কৃষি অভিযান্ত্রিক

ড বুলজিৎ বুুাগোহাঁই

কৃষি অভিযান্ত্রিক পাঠ্যক্রম পঢ়ি ছাত্র–ছাত্রীসকলে এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে ৷ কৃষি অভিযান্ত্রিক পাঠ্যক্রমত বৈজ্ঞানিক সূত্র প্রয়োগ কৰি প্রযুক্তিবিদ্যা পদ্ধতিৰে গুণগত মান অটুট ৰাখি কৃষিজাত উৎপাদনৰ সমস্যা সমাধানৰ বিষয়ে জ্ঞান প্রদান কৰে ৷ কৃষি অভিযান্ত্রিক হৈছে অভিযান্ত্রিকৰ শাখা যিয়ে কৃষি সঁজুলি আৰু যন্ত্রপাতিৰ নির্মাণ, ডিজাইন আৰু ইয়াৰ বিকাশৰ সৈতে জডিত৷ কৃষি অভিযন্তাই কৃষিৰ সৈতে প্রযুক্তিৰ সংমিশ্রণ ঘটায় ৷ উদাহৰণস্বৰূপে– ই নতুন আৰু পৰিশোধিত কৃষি সঁজুলিৰ ডিজাইন কৰে, যিয়ে অধিক কার্যক্ষমভাৱে কাম কৰে ৷

কৃষি অভিযান্ত্রিকৰ স্নাতক পাঠ্যক্রমত নামভর্তি কৰিবৰ বাবে ছাত্র–ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়সহ উত্তীর্ণ হব লাগে ৷ স্নাতক পাঠ্যক্রমত নামভর্তিৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত হয় ৷ কৃষি অভিযান্ত্রিকত চার্টিফিকেট, ডিপ্লমা, স্নাতকোত্তৰ আৰু পি এইচ ডি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ৷

কৃষি অভিযন্তা হিচাপে কেৰিয়াৰ গঢ়িব বিচৰাসকলৰ কিছুমান গুণ থকা দৰকাৰ, যেনে বিশ্লেষণাত্মক দক্ষতা, যোগাযোগ দক্ষতা, ধাৰণাগত দক্ষতা, সিদ্ধান্ত গ্রহণৰ দক্ষতা, পৰিচালনাৰ দক্ষতা, গাণিতিক দক্ষতা, সমস্যা সমাধানৰ দক্ষতা, যুক্তিৰ দক্ষতা, বৈজ্ঞানিক মানসিকতা, কষ্টসহিষুতা, কর্তব্যপৰায়ণতা, অনুসন্ধিৎসু মন, নিষ্ঠাৱান, দায়িত্ববোধ আদি ৷

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো কৃষি অভিযান্ত্রিক বিভিন্ন পাঠ্যক্রমত  শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে ৷ অসম বিশ্ববিদ্যালয়(http://www.aus.ac.in)ত কৃষি অভিযান্ত্রিকৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ৭৫খন আৰু স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৩২খন৷ ইয়াত কৃষি অভিযান্ত্রিকৰ পি এইচ ডি পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ৷ যোৰহাটত অৱস্থিত প্রিন্স অফ ৱেল্ছ অভিযান্ত্রিক আৰু প্রযুক্তি  প্রতিষ্ঠান(https://powietjrt.in)ত কৃষি অভিযান্ত্রিকৰ ডিপ্লমা পাঠ্যক্রম অধ্যয়ন কৰিব পৰাৰ সুবিধা আছে ৷ পলিটেকনিক এডমিচন টেষ্ট Polytechnic Admission Test (PAT) নামৰ এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে এই পাঠ্যক্রমত নামভর্তিৰ সুবিধা আছে ৷ এই পৰীক্ষাত অৱতীর্ণ হবৰ বাবে সাধাৰণ শ্রেণীৰ প্রার্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ত নূ্যনতম চ্ছ্রঙ্ম শতাংশ, অনুসূচিত জাতিৰ প্রার্থীয়ে ৩৫ শতাংশ আৰু জনজাতিৰ প্রার্থীয়ে ৩৩ শতাংশ নম্বৰসহ উত্তীর্ণ হব লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হোৱা বর্ষৰ ৩১ ডিচেম্বৰত  সাধাৰণ শ্রেণীৰ প্রার্থীৰ বয়স ২০ বছৰ ৬ মাহৰ ভিতৰত হব লাগে আৰু অনুসূচিত জাতি আৰু জনজাতিৰ প্রার্থীৰ বয়স ২৩ বছৰ ৬ মাহৰ ভিতৰত হব লাগে ৷ এই প্রৱেশ পৰীক্ষা অনলাইন পদ্ধতিত আবেদন কৰিব লাগে ৷ ইয়াৰ ৱেবছাইট ঠিকনা হল https://dte.assam.gov.in৷ এই পৰীক্ষাৰ  প্রশ্ণসমূহ বস্তুনিষ্ঠ ধৰণৰ লগতে গণিত আৰু বিজ্ঞান বিষয়ত মুঠ ১০০ নম্বৰৰ প্রশ্ন সন্নিৱিষ্ট কৰা হয় ৷

কৃষি অভিযান্ত্রিকৰ বিভিন্ন পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হল ভাৰতীয় কৃষি গৱেষণা পৰিষদ(https://icar.org.in/content/b-tech-agricultural-engineering), নেৰিষ্ট(https://nerist.ac.in/agriculture), কলেজ অৱ এগ্রিকালচাৰেল ইঞ্জিনীয়াৰিং এণ্ড পষ্ট–হার্ভেষ্ট টেকনলজী, ৰাণীপুল(https://cau.ac.in/programs-offered-caepht), ডঃ ৰাজেন্দ্র প্রসাদ কেন্দ্রীয় কৃষি বিশ্ববিদ্যালয়(https://www.rpcau.ac.in), অন্ধ্রপ্রদেশ কৃষি বিশ্ববিদ্যালয়(https://angrau.ac.in), এলাহাবাদ কৃষি প্রতিষ্ঠান(http://www.shiats.edu.in), কলেজ অৱ এগ্রিকালচাৰ ইঞ্জিনীয়াৰিং এণ্ড টেকনলজী(http://caet.ac.in), জুনাগড় কৃষি বিশ্ববিদ্যালয়(http://www.jau.in), ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান খডগপুৰ(http://www.iitkgp.ac.in/department/AG), পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়(http://www.pau.edu) আদি ৷ এই শিক্ষানুষ্ঠানবোৰত কৃষি অভিযান্ত্রিকৰ বিভিন্ন পাঠ্যক্রমত নামভর্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অর্হতা তথা নামভর্তি প্রক্রিয়া শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয় ৷ সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইট চাব পাৰে ৷

কৃষি অভিযান্ত্রিক পাঠ্যক্রম সমাপ্ত হোৱা পিছত চৰকাৰী–বেচৰকাৰী খণ্ডত বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে ৷ কৃষি অভিযান্ত্রিক স্নাতকসকলৰ ড্রেক্টৰ, কৃষি যন্ত্রপাতি, জলসিঞ্চন আৰু খাদ্য প্রক্রিয়াকৰণ উদ্যোগত যথেষ্ট চাহিদা আছে ৷ কৃষি যান্ত্রিকীকৰণ, শক্তি ব্যৱস্থাপনা, স্বয়ংক্রিয়কৰণ, জলসিঞ্চন আৰু বান নিয়ন্ত্রণ, বৰষুণৰ পানী সংগ্রহ, দুগ্ধ আৰু খাদ্য অভিযান্ত্রিকীকৰণ, খাদ্য প্রক্রিয়াকৰণ, মূল্য সংযোজন, জলবায়ু পৰিৱর্তন, জলভাগ ব্যৱস্থাপনা, জলজ কৃষি আদি ক্ষেত্রত কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ কৃষি বিভাগ, ভাৰতীয় খাদ্য নিগম, ভাৰতীয় কৃষি গৱেষণা পৰিষদ, ভাৰতীয় বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ, কৃষি সঁজুলি উৎপাদন উদ্যোগ আদিত নিযুক্তি লাভ কৰা দেখা যায় ৷ কৃষিৰ লগত জড়িত ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰNGOবোৰেও কৃষি অভিযন্তাসকলক নিযুক্তি দিয়ে৷ কৃষি বিষয়ৰ গৱেষণা প্রতিষ্ঠানবোৰতো নিযুক্তি লাভ কৰিব পাৰে ৷ কৃষি মহাবিদ্যালয়–বিশ্ব অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে ৷

ফোন ঃ ৯৪৩৫১-৮৮৬৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.