প্রকৃতিয়ে পৃথিৱীখনক অনিন্দ্য সৌন্দৰ্য, সুষমা আৰু ৰহস্যৰে সৃষ্টি কৰিছে। সেয়েহে এইবোৰ দেখি, স্পৰ্শ কৰি মানুহে নয়ন, মন সাৰ্থক কৰাৰ দুৰ্বাৰ আকাংক্ষা কৰে। পৃথিৱীত পৰ্যটনৰ বাবে বহুতো স্থান আছে। ভাৰতৰ নুমলী জীয়ৰী অসমকো প্রকৃতিয়ে সৌন্দৰ্যৰ অনুপম সুষমাৰে সৃষ্টি কৰিছে। ইয়াৰ পাহাৰ-পৰ্বত, হাবি-বননি, জান-জুৰি, খাল-বিল সকলো সৌন্দৰ্যৰ আকৰেৰে ভৰি আছে। সেয়েহে এইবোৰে দূৰ দিগন্তৰ, দেশ-বিদেশৰ মানুহক হাতবাউল দি মাতে আৰু প্ৰতিবছৰে দেশ-বিদেশৰ বহু পর্যটক এইবোৰ চাবলৈ অসমলৈ ঢাপলি মেলে।
পর্যটন বা দর্শনীয় স্থানসমূহক ভাগ কৰা দুটা শ্ৰেণীৰ মানৱসৃষ্ট স্থান অসমত পর্যাপ্ত আছে। আহোম যুগৰে পৰা অসমত এনে স্থান মানুহে সৃষ্টি কৰি আহিছে বিভিন্ন কাৰণত। তেনে এক মানৱসৃষ্ট পৰ্যটন ক্ষেত্ৰ উজনি অসমৰ চৰাইদেউ জিলাৰ ‘চৰাইদেউ’।
চৰাইদেউত স্বৰ্গদেউ চুকাফাই সৌমাৰখণ্ড জয় কৰি ১২৫৩ খ্ৰীষ্টাব্দত স্থায়ী ৰাজধানী প্রতিষ্ঠা কৰি আহোম ৰাজত্ব কালত প্রথম পাতনি মেলে। চৰাইদেউ নামটোৰ ক্ষেত্ৰত বুৰঞ্জীবিদসকলে বেলেগ বেলেগ মত পোষণ কৰা দেখা যায়। ৰায়বাহাদুৰ স্বৰ্গীয় পদ্মনাথ গোহাঞিবৰুৱাই প্ৰকাশ কৰা ‘অসম বুৰঞ্জীত লিখিছে— ‘কুকুৰা কাটি দেও দিয়া বা দেৱতা পূজা কৰা কাৰণে সেই ঠাইখনৰ নাম চৰাইদেউ হ’ল।’ ড° লীলা গগৈয়ে ‘পৱিত্ৰ অসমত লিখিছে— ‘চৰাইদেউ শব্দটোৰ আহোম ভাষাত দুটা অর্থ আছে। এটা অর্থ মতে, চে-ৰাই-দেউ (চে- নগৰ, ৰাই- পূজা, দেউ- দেৱতা)। আনটো অৰ্থ মত, চে-ৰাই-ডয় (চে- নগৰ, ৰাই-জিলিকি থকা, ডয়- পৰ্বত)। অর্থাৎ চৰাইদেউ মানে জিলিকি থকা পৰ্বতীয়া নগৰ । তাই আহোম জ্যোতিষীয়া মহন দেউধাই বাইলুং পণ্ডিতসকলে তেত্রিশ কোটি দেৱতাক সেই ঠাইত (পৰ্বতত) স্থাপিত কৰাৰ কাৰণে নাম থ’লে চৰাইদেউ (চ- স্থাপন কৰা, ৰাই- আগুৰা, ডয় (নয়)- পর্বত। আহোম পণ্ডিত ডম্বৰু দেউধাই ফুকনৰ মতে, আহোম ভাষাত চ- জনোৱা, ৰাই-নজনা কথা, দেউ- দেৱতা। অর্থাৎ দেৱতাক নজনা কথা জনোৱা । বুৰঞ্জীয়ে কয়, ‘স্বৰ্গদেউ চুকাফাই চৰাইদেউত ৰাজধানী পতাৰ কথা উৎসৱ কৰি ঢাকঢোল বজাই দেৱতাক সন্তুষ্ট কৰিবৰ কাৰণে নুনীগছৰ তলত নিজৰ মৰমৰ বগা ঘোঁৰা বলি দি স্বৰ্গৰাজ লেংডনক (ইন্দ্ৰ) জনাইছিল। আহোমসকলে কুকুৰাক দেউপখী বুলিছিল । আহোমসকলৰ মাজত কুকুৰা চৰাই এক অন্যতম পৱিত্ৰ বস্তু। বহু লোকে কুকুৰা নুবুলি চৰাই বুলিছিল । চৰাই কাটি যি ঠাইত পূজা কৰিছিল সেই ঠাইক চৰাইদেউ নামেৰে নামকৰণ কৰা হয় বুলি বহুতে মত আগবঢ়ায়।
২০১৫ চনৰ ১৫ আগষ্টত ঘোষণা কৰা উজনি অসমৰ চৰাইদেউ জিলাৰ অন্তৰ্গত চৰাইদেউ নামৰ ঐতিহাসিক ঠাইখণ্ড। ভাৰতীয় মান সময় (গ্রীনউইজ মান সময় +০৫.৩০)।
আহোম ৰাজত্বৰ তৃতীয় ৰাজধানী গড়গাঁও নগৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত অৱস্থিত চৰাইদেউ পাহাৰ। স্বৰ্গদেউ চুকাফাই প্ৰথম চৰাইদেউতে আহোম ৰাজ্যৰ ৰাজধানী পাতিছিল। পাছলৈ এই ৰাজধানী প্ৰথমে চৰগুৱা আৰু পিছত গড়গাঁৱলৈ স্থানান্তৰিত কৰা হৈছিল। বিশিষ্ট বুৰঞ্জীবিদসকলৰ মতে, চে-ৰাই-ডয় শব্দটোৰ পৰাই চৰাইদেউ শব্দটোৰ উৎপত্তি হৈছে। এই মতেই সকলোৰে গ্ৰহণযোগ্য হোৱা দেখা যায় ৷
পাহাৰৰ সেউজীয়া সৰু সৰু টিলাবোৰে সৃষ্টি কৰা নৈসর্গিক দৃশ্যৰাজিৰ সৈতে সচ সঁচাকৈ চৰাইদেউ ‘পাহাৰত জিলিকা নগৰ।’ সকলোৰে মন-প্ৰাণ হৰি নিয়া অপূর্ব সৌন্দৰ্যৰে ভৰপূৰ ঠাইখনৰ পৰিৱেশ আৰু জলবায়ুৰ বাতাৱৰণ চায়েই স্বৰ্গদেউৱে তাত ৰাজধানী পাতিছিল । ৰাজ্যৰ ৰাজধানী চৰাইদেউৰ পৰা অন্য স্থানলৈ স্থানান্তৰ কৰাৰ পিছতো ইয়াৰ গুৰুত্ব কোনোদিনে কমি যোৱা নাছিল । প্ৰথম ৰাজধানী হিচাপে প্ৰায়বিলাক ধৰ্মীয় কাৰ্যৰ উপৰি ৰাজকীয় নীতি-নিয়মবোৰ তাতে কৰি ঠাইখনৰ মান অটুট ৰাখিছিল আৰু আজিও আহোমসকলে সেই মান অটুট ৰাখি আহিছে। প্ৰতিবছৰে ফাগুন মাহৰ শুক্লা চতুৰ্থীৰ (স্বৰ্গদেউ গদাধৰ সিংহৰ মৃত্যু দিন) দিনটোতে ঊনচল্লিশজন স্বৰ্গদেউ, উপাস্য দেৱতা লেংডন (ইন্দ্ৰ) আৰু উপৰিপুৰুষ খুন-লুং-খুন-লাইসহ আটাইকেইজনৰ নামত বিয়াল্লিছখন শৰাই আগবঢ়াই চৰাইদেউতে তৰ্পণ অনুষ্ঠান উদযাপন কৰা হয় ।
চৰাইদেউ আহোম স্বৰ্গদেউসকলৰ মৈদামৰ বাবে বিখ্যাত। মৈদাম হৈছে আহোমসকলৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা। আহোম ৰাজপৰিয়ালৰ লোক আৰু বিষয়ববীয়াসকলক মৈদাম প্ৰথাৰে সমাধিস্থ কৰা হৈছিল। লাহে লাহে মৃতদেহ সংস্কাৰৰ এই প্ৰথা নোহোৱা হ’বলৈ ধৰিলে। চৰাইদেউ প্ৰাক্-আহোম যুগতো ঐতিহাসিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ ঠাই আছিল। বর্তমান চৰাইদেউ স্বৰ্গদেউ, ডা-ডাঙৰীয়া আৰু ৰাজপৰিয়ালৰ লোকসকলৰ মৈদাম দিয়া স্থান হিচাপে জনাজাত৷ চৰাইদেউৰ পূবে নিমনাগড় পৰা দক্ষিণ-পশ্চিমলৈ বহু ৰাজপৰিয়ালৰ মৈদাম আছে। সিংহাসনত বহা স্বৰ্গদেউজনৰ য’তেই মৃত্যু নহওক কিয় তেওঁলোকৰ শৱদেহ আনি চৰাইদেউতে মৈদাম দিয়া হৈছিল। পিছলৈ হিন্দুৰ শ-দাহ প্রথা আহোমসকললৈ অহাৰ পিছত চিতাভস্ম আনি চৰাইদেউত মৈদাম দিয়া হৈছিল। আহোম ৰাজ্যৰ ৰাজধানী বহুবাৰ স্থানান্তৰিত হ’লেও চৰাইদেউ প্ৰতীকী কেন্দ্ৰ হৈয়েই আছে। ইয়াত আহোম ৰজা ৰাণীৰ পৱিত্ৰ সমাধিস্থল আছে আৰু আহোমৰ পূৰ্বপুৰুষৰ দেৱতাৰো স্থান। ৪২জন আহোম ৰজা ৰাণী চৰাইদেউ পাহাৰত থকা মৈদামে ইজিপ্তৰ পিৰামিডৰ সৈতে তুলনাযোগ্য আৰু ই মধ্যযুগীয় দিনৰ অসমৰ ভাস্কর্য শিল্পী আৰু ৰাজমিস্ত্ৰীৰ উৎকৃষ্ট স্থাপত্য আৰু দক্ষতা উন্মোচন কৰে। চৰাইদেউত আহোম যুগৰ ১৫০টাৰো অধিক মৈদাম দেখিবলৈ পোৱা যায়। ইয়াৰে ভিতৰত ৩০টা ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে। মৈদাম প্ৰথাত মিছৰৰ পিৰামিডৰ আৰ্হিৰ সৈতে কিছু সাদৃশ্য দেখা যায়। আকাৰত পিৰামিড ডাঙৰ আৰু ওপৰলৈ জোঙা, কিন্তু আহোমসকলৰ মৈদামসমূহ সৰু আৰু ওপৰলৈ ঘূৰণীয়া (টোমৰীয়া)।
প্রথাঃ মৈদাম প্রথাত মৃতদেহক স্নান কৰাই ৰুংডাং অর্থাৎ কাঠেৰে সজা এটা বিশেষধৰণৰ পেৰাৰ ভিতৰত সুমুৱাই ৰখা হয়। ৰুংডাং পোতা ঠাইত এটা ঘৰ নিৰ্মাণ কৰা হয়। ইয়াক ৰুংডাং কাৰেং বোলে। ইয়াৰ ভিতৰত মৃতকে জীৱিতকালত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ যেনে- চালপীৰা, হেংদাং, শৰাই, কটাৰী, চূণৰ টেমী আদি ৰখা হয়। শেহত ইয়াক আগুৰি মাটিৰ এক অনুচ্চ দৌল সজা হয়। মৈদামৰ ভিতৰছোৱা এটা বা ততোধিক ভাগত ভগোৱা হ’ব পাৰে।
ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগে চলোৱা খননকার্যত মৈদামৰ ভিতৰভাগত হাতীদাঁত আৰু কাঠৰ সামগ্ৰীৰ অৱশিষ্ট উদ্ধাৰ হৈছে। জনশ্রুতি মতে, চৰাইদেউ দেওশালৰ উত্তৰ দিশত ৰজাসকলক আৰু দক্ষিণ দিশত কুঁৱৰীসকলক মৈদাম দিয়া হৈছিল। স্বৰ্গদেউ, ৰাজমাও আৰু ৰাজপৰিয়ালৰ মৈদাম লেঙিবৰৰ পৰা নিমনালৈকে প্ৰায় পাঁচ-ছয় কিলোমিটাৰজুৰি শাৰী শাৰীকৈ দেখিবলৈ পোৱা যায়। এই গোটেই অঞ্চলটোত কিমান মৈদাম আছে তাক এতিয়াও নিৰূপণ কৰা হোৱা নাই। কেইবাজনো বিশিষ্ট বুৰঞ্জীবিদৰ মতে ৪২জন স্বৰ্গদেউৰ মৈদাম আছে । কেইবাজনো ৰজাক পাহাৰৰ ওপৰত মৈদাম দিয়াৰ কথাও জনা যায়। তদুপৰি মৈদামৰ প্ৰায় ৩০ বিঘা মাটি চৰাইদেউ চাহ বাগিচা কৰ্তৃপক্ষই দখল কৰি চাহ খেতি কৰিবলৈ লোৱাত সেই অঞ্চলত থকা বহু মৈদাম খহাই পেলোৱা হ’ল আৰু মৈদামৰ চিন-মোকাম নাইকিয়া হ’ল।
বুৰঞ্জীত পোৱা তথ্য অনুসৰি, চৰাইদেউত মুঠ ৪২ স্বৰ্গদেউৰ সমাধি (মৈদাম) আছে। কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে ৮টা মৈদাম চিনাক্ত কৰি চাৰিওফালে বেৰা দি নামফলক লগাই সংৰক্ষণৰ ব্যৱস্থা কৰিছে। চৰাইদেউত থকা কিছু মৈদাম এনেধৰণৰ—
- স্বৰ্গদেউ চুক্লেংমুং (ডেকাৰজা) মৈদাম (১৫৫২ খ্রীষ্টাব্দ)
- প্রমত্ত সিংহ স্বৰ্গদেউৰ পকী মৈদাম (১৭৫২ খ্রীষ্টাব্দ)
- শিৱ সিংহ স্বৰ্গদেউৰ পকী মৈদাম (১৭৪৪ খ্রীষ্টাব্দ)
- লক্ষ্মীসিংহ স্বৰ্গদেউৰ পকী মৈদাম (১৭৮০ খ্রীষ্টাব্দ)
- ৰাজেশ্বৰ সিংহ স্বৰ্গদেউৰ মৈদাম (১৭৬৯ খ্রীষ্টাব্দ)
- গৌৰীনাথ সিংহ স্বৰ্গদেউৰ মৈদাম (১৭৯৬ খ্রীষ্টাব্দ)
- কমলেশ্বৰ সিংহ স্বৰ্গদেউৰ মৈদাম(১৭১৪ খ্রীষ্টাব্দ)
- ৰুদ্ৰ সিংহ স্বৰ্গদেউৰ মৈদাম (১৭৯৪ খ্রীষ্টাব্দ)
- দিহিঙীয়া ৰজা স্বৰ্গদেউ চুহুংমুঙৰ মৈদাম (১৫৩৯ খ্ৰীষ্টাব্দ)
- চুকামফা স্বৰ্গদেউৰ মৈদাম (খোৰা ৰজা, ১৬০০ খ্রীষ্টাব্দ)
- গদাধৰ সিংহ স্বৰ্গদেউৰ মৈদাম (১৬৯৬ খ্রীষ্টাব্দ)
- প্রতাপ সিংহ স্বৰ্গদেউৰ মৈদাম (১৬৪১ খ্ৰীষ্টাব্দ)। এই মৈদাম চৰাইদেউ বাগিচাৰ ভিতৰত আছে।
- বজা অথবা ফুলেশ্বৰী কুঁৱৰীৰ মৈদাম চৰাইদেউৰ দ’লবাগান চাহ বাগিচাৰ কাষত আছে বুলি কেইবাজনো বুৰঞ্জীবিদে মত প্ৰকাশ কৰিছে। বাগিচাৰ মেনেজাৰৰ বাংলাৰ ভেটিতে এই মৈদাম আছে বুলি বুৰঞ্জীবিদে দাবী কৰিছে।
চৰাইদেউত থকা মৈদামবিলাকৰ ভিতৰত গদাধৰ সিংহ স্বৰ্গদেউৰ মৈদামেই আটাইতকৈ ডাঙৰ।
মৈদামৰ জোখঃ তলটো ঘৰ দীঘে ২৩ হাত এক বেগেত, বহলে ১২ হাত এক বেগেত, বাৰ ডাঠে ৫ হাত, ওপৰৰ টুপ বহলে ৪ হাত এক বেগেত, ওখ শূন্য ১২ হাত । দক্ষিণৰ টুপ বহলে ৩ হাত এক বেগেত, ওখ শূন্য হাত, টুপৰ বাৰ ডাঠে ২খন ৮ হাত এক বেগেতকৈ মাজৰ ফালে বাৰ ডাঠে ৩ হাত এক বেগেতকৈ।
ৰাজধানী স্থাপন কৰা কালৰ পাছৰে পৰাই চৰাইদেউত পূজা-সেৱাৰ বাবে মঠ-মন্দিৰ আদি প্রতিষ্ঠা কৰা হৈছিল বুলি কোৱাৰ থল আছে। বুৰঞ্জীত উল্লেখ আছে দেওধাইসকলৰ পৰামৰ্শ মতে স্বৰ্গদেৱে বৰবৰুৱাৰ হতুৱাই চৰাইদেউত সকলো মন্দিৰ, হুকুম দেওশাল, কনাই দেওশাল, চোমদেওৰ দেওশাল আদি নিৰ্মাণ কৰাইছিল। ১৭০০ খ্ৰীষ্টাব্দৰ পিছত ১৮০০ খ্ৰীষ্টাব্দৰ মাজভাগত চোমদেওৰ দেওশাল বজ্ৰপাত পৰি ধ্বংস হয়। বর্তমান চৰাইদেউ পৰ্বতত দেওশাল আৰু লাংকুৰি দ’লৰ ভগ্নাৱশেষহে দেখিবলৈ পোৱা যায়।
চৰাইদেউৰ দেওশালঃ দেওশাল (আহোম ভাষাঃ চাও চেং ৰেণু) আহোমসকলৰ এক উপাসনাস্থলী। আহোমৰ প্ৰথম স্থায়ী ৰাজধানী চৰাইদেউত স্বৰ্গদেউ চাওলুং চুকাফাই ১২৫৩ খ্ৰীষ্টাব্দত দেওশালৰ প্ৰতিষ্ঠা কৰে । চৰাইদেউ পৰ্বতৰ শিখৰত সমূহীয়া উপাসনা স্থলী ৰূপে প্রতিষ্ঠিত দেওশাল এক ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্ন। চৰাইদেউ জিলাৰ দ’লবাগান অঞ্চলত এই কীৰ্তচিহ্ন অৱস্থিত। দেওশালত বর্তমানেও আহোম সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগত ৰীতি-নীতিৰে বিভিন্ন পূজা-পাতল কৰি আহিছে।
আমলখি দেওশালঃ লাকুৱা বাগানৰ কাষতে আমলখি দেওশাল আছে। চাওলুং চুকাফাই আহোম ৰাজধানী চৰাইদেউত স্থায়ীভাৱে পতাৰ পিছত শদিয়াৰ পৰা চুতীয়াসকলৰ আৰাধ্য দেৱী কেঁচাইখাতী গোসাঁনীৰ দেওশাল আনি চৰাইদেউতে স্থাপন কৰি আহোমসকলৰো আৰাধ্যা দেৱী হিচাপে পূজা-অৰ্চনা কৰিলে। অসমত বসবাস কৰা সকলো জনগোষ্ঠীৰ উপাস্য দেৱ-দেৱীসহ ওমফা নামৰ এক পূজা অনুষ্ঠিত কৰাৰ ব্যৱস্থা হ’ল এই দেওশালত। স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত ঘনশ্যাম বুঢ়াগোহাঁইৰ তৎপৰতাত স্থাপন কৰে লাকুৱা আমলখিত । লাকুৱাৰ দিচাং নদীৰ কাষত এই অঞ্চলত বহুতো গছ আছিল আৰু মাটিবোৰ ৰঙা আছিল ৷ সেইবাবে দেওশালখন আমলখি ৰঙাগড় দেওশাল নামেৰে পৰিচিত হ’ল। বাৰ বছৰৰ অন্তৰে অন্তৰে এই দেওশালত ওমফা পূজা অনুষ্ঠিত কৰাৰ লগতে মে-ডাম মে-ফী পাতি আহিছে স্থানীয় ৰাইজে । এই দেওশালখন বর্তমানেও অতি জাগ্ৰত হৈ আছে বুলি মানুহৰ বিশ্বাস।
খুন্দনা টিলাঃ চৰাইদেউ দেওশালৰ কিছু নিলগত এটা ওখ টিলাৰ ওপৰত এটা খুন্দনাৰ অৱশিষ্ট এতিয়াও আছে।
চৰাইদেউৰ অন্যান্য মন্দিৰঃ হুকুম দেওশাল, কমাই দেওশাল আৰু চোমদেও মন্দিৰ। এই দেওশালবিলাকত আহোমৰ ৰজা- প্ৰজাই ধর্মোৎসৱ, ৰিকখুন, মুংখান বান, মে-ডাম মে-ফী, ওমফা পূজা, সৰগ পূজা, দাম পূজা, চমাই পূজা, কালিকা পূজা, ঢাক-ঢোল পূজা ইত্যাদি ৰজা-প্ৰজাৰ মংগলৰ কাৰণে পাতিছিল। সেই সকলো কীৰ্তিচিহ্ন সময়ৰ সোঁতত লোপ পালে।
ৰাজকীয়ভাৱে খন্দোৱা যিবিলাক পুখুৰী ১০০জন বৈদিক পুৰোহিতক আনি ধন-সোণ, দান-দক্ষিণা দি উছৰ্গা কৰোৱাইছিল, সেই পুখুৰীবিলাকে সাগৰ আখ্যা পাইছিল। যিবিলাক পুখুৰী এশতকৈ কম বৈদিক ব্রাহ্মণ আনি উছৰ্গা কৰোৱাইছিল, সেইবিলাকে পুখুৰী আখ্যা পাইছিল।
আহোম ৰাজত্ব কালত ৰাজকীয়ভাৱে পুখুৰী খন্দোৱাৰ দৃষ্টান্ত বুৰঞ্জীত পোৱা যায়—
> ৰজা-ৰাণী-কোঁৱৰসকলৰ স্মৃতি ৰক্ষাৰ্থে ।
> মন্ত্ৰী বা ডা-ডাঙৰীয়াসকলৰ স্মৃতি ৰক্ষাৰ্থে।
> যিকোনো প্রজাহিতকৰ বা দেশহিতকৰ কাম কৰিছিল। সেইসকলৰ স্মৃতি ৰক্ষাৰ্থে ।
> ৰণত জয়ী হোৱাৰ স্মৃতি ৰক্ষাৰ্থে ।
> প্ৰজাই পানী খোৱা সু-ব্যৱস্থাৰ বাবে।
> ৰাজকীয় পূজা-সেৱাৰ মাহ-প্ৰসাদ ধুবৰ বাবে।
> খেতি পথাৰৰ কামত ব্যৱহৃত কোৰ-নাঙল ধুবৰ বাবে ।
> ৰজা স্বৰ্গী হ’লে শ ধুবৰ বাবে ।
> ৰজাঘৰীয়া কাপোৰ-কানি ধুবৰ বাবে।
> মাছ জিৰোৱা, ফুলনি পতা আদি বিভিন্ন কাৰণত পুখুৰী খন্দোৱাৰ দৃষ্টান্ত আছে।
শ ধোৱা পুখুৰীঃ গড়গাঁও নগৰৰ উত্তৰ- পূব কোণৰ পৰা চৰাইদেউ পৰ্বতত মৈদাম দিবলৈ শ নিয়া আলি নামে এটা আলি আছিল। নগৰত স্বৰ্গী হোৱা স্বৰ্গদেউসকলৰ শ নিবৰ বাবে গড়ৰ তলেদি এটা সুৰংগ আছিল। যেতিয়া মৈদাম দিয়া কাম সম্পূর্ণ হয়। তেতিয়া গোমোঠা নগৰৰ পৰা গায়নে-বায়নে এই শ নিয়া আলিয়েদি নি চৰাইদেউত থকা পুখুৰীত ধুৱাই মৈদাম দিয়া হয় । শ ধোৱাৰ বাবে শ ধোৱা পুখুৰী হ’ল। গড়গাঁও নগৰৰ প্ৰতিষ্ঠা হোৱাৰ পিছত গোমোঠা নগৰ প্ৰতিষ্ঠা হয় আৰু শ নিয়া আলি পুখুৰী খন্দোৱা হয় (১৫৩৯-১৫৫২)।
কোৰ ধোৱা পুখুৰীঃ শ ধোৱা পুখুৰীৰ নাতিদূৰৈত কোৰ ধোৱা পুখুৰী। ৰজাক মৈদাম দিয়াৰ পিছত এই পুখুৰীত সৎকাৰত ব্যৱহৃত কোৰ আৰু অন্যান্য সঁজুলি ধোৱা হৈছিল।
লাংকুৰি দ’ল আৰু মিঠা পুখুৰীঃ লাং কুৰি দ’ল আছিল শিৱ দ’ল। আহোমসকলে শিৱক লাংকুৰি বুলিছিল। চৰাইদেউ দেওশালৰ দক্ষিণ দিশত থকা টিলাটোৰ ওপৰত স্বৰ্গদেউ গদাধৰ সিংহই ১৬১৩ শকৰ আঘোণ মাহত এই দ’ল নিৰ্মাণ কৰায় আৰু ফাগুন মাহত এই দ’ল উছৰ্গা কৰে। পৰ্বতৰ নামনিত এটা পুখুৰী খন্দাই উছৰ্গা কৰি নাম থয় ভোগদৈ পুখুৰী। পাছলৈ মানুহে এই পুখুৰীটোক মিঠা পুখুৰী বোলে।
যাতায়াত ব্যৱস্থা
স্থলপথঃ ঐতিহাসিক জিলা হোৱা হেতুকে জিলাখনত বহুতো আহোম ৰজাদিনীয়া পথ আছে। মুখ্য পথৰূপে ধোদৰ আলিটোকে ব্যৱহাৰ কৰা হয়। ই শিৱসাগৰ জিলা, গোলাঘাট জিলা, নাজিৰা, বালিঘাট, শিমলুগুৰি, নামৰূপক সংযোগ কৰিছে। তদুপৰি ধোদৰ আলিয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথকো সংযোগ কৰিছে। আন এটা ঐতিহাসিক আলি নাহৰ আলি সোণাৰি নগৰত ধোদৰ আলিৰ সৈতে সংযুক্ত হৈছে।
ৰে’লপথঃ শিমলুগুৰি জংচন চৰাইদেউ জিলাৰ প্ৰধান ৰে’ল জংচন। দূৰণিবটীয়া ৰে’লসমূহ শিমলুগুৰি জংচনত ৰয়। অন্য ষ্টেচনৰ ভিতৰত সোণাৰিৰ ভজো আৰু নামৰূপ ষ্টেচন উল্লেখযোগ্য। এই ষ্টেচনত মাত্ৰ ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ, ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰেছ আৰু লিডু-গুৱাহাটী ইণ্টাৰচিটী এক্সপ্ৰেছ ৰে’লহে ৰয়। শিমলুগুৰি, নামৰূপ বা একেবাৰে ওচৰৰ ভজো ষ্টেচনলৈ ৰে’লেৱে যাত্ৰা কৰি চৰাইদেউলৈ যাব পাৰি স্থলপথেৰে। ভজোৰ পৰা চৰাইদেউলৈ দূৰত্ব মাত্ৰ ৫.৬ কিলোমিটাৰ আৰু সময় লাগে ১৫ মিনিট। নামৰূপৰ পৰা ব্ৰহ্মাক হৈ ৪১.৬ কিলোমিটাৰ দূৰত্বৰ চৰাইদেউলৈ এঘণ্টাৰ বাট। আনহাতে শিমলুগুৰি জংচনৰ পৰা চৰাইদেউলৈ দূৰত্ব ৩০.৩ কিলোমিটাৰ। ৪৫ মিনিটৰ এই বাটছোৱা যাবলৈ সকলো ধৰণৰ যান-বাহনৰ ব্যৱস্থা আছে।
Comments are closed, but trackbacks and pingbacks are open.