চিন্তা কৰক আৰু ধনী হৈ উঠক

মাণিক পাল

বিংশ শতিকাৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ ভিতৰত এজন এড্রিউ কার্নেগীয়ে নেপোলিয়ন হিলক এবাৰ মাতি পঠিয়ায় আৰু তেওঁক ধনী হোৱাৰ মূলমন্ত্র আৰু ৰহস্যবোৰক গৱেষণা কৰি উদ্ঘাটন কৰিবলৈ কয়, যাতে সেহ ৰহস্য আৰু মূলমন্ত্রবোৰক প্রয়োগ কৰি আন মানুহেও ধনী হৈ সফল জীৱন অতিবাহিত কৰিব পাৰে ৷ নেপোলিয়ন হিলে কার্নেগীৰ কথা মতেই কাম আৰম্ভ কৰে আৰু ২৫ বছৰ ধৰি এড্রিউ কার্নেগীৰ দৰে লক্ষাধিক প্রসিদ্ধ ধনী ব্যক্তিৰ ওপৰত কৰা গৱেষণাৰ অন্তত লিখি উলিয়ায় এখন প্রসিদ্ধ জনপ্রিয় গ্রন্থ ৷ যিখন গ্রন্থৰ বিষয়ে আজি আমি এই প্রবন্ধটোৰ জৰিয়তে জানিবলৈ যত্ন কৰিম ৷ গ্রন্থখনৰ নাম হল চিন্তা কৰক আৰু ধনী হৈ উঠক (Think and grow rich) ৷ এই গ্রন্থখনৰ অধ্যয়নৰ জৰিয়তে আপুনি অর্থ উপার্জনৰ অব্যর্থ প্রয়োগৰ বিষয়ে জানিব পাৰিব ৷ লেখকে গ্রন্থখনত ধনী হোৱাৰ মুঠ ১২টা পদক্ষেপৰ বিষয়ে ব্যাখ্যা কৰিছে ৷ গ্রন্থখনে আপোনাক কেৱল ধনপ্রাপ্তিৰ ৰহস্যই নহয়, তাৰ লগতে জীৱনৰ প্রতি ইতিবাচক দৃষ্টিকোণ গ্রহণতো প্রেৰণা প্রদান কৰিব ৷

অলিভাৰ নেপোলিয়ন হিল এজন আমেৰিকান স্ব–সহায়ক, লেখক আৰু কনমেন (Conman) ৷ তেওঁ‘Think and grow rich’ নামৰ গ্রন্থখনৰ জৰিয়তেহ জনপ্রিয়তা অর্জন কৰিছিল  ৷ ১৮৮৩ চনৰ ২৬ অক্টোবৰত মার্কিন যুক্তৰাষ্ট্রৰ ভার্জিনিয়াৰ পাউণ্ডত জন্মগ্রহণ কৰিছিল তেওঁ ৷ তেওঁৰ আন কিছুমান জনপ্রিয় গ্রন্থ হল The law of success (1928), How to sell your way through life (1939), The Master key to Riches (1945), Grow rich . With peace mind (1967), You can work your own Miracles (1971).

লেখকৰ মতে ধনী হোৱাৰ বা ধন অর্জনৰ প্রথম পদক্ষেপ হল অদম্য ইচ্ছা ৷ বহু বছৰ আগতে এজন সেনাপতিয়ে সাগৰৰ পাৰৰ এক দুর্গত গৈ উপনীত হৈছিল, জাহাজৰ সহায়ত তেওঁ নিজৰ সকলো সৈন্যক লৈ অহাৰ পিছত জাহাজখনক লাই দিয়ে আৰু সৈন্যসকলক কয় এই জাহাজ কিয় লাই দিলোঁ জানা, কাৰণ আমি আৰু উভতি নাযাওঁ ৷ হয় ইয়াতে জয়লাভ কৰিম, নহলে শেষ হৈ যাম ৷ যিসকল লোক জীৱনত সফল হৈছে, তেওঁলোকে এনেকুৱা কামে কৰিছে ৷ কাৰণ যেতিয়া উভতি অহাৰ কোনো পথ নাথাকে, তেতিয়া মানুহে নিজৰ লক্ষ্যত উপনীত হবৰ বাবে সমস্ত শক্তি নিয়োজিত কৰে ৷ অদম্য ইচ্ছা পূৰণৰ এটাই উপায় আছে, সেয়া হল সফলতাপ্রাপ্তিৰ বাবে কৰা অপৰিহার্য সাধনা ৷ ধনপ্রাপ্তিৰ বাবে মনত যি অদম্য ইচ্ছাৰ প্রয়োজন, তাক আহৰণ কৰাৰ কিছুমান পদক্ষেপ আছে, সেইবোৰ হল

প্রথমে নিজৰ মনতে স্থিৰ কৰি লব লাগিব আপোনাক কিমান ধন লাগে ৷ আপোনাক প্রচুৰ ধন লাগে বুলি কলে নহব, সেহ ধনৰ এটা নির্দিষ্ট বা স্পষ্ট পৰিমাণ থাকিব লাগিব ৷

দ্বিতীয়তে এই নির্দিষ্ট অর্থৰ বাবে আপুনি কি কি বিসর্জন দিব পাৰিব, সেই বিষয়েও স্পষ্ট হব লাগিব ৷

তৃতীয়তে কিমান দিনৰ ভিতৰত আপুনি সেই অর্থ উপার্জন কৰিব পাৰে, সেয়াও নিশ্চিত হব লাগিব ৷

চতুর্থতে এই লক্ষ্যপ্রাপ্তিৰ বাবে এটা স্পষ্ট পৰিকল্পনা থাকিব লাগিব ৷

পঞ্চমতে স্পষ্ট ভাষাত লিখা আপোনাৰ এই ইচ্ছাটোক দিনত অন্তত দুবাৰকৈ পঢ়ক ৷ এবাৰ ৰাতিপুৱা উঠি আকৌ এবাৰ ৰাতি শোৱাৰ সময়ত ৷

লেখকৰ মতে আর্থিক সফলতাৰ দ্বিতীয় পদক্ষেপ হল বিশ্বাস ৷ বিশ্বাস মস্তিষ্ক্ৰ প্রধান অংশ৷ এই বিশ্বাসৰ সৈতে বিচাৰৰ কল্পনা যেতিয়া যুক্ত হয়, তেতিয়া আমাৰ অৱচেতন মস্তিষ্ক্ই তাক শীঘ্রে গ্রহণ কৰে আৰু তাৰ এক অমূর্ত সমৰূপ তৈয়াৰ কৰে আৰু অনন্ত মেধাৰ সৈতে সংযুক্ত কৰি দিয়ে, ঠিক প্রার্থনাত যেনেকৈ সংঘটিত হয় ৷ মূলতঃ বিশ্বাস এক মানসিক অৱস্থা, যিটো বাৰে বাৰে প্রাপ্ত হোৱা নির্দেশৰ দ্বাৰা সৃষ্টি হয়, এই নির্দেশ গ্রহণ কৰে অৱচেতন মস্তিষ্ক্ই ৷ দৃতাই জন্ম দিয়ে বিশ্বাসৰ ৷ এজন বিখ্যাত অপৰাধ শাস্ত্র বিশেষজ্ঞৰ মতে, মানুহে যেতিয়া প্রথম অপৰাধৰ সংস্পর্শত আহে, তেতিয়া সহজেহ তেওঁৰ মনত এটা ঘৃণাৰ জন্ম হয় ৷ কিন্তু যেতিয়া দীর্ঘদিন ধৰি অপৰাধৰ সংস্পর্শত থাকে, তেতিয়া সেয়া সহ্য হৈ যায় আৰু সেয়া অভ্যাসত পৰিণত হয় ৷  অর্থাৎ যেতিয়া আপোনাৰ অৱচেতন মস্তিষ্ক্ত কোনো কথা বাৰে বাৰে প্রেৰণ কৰা হয়, তেতিয়া সেয়া বিশ্বাসত পৰিণত হৈ যায়৷ বিশ্বাস বা আত্মবিশ্বাস সৃষ্টিৰ মূল সূত্রবোৰ হল

  • মই জানো যে নিজৰ স্পষ্ট লক্ষ্য প্রাপ্ত কৰাৰ ক্ষমতা মোৰ মাজত আছে ৷ সেয়ে মই তাক আহৰণ কৰাৰ বাবে আপ্রাণ চেষ্টা কৰিব বিচাৰোঁ ৷
  • মই জানো যে মোৰ মস্তিষ্ক্ত মই বিচাৰৰ প্রভাৱ বেছি, বাহিৰত তাৰেই প্রতিফলন ঘটে ৷ সেয়ে প্রতিদিনে আধা ঘণ্টাকৈ এই বিচাৰবোৰৰ ওপৰত ধ্যান কেন্দ্রীভূত কৰি ৰাখিম ৷
  • মই ব্যক্তিগত প্রেৰণাৰ সিদ্ধান্ত সম্পর্কেও জানো যে যদি মোৰ মনত ক্রমাগত কোনো ইচ্ছাই ঘূৰাঘূৰি কৰি থাকে, তেন্তে বাহিৰৰ জগতত তাৰেই অভিব্যক্তি বিচৰাৰ চেষ্টা কৰা হয় ৷ মই সদায় কমপক্ষে দহ মিনিটকৈ এই ইচ্ছাকেই বিশ্বাসত পৰিৱর্তিত কৰিবলৈ চেষ্টা কৰিম ৷
  • মই স্পষ্টকৈ লিখি ৰাখিছোঁ মোৰ জীৱনৰ উদ্দেশ্য কি মই সেই উদ্দেশ্যপ্রাপ্তিৰ বাবে চেষ্টা কৰিম ৷
  • আনৰ কোনো ক্ষতি হয় তেনে কাম মই কেতিয়াও নকৰোঁ ৷ মই সদায় সকলোৰে সহযোগিতাৰ সহায়ত কাম কৰিব বিচাৰোঁ ৷

লেখকৰ মতে আর্থিক সফলতাৰ তৃতীয় পদক্ষেপ হল অৱচেতন মনৰ প্রেৰণা ৷ ব্যক্তিগত প্রেৰণাক আত্মপ্রেৰণা বুলিও কব পাৰি ৷ এই আৱেগ সেই চেতন মস্তিষ্ক্, যত বিচাৰ সৃষ্টি হয় ৷ যিটোৱে এক স্ব–চালিত প্রক্রিয়াৰ দ্বাৰা অৱচেতন মস্তিষ্ক্ৰ সৈতে সম্পর্ক গঢ়ে ৷ আপোনাৰ মস্তিষ্ক্ত আদি কোনো প্রভাৱপূর্ণ বিচাৰ থাকে, তেন্তে তাৰ আৱেগ সদায় অৱচেতন মস্তিষ্ক্ত প্রভাৱ সৃষ্টি কৰে ৷ কিন্তু ইতিবাচক বা নেতিবাচক যি বিচাৰেই নহওক কিয় সেয়া ব্যক্তিগত প্রেৰণাৰ অবিহনে অৱচেতন মনত প্রৱেশ কৰিব নোৱাৰে ৷ অৱচেতন মন হল আপোনাৰ ঘৰৰ এনে এক বাগিচা, যত উপযুক্ত বীজ ৰোপণ নকৰিলে নিজে নিজে অপতৃণ গজি উঠিব ৷ ব্যক্তিগত প্রেৰণা হল সেই এজেণ্ট যিয়ে সুনিশ্চিত কৰি দিয়ে যে এই বাগিচাত কি বীজ ৰোপণ কৰিলে সেয়া সমৃদ্ধ হৈ উঠিব ৷

লেখকৰ মতে আর্থিক সফলতাৰ চতুর্থ পদক্ষেপ হল বিশিষ্ট জ্ঞান অর্জন কৰা ৷ জ্ঞান দুই প্রকাৰৰ বিশিষ্ট আৰু সাধাৰণ জ্ঞান ৷ সাধাৰণ জ্ঞানৰ পৰিসৰ যিমানেহ বৃহৎ নহওক কিয়, ধনপ্রাপ্তিৰ ক্ষেত্রত তাৰ ভূমিকা বৰ বেছি নহয় ৷ যেতিয়ালৈকে কোনো জ্ঞান সুব্যৱস্থিত, বুদ্ধিমত্তাৰ সৈতে নির্দেশত আৰু পৰিকল্পিত ৰূপে ব্যৱহাৰ কৰা নহয়, তেতিয়ালৈকে সেই জ্ঞানে ধন অর্জনৰ পথ প্রশস্ত নকৰে ৷ আমি সাধাৰণতে মই শিক্ষা পাওঁ তাকেই জ্ঞান বুলি ভাবোঁ, কিন্তু প্রকৃততে এইটোৱে হল জ্ঞানৰ দুর্বল দিশ ৷ শিক্ষাৰ সংস্থাবোৰে জ্ঞানতো বিতৰণ কৰে, কিন্তু কেনেকৈ তাক ব্যৱস্থিত কৰি সদ্ব্যৱহাৰ কৰা যায়, তাক নিশিকায় ৷ ইয়াৰ উত্তম উদাহৰণ হল হেনৰী ফোর্ড ৷ হেনৰী ফোর্ডৰ তথাকথিত স্কুলীয়া শিক্ষা বৰ বেছি নাছিল ৷  তেওঁ কেৱল ষষ্ঠ শ্রেণীলৈকে পঢ়াৰ সুযোগ পাইছিল ৷ স্কুলীয়া শিক্ষা নাথাকিলেও তেওঁ নিজৰ বিশিষ্ট জ্ঞানৰ সদ্ব্যৱহাৰ কৰি এটা সময়ত আমেৰিকাৰ আটাহতকৈ ধনী ব্যক্তিত পৰিণত হয় ৷ যিসকল লোকে ভাবে যে কম শিক্ষাৰ বাবে তেওঁলোক কেতিয়াও সফল হব নোৱাৰে, তেওঁলোকৰ বাবে ফোর্ড হল প্রেৰণাৰ উৎস ৷ ইয়াৰ বাবে আপুনি প্রথমেই ঠিক কৰি লব লাগিব কি ধৰণৰ বিশিষ্ট জ্ঞান আপোনাৰ প্রয়োজন আৰু এই জ্ঞানপ্রাপ্তিৰ মুখ্য উদ্দেশ্য কি তাৰ পিছত আপুনি জানিব লাগিব এহ বিশিষ্ট জ্ঞানৰ উৎসবোৰ কি কি কিছুমান গুৰুত্বপূর্ণ উৎসৰ উদাহৰণ হল

  • নিজৰ ব্যক্তিগত অভিজ্ঞতা আৰু শিক্ষা ৷
  • আনৰ সহযোগিতাত প্রাপ্ত হোৱা অভিজ্ঞতা আৰু শিক্ষাৰ জ্ঞান ৷
  • কলেজ আৰু বিশ্ববিদ্যালয় ৷
  • সার্বজনীন পুথিভঁৰালত থকা কাকত, আলোচনী আৰু কিতাপ ৷
  • বিশিষ্ট প্রশিক্ষণ কেন্দ্র ইত্যাদি ৷

এটা কথা সদায় মনত ৰাখিব যদি জ্ঞানৰ সদ্ব্যৱহাৰ কৰা নহয়, তেন্তে সেই জ্ঞান পিছলৈ অপ্রয়োজনীয় বোজা হৈ উঠে ৷ কেৱল ডিগ্রীৰ কোনো গুৰুত্ব নাই, যদি ইয়াক ব্যৱহাৰিক জীৱনত প্রয়োগ কৰা নহয় ৷

ধনপ্রাপ্তিৰ পঞ্চম পদক্ষেপ হল কল্পনা ৷ মানুহৰ কল্পনা শক্তি এটা কর্মশালা, ইয়াৰ মাজতেই এজন ব্যক্তিৰ সমগ্র পৰিকল্পনা গঠিত হয় ৷ যোৱা পঞ্চাশ বছৰ ধৰি মানুহে এই কল্পনা শক্তিৰ সৈতে প্রাকৃতিক শক্তিৰ সংমিশ্রণ ঘটাই এনেকৈ প্রয়োগ কৰিছে যে অসম্ভৱ কামবোৰ সম্ভৱ হৈ উঠিছে ৷ যেনে মানুহে আজি বায়ুত উৰি চৰাইকো পৰাজিত কৰিছে ৷ কল্পনা দুই প্রকাৰৰ ক সংশ্লেষিত কল্পনা, খ সৃজনীশীল কল্পনা ৷ সংশ্লেষিত কল্পনাত মানুহে নিজৰ পুৰণি ধাৰণা, বিচাৰ আৰু পৰিকল্পনাবোৰক নতুন সমন্বয়ত ঢালে ৷ এইক্ষেত্রত একো ৰচনা নহয় ৷ এইক্ষেত্রত মানুহে যি অভিজ্ঞতা, শিক্ষা আৰু দর্শন প্রাপ্ত কৰে, সেহ অনুসৰিয়েই কাম কৰে ৷ আনহাতে সৃজনীশীল কল্পনাৰ জৰিয়তে মানুহে সীমিত মস্তিষ্ক্ত অসীম মেধাৰ সৈতে পোনে পোনে সম্পর্ক গঢ়ি তোলে৷ এই কল্পনাৰ জৰিয়তে মানুহে নতুন বিচাৰ প্রাপ্ত কৰে ৷  এই পৃথিৱীৰ মহান ব্যৱসায়ী, শিল্পপতি, সংগীতজ্ঞ, কবি আৰু লেখকসকলে মহান হব পাৰিছে, কাৰণ তেওঁলোকে নিজৰ সৃজনীশীল কল্পনাক সম্পূর্ণৰূপে বিকশিত কৰিব পাৰিছে ৷ ধন–সম্পত্তিৰ মূলতে থাকে বিচাৰ আৰু এই বিচাৰৰ উৎস হল কল্পনা ৷

আর্থিক সফলতাৰ ষষ্ঠ পদক্ষেপ হল ব্যৱস্থিত পৰিকল্পনা ৷ ব্যৱস্থিত পৰিকল্পনা গঠনৰ গুৰুত্বপূর্ণ পদক্ষেপবোৰ হল

  • সেই দল বা দলবোৰৰ সৈতে নিজকে যুক্ত কৰক, যিবোৰে আপোনাক আপোনাৰ ইচ্ছা পূৰণৰ ক্ষেত্রত সহায় কৰে ৷
  • নিজৰ মাষ্টাৰ মাইণ্ড তৈয়াৰ কৰাৰ আগতে এহটো নিশ্চিত কৰক যে আপুনি নিজৰ দলৰ লোকসকলক ব্যক্তিগত দিশৰ পৰা তেওঁলোকৰ সহযোগিতাৰ বাবে কি কি প্রতিদান দিব পাৰে ৷
  • নিজৰ মাষ্টাৰ মাইণ্ড গ্রুপৰ সদস্যসকলৰ লগত সপ্তাহত কমেও দুবাৰকৈ দেখা কৰক ৷

ইয়াৰ উপৰি মস্তিষ্ক্ত দুটা কথা স্থায়ী ৰূপে ধৰি ৰাখিবলৈ চেষ্টা কৰক

প্রথম, যিটো কাম আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ তাক মন–প্রাণ দি কৰিবলৈ যত্ন কৰক ৷

দ্বিতীয়, আপোনাৰ ভিতৰত শিক্ষা, অভিজ্ঞতা, যোগ্যতা আৰু কল্পনা শক্তি থাকিব লাগিব ৷

লেখকৰ মতে আর্থিক সফলতাৰ সপ্তম পদক্ষেপ হল নির্ণয় ৷ লেখকে প্রায় ২৫০০০০ লোকৰ জীৱন–বৃত্তান্ত বিশ্লেষণ কৰি পায় যে নির্ণয় লোৱাৰ ক্ষমতা নাথাকিলে এজন ব্যক্তিয়ে কেতিয়াও সফলতাৰ মুখ দেখিব নোৱাৰে ৷ অজুহাত দেখুওৱা নির্ণয়ৰ বিপৰীত প্রক্রিয়া ৷  অজুহাত হল মানৱ সভ্যতাৰ আটাহতকৈ ডাঙৰ শত্রু ৷ সফল আৰু মহান ব্যক্তিসকলৰ জীৱনী অধ্যয়ন কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে তেওঁলোকৰ সফলতাৰ আঁৰত থকা প্রধান কাৰণ হল সঠিক সময়ত সঠিক নির্ণয় গ্রহণৰ সক্ষমতা ৷ আৰু যদি কেতিয়াবা নির্ণয় পৰিৱর্তন কৰিবলগীয়া হয় তেওঁলোকে সেই নির্ণয়ক অতি লাহে লাহে পৰিৱর্তন কৰে ৷ হেনৰী ফোর্ডে তীব্র গতিত নির্ণয় গ্রহণ কৰিছিল যদিও নির্ণয় পৰিৱর্তনৰ সময়ত বৰ সতর্ক হৈছিল ৷

লেখকৰ মতে আর্থিক সফলতাৰ অষ্টম পদক্ষেপ হল একাগ্রতা ৷ যদি ইচ্ছাক মূর্ত ৰূপ দিব বিচাৰে, তেন্তে অধ্যৱসায় বা একাগ্রতা বৰ প্রয়োজনীয় ৷ অধ্যৱসায়ৰ মূল ভিত্তিয়ে হল ইচ্ছাশক্তি ৷ যদি ইচ্ছাশক্তি আৰু অধ্যৱসায় একেলগে যুক্ত হৈ পৰে, তেন্তে এক অসীম শক্তিৰ সৃষ্টি কৰিব পাৰে ৷ আমি সাধাৰণতে ভাবোঁ যে আর্থিকভাৱে সফল ব্যক্তিসকল নির্ভীক ৷ কিন্তু সেয়া সম্পূর্ণ ভুল ধাৰণা ৷ তেওঁলোক প্রকৃততে অধ্যৱসায়ী আৰু নিজৰ ইচ্ছাৰ মূর্ত ৰূপ দিব পাৰে ৷ এডীছন, হেনৰী ফোর্ড, কার্নেগী আৰু ৰুকফেলর্ছ এই শ্রেণীত পৰে ৷ একাগ্রতা বৃদ্ধিৰ গুণবোৰ হল উদ্দেশ্যৰ স্পষ্টতা, ইচ্ছা, আত্মনির্ভৰ, স্পষ্ট পৰিকল্পনা, সঠিক জ্ঞান, সহযোগ, ইচ্ছা শক্তি আৰু অভ্যাস ৷

লেখকৰ মতে ধনী হোৱাৰ নৱম পদক্ষেপ হল মাষ্টাৰ মাহণ্ডৰ শক্তি ৷ আর্থিকভাৱে সফল হবলৈ হলে আপুনি নিজৰ শক্তি বা বলক কেন্দ্রীয়কৰণ কৰিব পাৰিব লাগিব ৷ শক্তি বুলি কলে ইয়াত পৰিকল্পিত আৰু বুদ্ধিৰ দ্বাৰা প্রযোজ্য জ্ঞানৰ কথা কোৱা হৈছে ৷ এই শক্তি আহৰণৰ উৎসবোৰ হল অনন্ত মেধা, একত্রিত অভিজ্ঞতাৰ ভাণ্ডাৰ, প্রয়োগ আৰু গৱেষণা ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.