বহাগৰ সাজসজ্জা

অসমীয়া সমাজত বহাগৰ  মাহটো কেৱল বিহু  বুলিয়ে নহয়, বিবাহ বা অন্যান্য শুভকর্মৰ বাবেও অতি পৱিত্র আৰু উপযুক্ত সময় বুলি গণ্য কৰা হয় ৷ বর্তমান যুগত পৰম্পৰাগত নীতি–নিয়ম আৰু সংসৃক্তিৰ বিনিময়ৰ খুব সুন্দৰ আৰু সঘন উপস্থিতি আমাৰ বিবাহৰ অনুষ্ঠানৰ মাজতে দেখা পোৱা যায় ৷ কিয়নো কেৱল আয়তীৰ উৰুলি ধবনি আৰু মাহ–হালধিৰ সুগন্ধিৰ লগতে সীমিত নাথাকি অনা–সমীয়া সমাজৰ ৰীতি–নীতিৰ মেহেন্দীও আপুনি উল্লসিত হবৰ বাবে যথেষ্ট ৷ আজিৰ লেখাত বিয়াৰ বিভিন্ন পর্বত পুৰুষ–মহিলাই পিন্ধিব পৰা পৰম্পৰাগত সাজপাৰৰ বিষয়ে আগবেঢ়োৱা হৈছে ৷

বগা পাটৰ সাজঃ  সাধাৰণতে মেহন ছেট বুলি আমি বগা ৰঙৰ পাটৰ মেখেলা–চাদৰযোৰক কওঁ ৷ কোনো মহিলাহ বেছি ৰঙীন আৰু জাকজমকতা নিবিচাৰিলে এই সাজ এটা ৰঙীন সুন্দৰ ব্লাউজৰ সৈতে পিন্ধিব পাৰে ৷ সোণোৱালী অথবা বুটা কামৰ ব্লাউজ ভাল লাগিব ৷ পাতলীয়া অলংকাৰ আৰু সৰু আকাৰৰ ঘডী পিন্ধিব ৷

লেহেংগাঃ  শেহতীয়া দশকৰ পৰা অসমীয়া সমাজত লেহেংগাৰ বহুল প্রয়োগ কৰা দেখা গৈছে ৷ কেৱল কিশোৰীৰ মাজতে সীমাবদ্ধ নাথাকি এতিয়া অলপ বয়স বাঢ়ি অহা মহিলাৰ মাজতো ইয়াৰ জনপ্রিয়তা বাঢ়ি আহিছে ৷  বিবাহৰ বিভিন্ন পর্ব যেনে– আঙঠি পিন্ধোৱা, জোৰণ, অভ্যর্থনা ইত্যাদি সময়ত কিশোৰী বা জীয়ৰীসকলে এই সাজ পৰিধান কৰিলে ভাল লাগিব ৷

ফিউজন গাউনঃ  পৰম্পৰাগত আর্হিত বিভিন্ন ডিজাইনত তৈয়াৰী দীঘল বা চুটি ফ্রক পিন্ধিব পাৰে৷ অবিবাহিত ছোৱালীখিনিয়ে সম্পূর্ণ পশ্চিমীয়া সাজ পিন্ধাৰ সলনি এনেধৰণৰ সাজ পৰিধান কৰিলে বিবাহথলীত ভাল দেখাব ৷

শাৰীঃ  শাৰী বুলি কোৱাৰ লগে লগেই বাঙালী সম্প্রদায়ৰ কথা মনত ভাহি উঠে ৷ কিন্তু ভাৰতত বিভিন্ন প্রকাৰৰ শাৰীৰ স্থান আৰু জাতি–সম্প্রদায় অনুসৰি আমি সকলোৱে দেখিবলৈ পাওঁ ৷ দাক্ষিণাত্যৰ কাঞ্জিভিৰাম, পৃথানী, নৌবাৰী শাৰী যথেষ্ট আড়ম্বৰপূর্ণ ৷ গুজৰাটৰ বন্ধনী কলাৰ শাৰী, বাৰাণসীৰ বেনাৰসী শাৰীও বহু পৰিমাণে উজ্জ্বল ৰঙেৰে পৰিপূর্ণ৷ উত্তৰ ভাৰতৰ চিকনকাৰী, ওডিশাৰ বাটিক কামকৰা শাৰীসমূহ পাতল ৰঙৰ হয় আৰু যিকোনো বয়সৰ পাতল ৰঙৰ কাপোৰ ভালপোৱা মহিলাই এনে শাৰী বিয়াঘৰত পিন্ধিব পাৰে ৷

ৰঙাঃ  উৎসৱ বা বিবাহৰ ক্ষেত্রত অতি প্রচলিত ৰং হৈছে ৰঙা ৷  আপুনি যদি উজ্জ্বল সাজ পিন্ধিব বিচাৰে, তেন্তে এহ ৰঙৰ যিকোনো পৰম্পৰাগত সাজ পৰিধান কৰিলে ভাল লাগিব ৷ যদি অলপ ডাঠ ৰঙৰ বিচাৰিছে তেন্তে মেৰুণ ব্যৱহাৰ কৰিব৷ অলংকাৰ অলপ সৰহ পিন্ধিলে সুন্দৰ লুক আহিব ৷

পেষ্টেলঃ  পাতলীয়া মৰমলগা ৰঙৰ বহুতো শ্বেড আজিকালি বজাৰত উপলব্ধ ৷ লেভেণ্ডাৰ, হালধীয়া, সেউজীয়া, গুলপীয়া ইত্যাদি ৰঙৰ বিভিন্ন পাতল শ্বেড আপুনি নির্বাচন কৰিব পাৰে ৷ ব্লাউজটো একে ৰঙৰ বা কনড্রাষ্ট কৰি ডাঠ যিকোনো ৰং বা সোণালী ৰঙো লব পাৰে ৷ বিপৰীত ৰঙৰ পাতলীয়া ৰাজস্থানীয় অলংকাৰ পৰিধান কৰিব ৷

মেটেলিকঃ  সোণালী বা অন্য ধাতুৰ শ্বেড থকা ফেব্রিকৰ সাজ বিবাহৰ অভ্যর্থনা অনুষ্ঠানত পিন্ধিব পাৰে ৷   ফিউজন সাজত এই ফেব্রিক যথেষ্ট খাপ খাই পৰে ৷

নিয়নঃ  কিশোৰীসকলৰ মাজত নিয়ন ৰং বহুলভাৱে ব্যৱহূত হোৱা  দেখা যায় ৷ ফুশ্বিয়া পিংক, লেমন গ্রীন, পেৰট গ্রীন, ব্লাড ৰেড ইত্যাদি বহুতো শ্বেড ডিজাহনাৰ হাউছসমূহে ঋতু অনুযায়ী সৃষ্টি কৰে ৷ ট্ৰেণ্ডত থকা এনে ৰং আপুনি ষ্টাহল আৰু গাৰ ৰং অনুযায়ী পছন্দ কৰিব পাৰে ৷

অলংকাৰ

ৰাজস্থানীঃ  প্রাচীন কালৰ পৰাই এই  ধৰণৰ অলংকাৰ ভাৰতীয় সমাজত  জনপ্রিয় ৷  ৰাজকীয় মূলৰ এনে অলংকাৰ পাতল ধৰণে পিন্ধিলেও অতি উচ্চমানৰ  লুক আহি পৰে ৷

অসমীয়া অলংকাৰঃ  আমাৰ পৰম্পৰাগত অসমীয়া ঠাঁচত তৈয়াৰী সোণ বা ৰূপৰ অলংকাৰ কাপোৰসাজৰ লগত খাপ খুৱাহ লব ৷ কেঁচা সোণৰ বিভিন্ন প্রকাৰৰ পাতল বা গধুৰ ডিজাইনত তৈয়াৰী অলংকাৰসমূহো মেখেলা–চাদৰ বা শাৰীৰ লগত ভাল লাগিব ৷

দক্ষিণ ভাৰতীয় অলংকাৰঃ   ডিঙিৰ পৰা বুকুৰ তললৈকে দীঘল নেকলেছসমূহ বিবাহৰ লগতে ধর্মীয় আৰু পৰম্পৰাগত যিকোনো অনুষ্ঠানৰ ক্ষেত্রত উপযুক্ত৷ পাতল খাঁৰু আৰু সৰু আকাৰৰ ঘড়ীৰ সৈতে এনে ধৰণৰ অলংকাৰ বহুত সুন্দৰ দেখাব ৷

শাৰীঃ  শাৰী বুলি কোৱাৰ লগে লগেহ বাঙালী সম্প্রদায়ৰ কথা মনত ভাহি উঠে ৷ কিন্তু ভাৰতত বিভিন্ন প্রকাৰৰ শাৰীৰ স্থান আৰু জাতি–সম্প্রদায় অনুসৰি আমি সকলোৱে দেখিবলৈ পাওঁ ৷ দাক্ষিণাত্যৰ কাঞ্জিভিৰাম, পৃথানী, নৌবাৰী শাৰী যথেষ্ট আডম্বৰপূর্ণ৷ গুজৰাটৰ বন্ধনী কলাৰ শাৰী, বাৰাণসীৰ বেনাৰসী শাৰীও বহু পৰিমাণে উজ্জ্বল ৰঙেৰে পৰিপূর্ণ৷ উত্তৰ ভাৰতৰ চিকনকাৰী, ওডিশাৰ বাটিক কামকৰা শাৰীসমূহ পাতল ৰঙৰ হয় আৰু যিকোনো বয়সৰ পাতল ৰঙৰ কাপোৰ ভালপোৱা মহিলাহ এনে শাৰী বিয়াঘৰত পিন্ধিব পাৰে ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.