ধুনীয়া চুলিৰ সহজ উপায়

অজন্তা উপমন্যু 

একোছা উজ্জ্বল, দীঘল চুলি প্রতিগৰাকী মহিলাৰে কাম্য, কিন্তু সকলোৰে ভাগ্যত একোছা সুন্দৰ চুলি নাথাকিবও পাৰে ৷ বিশেষকৈ বয়স ববাৰ লগে লগে চুলিৰ নানান সমস্যাই দেখা দিয়ে ৷ চুলিৰ যত্নৰ অভাৱ, পৰিৱেশ প্রদূষণ, বতাহ, ধূলি–মাকতি, ক্লৰিণ মিশ্রিত পানীৰ ব্যৱহাৰ আদিয়ে চুলিৰ বিশেষ ক্ষতি কৰে ৷ ইয়াৰ উপৰি ঘনাই ব্ল ড্রায়াৰৰ ব্যৱহাৰ, চুলিত কৃত্রিম ৰং কৰা, সঘনাই চুলিৰ ভাঁজ দিয়া বা চিধা কৰা, টাৱেলেৰে ঘঁহি ঘঁহি চুলি শুকুওৱা আদিৰ কাৰণত চুলিৰ স্বাভাৱিক তেলৰ অভাৱ ঘটি শুকান হব পাৰে ৷ কেতিয়াবা আকৌ মানসিক অশান্তি, কঠিন ৰোগ, টেনছন, ষ্ট্রেছ, হৰমনৰ প্রভাৱ, প্রয়োজনীয় পুষ্টিৰ অভাৱ আদি নানান কাৰণেও চুলিৰ সৌন্দর্য হ্রাস পায় ৷

চুলিৰ নানান সমস্যা বুলিলে সাধাৰণতে চুলি সৰা, অকালপক্ব, চুলিৰ আগ ফটা নাইবা বেছি শুকান হৈ ৰঙা পৰা, উফি হোৱা আদিয়েই প্রধান ৷ কিন্তু আজিকালি চুলিৰ বাবে নানান ভেষজ তেল, ছেম্পুৰ লগতে চুলিৰ চিকিৎসাও সহজে উপলব্ধ হৈ পৰিছে, যাৰ বাবে অকণমান যত্নৰ ফলত সকলোৱে একোছা ধুনীয়া চুলিৰ গৰাকী হব পাৰে ৷

চুলি সৰাঃ  আমাৰ দৈনিক ৩০ৰ পৰা ১০০ডাল পর্যন্ত চুলি সৰিব পাৰে ৷ ই একেবাৰে স্বাভাৱিক প্রক্রিয়া ৷ কিয়নো চুলিৰো এটা নিজা জীৱন চক্র আছে ৷ কিন্তু সমস্যা তেতিয়াই হয় যেতিয়া চুলি কোছা–কোছে সৰিবলৈ ধৰে ৷ খাদ্যত আহৰন, প্রটিন, ভিটামিন, শর্কৰা, খনিজ লৱণ আৰু পানীৰ অভাৱ হলে চুলি অস্বাভাৱিকভাৱে সৰিবলৈ ধৰে ৷ সন্তুলিত আহাৰৰ লগতে বিশেষকৈ মহিলাসকলে ১৫ মিলিগ্রাম আহৰন অতিৰিক্তভাৱে গ্রহণ কৰিব লাগে ৷

ঘৰুৱা দিহাঃ  মেথিগুটি পানীত তিয়াই থৈ পিহি লেপ তৈয়াৰ কৰি লব,  চুলিত তেল লগাই এই লেপ চুলিৰ গুৰিত লগাই এঘণ্টামানৰ পিছত কোমল ছেম্পুৰে ধুই  পেলাব লাগে ৷

  •  পিঁয়াজৰ ৰস উলিয়াই চুলিৰ গুৰিত লগাই আধা ঘণ্টা মানৰ পিছত ধুই পেলাব লাগে
  • একাপ দৈত কর্পূৰ তেল সমপৰিমাণে মিহলাই চুলিৰ গুৰিত মালিচ কৰি ২৩ ঘণ্টামানৰ পিছত কুহুমীয়া গৰম পানীৰে ধুই পেলাব লাগে ৷

উফিঃ  উফি কোনো বেমাৰ নহয় ৷ ছালৰ মৃত কোষ জমা হৈ উফি হয় ৷ মূৰৰ উপৰিভাগৰ ছাল অধিক শুকান হৈ এৰাই চুলিৰ গুৰিত তৰপ হৈ জমা হৈ থকাহ উফি ৷ উফি হলে ব্যৱহাৰ কৰা টাৱেল, গাৰুৰ গিলিপ, সঘনাহ পৰিষ্কাৰ কৰি থাকিব লাগে ৷ ব্যৱহাৰ কৰা কাপোৰ কুহুমীয়া পানীৰে ধুব লাগে ৷

দিহাঃ  নেমু টেঙাৰ বাকলি শুকুৱাহ গুড়ি কৰি নাৰিকল তেলৰ লগত মিহলাই দহ মিনিটমান চেকি ৰদত দিব লাগে ৷ নিয়মীয়াকৈ এই তেল চুলিত লগালে উফিৰ সমস্যা নোহোৱা হব ৷

  •  ভিনেগাৰত আদাৰ ৰস মিহলাহ চুলিৰ গুৰিত লগাই আধা ঘণ্টাৰ পিছত ধুই পেলাব লাগে ৷
  • এলভেৰাৰ বিজলুৱা অংশ লগালেও উফি নোহোৱা হয় ৷

চুলি পকাঃ  সাধাৰণতে মানুহৰ বয়সত চুলি পকে যদিও আজিকালি যিকোনো বয়সৰ লোকৰে চুলি পকা দেখা যায় ৷ সাধাৰণতে বংশগত কাৰণ, দুষ্চিন্তা, প্রদূষণ, দৈনিক ঔষধ সেৱন, কঠিন ৰোগ আদি কাৰণত চুলি অকালতে পকিব পাৰে ৷ আমাৰ চুলিত পিগমেণ্ট মেলানিন থাকে ৷ অক্সিজেন, হাইড্রজেন, কার্বন আৰু ছালফাৰৰ সংমিশ্রণ হৈ চুলিৰ ৰং সৃষ্টি হয় ৷ এইবিলাকৰ উৎপাদন কমি গলে বা বন্ধ হলে চুলিৰ স্বাভাৱিক ৰং নাহকিয়া হৈ পৰে আৰু চুলি ৰংবিহীন হৈ পৰে আৰু তেতিয়াই চুলি পকা বুলি কোৱা যায় ৷

দিহাঃ  পকা চুলিৰ পুনৰ স্বাভাৱিক ৰং ঘূৰাই অনা সম্ভৱ নহয় যদিও ইয়াক প্রাকৃতিকভাৱে কলা কৰি ৰাখিব পাৰি ৷ ২৫০ গ্রাম কেষ্টৰ অহল, ৫০ গ্রাম অলিভ অহল, ৫০ গ্রাম আমলখিৰ গুড়ি, ৫০ গ্রাম নৰসিংহ পাতৰ গুড়ি, একেলগে মিহলাই লোৰ কেৰাহীত উতলাই চেকি বটলত ভৰাই দৈনিক চুলিত লগাই দুঘণ্টামানৰ পিছত ধুই পেলাব লাগে ৷

ইয়াৰ উপৰি খাদ্যত তাম, ফলিক এচিড, জিংক, ভিটামিন বি আদি বেছিকৈ খাব লাগে ৷  নৰসিংহ পাত, জিকা, বাদাম, মিছামাছ আদি প্রচুৰ পৰিমাণে খাব লাগে ৷

কিছু অতিৰিক্তঃ

  • চুলি ধোৱাৰ আগত সদায় বহল দাঁতৰ ফণিৰে আঁচুৰিব লাগে, কিন্তু তিতা চুলি আঁচোৰাৰ সলনি হাতৰ আঙুলিৰে ভাগ কৰি দিব লাগে, অন্যথা চুলিৰ গুৰি ঢিলা হৈ সৰিবলৈ ধৰে আৰু আগ ফাটে ৷
  •  চুলি সদায় শ্বাৱাৰৰ তলত নাহবা চিধাকে পানী ঢালি ধুব লাগে ৷ প্রতিবাৰ চুলি ধোৱাৰ আগত তেল মালিচ কৰি অন্ততঃ এঘণ্টাৰ পিছত চুলি ধোৱা উচিত ৷ ছেম্পু নির্বাচন কৰোঁতে সাৱধান হব লাগে ৷ বজাৰৰ বিজ্ঞাপন চাহ ছেম্পু কিনাৰ পৰিৱর্তে নিজৰ চুলিৰ প্রকৃতি অনুযায়ী ছেম্পু ব্যৱহাৰ কৰিব লাগে ৷ কোনো অভিজ্ঞ সৌন্দর্য বিশেষজ্ঞৰ সহায় লব পাৰে ৷
  • চুলি সদায় স্বাভাৱিকভাৱে শুকাবলৈ দিব লাগে ৷ নিয়মিত ব্ল ড্রাই কৰিলে চুলি শুকান হৈ সৰিবলৈ ধৰে ৷
  •  চুলি উজ্জ্বল আৰু কোমল হবলৈ আধাকাপ অলিভ অহলত এটা কণী আৰু এচামুচ মৌ মিহলাই গোটেই চুলিত লগাই আধা ঘণ্টাৰ পিছত ধুই পেলাব লাগে ৷
  •  তেলেতীয়া চুলিত বিশেষ মালিচ দিয়াৰ প্রয়োজন নাই ৷ অলিভ অহল নাহবা এলমণ্ড অইলত এচামুচ নেমু টেঙাৰ ৰস মিহলাই চুলিত লগাই আধা ঘণ্টাৰ পিছত ধুই পেলাব লাগে ৷
  •  চুলি গজিবৰ বাবে কেষ্টৰ অহল আৰু এলমণ্ড অহল সমপৰিমাণে লৈ তাত মেথি আৰু তিল মিহলাই বটলত ভৰাই থৈ লগোৱাৰ সময়ত সামান্য গৰম কৰি চুলিৰ গুৰিত লগাই আঙুলিৰে লাহে লাহে মালিচ কৰি গৰম ভাপ দি এঘণ্টাৰ পিছত ধুই পেলাব লাগে ৷

সেউজীয়া শাক, মাছ, গাখীৰ, নাৰিকল, বাদাম, পালেং শাক, মিছামাছ আদি খাদ্য তালিকাত অন্তর্ভুক্ত কৰিব লাগে ৷ তেলত ভজা, বেছি মচলাযুক্ত খাদ্য কমাই খাব লাগে ৷ ঠাণ্ডা পানীয়ৰ সলনি ফলৰ ৰস, ডাবৰ পানী খোৱা উচিত ৷ চিন্তা ভাৱনা এৰাই চলিবলৈ চেষ্টা কৰিব লাগে ৷ দৈনিক টোপনি ক্ষতি কৰিলেও চুলিৰ স্বাভাৱিক সৌন্দর্য নোহোৱা হয়, সেহবাবে পৰাপক্ষত টোপনি ক্ষতি কৰিব নালাগে ৷ নিয়মিত যত্ন আৰু সু–খাদ্যাভাসে আপোনাৰ চুলিয়েও সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হব পাৰে ৷

ফোনঃ ৯৯৫৪২-৪৬২১৬

You might also like

Comments are closed, but trackbacks and pingbacks are open.