বহাগত নিমজ ছালৰ টিপ্ছ

মালা মহন্ত

প্রতিজন অসমীয়াৰ অতি আপোন এক মিঠা অনুভৱ এই বহাগ বিহু ৷ বহাগ বিহুৰ সময়ছোৱাত অসমৰ মাটি, বায়ু–পানী, গছ–লতা সকলোৱে নতুন ৰূপ লৈ যৌৱনা হৈ পৰে ৷ আম–কঁঠালে মুচি পেলায় ৷ কপৌ, তগৰ, খৰিকাজাঁহ ফুলৰ সুবাসে পৰিৱেশ সুবাসিত কৰে ৷ অসমীয়া নৱবর্ষৰ এহ সময়ছোৱাত সৌন্দর্য কৰাৰ পৰম্পৰা তথা ইয়াৰ স্বাস্থ্যসন্মত দিশ নুই কৰিব নোৱাৰি ৷ প্রতিটো প্রাকৃতিক উপাদানেৰে সৌন্দর্য চর্চা কৰাৰ দিশত যথেষ্ট বৈজ্ঞানিক যুক্তি থাকে, যিয়ে মানৱ জাতিৰ স্বাস্থ্য–সৌন্দর্যত ইতিবাচক প্রভাৱ পেলায় ৷ পপুৱৈ সমাজলৈ আগবঢ়াইছে বহাগ বিহুৰ সময়ত প্রাকৃতিক উপায়েৰে লব পৰা ৰূপচর্চাৰ পদ্ধতি ।

¨ছালৰ ৰং উজ্জ্বল কৰিবলৈ এটুকুৰা কেঁচা হালধিৰ পেষ্ট আৰু এচামুচ সতেজ টেঙা দৈ একেলগে মিহলাই লব ৷ মুখ–ডিঙিৰ লগতে গোটেই দেহৰ ছালত লগাই ২০ মিনিটৰ পিছত ধুই পেলাব ৷ কেঁচা হালধিৰ এণ্টিচেপ্টিক গুণ আৰু দৈত থকা এন্জাহমে ছালৰ ৰং উজ্জ্বল বগা কৰি তুলিব ৷

¨ছালত জমা হোৱা মৃতকোষ নাইকিয়া কৰিবলৈ বহাগ বিহুৰ দিনকেহটাত এনেদৰে এটা প্রাকৃতিক স্ক্রাব তৈয়াৰ কৰি লব ৷ জহা চাউলৰ গুড়ি, নিমপাতৰ গুড়ি আৰু নেমু টেঙাৰ বাকলিৰ শুকান গুড়ি একেলগে মিহলাই লব ৷ তেলেতীয়া ছালৰ গৰাকীয়ে পৰিষ্কাৰ পানী আৰু শুকান ছালৰ গৰাকীয়ে কেঁচা গাখীৰেৰে মিহলাই ছালত লগাই ৫ মিনিটৰ পিছত আঙুলিৰ মূৰেৰে ঘূৰাই ঘূৰাহ ঘঁহি তুলি পেলাব ৷ ছালৰ মৃতকোষ নাইকিয়া হোৱাৰ লগতে ছালখনে প্রয়োজনীয় পুষ্টি লাভ কৰিব ৷

¨এচামুচ কাঠবাদামৰ গুড়ি, আধাচামুচ মৌ আৰু আধাচামুচ সতেজ টেঙা দৈৰে এটা মিশ্রণ তৈয়াৰ কৰি লব ৷ মুখ আৰু ডিঙিৰ ছালত লগাই ১৫ মিনিটৰ পিছত ধুব ৷ কাঠবাদামে ছালখন নিমজ কৰিব আৰু মৌৱে ছালখনত মহশ্বৰাহজাৰৰ যোগান ধৰিব ৷ সপ্তাহত এদিনকৈ কৰিলেও সুফল পাব ৷

¨ছালৰ হোৱাইটহেড নাহকিয়া কৰিবলৈ পদিনা আৰু কেঁচা হালধিৰ পেষ্ট ছালত লগাই ২০ মিনিটৰ পিছত আঙুলিৰ মূৰেৰে ঘঁহি তুলি পেলাব ৷ পৰিষ্কাৰ পানীৰে মুখ ধুব ৷  ছালখনে এণ্টিচেপ্টিক সুৰক্ষা লাভ কৰিব ৷ ছালখন শীতল হব ৷

¨যিসকলৰ ছালত ফ্রিকলচ নাবা পিগমেণ্টেচন আছে, তেওঁলোকে নিয়মিত দহ মিনিটৰ বাবে কলা তুলসীৰ ৰস আৰু গোল নেমুৰ ৰস কপাহেৰে লগাব ৷ পানীৰে ধুই কাঠবাদাম তেল লগাব ৷

¨ছালৰ উজ্জ্বলতা আৰু মসৃণতা অটুট ৰাখিবলৈ পূৰঠ নাৰিকল ৰুকি চেপি গাখীৰ উলিয়াই কপাহেৰে ছালত লগাব ৷ ১৫ মিনিট পিছত ধুই পেলাব ৷ ছালখনে ভিটামিন তথা ছান প্রটেকচন লাভ কৰিব ৷

¨যিসকলৰ ৰদলৈ ওলালে ছালখন গৰম হৈ ৰঙা পৰে, তেনে ছালৰ গৰাকীয়ে কেঁচা গাখীৰত গজ কাপোৰ তিয়াই ছালত লগাব ৷ ছাল শীতল হৈ পৰিব ৷ গাখীৰত থকা লেক্টিক এচিডে ছালখন সুৰক্ষিত কৰিব ৷

¨দেহৰ ছালৰ শুকান ভাব নাইকিয়া কৰি খজুৱতিৰ সমস্যা দূৰ কৰিবলৈ বিশুদ্ধ নাৰিকলৰ তেল কুহুমীয়া গৰম কৰি লৈ সামান্য কর্পূৰ মিহলাব ৷ ঠাণ্ডা হোৱাৰ পিছত ছালত লগাব ৷

¨বহাগ বিহুৰ সময়ছোৱাত সতেজ ফলৰ ফেচপেক তৈয়াৰ কৰি ছালত লগাব পাৰে ৷ এটা পকা কল বাকলি গুচাই পিটিকি লব ৷ এচামুচ মৌ মিহলাব ৷ ছালত লগাই ১০ মিনিটৰ পিছত ধুই পেলাব ৷ পকা কলত মেগনেছিয়াম, পটাছিয়াম, আয়ডিন আৰু আইৰন থাকে, যি ছালৰ সুন্দৰতাৰ বাবে উপযোগী ৷

¨ছালৰ ৰং উজ্জ্বল আৰু বগা কৰি তুলিবলৈ পকা থেকেৰা পিহি ছালত লগাব ৷ ১০ মিনিটৰ পিছত ধুহ পেলাব ৷ ই ছালত ভিটামিন–চিৰ যোগান ধৰিব ৷ ছালখন নিমজ আৰু বগা হৈ পৰিব ৷

¨ছালখন টনিং কৰিবলৈ বিশটামান নিমপাত আৰু পদিনা ভালদৰে ধুই এগিলাচ পৰিষ্কাৰ পানীত সিজাই ঠাণ্ডা কৰি লব ৷ কপাহেৰে ছালত লগাব দিনটোত দুবাৰ৷ ছালখন শীতল হৈ পৰিব আৰু বিভিন্ন সংক্রমণৰ পৰা মুক্ত হৈ থাকিব ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.