বন্ধন

মঞ্জুলা হাজৰিকা

 বহুদিনৰ পিছত গিৰি বাইদেউৰ ঘৰলৈ আহিছোঁ ৷ আমাৰ চাৰিগৰাকী বাই–ভনীৰ ভিতৰত গিৰি বাইদেউ আটাইতকৈ ডাঙৰ ৷ আমাৰ বৰ বাইদেউ ৷ বাইদেউৰ তিনি মহলাৰ ঘৰটোৰ তলৰ দুটা মহলা ভাৰা দি  নিজে একেবাৰে ওপৰ মহলাত থাকে ৷ কিমানবাৰ কৈছো বয়স হৈছে তলৰ মহলালৈ নামি আহিবলৈ ৷ মাজু বাইদেৱে ময়ে কথা পাতো, আমাৰে তিনি মহলাৰ চিৰি বগাই উঠাত কষ্ট ৷ বাইদেৱে এই বয়সত কেনেকৈনো উঠা–নমা কৰি থাকিব পাৰিছে নাজানো ৷ তলৰ মহলালৈ নামি অহাৰ কথা কলে কয় কলিতা, শইকীয়াহঁত বৰ ভাল মানুহ, বহুত বছৰ আছে ৷ তেখেতসকলৰো বয়স হৈছে ৷ কেনেকৈনো ওপৰ মহলালৈ আহিবলৈ কওঁ বা ঘৰ এৰিবলৈ কব পাৰোঁ ৷ তেওঁলোক মোৰ আত্মীয়ৰ দৰে ৷ আত্মীয়সকলে বাইদেউক যিকেইটাহে ঘৰ ভাৰাৰ পইচা দিয়ে, শুনিলে চকু কপালত উঠে ৷  দহ বছৰমানৰ আগতে যি ভাৰাত সোমাইছিল তাতে ৰৈ গৈছে ৷ বাইদেউৰ কথাত আমাৰ খং উঠে যদিও একো নকওঁ, কৈ লাভো নাই ৷ বাইদেউ তেনেকুৱাই ৷ কিমান মানুহক যে জীৱিকাৰ পথ দিছে, আনকি নিজৰ মাটি, ঘৰ দান দিয়ো সহায় কৰিছে ৷

ইটো কৰো, সিটো কৰো বুলি সদায় ব্যস্ত হৈ থকা বাইদেউজনীয়ে হেনো কিছুদিনৰ পৰা মন মাৰি আছে ৷ বাইদেউৰ লগত বহু বছৰ থকা আৰতি বায়ে ফোন কৰি জনোৱাত তাই চিন্তিত হৈয়ে আজি বাইদেউৰ তালৈ আহিছে ৷ বাইদেউৰ একমাত্র পুত্র ৰতনে বিয়া কৰোৱাৰ কেইমাহমানৰ পিছতে বেলেগে থাকিবলৈ লোৱাৰ বাবেই বোধকৰো বাইদেউৰ মন ভাল নহয় ৷

বহু সময় ধৰি কলিংবেল বজোৱাৰ পিছতো ভিতৰত কোনো সাৰ–শব্দ নোহোৱাত তাই অবাক হল ৷ ছেঃ, ইমানকেইটা চিৰি বগাই আহিলো এতিয়া বাইদেউৱে ঘৰত নাই বুলি যাবলৈ ধৰোঁতেই দর্জা খোল খালে ৷

খোলা চুলিৰে, ঢুলঢুলীয়া চকুৰে বাইদেৱে দর্জা খুলি শেঁতা হাহি এটাৰে কলে অ তই আহিছ, আই আহ৷ বাইদেউৰ চেহেৰাটো দেখি অবাক লাগিল ৷ সদায় সাজি–কাচি থকা বাইদেউজনীৰ এনে ৰূপ তাই কাহানিও দেখা নাছিল ৷

ইহঁত কত, ইমান সময় ধৰি বেল বজাইছো, তয়ে দুৱাৰ খুলি দিলি ৷ আৰতি বাই, ডেকাহঁত নাই নেকি

আৰতি জীয়েকৰ তালৈ গৈছে, সন্ধিয়ালৈ ঘূৰি আহিব ৷

আৰু ডেকা

ডেকাক ৰতনৰ তালৈ পঠিয়াইছো ৷ সিহঁতৰ ঘৰত থকা লৰাটো গাঁৱলৈ গৈছে ৷

সদায় আনন্দত থকা বাইদেউজনীৰ নিস্তেজ চেহেৰা দেখি তাইৰ অবাক লাগিল ৷ যেন হঠাতে বাইদেউৰ বহুত বয়স বাঢ়ি গল ৷ অতি পৰিপাটীকৈ ৰখা তাইৰ কোঠাটোও বিশৃংখল ৷ বাইদেউৰ বিছনাখনৰ কাষতে থকা বেতৰ ছোফাখনত বহি তাইকো কাষতে বহিবলৈ কলোঁ ৷

তোৰ কি হৈছে বাইদেউ, গা বেয়া নেকি

মোৰ আৰু গা, জীয়াই আছো সেয়ে

বাইদেউৰ মুখত ইমান নিৰাসক্ত, নিৰাশজনক কথা কেতিয়াও শুনা নাই ৷

ইমান সময় বেল বজাই আছিলো, তই শুই আছিলি নেকি তোৰতো দিনত শোৱাৰ অভ্যাস নাছিল ৷ আজিকালি দিনত শোৱ নেকি

বাইদেৱে ইয়াৰ উত্তৰ নিদি কলে কি খাবি

ৰচোন মই খাবলৈ অহা নাই নহয়, তোৰ লগত সময় কটাবহে আহিছোঁ ৷

ভালেই কৰিলি, তই বহুদিন অহাও নাই ৷ আচলতে ভণ্ঢি কি জান, লাহে লাহে একো কৰিব মন নোযোৱা হৈছে ৷

তেনেকৈ কিয় কৈছ, তই ইমান কামিলা, তই জানো কাম নকৰাকৈ বহি থাকিব পাৰিবি

নাজানো, বোধকৰোঁ অকলশৰীয়া হোৱাৰ বাবেই নেকি ৷

গিৰি বাইদেউৰ কথা শুনি মোৰ কিছু শংকাও হল ৷ অলপ দিনৰ আগলৈকে ৰতনৰ বিয়াখনৰ কাম–কাজো বাইদেৱে অকলে চলাইছিল৷ মাত্র এই কেইটামান মাহৰ ভিতৰতে বাইদেউৰ চেহেৰাৰ অৱস্থা কিয় এনেকুৱা হৈছে ৷ নিষ্প্রভ, বিমর্ষ, উদ্যমহীন বাইদেউক কল্পনাই কৰিব নোৱাৰি ৷ যেতিয়াই বাইদেউৰ ওচৰলৈ আহো নিজৰ নতুন নতুন পৰিকল্পনা, ঘৰটো কেনেকৈ সজাই ৰাখিব, কি কি নতুন আচাৰ বনাইছে, খোৱা বস্তুৰতো কথাই নাই, কেক, পেষ্ট্রি বনাই আমাক দিয়ে ৷ তাৰ উপৰি কাক কি কৰি দিব সেইবিলাকেই কয় ৷ মুঠৰ ওপৰত বাইদেউৰ মন–মগজুত অনবৰতে বহু ধৰণৰ আঁচনি ঘূৰি থাকে ৷

অকলশৰীয়া বুলি কিয় কৈছ ৰতন হোষ্টেলত থাকোঁতেওচোন তই অকলে আছিলি ৷ এতিয়া হঠাতে নিজকে অকলশৰীয়া বুলি ভাবিছ যে

তই নুবুজিবি ভণ্ঢি ৷ তহঁতে কোনেও বুজি নাপাবি, আচলতে ৰতন মোৰ এক অভ্যাস আছিল ৷ সেই কথা মই এতিয়াহে গম পাইছেছা ৷

বাইদেউৰ যুক্তিও পিছে উৰাই দিব নোৱাৰি ৷ ৰতন বাইদেউৰ কাষত থাকক বা নাথাকক জীৱনটো ৰতনক লৈয়ে আৱর্তিত আছিল ৷ ৰতন আছিল বাইদেউৰ জীৱনৰ কেন্দ্রবিন্দু ৷ শয়নে–সপোনে প্রতিটো মুহূর্ততো তাইৰ জীৱন আছিল ৰতনক কেন্দ্র কৰি ৷ মাথোঁ ৰতন, ৰতন, ৰতন৷ সি অকণমান হাঁচি এটা মাৰিলেও হুলস্থূল কৰিছিল ৷ আনকি ন বছৰমান বয়সলৈকে লজেন্স গুৰা কৰি খাবলৈ দিছিল, গোটা গোটাকৈ খালে কিজানি ডিঙিত লাগে ৷ বাইদেউৰ এইবিলাক কাণ্ড দেখি আমি হঁাহিছিলো, কোনো কোনো সময়ত অতিষ্ঠ হৈ খঙো কৰিছিলোঁ ৷ এতিয়া ভাবো বাইদেউৰ এইবিলাক কথাত আচৰিত হবলগীয়া একো নাছিল ৷ ৰতনেইতো তাইৰ জীৱন ৷

অতি কম বয়সতে বাইদেউ এজন অনা–সমীয়া ব্যৱসায়ীৰ লগত নিজৰ ইচ্ছামতেই বিয়া হৈছিল ৷ মাৰ ঘোৰ আপত্তি সত্ত্বেও দেউতাই এই বিয়াত মত দি বিয়াখন পাতি দিছিল ৷ পিছে এই বিয়া বেছিদিন নিটিকিল ৷ কিছু দিনৰ পিছতে বাইদেৱে ভিনদেউৰ চৰিত্রৰ কিছু জঘন্য দিশ গম পালে ৷ গর্ভত ৰতনক লৈ ঘৰলৈ উভতি আহিল ৷

লাইফ ইঞ্চুৰেঞ্চ কোম্পানীৰ এজেণ্ঢ হৈ, হাতৰ কামৰ নানা ধৰণৰ বস্তু নিজে বনাই বিক্রী কৰি, মহিলা হৈও সেই সময়ত অতি সাহসেৰে গডকাপ্ঢানী বিভাগত ঠিকা কৰি নিজৰ পাৰদর্শিতাৰে, কর্মদক্ষতাৰে বহু সংঘাত আৰু সংগ্রামৰ মাজেৰে বাইদেৱে ৰতনক শ্বিলঙৰ হোষ্টেলত ৰাখি পঢ়ুৱাইছিল ৷ গুৱাহাটীৰ জু–ৰোডত মাটি কিনি ঘৰ বনালে ৷ গুৱাহাটীৰ কেইবাঠাইতো মাটি–ঘৰ কৰিলে ৷

বাইদেউৰ বিবাহ বিচ্ছেদ নৌহওঁতেই ভিনদেউ কেঞ্চাৰ ৰোগত আক্রান্ত হৈ ঢুকাল ৷ ঢুকুওৱাৰ কিছুদিন আগতে ভুলৰ প্রায়ষ্চিত্তৰ বাবেই নেকি বাইদেউক লগ কৰিব আহি বাইদেউক তেওঁৰ সম্পত্তিৰ ভাগ দিব খুজিছিল, পিছে বাইদেৱে ভিনদেউৰ সম্পত্তি, টকা–পইচা একোকে গ্রহণ নকৰিলে ৷

ৰতনে বি এ পাছ কৰি পঢ়িব নুখুজি নিজাকৈ ব্যৱসায় আৰম্ভ কৰিলে ৷ সুন্দৰভাৱে এতিয়া সি প্রতিষ্ঠিত ৷ কলকাতাত বন্ধু এজনৰ বিয়া এখন খাবলৈ গৈ বিয়া ঘৰতে বন্ধুৰ ভাগিনীয়েক ৰাধাৰ প্রেমত পৰিল ৷ কলকাতাৰ পৰা আহিয়েই সি বাইদেউক এই কথা জনালে৷ বাইদেউৰ কি স্ফূর্তি, ৰাধাৰ মাক–দেউতাকে ৰাধাক লৈ কলকাতাৰ পৰা আহিল ৰতনৰ বিষয়ে জানিবলৈ৷ হব লগা বোৱাৰী আহিব বুলি বাইদেউৰ কি আনন্দ তাই কি খাই ভাল পায় আনকি মোৰ বঙালী বান্ধৱী মিঠুৰ পৰা বেংগলী ষ্টাইলৰ মাছৰ আঞ্জাও শিকিলে ৷ সেই কেইদিন হব লগা বোৱাৰীৰ প্রশংসাত বাইদেউ পঞ্চমুখ আছিল ৷ কি ৰং ৰাধাৰ পছন্দ ৰাধাৰ লগত ফোনত কথা পাতি জানি ললে ৷ তাইৰ ভালপোৱা ৰঙৰ কাপোৰৰ পর্দাৰ পৰা কার্পেটলৈকে কিনি পেলালে ৷ ঘৰটো যেন নতুনকৈহে সজাব ৷ মৰমিয়াল বাইদেউৰ আদৰ–সাদৰ, ৰতনৰ প্রতিষ্ঠিত ব্যৱসায় দেখি ৰাধাৰ মাক–দেউতাকে সোনকালে বিয়াখন পতাত সন্মতি দিলে ৷ কি ধুমধামকৈ নিয়াৰিকৈ বাইদেৱে বিয়াখন পাতিলে ৷

সেই বাইদেৱে এতিয়া এনেদৰে মন মাৰি আছে, কি যে হৈছে

ৰতনৰ ব্যৱসায়ৰ কামৰ উপৰি বিয়াৰ পিছত নতুন সংসাৰ, সিহঁততো তোৰ ওচৰলৈ আহিয়েই থাকে, তই কিয় ইমান মন বেয়া কৰিছ ৷

মই কি সিহঁত বেলেগে থকাত আপত্তি কৰিছো নেকি ৰাধা বৰ ভাল ছোৱালী, তাই অকল দেখাতে ধুনীয়া নহয়, মনটোও ধুনীয়া ৷ সিহঁত শান্তিত থাকক বুলি গীতানগৰৰ ঘৰটো সিহঁত থাকিবলৈ ময়ে সকলো ঠিক কৰি দিছোঁ ৷ মোৰ পৰা দূৰৈত থাকিলে সিহঁতৰে মংগল ৷ শাহু–বোৱাৰী তাতে মই ৰতনক লৈ

তই যি কৰিছ, ঠিকেই কৰিছ ৷

বিমর্ষভাৱে বাইদেৱে কোৱা কথাখিনি শুনি মই তাইৰ মনটো ভাল লগাবলৈ কলো যি কি নহওক তই কিন্তু বৰ ধুনীয়া বোৱাৰী পাইছ ৷ সিহঁতে সুন্দৰকৈ সংসাৰ কৰিছে আৰু তোক লাগেনো কি

মোৰ কথাৰ একো উত্তৰ নিদি কলে ৰহ, কিবা এটা খাবি ৷

নাখাওঁ দে একো ৷ ইহঁতো নাই, তোৰো যি অৱস্থা, বোৱাৰীয়েৰৰ মৰমতে আকৌ ডেকাকো পঠিয়াই দিছ ৷

যা, মোৰ কি অৱস্থা, আহ লুচি বনাওঁ ৷

লুচি আৰু মই ভালপোৱা কালজিৰা আলুৰ তৰকাৰীখন, মুখত দিয়ে কলো তই বনোৱা আচাৰ নাই

ৰ, জলফাইৰ মিঠা আচাৰ আছে ৷

 বল আমি দিল্লীৰ ফালে ফুৰি আহোগৈ ৷ নহলে মোৰ তালৈকে বল, দুদিনমান থকাকৈ ৷ চেইঞ্জ এটা হব ৷ তই মন মাৰি থাকিলে আমাৰো বৰবেয়া লাগে ৷

ঘৰখন এৰি কেনেকৈ যাওঁ

তোৰ সেই একেই ৰেকর্ড ৷

বাইদেউৰ ঘৰৰ পৰা ঘূৰি আহোঁতে ভাবিলো ময়ে সঘনাই আহি থাকিব লাগিব ৷  বাইদেউক সংগ নিদিলে তাই বৰ বেয়াকৈ ডিপ্রেচনলৈ গুচি যাব ৷

বাইদেউৰ তালৈ মাজে মাজে অহা–যোৱা কৰি যিমান পাৰো সংগ দিবলৈ চেষ্টা কৰিলোঁ ৷ লাহে লাহে বাইদেৱে নিজকে কিছু চম্ভালি লোৱা দেখি, নিজৰ ঘৰুৱা লেঠাত কিছুদিন যোৱা হোৱা নাছিল ৷ হঠাতে বাইদেউৰ ফোন তই আজিয়েই মোৰ তালৈ আহচোন, বৰ জৰুৰী কথা আছে, ৰতনো আহিছে ৷

ফোন ৰাখিয়ে চিন্তাত পৰিলো, আকৌ কি হল লৰালৰিকৈ বাইদেউৰ ঘৰলৈ গলোঁ ৷

বাইদেৱে দর্জাখন খুলিয়ে কলে ভণ্ঢি বৰ ডাঙৰ বিপদ, ইহঁতে ডিভোর্চ দিব খুজিছে ৷

কোনে

ৰতন আৰু ৰাধাই ৷

কি কিয়

বলচোন মোৰ কোঠালৈ, ৰতন আছে, সি নিজে কব ৷

বাইদেউৰ বিছনাখনত ৰতন শুই আছে ৷ আমি সোমোৱাৰ লগে লগে উঠি বহিল ৷

কি হল ৰতন, বাইদেৱে এইবোৰ কি কৈছে

ৰাধাৰ লগত নোৱাৰি ভণ্ঢি মাহী, কথাই কথাই পেচ, এতিয়া আকৌ মোৰে কোম্পানীত কাম কৰা লৰা এটাৰ লগত ৷

কি

মোৰে কোম্পানীৰ অলক নামৰ ইঞ্জিনীয়াৰ লৰা এটা মাজে–সময়ে আমাৰ ঘৰুৱা কাম থাকিলে, মই কামত ব্যস্ত থাকিলে ৰাধাৰ লগত অত–তত যাবলৈ দিছিলোঁ ৷

কি যে কৈ আছ

মই একো ভবা নাছিলোঁ ৷  কিন্তু নিজে কিছু কথা দেখি ধৰা পেলাই ৰাধাক সোধোঁতে হুলস্থূল কৰিছে৷ তুমি জানাই মই হুলস্থূল কাজিয়া–পেছালৰ পৰা সদায় আঁতৰি থাকোঁ ৷ তোমালোকক নজনোৱাকৈ নিজে পাৰেমানে যুঁজ দিলোঁ ৷ সংসাৰখন ৰাখিবলৈ ৰাধাৰ বাবেই মাক এৰি গীতানগৰত থাকিবলৈ ললোঁ ৷ এতিয়া আৰু নোৱাৰি ৷

ৰচোন, ইমান ডাঙৰ সিদ্ধান্ত এটা পত্কৈ নলবি ৷ ৰাধাই কি কয়

কি কব, নকবলগীয়া কথা কিছুমান কৈ এসোপামান ডিমাণ্ড ৷ মোৰ লগত আৰু নাথাকে ৷ মাহী, মই ঘৰৰ ভিতৰৰ কথা বাহিৰলৈ লৈ যাব খোজা নাই ৷ মই কৈছো যি লাগে লোৱা, শান্তিত থাকা ৷

ৰতনৰ কথা শুনি তাৰ মুখখন দেখি বৰ বেয়া লাগিল ৷ মই জানো, সি ৰাধাক বৰ ভাল পায় ৷

মই ৰাধাৰ লগত কথা পাতিম নেকি

পাতিব পাৰা, কিন্তু লাভ যে কিবা হব আশা নাই ৷ মিছা কথা কিছুমান কৈ ছিম্পেথী লব বিচাৰিব ৷

ৰতনৰ পৰা অনুমতি লৈ মই ৰাধাৰ লগত অকলে কথা হলোঁ ৷ ৰাধাৰ অভিযোগ বিশেষকৈ বাইদেউৰ প্রতি ৷ ৰতনক বাইদেৱে বেছি মৰম দি নষ্ট কৰিছে ৷ সকলো বিষয়ত সি মাকক টানে ৷ গুৱাহাটীৰ বাহিৰত কৰবাত ফুৰিবলৈ যোৱাৰ কথা ওলালে মাকক লগত নিব খোজে, ৰতনৰ লগত চিনেমা এখন চাব খুজিলে মাককো নিব খোজে ৷ ইত্যাদি অভিযোগ ৷ মুঠৰ ওপৰত তাই ৰতনৰ লগত থাকিব নোৱৰাৰ মূল কাৰণ বাইদেউ ৷ এতিয়া ৰতনে যিহেতু তাইক এৰাৰ কথা ভাবিছে ৷

ৰবাচোন ৰাধা, বাইদেউ তোমালোকৰ লগত কৰবালৈ ফুৰিবলৈ গৈছে বুলি মইতো শুনা নাই ৷

নাই যোৱা, ৰতনে লগ ধৰিলে নাযাওঁ বুলি কৈ নাটক কৰে ৷ ফলত মা নগলে মাক এৰি ৰতন ফুৰিবলৈ গলেও শান্তি নাপায় ৷ তেতিয়া মোৰ অশান্তি হয় ৷

মই  বুজি পালো, ৰাধাই বাইদেউৰ অতীত, ৰতনৰ প্রতি থকা বাইদেউৰ মায়া এইবিলাকৰ বিষয়ে একো বুজি পোৱা নাই ৷ মই তাইক বাইদেউৰ জীৱনৰ বিষয়ে, ৰতনৰ প্রতি সৰুৰে পৰা কৰা বাইদেউৰ ব্যৱহাৰ সকলোবিলাক কৈ বাইদেউৰ মানসিক অৱস্থা বুজাবলৈ যত্ন কৰি কলো মাকৰ প্রতি থকা টানৰ বাবেই তুমি তাক এৰি যাবলৈ ৷ তুমি এই বিষয়ত অলপ বেছি ৰিয়েক্ট কৰিছা নেকি

ৰাধা মৌন হৈ থাকিল ৷

মই আকৌ কলো বাইদেউৰ এতিয়া বয়স হৈছে ৷ এই বয়সতো তাই তোমালোকক বেলেগে থাকিব দিছে, যাতে তোমালোকে নিজৰ বাবে সময় পোৱা, তথাপিও তুমি

মাৰ এইবিলাক একোখন নাটক ৷ এটা দিনো আমাক অকলে থাকিবলৈ নিদিয়ে ৷ কেতিয়াবা ডেকাৰ হাতত নিজে ৰান্ধি পঠিয়াব ৰতনে ভালপোৱা আঞ্জা বনাই দিছো বুলি, কেতিয়াবা অসময়ত নিজে আহি ওলাবহি ৷ মুঠৰ ওপৰত আপুনি একো বুজি নাপাব ৷ মায়ে আমাক এইদৰে থাকিবলৈ দি যি খেল খেলিছে মই ঠিক বুজিছেছা ৷ ৰতনে সদায় আমি বেলেগে থকাক লৈ মোকেই দোষাৰোপ কৰে ৷

বাইদেউৰ বিষয়ে কৰা অভিযোগসমূহত অতিষ্ঠ হৈ মই কবলৈ বাধ্য হলো, তুমি ৰতনৰ লগত সংসাৰ নকৰাৰ সিদ্ধান্ত অকল বাইদেউৰ কাৰণে, নে আন কিবা ৷ ৰতন খুব ভদ্র সেয়েহে সি কিছুমান কথা ঘৰৰ বাহিৰলৈ যোৱাটো নিবিচাৰে ৷ কিছুমান কথা তোমালোক তিনিও বহি কথা পাতি

মোৰ কথা শেষ কৰিবলৈ নিদি তাই কলে মাহী আপোনাক মই ভাল পাওঁ, সন্মান কৰো, আপুনি আমাৰ এই বিষয়ত নোসোমালেই মই ভাল পাম ৷

ৰাধাৰ লগত কথা পাতি বাইদেউৰ তালৈ গলো ৷  বাইদেৱে অতি আগ্রহেৰে সুধিলে কি কলে ৰাধাই  ।

নাই নহব, তাই নামানে ৷

তাই সৰু ছোৱালী, তই বুজালিনে নাই, সংসাৰ এখন এইদৰে ভাঙি পেলোৱা সহজ নহয় বুলি ৷

বাইদেউৰ কথাত কি উত্তৰ দিম ভাবি নাপালো ৷

তাই ৰতনক এৰি যাব খোজাৰ কাৰণ কি বুলি কলে ৷

বহুত কিবাকিবি

বহুত কিবাকিবি মানে, তাই যে প্রেমত পৰি ৰতনৰ দৰে ভদ্র লৰা এটাক এৰিভুল কৰিব খুজিছে তই তাইক কলি নে নাই ।

মই লৰাজনৰ কথা কেনেকৈ কওঁ, যিদৰে বুজাব পাৰো বুজাইছেছা ৷ ইয়াতকৈ বেছি কলে মই অপমানিত হলোঁহেঁতেন ৷

ৰতন আৰু বাইদেউৰ কাৰণে মোৰ বৰ বেয়া লাগিল৷ কি কম, কি কৰিম নিজেই বুজি পোৱা নাই ৷

মাজু বাইদেউ, সৰু বাইদেউহঁতো খবৰ পাই গুৱাহাটীলৈ আহিল৷ বাইদেউহঁতেও ৰাধাক বহুতো বুজালে ৷ পিছে ৰাধা কোনোপধ্যে ৰতনৰ লগত নাথাকে, ডিভোর্চ দিবলৈ ৰতনৰ ইচ্ছা নাছিল যদিও মানি ললে ৷

ৰাধাৰ কথা–বতৰাত মোৰ সংশয় হৈছিল ফেমিলী কর্টত বাইদেউৰ বিৰুদ্ধে কব বুলি ৷ পিছে ৰতনে সেয়া হবলৈ নিদিলে ৷ ৰাধাই বিচৰামতে সি টকা, গহনা যি বিচাৰিছিল সকলো দিলে ৷ অতি সোনকালেই ডিভোর্চ হৈ গল ৷

গীতানগৰৰ  ঘৰটো ভাৰা দি পুনৰ জু–ৰোডৰ ঘৰতে মাকৰ লগত থাকিবলৈ ৰতন গুচি আহিল ৷ ৰাধা কলিকতালৈ গলগৈ ৷

ৰতনৰ ডিভোর্চৰ পিছত বাইদেউৰ তালৈ বহুদিনৰ পিছত দুপৰীয়া ভাত খোৱাকৈ গৈছিলোঁ৷ মোৰ প্রিয় কেৰামেল  পুডিংৰ পৰা মাছ পাতত দি, মই ভালপোৱা কেইবাবিধো বনাইছিল ৷ পিছে খোৱা টেবুলত মন কৰিছিলো বাইদেউৱে ভালদৰে খাব পৰা নাই ৷

তোৰ গাটো ভাল নহয় নেকি, খাব পৰা নাই যে

আজিকালি মোৰ খাবলৈ একেবাৰে মন নাযায় ৷

কিয়

ৰতনৰ কাৰণে মনটো কিবা ভাগি গৈছে ৷

কিয়, সিটো ভালদৰেই কাম–কাজ কৰি আছে ৷

কামতে  ব্যস্ত থাকে যদিও আগৰ দৰে নাথাকে ৷ কি যে হল লৰাটোৰ, মই জীয়াই থকালৈকে বাৰু মই আছো তাৰ লগত, তাৰ পিছত কি হব

কিছুদিন যাবলৈ দে চোন৷ আকৌ সি বিয়া কৰাব নোৱাৰিব নেকি

কলেই দেখোন চিঞৰ–বাখৰখন কৰে অ ৷

খাই–বৈ বাইদেউৰ বিছনাখনতে দুয়োজনী বাগৰ দি কথা পাতিলোঁ ৷

বাইদেৱে নানা কথাৰ মাজতে কলে ভণ্ঢি মই মৰাৰ আগতে ৰতনৰ বিয়াখন পাতিবই লাগিব ৷

কিছুদিন তাক সময় দেচোন, চৱ ঠিক হৈ যাব ৷ তই বেছি চিন্তা কৰি নাথাকিবি ৷

মানুহে যদি মোকেই দোষ দিয়ে

কি দোষ দিব

ৰতনৰ জীৱনটো ময়ে ধবংস কৰিলো বুলি ৷

মানুহৰ  ভয়ত, তই বিচাৰ নেকি, আকৌ সি যাকে–তাকে বিয়া কৰি অসুখী হওক ৷ এতিয়া যেনেকৈ আছে থাকিবলৈ দে ৷ ভাগ্যত যি আছে সেয়ে হব ৷

নহয় অ

তই  কেতিয়াৰ পৰা সমাজলৈ ভয় কৰা হলি ৷ তোৰো যে কথা, তাহানিতে মানুহৰ কথালৈ কাণ নিদি

এৰা

নিজৰ ওপৰতে মোৰ খং উঠিল ৷ কি নকবলগীয়া কথা কলোঁ৷ বাইদেৱে নিজৰ মতে বিয়া কৰাই মাক দিয়া আঘাতৰ বাবে সমাজৰ কথা কৈ মাজে–সময়ে মায়ে তাইক কটু কথা শুনাইছিল ৷ কথাখিনি কৈ মনটো বৰ বেয়া লাগিল ৷ বাইদেউৰ হাত এখন খামোচ মাৰি ধৰি কলোঁ তই ৰতনক লৈ প্রয়োজনতকৈ অলপ বেছি চিন্তা কৰ ৷

ইয়াৰ পিছত বাইদেউৰ ওচৰলৈ যেতিয়াই যাওঁ বাইদেউৰ একেখিনি কথা ৷ ৰতনৰ বাবে এয়া বনাইছো, অফিচৰ টিফিনত অমুক বনাই দিওঁ ৷ আকৌ ৰতন, ৰতন, ৰতন৷ তাই নোহোৱা হলে ৰতনৰ কি হব ভয়তে তাইৰ তালৈ যাবলৈ বাদ দিয়াৰ দৰে হল ৷

মাজু বাইদেউ, সৰু বাইদেউলৈও ফোন কৰি  কৰি ৰতনৰ বাবে ছোৱালী চাবলৈ কৈ থাকে ৷

ৰতনে মাজে–সময়ে মাকক এইবিলাক কৰাত বাধা দিয়ে ৷

ৰতন নিজৰ ব্যৱসায়ৰ কামত ব্যস্ত হৈ থাকে৷ বাইদেউ অকলশৰে এই কথাবিলাকেই ভাবি থাকে ৷ লগ পালেই একেটা কথা, তাই নোহোৱা হলে ৰতনৰ কি হব

বেচেৰী বৰ বাইদেউজনী

কিমান মানুহক যে উপার্জনৰ পথ দেখুৱাই সহায় কৰিছে ৷ কিমান মানুহৰ সংসাৰ পাতি দিছিল ৷ কত যে গল সেই মানুহবিলাক ৰতনেও লাহে লাহে তাৰ ব্যৱসায় সংকুচিত কৰি ঘৰতে মাকৰ লগত সোমাই থকা হল ৷ সি বহুত সলনি হল ৷ নিজৰ কোঠালিটোতে বেছি সময় সোমাই থাকে ৷

ৰতন ঘৰত  থাকিবলৈ লোৱাৰ পৰা বাইদেউৰ ব্যস্ততা আৰু বাঢ়িল ৷ বাইদেৱে মাজে–সময়ে তাক বিয়া পতাৰ কথা কয়, আমিও দুই–এবাৰ কৈ চালো ৷ পিছে সি আঁকোৰগোজ, বিয়াৰ বিষয়ে শুনিবই নোখোজে ৷ বিয়াৰ কথা কলে কয় মা আৰু মই এয়াই আমাৰ কাৰণে ভাল ৷ তৃতীয় ব্যক্তি আৰু আমাৰ মাজত নালাগে ৷

দদাতৰ বিষ বুলি দাঁতৰ সমস্যা লৈ ৰতন ডাক্তৰৰ ওচৰলৈ যাওঁতে মুখৰ ভিতৰতে সৰু ঘা এটা দেখা  পাই ডাক্তৰে পৰীক্ষা কৰিবলৈ দিওঁতে, আমাৰ পৰিয়াললৈ পৰীক্ষাৰ ৰিপর্টে অতি মর্মান্তিক খবৰ কঢ়িয়াই আনিলে ৷ ৰতনৰ কেঞ্চাৰ ৷

বাইদেউ  দিশহাৰা হল, বুজাব নোৱৰা পৰিস্থিতি ৷ ৰতনে পিছে তাৰ ধীৰ–স্থিৰ স্বভাৱেৰে অতি সাহসেৰে এই ৰোগৰ লগত যুঁজ দিলে ৷ নাজানো প্রতিমুহূর্ততে মই মৰিলে ৰতন অকলশৰীয়া হব, তাৰ কি হব বুলি কৈ থকা কথাখিনিয়ে নেদেখাজনে কি ধৰণেৰে ললে বুজি নাপালো ৷ বেছিদিন ৰতনে এই ৰোগৰ লগত যুঁজ দিবলগীয়া নহল ৷ পুৱতিনিশা বাইদেউৰ বুকুত সোমাই সি শেষ নিশ্বাস ত্যাগ কৰিলে ৷

আৰু গিৰি বাইদেউ ভাবিছিলোঁ বাইদেউ ভাগি পৰিব৷ বাইদেউ পিছে আচৰিত ধৰণে আমি ভবাৰ দৰে ভাগি পৰা নাছিল ৷ ধীৰ–স্থিৰভাৱে পৰিস্থিতি চম্ভালিলে ৷ ৰতন গুচি যোৱাৰ দুবছৰ নৌহওঁতেই বাইদেউ ব্রেষ্ট কেঞ্চাৰত আক্রান্ত হল ৷ লৰালৰিকৈ অপাৰেচন কৰোৱা হল ৷ অপাৰেচনৰ পিছত মোৰ ঘৰলৈকে লৈ আনিলোঁ ৷ কেইমাহমান মোৰ লগত আছিল ৷ কেঞ্চাৰ হোৱা বুলি গম পাই মোক সুধিছিল কিমান দিনৰ পিছত বা মই ৰতনক লগ পামগৈ

নাজানো  সিপাৰত কি আছে, নেদেখাজনে পিছে আচৰিতভাৱে বাইদেউৰ এই প্রার্থনা শুনিলে ৷ অপাৰেচনৰ পিছত বেছিদিন বাইদেউ নাথাকিল ৷ বাইদেউৰ শেষ যাত্রাত বাইদেউৰ মুখত দেখা পাইছিলো এক অপার্থিৱ হাহি৷

ফোন ঃ ৮৬৩৮০-৭১৮১০

You might also like

Comments are closed, but trackbacks and pingbacks are open.