিনলৈ থাকিলে, বৃক্ক সলনি কৰিব লগাও হয় ৷

তেজত থকা ক্রিয়েটিনিন পৰীক্ষা কৰি বৃক্কৰ কিমান শতাংশ নষ্ট হৈছে, তাৰ অনুমান কৰিব পাৰি৷ সাধাৰণতে তেজত ক্রিয়েটিনিন ০.৫ মিঃগ্রাঃ শতাংশৰ পৰা ১.২ মিঃগ্রাঃ শতাংশৰ ভিতৰত থাকে ৷ ক্রিয়েটিনিনৰ পৰিমাণ ১.৫ মিলিগ্রাম শতাংশ হলে ৭৫% কিডনী সক্রিয় হৈ থকা বুজায় ৷ ক্রিয়েটিনিনৰ পৰিমাণ ২ মিঃগ্রাঃ শতাংশ হলে ৫০% কিডনীয়ে সক্রিয় বুলি কব পাৰি ৷ ক্রিয়েটিনিনৰ পৰিমাণ ৩.৫ মিঃগ্রাঃ হলে ২৫% কিডনী সক্রিয় বুজায় ৷ ক্রিয়েটিনিনৰ পৰিমাণ ৫ মিঃগ্রাঃ হলে ১০% কিডনী সক্রিয় আৰু ক্রিয়েটিনিনৰ পৰিমাণ ৬ৰ পৰা ৮ মিঃগ্রাঃ হলে ৫% কিডনীহে সক্রিয় বুলি বুজা যায় ৷ অৱশ্যে এই পৰিসংখ্যা কেৱল আক্ষৰিকভাৱেহে শুদ্ধ, ই হুবহু নহয় আৰু হয়াৰ ওপৰত গৱেষণা চলি আছে ৷

কিডনী ফেইলৰৰ কাৰণঃ

সেউজ বিপ্লৱোত্তৰ কালছোৱাত কৃষিকর্মত উৎপাদন বৃদ্ধিৰ অর্থে অত্যধিক পৰিমাণে কীটনাশক দৰব আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ কৰা হৈছে ৷ সাম্প্রতিক সময়ত আধুনিক জীৱনশৈলীজনিত ৰোগ বাLife Style Disorder যেনে– ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদিৰ প্রাদুর্ভাৱ ভয়াৱহ হাৰত বৃদ্ধি পাইছে ৷ এই সকলোবোৰে বৃক্ক বিকল হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি কৰাইছে ৷ লগতে আমিষ আহাৰ, কিডনীৰ পাত্থৰ, ইউৰেটাৰৰ পাত্থৰ, মূত্রথলীত থকা পাত্থৰ, প্রষ্টেট গ্রন্থিৰ আকাৰ বাঢ়ি প্রস্রাৱৰ সোঁত কমি যোৱা বা প্রস্রাৱ বন্ধ হৈ যোৱা আদি কাৰণতো কিডনীৰ কাম কৰা ক্ষমতা কমি যাব পাৰে আৰু কিডনী দুর্বল হব পাৰে ৷

Prevention is better than cure ৰোগ নৌহওঁতেহ কি কি খাদ্য আৰু অভ্যাস ত্যাগ কৰিব

১. জধেমধে বিষনাশক ঔষধ নাখাব ৷

২. গেষ্ট্রিকৰ PP Iজাতীয় ঔষধ যেনে– পেণ্টপ্রাজল আৰু ৰেবিপ্রাজল বেছিদিন খালেও বিভিন্ন কিডনী ৰোগ হয় ৷

৩. মাদক দ্রব্য বর্জন কৰিব ৷ ইউৰিয়া মিহলোৱা ভেজাল মাদকদ্রব্য সেৱনৰ কাৰণেও কিডনীৰ বিভিন্ন ৰোগ হব পাৰে ৷

৪. ফর্মেলডিহাইড দি সংৰক্ষণ কৰা চালানী মাছ খোৱাৰ পৰা বিৰত থাকক ৷

৫. আজিকালি খেতিত মাটি পৰীক্ষা নকৰাকৈ জধেমধে অত্যধিক পৰিমাণে প্রয়োগ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দৰব আদিৰ অৱশিষ্ট অংশ খাদ্যৰ জৰিয়তে শৰীৰলৈ গৈ কিডনীৰ বিস্তৰ ক্ষতি কৰে ৷

৬.  ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে কিডনী ৰোগত ভোগাৰ সম্ভাৱনা আটাহতকৈ বেছি ৷ এনে ৰোগীয়ে এই দুটা ৰোগক সম্পূর্ণ নিয়ন্ত্রণত ৰখা উচিত ৷

৭. বিলাহী, ফুলকবি, উৰহী, বেঙেনা, ৰঙালাউ, চীনা বাদাম, কলা আঙুৰ, পালেং আদি যিবোৰ শাক–পাচলিত যথেষ্ট পৰিমাণে কেলছিয়াম আৰু পিউৰিন থাকে, সেইবোৰে কিডনীত পাথৰ উৎপন্ন কৰাকে ধৰি কিডনীৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰে ৷

ৰোগ নৌহওঁতেহ কি কি খাদ্যাভ্যাস আঁকোৱালি লব

৮. অসমীয়াত কৈছে পানীয়েহ প্রাণীৰ প্রাণ, পানী বিনে নাই আন, ফলমূলে কৰে শক্তি দান ৷ ইংৰাজীত কৈছে “Keep  the Kidneys wet and lung dry.”  শৰীৰটো ভালদৰে শোধন হবৰ বাবে প্রতিদিনে প্রায় ৪-৫ লিটাৰ পানীৰ প্রয়োজন ৷

৯. তেঁতেলিত থকা টার্টাৰিক এচিডে তেজত থকা বিষাক্ত পদার্থ প্রস্রাৱৰ লগত বাহিৰ কৰাত সহায় কৰি কিডনীক সুৰক্ষিত কৰি ৰাখে ৷

১০. কলত যথেষ্ট পৰিমাণে ভিটামিন বি–কমপ্লেক্স থাকে ৷ ই তেজত থকা অতিৰিক্ত কেলচিয়াম, মেগনেছিয়াম, ফচফেট আৰু অক্সালেট আদি প্রস্রাৱৰ সৈতে বাহিৰ কৰি দি কিডনী সুৰক্ষিত কৰি ৰাখে ৷

১১. নেমুটেঙাত থকা চাইড্রিক এচিডে কিডনীত জমা হোৱা কেলছিয়াম অক্সালেট, ফছফেট আদি গেদবোৰ গলাই দি প্রস্রাৱৰ সৈতে বাহিৰ কৰি কিডনী দুটা পৰিষ্কাৰ কৰি ৰাখে ৷

১২. পুনর্ণৱা শাকৰ আঞ্জা খালে যিকোনো ধৰণৰ কিডনী ৰোগ হব নোৱাৰে ৷

১৩. দুপৰটেঙা পাতৰ ৰস ১০ মিঃলিঃ একাপ ঠাণ্ডা পানীৰ লগত মিহলাই পুৱা খালী পেটত খালে সকলো প্রকাৰৰ কিডনী ষ্টোন প্রস্রাৱৰ লগত বাহিৰ হৈ যায় ৷

১৪. বৰুণ গছৰ বাকলি ১ঃপ্ত অনুপাতত লৈ পানীত উতলাই পানীৰ পৰিমাণ এক পঞ্চমাংশলৈ হ্রাস কৰি  পিছত সেইখিনি ভালদৰে চেকি পানীখিনি ৰাখি লৈ সেয়া চাৰি চামুচকৈ দিনে তিনিবাৰ খালে কিডনী ষ্টোন বাহিৰ হোৱাৰ উপৰি সকলো প্রকাৰৰ কিডনী ৰোগ ভাল হয় ৷

১৫. সদায় সক্রিয় হৈ থাকক ৷ মধুমেহ আৰু উচ্চ ৰক্তচাপ ৰোগৰ প্রতিৰোধী ব্যৱস্থা লওক ৷ নিয়মীয়াকৈ শাৰীৰিক পৰিশ্রম কৰক ৷ খোজ কাঢ়ক ৷

ৰোগ ধৰা পৰাৰ পিছত কি কৰিব

ততালিকে চিকিৎসকৰ পৰামর্শ লওক ৷ ক্রনিক কিডনী ৰোগৰ নির্দিষ্ট  ডায়েট লিষ্ট আছে, সেয়া অনুসৰণ কৰক ৷ যোগাসন আৰু নিয়মীয়াকৈ লঘু শাৰীৰিক পৰিশ্রম বা ব্যায়াম কৰক ৷

আধুনিক চিকিৎসা বিজ্ঞানৰ মতে বৃক্কৰ কোষসমূহৰ পুনৰ সৃষ্টি (rejuvenation) ৰ ক্ষমতা থাকে ৷ অর্থাৎ কোষসমূহ যদি নষ্ট হৈ সংখ্যাত কম হৈ যায়, তেন্তে থকা কোষসমূহৰ পৰা নতুন কোষৰ সৃষ্টি হব পাৰে ৷ এনেবোৰ কোষক stable cell বুলি কোৱা হয় ৷ উপৰিউক্ত তথ্যৰ পৰা বুজা যায় যে বৃক্কৰ কোষ পুনৰ উজ্জীৱিত কৰি বৃক্কক আগৰ অৱস্থালৈ ঘূৰাই অনাটো সম্ভৱ হয় ৷

প্রাৰম্ভিক পর্যায়ত পোৱা এনে ৰোগীক আয়ুর্বেদিক চিকিৎসাৰ দ্বাৰা সম্পূর্ণ সুস্থ কৰি তুলিব পাৰি ৷ ইয়াৰ উপৰি ডায়েলাইছিছ কৰি থকা ৰোগীৰ দুটা ডায়েলাইছিছৰ মাজৰ ব্যৱধান বৃদ্ধি কৰিব পাৰি ৷ কেতবোৰ ৰোগীৰ ডায়েলাইছিছ বন্ধ কৰি দিব পাৰি ৷ বিকল হোৱা কিডনীৰ বাবে সৃষ্টি হোৱা শৰীৰৰ অন্যান্য অসুবিধাসমূহ দূৰ কৰিব পাৰি ৷ কিডনী সলনি  (Renal Transplant) কৰিবলগীয়া ৰোগীক বহু দিনলৈ অপাৰেচন নকৰাকৈ ৰাখিব পাৰি ৷

আয়ুর্বেদ চিকিৎসা ক্রনিক কিডনী ৰোগৰ ৰোগীৰ প্রথম বাছনি হোৱা উচিত৷ উল্লেখ্য যে আয়ুর্বেদ চিকিৎসা বিজ্ঞানত এনে কেতবোৰ বনৌষধি আছে, যিবোৰ এহ কিডনী ৰোগৰ প্রাৰম্ভিক অৱস্থাত অতি লাভদায়ক হয় ৷ আমাৰ চৌপাশে থকা বৰুণ আৰু পুনর্ণৱা এহক্ষেত্রত মহৌষধস্বৰূপ, যিয়ে কিডনীৰ কোষ পুনৰুজ্জীৱিত কৰি তুলিব পাৰে ৷ অৱশ্যে কিডনী ৰোগৰ বাবে উপযোগী বনৌষধিসমূহৰ দ্বাৰা প্রস্তুত কৰা সংমিশ্রিত দৰবসমূহ কোনো স্বীকৃতিপ্রাপ্ত অভিজ্ঞ আয়ুর্বেদিক চিকিৎসকৰ পৰামর্শ অনুসৰিহে গ্রহণ কৰা উচিত ৷

ফোনঃ  ৭৮৯৬২-৪৬০০১

You might also like
Leave A Reply

Your email address will not be published.