শীতত নিজৰ যতন

বর্ণালী ভট্টাচার্য

শীতৰ অনুভৱ আমি কেইবাদিনো বৰষুণ দি থাকিলে অনুভৱ কৰোঁ ৷ এই শীতৰ আগমনৰ সময়ছোৱাত আমি নিজকে কেনেধৰণে যত্ন লব লাগিব, তাৰে সামান্য দিহা আগবঢ়ালোঁ ৷

বর্তমান গৰম ৷ কম পৰিমাণে বৰষুণ এজাক আহিলে শীতৰ ভাব এটা আমাৰ লাগে ৷ গৰম, ঠাণ্ডা এনে ভাৱটোৰ প্রভাৱ সকলোতকৈ আমাৰ শৰীৰৰ ছালৰ ওপৰত বেছিকৈ পৰে ৷ এই সময়ছোৱাত খোৱাবোৱাত অলপ নিয়ন্ত্রণ কৰিলে শীতৰ কুফল কিছু পৰিমাণে দূৰ কৰিব পাৰি ৷ শীতকালত ফলমূল, শাকপাচলি আদি সহজলভ্য হৈ পৰে ৷

সকলো ফালৰ পৰা যেনেফুৰা চকাৰ পৰা আৰম্ভ কৰি বজাৰ কৰিবলৈ যোৱা এই সকলোবোৰতে এক অনামী আনন্দ পোৱা যায় ৷ আনন্দ আৰু বেছি হব যদিহে আপোনাৰ গাৰ ছালখনেও আৰাম আৰু আনন্দ পায় ৷

গৰমত আমি পানী বেছিকৈ খাওঁ ৷ কিন্তু ঠাণ্ডা ভাব অহাৰ লগে লগে বহুতে পানী খোৱাৰ পৰিমাণটো কমাই দিয়ে, ফলত আমাৰ ছালচুলিৰ শুকান ভাব আহি পৰে ৷ সেয়ে এলাহ নকৰি পানী, ফলমূলৰ ৰস বেছি পৰিমাণে খাব ৷ পাৰিলে হার্বেল টী খাওক ৷ ইয়াৰ ফলত ঠাইতে মুখত গ্লো আহিব ৷  তদুপৰি আপুনি ব্যৱহাৰ কৰা মহশ্বৰাহজাৰত তেল থকা হব লাগে, কাৰণ ইয়াৰ ফলত মুখমণ্ডলৰ শুকান ভাব বহু পৰিমাণে কমি যায় ৷ এনে ক্রীম ব্যৱহাৰ কৰক, যাতে তাত আশী শতাংশ তৈল পদার্থ  থাকে ৷ ক্রীম আৰু লোচন লগালে মুখৰ উজ্জ্বলতা অটুট ৰখাত যথেষ্ট পৰিমাণে সহায় কৰে ৷ এইখিনি কৰাৰ উপৰি শীতৰ সময়ত বহুতে ছানস্ক্রীন লগাব নালাগে বুলি ভাবে ৷ সদায়ে ছানস্ক্রীম SPF 20 ব্যৱহাৰ কৰিব লাগে ৷ ছানস্ক্রীনৰ লগত মহশ্বৰাহজাৰ একেলগে মিহলা হলে বেছি ভাল ৷ গা ধোৱা পানীত  অলপমান জজোবা অথবা আলমণ্ড তেল মিহলাই গা ধুব ৷ এনে কৰিলে ছালখন ভাল হয় ৷ ওঁঠত লিপবাম সানি ৰাখিব, যাতে ওঁঠখন ফাটি দেখাত বেয়া নালাগে ৷ সপ্তাহত এবাৰ ঘৰতে বনাই লোৱা স্ক্রাবেৰে গোটেই  শৰীৰটোক স্ক্রাব কৰিব ৷ ইয়াৰ ফলত শৰীৰৰ মৃতকোষবোৰ আঁতৰি যায় ৷ এনেদৰেই নিজৰ শৰীৰটোক ঠাণ্ডা দিনকেইটাত যত্ন লবলৈ চেষ্টা কৰকচোন ৷

শীতৰ আৰম্ভণিৰ লগে লগে আমাৰ ভৰি ফটাৰ সমস্যাও সকলোৰে আহি পৰে ৷ সেয়েহে আমি সপ্তাহত দুবাৰকৈ হলেও ভাল নাৰিকল তেলেৰে হাতভৰি মালিচ কৰিব লাগে ৷ ৰাতি শোৱাৰ সময়ত অলপ গ্লাইচেৰিনৰ লগত পানী মিহলাই ভৰি দুখন আৰু হাতত সানি শুব ৷ ভৰি ফটা সমস্যা দূৰ হব ৷ ঠাণ্ডা দিনত কেতিয়াবা বহুত বেছি সময় মোজা পিন্ধিব থাকিলে ভৰি দুখনৰ গোন্ধ ওলায়, সেয়েহে মোজা পিন্ধাৰ আগত ভৰি দুখনত অলপ  ভাল  গোন্ধ থকা পাউডাৰ দি পিন্ধিব ৷

শীতকালত শাকপাচলিত বিভিন্ন ধৰণৰ পোৱা যায়, সেয়েহে প্রচুৰ পৰিমাণৰ শাকপাচলি নিজৰ খাদ্য তালিকাত অন্তর্ভুক্ত কৰিব ৷ কেঁচা চালাড খাওক ৷ এনেদৰেই এইবাৰ শীতৰ দিনকেইটাত নিজকে যত্ন লওক ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.