মুখৰ বদ অভ্যাস

7

মানুহৰ মুখগহ্বৰত সাধাৰণতে দুই প্রকাৰৰ দন্ত-বিন্যাস দেখিবলৈ পোৱা যায়। প্রথম দন্ত-বিন্যাস- যিটো জন্মৰ ছয়-সাত মাহৰ পিছৰ পৰা গজা আৰম্ভ হৈ আঢ়ৈ-তিনি বছৰ বয়সত গজা সম্পূর্ণ হয়, তাক প্রাথমিক বা অস্থায়ী দন্ত-বিন্যাস বোলা হয়। প্রাথমিক বা অস্থায়ী দন্ত-বিন্যাসত তলে-ওপৰে দুয়োপাৰি হনুত দহটা দহটাকৈ মুঠতে বিশটা দাঁত থাকে। প্রাথমিক দাঁতবোৰ মুখ-গহ্বৰত জন্মৰ ছয়-সাত মাহৰ পৰা গজা আৰম্ভ কৰি, বাৰৰ পৰা চৈধ্য বছৰ বয়সৰ ভিতৰত সৰি যায়। এক নিৰ্দিষ্ট সময়ৰ বাবে মুখ-গহ্বৰত থকা অস্থায়ী দাঁতবোৰ সৰি যোৱাৰ পিছত সেইবোৰৰ স্থান অধিকাৰ কৰে দ্বিতীয় প্ৰকাৰৰ দন্ত-বিন্যাসে, ইয়াক স্থায়ী দন্ত-বিন্যাস বোলা হয়। স্থায়ী দাঁতবোৰ ছয়-সাত বছৰৰ পৰা গজিবলৈ আৰম্ভ কৰে আৰু ষোল্ল-সোতৰ বছৰ বয়সত গজা সম্পূৰ্ণ হয়। কেতিয়াবা অৱশ্যে অন্তিম পেষক দাঁতটো, যাক জ্ঞান দাঁত (Wisdom tooth) বুলি কোৱা হয় সেইটো বিশ-পঁচিশ বছৰৰ পাছতো গজা দেখা যায়। স্থায়ী দন্ত-বিন্যাসত তলে-ওপৰে দুয়োপাৰি হনুত ষোল্লটা ষোল্লটাকৈ মুঠতে বত্রিশটা দাঁত থাকে। কেতিয়াবা আকৌ স্থায়ী দৃত্ত-বিন্যাসত বত্রিশটা দাঁতৰ উপৰি কিছুমান ওপৰঞ্চি দাঁত দেখা পোৱা যায়, সেইবোৰক অতিৰিক্ত দাঁত (Superneumary tooth/teeth) বোলা হয় ।

দাঁতৰ প্ৰধান কাম হ’ল খোৱা বস্তু কামুৰি, চোবাই গুড়ি কৰি খাই হজম হোৱাত সহায় কৰা। খোৱাবস্তু কামুৰি কাটিবলৈ, ফালি পেলাবলৈ, কামুৰি টুকুৰা কৰিবলৈ আৰু চোবাই গুড়ি কৰিবলৈ, দাঁতৰ প্ৰকাৰ, গঠন, আকৃতি আৰু অৱস্থান নিৰ্ভৰ কৰে। ইয়াৰ উপৰি শব্দৰ সঠিক উচ্চাৰণ আৰু কথনতো দাঁতৰ ভূমিকা উল্লেখনীয়।

দাঁতৰ মুখ্য কাম যদিও খোৱা বস্তু চোবাই গুড়ি কৰি খোৱা, কিন্তু বহুত মানুহে শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ দাঁত দুপাৰিৰে কিছুমান নকৰিবলগীয়া কামো কৰে। এনে কামবোৰৰ ভিতৰত সহজতে কৰা কামটো হৈছে দাঁত দুপাৰিৰ কটাৰি বা কেঁচিৰ দৰে কৰা ব্যৱহাৰ । বহুতো মানুহে সূতা বা মিহি ৰছী কাটিবলৈ সন্মুখৰ দাঁতকেইটা ব্যৱহাৰ কৰে। নতুন কাপোৰত প্লাষ্টিকৰ ষ্ট্ৰিঙেৰে লাগি থকা লেবেল বা চাপবোৰ দাঁতেৰে কামুৰি ছিঙাটো বহুতো মানুহৰে অভ্যাস। বহুতে বিশেষকৈ পুৰুষসকলৰ বহুসংখ্যকে দাঁতেৰে বটলৰ সাফৰ খোলাটো এটা সাধাৰণ ঘটনা। ‘বটল অ’পেনাৰ’ বা বটলৰ সাঁফৰ খোলা সঁজুলিবিধ ড্ৰয়াৰত বা টেবুলৰ ওপৰত হাততে পোৱাতে থাকিলেও তেওঁলোকে কৃন্তক আৰু প্ৰথম পুৰুঃপেষক দাঁতকেইটাৰ সহায়ত এক বিশেষ ভংগিমাৰে বটলৰ সাফৰটো খুলি এক বুজাব নোৱাৰা তৃপ্তিৰ আমেজ লাভ কৰে। বহুতো মহিলাই আকৌ আইনাৰ সন্মুখত ৰৈ কেশসজ্জা কৰি থাকোঁতে চুলিত মৰা পিন, কাঁটা বা ক্লিপবোৰ দুই পাৰি দাঁতেৰে কামুৰি ধৰি থাকে । ঠিক তেনেকৈ সাজ-পোছাক বা কাপোৰ-কানি পিন্ধোতেও কাপোৰত মৰা ‘ছেফ্‌টী পিন’বোৰ বহুতেই দাঁতেৰে কামুৰি ধৰি থাকে। এনেদৰে দাঁতেৰে সূতা কটা, বটলৰ সাঁফৰ খোলা, চুলিত মৰা কাঁটা বা কাপোৰত মৰা ছেফ্‌টী পিন সদায় এটা নিৰ্দিষ্ট স্থানত ধৰি কামুৰি ধৰি থাকিলে দাঁতৰ ওপৰত প্ৰচণ্ড চাপ পৰে, ফলত দাঁতৰ উপৰিভাগৰ কঠিন কলা এনামেলৰ ক্ষয়প্রাপ্ত হয়, দাঁতত কিছুমান সূক্ষ্ম ফাট মেলে আৰু কালক্ৰমত সি দাঁতৰ সিৰসিৰণিলৈ পৰিৱৰ্তিত হয়। তদুপৰি এই চাপৰ ফলত মুখৰ হনুৰ হাড়ত দাঁতবোৰ ধৰি ৰখা কলা বা কোষবোৰো ধ্বংসপ্রাপ্ত হয় আৰু সময়ত দাঁতবোৰ লৰিবলৈ ধৰে। এনেবোৰ নিজে সৃষ্টি কৰা অভ্যাস, ক’বলৈ গ’লে বদ অভ্যাসৰ বাবে দাঁতৰ বিভিন্ন ধৰণৰ আসোঁৱাহ বা উপসৰ্গৰ সৃষ্টি হয়। আকৌ কেতিয়াবা ব্যক্তিৰ সৌন্দৰ্যৰো হানি হোৱা দেখা যায় ।

অত্যধিক মানসিক চাপ (ষ্ট্ৰেছ), নিৰাপত্তাহীনতা, নাৰ্ভাৰ্ছ বা বিতত হৈ পৰা অৱস্থা নতুবা অন্যমনস্কতা আদি কাৰকবোৰৰ বাবেও বহু সময়ত মুখ-গহ্বৰৰ কিছুমান বদ অভ্যাস গঢ় লৈ উঠে। তাৰ ভিতৰত দুশ্চিন্তা বা মানসিক চাপৰ বাবে জিভা চুহি থকা, নিৰাপত্তাহীনতাৰ বাবে, বিশেষকৈ শিশুসকলে, আঙুলি চুহি থকা, অন্যমনস্কতাৰ বাবে পেঞ্চিল, কলম নতুবা টিভিৰ ৰিম’ট কণ্ট্’ল আদি কামুৰি থকা, মূৰৰ চুলি আঁজুৰি থকা নতুবা গাৰ নোম টানি থকা, নার্ভাছনেছ বা বিতত অৱস্থাত হাতৰ আঙুলিৰ নখ কামুৰি থকা আদি সততে দেখা পোৱা কিছুমান দৃষ্টিকটু দৃশ্য। এনে অভ্যাসবোৰৰ বাবে দাঁতৰ গঠন, আকাৰ, প্ৰকাৰ আৰু দাঁত গজা স্থান বিসংগতিপূৰ্ণ হ’ব পাৰে। এনেবোৰ বদ অভ্যাসে দাঁত বেঁকাবেকি হোৱা, উচলা বা বেঁৰীয়া হোৱা আদি আসোঁৱাহবোৰৰ সৃষ্টি কৰে।

দাঁত-মুখৰ অস্বাভাৱিক অভ্যাসবোৰৰ ভিতৰত দাঁত কৰ্কৰোৱা বা টোপনিত দাঁত চোবোৱাটো, যাক নাইট গ্রাইণ্ডিং (Night Grinding) বোলা হয়, সেইটোও অন্যতম। বহুতো মানুহে নিজেও এই অভ্যাসটোৰ বিষয়ে অৱগত নহয়। ই এটা স্নায়ৱিক ৰোগ বা চাইক’ছমাটিক ডিজঅৰ্ডাৰ (Psyco-somatic disorder)।

ব্রাক্সিজিম বা দাঁত চোবোৱা বেমাৰটো হ’লে দাঁতৰ কঠিন কলাভাগৰ ক্ষয়প্রাপ্ত হয় আৰু দাঁত সিৰসিৰাবলৈ ধৰে। বেমাৰটো বেছি পুৰণা হ’লে ৰোগীয়ে কেতিয়াবা দাঁতৰ বিষৰ লগতে মূৰৰ বিষ নতুবা মুখৰ হনুৰ বিষতো ভোগা দেখা যায়। টোপনিত দাঁত কৰ্কৰোৱা অভ্যাসটো থাকিলে (সাধাৰণতে পৰিয়ালৰ অন্য সদস্যৰ দ্বাৰা অৱগত হয়) পলম নকৰি, সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

নাকৰ বা শ্বাস-প্রশ্বাস তন্ত্ৰৰ আসোঁৱাহ থাকিলে, বহুতো সময়ত ব্যক্তিয়ে নাকৰ সলনি মুখেৰে উশাহ-নিশাহ লয়। মুখেৰে উশাহ-নিশাহ ল’লে মুখৰ হনু আৰু দাঁতৰ গঠনত যথেষ্ট প্ৰভাৱ পৰে। ইয়াৰ ফলত মুখৰ হনু আগবঢ়া, দাঁত উচলা বা বেঁকাবেকি হ’ব পাৰে। মুখেৰে উশাহ লোৱা অভ্যাস গঢ় লৈ উঠিলে, তাক অৱহেলা নকৰি সোনকালে চিকিৎসকৰ পৰামৰ্শ লৈ সেই মতে ব্যৱস্থা কৰিব লাগে, নহ’লে ইয়াৰ পৰা কেতিয়াবা জটিলতাৰ সৃষ্টি হ’ব পাৰে৷

মুখ-গহ্বৰৰ আটাইতকৈ মাৰাত্মক বদ অভ্যাসটো হৈছে ধূমপান বা ধঁপাত সেৱন । ধঁপাত সেৱনৰ ফলত মুখ-গহ্বৰৰ বিভিন্ন ৰোগ হ’ব পাৰে ৷ ইয়াৰ ভিতৰত মুখ-গহ্বৰৰ কৰ্কট ৰোগ অন্যতম। ধঁপাত যি ধৰণেৰেই ব্যৱহাৰ নকৰক কিয়, যেনে- খৈনী বা চাধা, মলা ধঁপাত, পাত চাধা, বিড়ি, চিগাৰেট, চিগাৰ ইত্যাদি, ই মুখ-গহ্বৰৰ বাবে অতি ক্ষতিকাৰক। ধঁপাতৰ কেঁচা পাতবোৰ যেতিয়া ৰ’দত শুকুৱাই ব্যৱহাৰৰ উপযোগী কৰে, তেতিয়া সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ লগত বিক্ৰিয়া ঘটি কৰ্কট ৰোগ সৃষ্টি কৰিব পৰা কিছুমান ৰাসায়নিক পদাৰ্থ উৎপন্ন কৰে- যিয়ে দেহৰ কোষ বিভাজন ঘটাব পাৰে।

তদুপৰি ধঁপাত যেতিয়া পোৰে, ই কিছুমান উগ্ৰ ৰাসায়নিক দ্রব্য, যেনে- এমক্সনিয়া, পাইৰিডিন, ফেনল, নিক’টিন, টলুইন, বিউটেন, মিথানল, মিথেন আদি উৎপন্ন কৰে। এই ৰাসায়নিক পদাৰ্থবোৰে মুখৰ শ্লেষ্মা আৱৰণখন পুৰি কিছুমান সহজতে নুশুকোৱা ঘাৰ সৃষ্টি কৰে, যিবোৰে প্ৰতিকূল পৰিৱেশত কৰ্কট ৰোগলৈ পৰিৱৰ্তিত হ’ব পাৰে। ধঁপাত সেৱন কৰা ব্যক্তিৰ দাঁতত ৰং ধৰা, মুখৰ দুৰ্গন্ধ নতুবা দাঁতৰ মাৰি বা আলুৰ ৰোগত ভোগা ইত্যাদিবোৰ সততে দেখা পোৱা লক্ষণ।

মুখ-গহ্বৰ ভালদৰে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি নৰখাটোও বদ অভ্যাসবোৰৰ ভিতৰত অন্যতম। দাঁত-মুখৰ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ নিতৌ দুবাৰকৈ দাঁত ব্ৰাছ কৰাটো অতি প্রয়োজনীয়। পুৱা শোৱাৰ পৰা উঠি আৰু ৰাতি শুবলৈ যোৱাৰ আগতে দাঁত-মুখ পৰিষ্কাৰ কৰাটো বিজ্ঞানসন্মত। দাঁত-মুখৰ ৰোগ বা আসোঁৱাহবোৰ কেতিয়াও অৱহেলা কৰি থাকিব নালাগে । এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চিকিৎসকৰ দ্বাৰা দাঁত-মুখ পৰীক্ষা কৰোৱাই পৰামৰ্শ ল’লে, দাঁত-মুখৰ ৰোগৰ পৰা হ’ব পৰা জটিলতাৰ পৰা হাত সাৰি থাকিব পৰা যায় আৰু দুপাৰি সুস্থ-সবল দাঁতৰ অধিকাৰী হৈ সুস্বাস্থ্য উপভোগ কৰিব পাৰি ।

ডা° ৰুবী কটকী

You might also like

Comments are closed, but trackbacks and pingbacks are open.