কালা

শিখা দেৱী হৰলালকা

বলীউডত ভাল ছবি নির্মাণ নহয় বুলি জনমানসত বিয়পি যোৱাৰ পিছত নিজৰ হেৰুওৱা মর্যাদা উদ্ধাৰত নামি পৰিছে বলীউডে ৷ যাৰ শেহতীয়া উদাহৰণ কথা ৷ বলীউডত অকল কৰণ জোহৰ, ৰোহিত ছেট্টীৰ চিনেমাই নচলে, ভাল কণ্টেণ্টৰ ভাল পৰিচালকৰ ছবিও দর্শকে আদৰে ৷ অনভিটা দত্ত, বলীউডত ১০ বছৰৰো অধিককাল গীতিকাৰ–কাহিনীকাৰ ৰূপে কাম কৰি অহা অনভিটাই হৈছে কালা ছবিখনৰ পৰিচালক৷ যাৰ কাম ইতিমধ্যে সমালোচকৰ দ্বাৰা উচ্চ প্রশংসিত হৈছে ৷

কি আছে কালাত নাই কোনো একচন, হিৰো–হিৰোইনৰ অন্তৰংগ মুহূর্ত, কাণ–তাল মাৰি যোৱা সংগীত অথবা কোটি কোটি টকাৰ বাজেট৷ নাই কোনো ছুপাৰ–ডুপাৰ ষ্টাৰকাষ্ট ৷ কিন্তু তাৰ পিছতো নিজৰ এক শ্রেণীৰ বিশেষ দর্শক সৃষ্টি কৰি লৈছে কালাই ৷ ৰহস্য এৰি আচল কথালৈ আহোঁ ৷ কালা ছবিখন এখন মিউজিকেল হৰৰ চিনেমা ৷ যিমানদূৰ মনত পৰে বলীউডত এনেধৰণৰ সম্পৰীক্ষা হয়তো এয়াই প্রথম ৷ ভাবকচোন প্রিয় গীত এটি শুনি আমি স্মৃতিকাতৰ হওঁ, গুণগুণাই থাকোঁ, প্রেমত পৰোঁ গীতটোৰ ৷ কিন্তু কালাৰ গীত কিছু ব্যতিক্রম, বেকগ্রাউণ্ড মিউজিক যথেষ্ট ৰহস্যময়ী আৰু একধৰণৰ কোনো ঘটিবলগীয়া ঘটনাৰ যেন আগজাননীহে দিয়ে গীতবোৰে ৷ কি এনে উপাদান আছে গীতবোৰত সংগীত পৰিচালক অমিত ত্রিবেদীৰ লগতে তেওঁৰ সহযোগীসকলৰ সন্মিলিত প্রচেষ্টা কলাৰ সংগীত এতিয়া যুৱপ্রজন্মৰ প্রথম পছন্দ ৷ একে আষাৰে কবলৈ গল এখন মিউজিকেল হৰৰ ছবিৰ সম্পূর্ণ দায়িত্বভাৰ যেন গ্রহণ কৰিছে ছবিখনৰ সংগীতে ৷ সংগীত পৰিচালক নমো নমো শংকৰা খ্যাত অমিত ত্রিবেদী নিঃসন্দেহে প্রশংসাৰ পাত্র ৷

এইবাৰ আহোঁ কাহিনীলৈ ৷ এগৰাকী প্রখ্যাত গায়িকাৰ জীৱনৰ ওপৰতেই এই ছবিখন নির্মিত হৈছে, যিগৰাকী গায়িকাই জীৱনত নাম, যশ, প্রতিষ্ঠা সকলো লাভ কৰি সফলতাৰ শীর্ষত থাকোঁতেই হঠাৎ এদিন আত্মহত্যা কৰে ৷ ছাচপেন্স থ্রিল, হৰৰ, ড্রামাৰ ভৰপূৰ উপাদানেৰে সমৃদ্ধ এই কালা ছবিখন মিছ নকৰিব ৷

চিনেমেটগ্রাফী এই ছবিখনৰ আন এক শক্তিশালী দিশ ৷ এফালে বৰফ পৰি থকা কাশ্মীৰৰ দৃশ্য ছাঁ–পোহৰৰ মাজত, আৰু আনফালে চকু আৰু মগজুক বশ কৰাকৈ বাজি থকা হাইপোনোটিং মিউজিক ৷ ইয়াৰ লগে লগে আপুনি কল্পনাও কৰিব নোৱাৰাকৈ হঠাতে কাহিনীয়ে গতি কৰে অন্য দিশে ৷

পুৰষ–নাৰী বা লিংগ বিভেদ বা লিংগবৈষম্য আমাৰ দেশত নতুন কথা নহয় ৷ ইয়াৰ ফলত যে কত প্রতিভা অকালতে মৰহিছে, ঈর্ষাৰ বলি হৈ কোনোৱে নকৰিবলগা কামো কৰিছে এই সকলো কথাৰ এক সাংঘাতিক বার্তা এই ছবিখনত আছে ৷

ছবিখনৰ আন এক উল্লেখযোগ্য দিশ চৰিত্রচয়ন ৷ মুখ্য চৰিত্রত তৃপ্তি দিমৰী আছে, যাৰ অভিনয় একে আষাৰে প্রশংসাৰ যোগ্য৷ যোগ্য পিতৃৰ যোগ্য সন্তান ছবিখনৰ সহযোগী চৰিত্র বাবিল, হয় বাবিল হৈছে প্রয়াত অভিনেতা ইৰফান খানৰ পুত্র ৷  ছবিখনত বাবিলৰ স্ক্রীন প্রেজেন্স কিছু কম যেন অনুভৱ হলেও বাবিল যে বহু দূৰ আগুৱাব, সেয়া কম সময়তে তেওঁ প্রমাণ কৰিছে ৷ ছবিখনৰ আন এক শক্তিশালী চৰিত্র বাংলা ছবি জগতৰ শক্তিশালী অভিনেত্রী স্বস্তিকা মুখার্জী ৷ চকুৰে কথা কোৱা স্বস্তিকাৰ অভিনয়ে যেন সোণত সুৱগা চৰাইছে ছবিখনৰ ৷

ভার্চুৱেল দিশৰ পৰা এইখন ২০২২ৰ এখন অন্যতম দর্শনীয় ছবি ৷ চাইকোলজিকেল, থ্রিলাৰ, হৰৰ ছবি হৈও ইয়াৰ চিনিমেটগ্রাফী অতি উচ্চ পর্যায়ৰ৷ প্রযোজক অনভিটা দত্তৰ বিষয়ে এষাৰেই কম Clear, Brillint, No nonseuse film making litterely. ছবিখনত কোনো এজন অভিনয় শিল্পীৰেই অভিনয় দুর্বলতা চকুত নপৰিল ৷

ছবিখনৰ দুর্বলতাঃ  কাহিনীকথন আৰু কিছু দীঘলীয়া হব পাৰিলেহেঁতেন ৷ বহু দৃশ্যত অতি চতুৰভাৱে পৰিচালকে কাহিনী আধাতে শেষ কৰিছে আৰু ফলাফল নির্ণয়ৰ ভাৰ দিছে দর্শকক ৷ ছবিখনৰ কিছু ৰহস্য যেন খোল নাখালে ৷ তেনে ভাব মনলৈ অৱশ্যেই আহে ৷

বলীউডী মার্কা ছবিৰ পৰা কিছু ব্যতিক্রম কালা ছবিখন সকলো শ্রেণীৰ দর্শকৰ বাবে নহয়৷ পিছে গীতসমূহে আকর্ষণ কৰিছে লৰা–বুুা সকলোকে ৷ মিউজিকেল হৰৰ থ্রিলাৰনো কি যদি জানিব, অনুভৱ কৰিব খুজিছে তেনেহলে কালা ছবিখন মিছ নকৰিব ৷

ফোনঃ   ৮৮২২৯-৭১২১৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.