অতিৰিক্ত ঘাম, শৰীৰৰ দুৰ্গন্ধ আৰু উপায়

32

অজন্তা উপমন্যু

সাধাৰণতে গৰমৰ দিনকেইটাত কম-বেছি পৰিমাণে আমি সকলোৱে ঘামো। গৰমৰ দিনত আমাৰ শৰীৰত থকা ঘৰ্ম গ্ৰন্থিসমূহ অতি সক্ৰিয় হৈ পৰে। ফলত ছালত থকা নোম ছিদ্ৰৰে ঘাম বাহিৰলৈ ওলাই আহি ছালৰ ওপৰ অংশ তিয়াই ৰাখে। ই যদিও ছাল আৰ্দ্ৰ কৰি ৰাখে, কিন্তু কেতিয়াবা এই ঘাম অতি বেছি নিৰ্গত হোৱা দেখা যায়। অৱশ্যে সকলোৰে ক্ষেত্ৰত এনে নহয় আৰু যেতিয়াই হয় তেতিয়া ইয়াক হাইপাৰহাইড্ৰ’ছিছ বুলি কোৱা হয়। এই হাইপাৰহাইড্ৰ’ছিছৰ ফলত অত্যধিক ঘামচি, শৰীৰৰ দুৰ্গন্ধ, ছালত ফোঁহা আদি হ’ব পাৰে। কেতিয়াবা ঘাম গোন্ধহীন হ’লেও ঘাম আৰু বেক্টেৰিয়াৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত শৰীৰত দুৰ্গন্ধৰ সৃষ্টি কৰে।

হাইপাৰহাইড্ৰ’ছিছৰ কাৰণঃ ইয়াৰ কোনো স্পষ্ট কাৰণ নাথাকে যদিও কেতিয়াবা নানান অন্তর্নিহিত কাৰণ থাকিব পাৰে।

মানসিক চাপ বা উদ্বেগঃ অতি বেছি মানসিক চাপ বা উদ্বেগে শৰীৰত অধিক ঘাম উৎপন্ন কৰিব পাৰে ।

হৰমনৰ পৰিৱৰ্তনঃ যৌৱনকাল, গৰ্ভাৱস্থা নাইবা ৰজোনিবৃত্তিৰ দৰে প্ৰাকৃতিক অৱস্থাতো ঘামৰ সৃষ্টি হৈ শৰীৰৰ পৰা দুৰ্গন্ধ হ’ব পাৰে।

অপৰিষ্কাৰভাৱে থকাঃ নিয়মীয়াকৈ গা নুধুলে, লেতেৰা বাহী পোছাক পিন্ধিলে, শাৰীৰিক পৰিশ্ৰমৰ পিছত পিন্ধা পোছাক সলনি নকৰিলে আদি নানান কাৰণত বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি পাই প্রবল গোন্ধৰ সৃষ্টি কৰিব পাৰে।

খাদ্যঃ অধিক গৰম খাদ্য যেনে- পিঁয়াজ, হালধি, ব্রকলি, কবি আদি ছালফাৰসমৃদ্ধ খাদ্য বেছিকৈ খালেও ঘামৰ দুৰ্গন্ধ হ’ব পাৰে। সঘনাই মাংস খালেও অতিৰিক্ত ঘাম নির্গত হয়।

ঔষধঃ কেতিয়াবা দৈনিক সেৱন কৰা ঔষধৰ পৰাও শৰীৰৰ ঘাম আৰু দুৰ্গন্ধ বৃদ্ধি পাব পাৰে ।

বয়সঃ বয়সস্থ ব্যক্তি নাইবা অতি মেদবহুলতাও ঘাম আৰু দুৰ্গন্ধৰ কাৰক হ’ব পাৰে ।

পৰিত্ৰাণৰ উপায়

সাধাৰণতে ঘৰুৱাভাৱে কিছুমান নিয়ম মানি চলিলে ইয়াৰ পৰা কিছু পৰিমাণে সকাহ পাব পাৰি। কিন্তু যদিহে ইয়াৰ পৰিমাণ অধিক আৰু অসহনীয় হৈ পৰে, তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কেতিয়াবা ইয়াৰ বাবে ঔষধ আৰু বেজি পর্যন্ত ল’ব লগা হ’ব পাৰে ।

কিদৰে নিজৰ যত্ন ল’ব-

  • দৈনিক অন্ততঃ দুবাৰ গা ধুব লাগে। শৰীৰত সুগন্ধিযুক্ত দ্ৰব্য ছটিয়াই কপাহী, ঢিলা পোছাক পিন্ধিব লাগে। সুগন্ধি দ্রব্য মাজে মাজে ছটিয়াই থকা উচিত। বাহিৰলৈ গ’লে লগত নিবলৈ পাহৰিব নালাগে।
  • গা ধোৱা পানীত Suthol, নেমু ৰস, নানান সুগন্ধিযুক্ত ফুল, তুলসী পাত, নিমপাত, এৰোমা তেল আদি মিহলাই ল’ব লাগে। তুলসী, নিমপাত আৰু নেমু টেঙাৰ ৰস এণ্টিবেক্টেৰিয়েল দ্রব্য। ই শৰীৰৰ বেক্টেৰিয়া ধ্বংস কৰে।
  • পৰ্যাপ্ত পানী, নেমুৰ চৰ্বত সেৱন কৰি শৰীৰক হাইড্রেটেট কৰি ৰাখিব লাগে। অতি বেছি মা-মছলাযুক্ত খাদ্যৰ সলনি সাধাৰণভাৱে তৈয়াৰী খাদ্য খাব লাগে ।
  • অতি বেছি গৰম পৰিৱেশৰ পৰা নিজক আঁতৰাই ৰাখিব পাৰিলে ভাল।
  • নিৰ্গত ঘাম শৰীৰে যাতে পুনৰ শুহি নলয়, তাৰ বাবে বায়ু চলাচল কৰিব পৰা ঢিলা, কপাহী পোছাক পিন্ধিব লাগে।

কিছু অতিৰিক্ত-

  • বেকিং চ’ডাই আর্দ্রতা শোষণ কৰি দুৰ্গন্ধ কমোৱাত সহায় কৰে। বেছি দুৰ্গন্ধ হোৱা ঠাইত বেকিং চ’ডা আৰু পানীৰ লেপ তৈয়াৰ কৰি লগাব লাগে। এই লেপে ঘামচিও নিৰাময় কৰে।
  • নেমুৰ ৰস খালে ভাল। ইয়াৰ উপৰি নেমুৰ ৰস পানীত মিহলাই শৰীৰত স্প্রে কৰিব লাগে। এনে কৰিলে শৰীৰৰ বেক্টেৰিয়া ধ্বংস কৰি দুৰ্গন্ধ নিষ্ক্রিয় কৰি তোলে।
  • ছালৰ PH ভাৰসাম্য ৰক্ষা কৰি বেক্টেৰিয়া নিৰ্মূল কৰিবলৈ পাতল আপেল চাইডাৰ ভিনেগাৰ পানীত মিলাই সৰ্বশৰীৰত স্প্রে কৰিব লাগে।
  • চাহ গছৰ তেলেও শৰীৰৰ বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে। গা ধোৱা পানীত এই তেলৰ কেইটোপালমান মিহলাই গা ধুব লাগে । ই এণ্টিবেক্টেৰিয়েল আৰু প্ৰাকৃতিক এণ্টিচেপ্টিকৰ কাম কৰে।
  • লেভেণ্ডাৰ তেল পানীত মিহলাই শৰীৰত স্প্রে নাইবা গা ধোৱা পানীত মিহলাই ল’লেও সুফল পোৱা যায় ৷

কি ধৰণৰ চাবোন ব্যৱহাৰ কৰিব লাগে?

যিবোৰ চাবোনৰ বাকলিত এণ্টিবেক্টেৰিয়েল বুলি লিখা থাকে তেনেবোৰ চাবোন গৰমৰ দিনত ব্যৱহাৰ কৰা উচিত। নিম, নেমু আদি থকা চাবোন ল’ব পাৰি। ঠিক তেনেদৰে বেনজাইল পেৰাক্সাইডেও ছালৰ বেক্টেৰিয়া ধ্বংস কৰে।

 

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.